স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতৰ সক্ৰিয় কেছল’ড ৩ লাখৰ নিম্ন হৈ আছে; ১৬৩ দিনৰ ভিতৰত সৰ্বনিম্ন

সক্ৰিয় কেছল’ড মুঠ ঘটনাৰ ৩% ৰো কম হৈ পৰিছে

২০,০০০ তকৈয়ো কম দৈনিক নতুন ঘটনাৰে ১৭৩ দিনৰ ভিতৰত সৰ্বনিম্ন

Posted On: 22 DEC 2020 11:54AM by PIB Guwahati

বিশ্ব মহামাৰীটোৰ বিৰুদ্ধে যুঁজখনত আজি ভাৰতে কেইবাটাও লক্ষ্যণীয় সফলতা লাভ কৰিছে।

আজি ভাৰতৰ সক্ৰিয় কেছল’ড ৩ লাখৰ নিম্ন (২,৯২,৫১৮) হৈ পৰে। সক্ৰিয় ঘটনা মুঠ পজিটিভ ঘটনাৰ ৩% ৰো কম হৈ ২.৯০% হৈ পৰে। হৈছে ১৬৩ দিনৰ ভিতৰত সৰ্বনিম্ন। ১২ জুলাই, ২০২০ ত মুঠ সক্ৰিয় ঘটনাৰ সংখ্যা হয় ২,৯২,২৫৮ টা।

যোৱা ২৪ ঘন্টাত মুঠ সক্ৰিয় ঘটনাৰপৰা ১১,১২১ টা ঘটনা হ্ৰাস হৈ পৰে।

ভাৰতৰ দৈনিক ঘটনাও লক্ষ্যণীয়ভাৱে হ্ৰাস হৈ পৰিছে। ১৭৩ দিনৰ পাছত ৰাষ্ট্ৰজুৰি দৈনিক নতুন ঘটনাৰ সংখ্যা ২০,০০০ ৰ নিম্ন (১৯,৫৫৬) হৈ পৰে। ২ জুলাই, ২০২০ ত নতুন ঘটনাৰ সংখ্যা হৈছে ১৯,১৪৮ টা।

ভাৰতৰ প্ৰতি নিযুত জনসংখ্যাৰ বিপৰীতে সক্ৰিয় ঘটনা বিশ্বৰ ভিতৰতে (২১৯) সৰ্বনিম্ন। এই সংখ্যা আমেৰিকা যুক্তৰাষ্ট্ৰ, ইটালী, ব্ৰাজিল, তুৰস্ক আৰু ৰাছিয়া প্ৰভৃতি ৰাষ্ট্ৰসমূহৰ বাবে অধিক বেছি।

মুঠ আৰোগ্য লাভৰ ঘটনাই ৯৬ লাখ (৯৬,৩৬,৪৮৭) অতিক্ৰম কৰিছে যাৰ ফলত আৰোগ্য লাভৰ হাৰ ৯৫.৬৫% লৈ বৃদ্ধি পাইছে। আৰোগ্য লাভৰ ঘটনা আৰু সক্ৰিয় ঘটনাৰ মাজৰ ব্যৱধান একেৰাহে বৃদ্ধি হৈ আছে আৰু বৰ্তমানে ৯৩,৪৩,৯৬৯ হৈ পৰিছে।

যোৱা ২৪ ঘন্টাত আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা হয় ৩০,৩৭৬ টা। যোৱা ২৫ দিন ধৰি নতুন আৰোগ্য লাভৰ ঘটনা নতুন ঘটনাতকৈ অধিক হৈ আছে।

দৈনিক ভিত্তিত টেষ্টিঙৰ অধিক পৰিমাণ আৰু অধিক সংখ্যকৰ আৰোগ্য লাভ তথা নতুন ঘটনাৰ দ্ৰুত হ্ৰাসে মৃত্যুৰ হাৰ হ্ৰাস কৰি তুলিছে।

নতুন আৰোগ্য লাভৰ ঘটনাৰ ৭৫.৩১% হৈছে ১০ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

৬,০৫৩ টা আৰোগ্য লাভৰ ঘটনাৰে মহাৰাষ্ট্ৰত দৈনিক আৰোগ্য লাভৰ সংখ্যা সৰ্বাধিক। ইয়াৰ পাছতেই থকা কেৰালাৰ নতুন আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা হয় ৪,৪৯৪ টা। পশ্চিম বংগত দৈনিক আৰোগ্য লাভৰ ঘটনা ২,৩৪২ টা।

নতুন ঘটনাৰ ৭৫.৬৯% হৈছে ১০ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

যোৱা ২৪ ঘন্টাত ৩,৪২৩ টা ঘটনাৰে কেৰালাত দৈনিক নতুন ঘটনা সৰ্বাধিক। মহাৰাষ্ট্ৰত ২,৮৩৪ টা নতুন ঘটনাৰ বিপৰীতে পশ্চিম বংগত কালি নতুন ঘটনাৰ সংখ্যা হয় ১,৫১৫ টা।

যোৱা ২৪ ঘন্টাত সংঘটিত ৩০১ টা মৃত্যুৰ ঘটনাৰ ৭৬.৭৪% সংঘটিত হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত।

নতুন মৃত্যুৰ ঘটনাৰ ১৮.২৭% ৰে মহাৰাষ্ট্ৰত সৰ্বাধিক ৫৫ টা। পশ্চিম বংগ আৰু কেৰালাত নতুন মৃত্যুৰ ঘটনা হৈছে ক্ৰমে ৪১ আৰু ২৭ টা।

****

MV/SJ/SB



(Release ID: 1682881) Visitor Counter : 131