পোষ্ট কৰা হৈছে:
22 DEC 2020 2:58PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ ডিচেম্বৰৰ পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে শান্তিনিকেতনৰ বিশ্ব-ভাৰতী বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠান সম্বোধন কৰিব। পশ্চিম বংগৰ ৰাজ্যপাল আৰু কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীও অনুষ্ঠানত উপস্থিত থাকিব।
বিশ্ব-ভাৰতীৰ বিষয়েঃ
গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰে ১৯২১ চনত স্থাপন কৰা বিশ্ব-ভাৰতী দেশৰ সবাতোকৈ প্ৰাচীন কেন্দ্ৰীয় বিশ্ববিদ্যালয়। ১৯৫১ৰ মে’ত বিশ্ব-ভাৰতীক কেন্দ্ৰীয় বিশ্ববিদ্যালয় হিচাপে ঘোষণা কৰা হৈছিল আৰু সংসদৰ এখন আইনে ইয়াক ‘ৰাষ্ট্ৰীয় স্তৰৰ এক গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান’ আখ্যা দিয়ে। প্ৰধানমন্ত্ৰী এই বিশ্ববিদ্যালয়ৰ আচাৰ্য।
*******
DS/SH/MS