স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ভাৰতত আন এক অভিলেখঃ ৰাষ্ট্ৰীয় আৰোগ্য হাৰ ৯৫%ৰে বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ
আজি সক্ৰিয় ৰোগীৰ সংখ্যা ৩.৪ লাখলৈ অৱনমিত হৈছে
১৬১ দিনৰ পিছত নতুনকৈ আক্ৰান্ত হোৱাৰ ৰোগীৰ সংখ্যা হৈছে ২২,০৬৫ জন
Posted On:
15 DEC 2020 10:42AM by PIB Guwahati
ভাৰতে ক’ভিডৰ বিৰুদ্ধে উল্লেখযোগ্য ধৰণে যুঁজিবলৈ সক্ষম হৈছে৷ বিগত ২৪ ঘণ্টাত আক্ৰান্ত ৰোগীৰ সংখ্যা ২২,১০০ লৈ অৱনমিত হৈছে৷ ১৬১ দিনৰ পিছত নতুনকৈ আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা হৈছে ২২,০৬৫ জন৷ ৭ জুলাই ২০২০ তাৰিখে নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যা আছিল ২২,২৫২ জন৷ প্ৰতিদিনে আৰোগ্য হোৱা ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ ফলত ভাৰতত ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যাও হ্ৰাস পাবলৈ ধৰিছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা উল্লেখযোগ্য ধৰণে ৩.৪ লাখৰ তললৈ নামি আহিছে৷ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩,৩৯,৮২০ জন৷ মুঠ আৰোগ্য হোৱা ৰোগীৰ সংখ্যা হ’ল ৯৪,২২,৬৩৬ জন৷ সক্ৰিয় ৰোগী আৰু আৰোগ্য ৰোগীৰ মাজৰ ব্যৱধান হৈছে ৯০,৮২,৮১৬ জন৷ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯৫.১২%লৈ বৃদ্ধি পাইছে যি বিশ্বৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ৷ বিগত ২৪ ঘণ্টাত ৩৪,৪৭৭ গৰাকী ৰোগীক মুকলি কৰি দিয়া হৈছে৷ ১০খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত আৰোগ্য হোৱাৰ ৰোগীৰ হাৰ হৈছে ৭৪.২৪%৷
*******
MV/SJ/MANN
(Release ID: 1680983)
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam