স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতৰ সক্ৰিয় ৰোগীৰ সংখ্যা ২.৮১লাখ এতিয়া মুঠ ৰোগীৰ মাত্ৰ ২.৭৮শতাংশ

০.৯৭ কোটিৰো অধিক ৰোগী সুস্থ হৈ উঠিছে

Posted On: 25 DEC 2020 11:35AM by PIB Guwahati

ভাৰতৰ সক্ৰিয় ৰোগীৰ সংখ্যা আজি ৩শতাংশলৈ পুনৰ হ্ৰাস পাইছে। ই হল মুঠ আক্ৰান্ত ৰোগীৰ মাত্ৰ ২.৭৮ শতাংশ।

দৈনিক আক্ৰান্ত হোৱা ৰোগীৰ তুলনাত দৈনিক সুস্থ হৈ উঠা লোকৰ পৰিমাণ ভাৰতত ক্ৰমাগতভাৱে হ্ৰাস পাই থকা দেখা গৈছে। দেশত এতিয়া সক্ৰিয় ৰোগীৰ সংখ্যা হল ২,৮১,৯১৯গৰাকী।

যোৱা ২৮দিনৰ ধাৰা অব্যাহত ৰাখি ভাৰতত বিগত ২৪ঘণ্টাতো দৈনিক আক্ৰান্ত ৰোগীৰ তুলনাত দৈনিক সুস্থ হোৱা লোকৰ সংখ্যা অধিক দেখা গৈছে।

এই সময়ছোৱাত ভাৰতত ২৩,০৬৭গৰাকী ব্যক্তিৰ শৰীৰ কভিড পজিটিভ পোৱা গৈছে আৰু ২৪,৬৬১গৰাকী লোক নতুনকৈ সুস্থ হৈ উঠিছে। অৰ্থাৎ যোৱা ২৪ ঘণ্টাত সুস্থ হোৱা লোকৰ তুলনাত আক্ৰান্তৰ সংখ্যা ১,৯৩০গৰাকী হ্ৰাস পাইছে।

সুস্থতাৰ হাৰ আজি ৯৫.৭৭ শতাংশলৈ উন্নত হৈছে। সামগ্ৰিকভাৱে সুস্থ হৈ উঠা লোকৰ সংখ্যা হল ০.৯৭ কোটি(৯৭,১৭,৮৩৪)। সুস্থ ৰোগী আৰু সক্ৰিয় ৰোগীৰ মাজৰ পাৰ্থক্য নিৰন্তৰভাৱে বাঢ়ি গৈ আছে আৰু বৰ্তমান এই সংখ্যা হল ৯৪,৩৫,৯১৫।

গোলকীয় স্তৰত তুলনা কৰিলে ভাৰতত প্ৰত্যেক মিলিয়ন জনসংখ্যাত(১০৬) মৃত্যৰ হাৰ সৰ্বনিম্ন দেখা গৈছে। ভাৰতৰ মৃত্যুৰ হাৰ বৰ্তমান ১.৪৫শতাংশ।

****



(Release ID: 1683772) Visitor Counter : 141