স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

অবিৰত হ্ৰাস হিচাপে, ভাৰতৰ সক্ৰিয় কেছল’ড ৩.০৮ লাখলৈ অৱনমিত

ভাৰতত টেষ্টিঙৰ লক্ষ্যণীয় বৃদ্ধি; মুঠ টেষ্টে অতিক্ৰম কৰিলে ১৬ কোটি

ৰাষ্ট্ৰীয় পজিটিভিটি হাৰ ৬.২৫% লৈ অৱনমিত

১৫ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ পজিটিভিটি হাৰ ৰাষ্ট্ৰীয় গড়তকৈ কম

Posted On: 19 DEC 2020 11:17AM by PIB Guwahati

যোৱা কেইবা সপ্তাহ ধৰি অবিৰত হ্ৰাসৰ ধাৰা অনুসৰণ কৰি, ভাৰতৰ সক্ৰিয় কেছল’ড মুঠ সক্ৰিয় ঘটনাৰ ৩.০৯% লৈ অৱনমিত হৈছে।

যোৱা ২৪ ঘন্টাত ভাৰতৰ দৈনিক নতুন ঘটনাতকৈ দৈনিক আৰোগ্য লাভৰ ঘটনা অধিক হৈয়ে থাকে। দৈনিক ঘটনাতকৈ দৈনিক আৰোগ্য লাভৰ ঘটনাৰ আধিক্যই ভাৰতৰ সক্ৰিয় কেছল’ডৰ নিৱৱচ্ছিন্ন হ্ৰাসৰ ধাৰা অব্যাহত ৰাখিছে যাৰ পৰিমাণ আজি ৩,০৮,৭৫১ হৈ পৰে।

যোৱা ২৪ ঘন্টাত দেশখনত ২৫,১৫২ জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাৰ বিপৰীতে, একে সময়তে নতুন আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা হয় ২৯,৮৮৫ টা। দৈনিক সক্ৰিয় ঘটনা ক্ষীপ্ৰতাৰে হ্ৰাস হ’বলৈ ধৰিছে। যোৱা ২৪ ঘন্টাত ইয়াৰ বাবে মুঠ সক্ৰিয় কেছল’ডৰপৰা ৫,০৮০ টা ঘটনা হ্ৰাস হৈ পৰে।

ক্ৰমহ্ৰাসমান সক্ৰিয় ঘটনাই ভাৰতত প্ৰতি নিযুত জনসংখ্যাত সক্ৰিয় ঘটনা মাত্ৰ ২২৩ হৈ থকাটো নিশ্চিত কৰিছে যি পৰিমাণ বিশ্বখনৰ ভিতৰতেই অন্যতম সৰ্বনিম্ন।

WhatsApp Image 2020-12-19 at 10.24.50 AM.jpeg

বিশ্ব মহামাৰীটোৰ বিৰুদ্ধে যুঁজখনত ভাৰতে আন এটা উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কৰিছে। মুঠ টেষ্টিঙে ১৬ কোটি অতিক্ৰম কৰিলে।

যোৱা ২৪ ঘন্টাত ১১,৭১,৮৬৮ টা নমুনা টেষ্ট কৰাত ভাৰতৰ মুঠ টেষ্টৰ সংখ্যা ১৬,০০,৯০,৫১৪ লৈ বৃদ্ধি পায়। ভাৰতৰ দৈনিক টেষ্টিং ক্ষমতা ১৫ লাখলৈ বৃদ্ধি কৰা হৈছে।

WhatsApp Image 2020-12-19 at 10.20.31 AM (1).jpeg

নিৰন্তৰভাৱে বিস্তৃত টেষ্টিঙৰ ফলশ্ৰুতিত পজিটিভিটি হাৰ হ্ৰাস হৈ পৰিছে। আজি পজিটিভিটি হাৰ হয় ৬.২৫%। 

WhatsApp Image 2020-12-19 at 10.21.30 AM.jpeg

১৫ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ পজিটিভিটি হাৰ ৰাষ্ট্ৰীয় গড়তকৈ কম।

WhatsApp Image 2020-12-19 at 10.27.02 AM.jpeg

আজি মুঠ আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা ৯৫.৫ লাখ (৯৫,৫০,৭১২) লৈ বৃদ্ধি পায়। আৰোগ্য লাভৰ হাৰ ৯৫.৪৬% লৈ বৃদ্ধিৰে, বিশ্বৰ ভিতৰতে অন্যতম সৰ্বাধিক হৈ পৰে। আৰোগ্য লাভৰ ঘটনা আৰু সক্ৰিয় ঘটনাৰ মাজৰ ব্যৱধান ক্ষীপ্ৰতাৰে বৃদ্ধি হৈছে আৰু বৰ্তমান ইয়াৰ পৰিমাণ হৈছে ৯২,৪১,৯৬১।

৩৪ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰোগ্য লাভৰ হাৰ ৯০% তকৈ অধিক।

WhatsApp Image 2020-12-19 at 10.31.42 AM.jpeg

নতুন আৰোগ্য লাভৰ ঘটনাৰ ৭৪.৯৭% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

কেৰালাত ক’ভিডৰপৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছে ৪,৭০১ জন। মহাৰাষ্ট্ৰ আৰু পশ্চিম বংগত নতুনকৈ আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা হৈছে ক্ৰমে ৪,৪৬৭ আৰু ২,৭২৯ টা।

WhatsApp Image 2020-12-19 at 10.20.15 AM.jpeg

নতুন ঘটনাৰ ৭৩.৫৮% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

যোৱা ২৪ ঘন্টাত কেৰালাত ৫,৪৫৬ টা ঘটনা লাভ কৰা হয়। কালি পশ্চিম বংগত ২,২৩৯ টা নতুন ঘটনাৰ বিপৰীতে মহাৰাষ্ট্ৰত দৈনিক ঘটনা হয় ১,৯৬০ টা।

WhatsApp Image 2020-12-19 at 10.14.15 AM.jpeg

যোৱা ২৪ ঘন্টাত সংঘটিত ৩৪৭ টা মৃত্যুৰ ঘটনাৰ ৭৮.৯৬% সংঘটিত হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত।

৭৫ টা মৃত্যুৰ ঘটনাৰে মহাৰাষ্ট্ৰত নতুন দৈনিক মৃত্যুৰ ঘটনা সৰ্বাধিক। পশ্চিম বংগত মৃত্যুৰ ঘটনা হৈছে ৪২ টা।

WhatsApp Image 2020-12-19 at 10.15.16 AM.jpeg

 

***********



(Release ID: 1682133) Visitor Counter : 162