প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গুজৰাটত বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্প মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে

প্ৰত্যেকেই নিজকে পৰিৱৰ্তিত সময়ৰ সৈতে খাপ খুৱাব লাগে আৰু বিশ্বৰ শ্ৰেষ্ঠ অভ্যাসসমূহ অনুশীলন কৰিব লাগেঃ প্ৰধানমন্ত্ৰী

আমি কৃষকৰ কল্যাণৰ প্ৰতি দায়ৱদ্ধ আৰু আমি তেওঁলোকৰ সমস্যা নিশ্চয়কৈয়ে সমাধান কৰিমঃ প্ৰধানমন্ত্ৰী

নতুন যুগৰ প্ৰযুক্তি আৰু নতুন যুগৰ অৰ্থনীতিৰ দিশত কচ্ছ আগুৱাই গৈছেঃ প্ৰধানমন্ত্ৰী

Posted On: 15 DEC 2020 3:22PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটত বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰে৷ এই প্ৰকল্পসমূহৰ ভিতৰত ডিছেলিনেচন প্ৰকল্প, এটা হাইব্ৰীড পুনৰ নৱীকৰণযোগ্য শক্তি উদ্যান আৰু এটা সম্পূৰ্ণ স্বয়ংক্ৰিয় দুগ্ধ সংসাধন আৰু পেকিং প্ৰকল্প আছে৷ এই অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰীও উপস্থিত আছিল৷

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সময়ৰ সৈতে পৰিৱৰ্তিত হোৱা আৰু বিশ্বৰ শ্ৰেষ্ঠ অভ্যাসসমূহ অনুশীলন কৰাটো উত্তম কথা৷ এই সন্দৰ্ভত তেওঁ কচ্ছৰ কৃষকসকলক প্ৰশংসা কৰি কয় যে তেওঁলোকে এতিয়া বিদেশলৈও ফলৰ ৰপ্তানি কৰিবলৈ ধৰিছে৷ ইয়াৰ দ্বাৰা কৃষকসকলৰ উদ্ভাৱনী শক্তি বৃদ্ধি পাইছে বুলি তেওঁ মন্তব্য কৰে৷ তেওঁ কয় যে গুজৰাটত বিগত দুটা দশকত চৰকাৰৰ ন্যূনতম হস্তক্ষেপৰ ফলত কৃষি, দুগ্ধ আৰু মীন খণ্ডত যথেষ্ট উন্নতিৰ সৃষ্টি হৈছে৷ গুজৰাটত কৃষক আৰু সমবায় খণ্ডক সৱলীকৃত কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষকসকলক কৃষি সংস্কাৰৰ বিৰুদ্ধে ভ্ৰান্ত ধাৰণা দিয়া হৈছে৷ পূৰ্বতে বিৰোধী দলসমূহে যি বিষয়ে কৈ আছিল আৰু কৃষক সংস্থাসমূহৰ দাবী অনুৰূপেই এইবাৰৰ কৃষি সংস্কাৰ সাধন কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷ কৃষকৰ কল্যাণ তথা তেওঁলোকৰ সমস্যা সমাধানৰ বাবে ভাৰত চৰকাৰ সদায়েই প্ৰতিশ্ৰুতিৱদ্ধ বুলি তেওঁ দোহাৰে৷

প্ৰধানমন্ত্ৰীয়ে কয়, আজি কচ্ছই নতুন যুগৰ প্ৰযুক্তি আৰু নতুন যুগৰ অৰ্থনীতিৰ দিশত যথেষ্ট আগুৱাই গৈছে৷ পুনৰ নৱীকৰণযোগ্য শক্তি উদ্যান, ডিছেলিনেচন প্ৰকল্প আৰু নতুন স্বয়ংক্ৰিয় প্ৰকল্পই কচ্ছক বিকাশৰ দিশত আৰু এঢাপ আগুৱাই নিব৷ তেওঁ কয় যে কচ্ছ দেশখনৰ ভিতৰতে দ্ৰুততম বিকশিত অঞ্চল হোৱাৰ লগতে অঞ্চলটোত যোগাযোগৰ ব্যৱস্থাও দিনে দিনে উন্নত হবলৈ ধৰিছে৷

প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ লোকসকলে পূৰ্বে নৈশ ভোজনৰ সময়ত বিদ্যুতৰ উপস্থিতি বিচৰাৰ এটা সৰল দাবীৰ বিষয়ে সোঁৱৰণ কৰে৷ আজি  গুজৰাটৰ যুৱচামে এই সমস্যাৰ বিষয়ে অৱগত নহয়েই বুলি তেওঁ মন্তব্য কৰে৷ 

গুজৰাটৰ ৰাজ্য চৰকাৰে বিগত বিশ বছৰ ধৰি কৃষক অনুকূল আঁচনি প্ৰণয়ন কৰি অহাৰ বাবে প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে৷ তেওঁ কয় যে গুজৰাটে সৌৰ শক্তি উৎপাদনৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছে৷

***

DS/AK/MANN



(Release ID: 1680985) Visitor Counter : 131