প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘ফিক্কি’-ৰ ৯৩ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণ

Posted On: 12 DEC 2020 2:12PM by PIB Guwahati

নমস্কাৰ !

ফিক্কি-ৰ অধ্যক্ষা সংগীতা  ৰেড্ডী জী, সচিব প্ৰধান দিলীপ চিনয় জী, ভাৰতৰ উদ্যোগ জগতৰ বন্ধু-বান্ধৱী আৰু সজ্জনসকল।

আমি ২০-২০ৰ মেছলৈ দুৰন্ত গতিত পৰিৱৰ্তন অহা বাৰুকৈয়ে দেখিছো, কিন্তু ২০-২০ৰ এই বছৰটোৱে সকলোকে যেন হৰুৱালে। ইমান উথ্থান-পতনেৰে দেশে সময় অতিক্ৰম কৰিছে, সমগ্ৰ পৃথিৱীয়েই দিন পাৰ কৰিবলগীয়া হৈছে যে কিছু বছৰৰ পিচত যেতিয়া আমি কৰোনা-কালৰ স্মৃতি সুঁৱৰিম, তেতিয়া চাগৈ বিশ্বাসেই নহব। পিচে, ইয়াতকৈয়ো ভাল কথাটো হল যিমান দ্ৰুত গতিত অৱস্থা শোচনীয় হৈছিল, সিমান দ্ৰুত গতিৰেই অৱস্থা ভাললৈও আহিছে। ফেব্ৰুৱাৰী-মাৰ্চ মাহত যেতিয়া মহামাৰীৰ এই সংকট আৰম্ভ হৈছিল তেতিয়া আমি এটা অদৃশ্য শত্ৰুৰ সৈতে যুঁজিবলৈ লৈছিলো। বহুত অনিশ্চয়তা আছিল। উত্পাদনেই হওক, লজিষ্টিকেই হওক, অৰ্থনীতিৰ পুনৰুথ্থানেই হওক, অসংখ্য বিষয় আছিল, কিমান দিনলৈ এইবোৰ চলি থাকিব, সকলোৰে মনত এনেবোৰ প্ৰশ্নই উথ্থাপিত হৈছিল-কেতিয়াযে, এই সকলোবোৰ ঠিক হৈ যাব, এনে প্ৰশ্ন, প্ৰত্যাহ্বান, চিন্তাবোৰে পৃথিৱীৰ সকলো মানুহকেই এইবোৰৰ মাজত ডুবি থাকিবলৈ বাধ্য কৰিছিল। পিচে এতিয়া, ডিচেম্বৰ কাষ চাপি অহাৰ সময়তে পৰিস্থিতি বহু পৰিমাণে সলনি হোৱা যেন লাগিছে। আমাৰ হাতত উত্তৰো আছে, আৰু পথ-পৰিকল্পনাও আছে। আজি অৰ্থনীতিৰ সূচকসমূহে উত্সাহিত কৰাৰে ইংগিত প্ৰদান কৰিছে, এই ইংগিত সাহস বঢ়োৱা বিধৰে হৈছে। সংকটৰ সময়ত দেশে যি শিক্ষা লাভ কৰিছে, সিয়ে ভৱিষ্যতৰ সংকল্পক আৰু দৃঢ় কৰিছে। আৰু নিশ্চিত ভাবেই ইয়াৰ বহুত ডাঙৰ শ্ৰেয় ভাৰতৰ উদ্যোগীসকলক অৰ্পণ কৰিব লাগিব, ইয়াৰ ভাগ ভাৰতৰ যুৱপ্ৰজন্মলৈকো যাব, ভাৰতৰ কিষাণলৈ যাব, আপোনালোক সকলো উদ্যমীলৈ, সকলো দেশবাসীলৈকো যাব।

বন্ধুসকল,

সদায়ে গোলকীয় মহামাৰীৰ সৈতে এক ইতিহাস, এক শিক্ষা জড়িত হৈ থাকে। যি দেশে এনে মহামাৰীৰ সময়ত নিজৰ যিমান সম্ভৱ অধিক নাগৰিকক বচাই লৈ যায়, সেই দেশৰ বাকী সকলো ব্যৱস্থা, সিমান দ্ৰুততাৰেই পুনঃস্থিতিলৈ ওভতাৰ ক্ষমতা বহণ কৰে। এই মহামাৰীৰ সময়ত, ভাৰতে নিজৰ নাগৰিকৰ জীৱনক সৰ্বোচ্চ প্ৰথমিকতা প্ৰদান কৰি, যিমান সম্ভৱ অধিক লোকৰ জীৱন বচায় আৰু ইয়াৰ পৰিণতি আজি সমগ্ৰ দেশেই দেখিছে, সমগ্ৰ পৃথিৱীয়েই প্ৰত্যক্ষ কৰিছে। ভাৰতে যেনেকৈ যোৱা কেইটামান মাহত একত্ৰ হৈ কাম কৰিছে, নীতি যুগুতাইছে, সিদ্ধান্ত গ্ৰহণ কৰিছে, স্থিতি চম্ভালি লৈছে, সেইবোৰে সম্পূৰ্ণ পৃথিৱীকে চকিত কৰি ৰাখিছে। বিগত ৬ বছৰৰ পৰা পৃথিৱীৰ যি বিশ্বাস ভাৰতৰ ক্ষেত্ৰত সৃষ্টি হৈছিল, সেয়া বিগত মাহবোৰত আৰু অধিক শক্তিশালী হৈছে। এফডিআই-য়েই হওক কিম্বা এফপিআই-য়েই হওক, বিদেশী বিনিয়োগকাৰীয়ে অভিলেখ পৰিমাণৰ বিনিয়োগ ভাৰতত কৰিছে, আৰু নিৰন্তৰ কৰিয়েই আছে।

বন্ধুসকল,

আজি দেশৰ প্ৰতিগৰাকী নাগৰিক, আত্মনিৰ্ভৰ ভাৰত অভিযানক সফল কৰাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হৈছে, লোকেলৰ বাবে ভোকেল হৈ কাম কৰি আছে। এয়া এক জীৱন্ত উদাহৰণ যে, দেশৰ নিজৰ ব্যক্তিগত খণ্ডৰ ওপৰত কিমান বিশ্বাস আছে। ভাৰতৰ ব্যক্তিগত খণ্ডই যে কেৱল আমাৰ ঘৰুৱা প্ৰয়োজনীয়তাসমূহহে পূৰণ কৰিব পাৰে এনে নহয়, বৰং গোলকীয় প্ৰেক্ষাপটতো নিজৰ পৰিচিতি আৰু অধিক শক্তিশালী ৰূপত প্ৰতিস্থা কৰিব পাৰে।

বন্ধুসকল,

আত্মনিৰ্ভৰ ভাৰত অভিযান, ভাৰতত মানসম্পন্ন বস্তু তৈয়াৰ কৰা আৰু ভাৰতীয় উদ্যোগখণ্ডক অধিক প্ৰতিযোগিতামুখী কৰি গঢ়ি তোলাৰো মাধ্যম হয় আৰু ২০১৪ চনত প্ৰথম বাৰ, যেতিয়া লাল কিল্লাৰ পৰা ভাষণ দিয়াৰ মই সুবিধা পাইছিলো তেতিয়া মই এটা কথা কৈছিলো যে আমাৰ লক্ষ্য জিৰ ডিফেক্ট, জিৰ ইফেক্ট-ৰ ওপৰত নিবদ্ধ হোৱা উচিত।

বন্ধুসকল,

অভিজ্ঞতাৰ আধাৰত অনুভৱ কৰিছো যে, আগৰ নীতিবোৰে বহু ক্ষেত্ৰত অপাৰদৰ্শিতাক সংৰক্ষণ প্ৰদান কৰিছিল, নতুন প্ৰয়াস চলোৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছিল। পিচে আত্মনিৰ্ভৰ ভাৰত অভিযানে সকলো ক্ষেত্ৰত পাৰদৰ্শিতা বৃদ্ধি কৰাৰ উদ্যোগ গ্ৰহণ কৰিছে। এনেবোৰ ক্ষেত্ৰ, যিবোৰত ভাৰতে দীৰ্ঘম্যাদী তুলনাত্মক অগ্ৰগতিৰ সম্ভাৱনীয়তা বহণ কৰিছে, তাৰ ভিতৰত ছানৰাইজ আৰু প্ৰযুক্তি ভিত্তিক উদ্যোগক নতুনকৈ শক্তি প্ৰয়োগত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে। আমাৰ এই পেন্দুকণা উদ্যোগসমূহেও যাতে ভৱিষ্যতে আৰু অধিক শক্তিৱন্ত আৰু স্বতন্ত্ৰ ৰূপত ঠন ধৰি উঠিব পাৰে তাকে আমি কামনা কৰিছো। সেয়ে, আপোনালোকে চাগৈ দেখিছেই, এটা অতিকে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। দেশত উত্পাদন-সংযোজিত উত্সাহমূলক আঁচনি ৰূপায়ণৰ শুভাৰম্ভ কৰা হৈছে। এইখন আঁচনি সেইবোৰ উদ্যোগৰ বাবে, যিবোৰ উদ্যোগে ভাৰতক গোলকীয় প্ৰেক্ষাপটত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাৰ সামৰ্থ্য বহণ কৰিছে। যিয়ে কাম কৰিব, যিয়ে পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব, যিয়ে নিজৰ ক্ষেত্ৰত দেশক আত্মনিৰ্ভৰতা প্ৰদান কৰিব, সেইবোৰ উদ্যোগ উত্সাহমূলক সহযোগিতাৰ হকদাৰ হব। বন্ধুসকল, জীৱনেই হওক অথবা গৱাৰ্নেন্সেই হওক, আমি এক সামঞ্জস্য সততেই অনুধাৱন কৰো। যি আত্মবিশ্বাসী হয়, তেওঁ আনক ঠাই উলিয়াই দিয়াৰ বাবে কেতিয়াও পিচ ভৰি নিদিয়ে। কিন্তু যিসকল দুৰ্বল মনৰ হয়, অসুৰক্ষিত হয়, তেওঁলোকে কাষে-পাজৰে থকা লোকসকলকো সুযোগ দিবলৈ ভয় কৰে। প্ৰায়েই চৰকাৰসমূহক লৈয়ো এনে কথাৰে পুনৰাবৃত্তি হোৱা দেখিবলৈ পোৱা যায়। জনতা জনাৰ্দ্দনৰ প্ৰবল সমৰ্থন আৰু বিশ্বাসেৰে গঠিত চৰকাৰৰ নিজৰে যিমান বিশ্বাস থাকে সিমানেই উত্সৰ্গিত মনোভাৱো থাকে আৰু সেই কাৰণেই সকলোৰে সৈতে সকলোৰে বিকাশ, সকলোৰে বিশ্বাসৰ মন্ত্ৰক চাৰিতাৰ্থ কৰাৰ বাবে মৰো জীও সোঁ অধিকৈ চৰকাৰে কাম কৰাৰ প্ৰয়াস কৰে। চৰকাৰ যিমানেই নিৰ্ণায়ক হয় সেই চৰকাৰে আনৰ সমস্যাকো সিমানেই কম কৰিব পাৰে। এখন নিৰ্ণায়ক চৰকাৰে সদায়ে সমাজৰ বাবে, ৰাষ্ট্ৰৰ বাবে যিমান পাৰে সিমান অৰিহণা আগবঢ়োৱাৰ প্ৰয়াস কৰে। এখন নিৰ্ণায়ক আৰু আত্ম বিশ্বাসৰে পৰিপূৰ্ণ চৰকাৰে সকলো নিয়ন্ত্ৰণ নিজৰ হাতলৈ আনিবলৈ অথবা আনক কিবা কৰিবলৈকো দিয়াতো নিবিচাৰে। আগৰ চৰকাৰসমূহৰ এই  চিন্তাৰ চাগৈ আপোনালোক আটায়ে সাক্ষীতো আছিলেই লগতে দেশো ইয়াৰ বলি হবলগীয়া হৈছিল। এনে চিন্তা আছিল যেন সকলোবোৰ চৰকাৰেই কৰিব। ঘড়ী এটা সাজিব লাগে, আৰু চৰকাৰে তৈয়াৰ কৰিছিল। স্কুটাৰ এখন সাজিব লাগে, আৰু চৰকাৰে সাজি উলিয়াইছিল, টিভি বনাব লাগে, চৰকাৰে বনাইছিল। আনকি ব্ৰেড আৰু কেকও চৰকাৰেইহে তৈয়াৰ কৰিছিল। এই মানসিকতাই আমাৰ কিমান দুৰ্দশা কৰিলে সেয়া আমি নিজ চকুৰেই প্ৰত্যক্ষ কৰিলো। পিচে ইয়াৰ পৰা পৃথক এখন দূৰদৰ্শী আৰু নিৰ্ণায়ক চৰকাৰে সকলো  অংশীদাৰ পক্ষকে নিজৰ নিজৰ সামৰ্থ্যৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰাৰ বাবে উত্সাহিত কৰে।

বন্ধুসকল,

বিগত ছটা বছৰত ভাৰতেও এনে চৰকাৰ প্ৰত্যক্ষ কৰিছে। যিখন চৰকাৰে কেৱল ১৩০ কোটি দেশবাসীৰ সপোন বাস্তৱায়িত কৰাৰ নামত নিজকে উচৰ্গা কৰিছে, যিয়ে সকলো পৰ্যায়তে দেশবাসীক আগবঢ়াই নিয়াৰ বাবে কাম কৰি আছে। ভাৰতত আজি সকলো ক্ষেত্ৰতে, সকলো অংশীদাৰ পক্ষৰে সহয়োগিতা বঢ়োৱাৰ বাবে  কাম কৰি থকা হৈছে। এই চিন্তাৰেই উত্পাদনৰ পৰা এমএছএমই পৰ্যন্ত, কৃষিৰ পৰা আন্তঃগাঁথনি পৰ্যন্ত, প্ৰযুক্তি-উদ্যোগৰ পৰা কৰ-ব্যৱস্থাপনা পৰ্যন্ত, ৰিয়েল এষ্টেটৰ পৰা নিয়ামক-ব্যৱস্থাৰ সৰলীকৰণলৈকে সৰ্বাত্মক সংস্কাৰ সাধনৰ প্ৰয়াস কৰা হৈছে। আজিৰ ভাৰতত কৰ্পৰেট কৰৰ হাৰ পৃথিৱীৰ ভিতৰতে কম বুলি চিহ্নিত হৈছে। আজিৰ ভাৰত পৃথিৱীৰ কেৱল কেইখনমানৰ দেশৰ সেই তালিকাত অন্তৰ্ভুক্ত হৈছে যফেচলেছ এছেছমেণ্ট আৰু ফেচলেছ আপীলৰ সুবিধা আছে।ইন্সপেক্টৰ ৰাজ আৰু টেক্স টেৰৰিজমৰ দৌৰক পিচতে এৰি থৈ ভাৰতে দেশৰ উদ্যোগীসকলৰ সাৰ্মথ্যৰ ওপৰত ভৰষা কৰি আগবঢ়াৰ প্ৰায়াস কৰিছে। মাইনিঙেই হওক অথবা প্ৰতিৰক্ষাই হওক, মহাকাশেই হওক প্ৰায়সমূহ খণ্ডকে বিনিয়োগৰ বাবে, ভাৰতীয় মেধাৰ বাবে, প্ৰতিযোগিতাৰ বাবে আজি সুযোগৰ, এক প্ৰকাৰ অসংখ্য সুযোগৰ এক পৰম্পৰা গঢ়ি তুলিছে। দেশত লজিষ্টিক্স ব্যৱস্থাক প্ৰতিযোগিতামূলক কৰি গঢ়ি তোলাৰ বাবে মাল্টি মডেল কানেক্টিভিটীৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

বন্ধুসকল,

এক উজ্জীৱিত গণতন্ত্ৰত যেতিয়া এটা খণ্ডই উন্নতি কৰে তেতিয়া তাৰ প্ৰত্যক্ষ প্ৰভাৱ আন খণ্ডসমূহৰ ওপৰতো পৰে। পিচে, ইয়াৰ বিপৰীতে এটা উদ্যোগৰ সৈতে আন এটাৰ মাজত যদি অনাহকতে ব্যৱধান সৃষ্টি হয়, তেন্তে তাৰ পৰিণতি কি হব পাৰে? তেতিয়া কোনোটো উদ্যোগেই দ্ৰুতগতিৰে অগ্ৰগতি লাভ কৰিব নোৱাৰিব। তাৰ মাজতো কোনোবা এটা উদ্যোগে কেনেবাকৈ উন্নতি কৰিলেও তাৰ প্ৰভাৱ কিন্তু আন উদ্যোগৰ ওপৰত কেতিয়াও নপৰেগৈ। বেলেগ বেলেগ খণ্ডৰ মাজত হোৱা এনে ব্যৱধানে দেশৰ অৰ্থব্যৱস্থাৰ বহুত লোকচান কৰিছে, সাধাৰণ মানুহৰো ক্ষতিসাধন কৰিছে। এতিয়া দেশত যি সংস্কাৰ-যাত্ৰা অব্যাহত আছে, সিয়ে এই ব্যৱধান আঁতৰোৱাৰ কাম কৰি আছে। অতি সম্প্ৰতি যি কৃষি সংস্কাৰ সম্পাদিত হৈছে, সেয়া এই অভিযানৰে এক অংশ। কৃষি আৰু ইয়াৰ আনুষংগিক খণ্ডসমূহৰ, সেয়া লাগিলে কৃষি আন্তঃগাঁথনিয়েই হওক, খাদ্য সংসাধনেই হওক, ভঁড়াল হওক, শীতলীকৃত ভাণ্ডাৰেই হওক এইবোৰৰ মাজত আমিও এনে ব্যৱধান প্ৰত্যক্ষ কৰিছিলো। এতিয়া তেনেবোৰ ব্যৱধান আঁতৰোৱাৰ দিহা কৰা হৈছে। এই ব্যৱধান আঁতৰি যোৱাৰ পিচত, এই সংস্কাৰৰ পিচত কৃষকসকলে নতুন বজাৰ লাভ কৰিব, নতুন বিকল্প লাভ কৰিব, তেওঁলোকে প্ৰযুক্তিৰ লাভ আদায় কৰিব পাৰিব, দেশৰ শীতলীকৃত ভঁড়াল ব্যৱস্থাৰ আন্তঃগাঁথনি আধুনিক হব, এই সকলোবোৰৰ ভিতৰত কৃষি ক্ষেত্ৰত আটাইতকৈ অধিক বিনিয়োগ হব। আৰু ইয়াৰ পৰা আটাইতকৈ যদি কোনোবা লাভবান হব, সেয়া মোৰ দেশৰ কৃষকসকল হ; যিয়ে সৰু সৰু ভূমিখণ্ডৰে জীৱনৰ প্ৰতিপালন কৰে, সেইসকল কৃষকৰ মংগল সাধন হোৱাৰ উপক্ৰম হৈছে।

বন্ধুসকল,

বিগত বছৰবোৰত এই ব্যৱধান আঁতৰোৱাৰ বাবে কেনেকৈ এক পৰিকল্পনা আৰু সংহত কাৰ্যপন্থাৰে সংস্কাৰ সাধনৰ প্ৰয়াস কৰা হৈছিল তাৰ এক উত্কৃষ্ট উদাহৰণ হৈছে- দেশৰ কোটি কোটি লোকৰ বিত্তীয় অন্তৰ্ভুক্তিকৰণ। এতিয়া আমি বেংকিং এক্সক্লুশ্যনৰ পৰা আটাইতকৈ ইনক্লুচিভ দেশৰ তালিকাভুক্ত হলো। আপোনালোক এই কথাৰ সাক্ষী যে, সকলো বাধা অতিক্ৰমী ভাৰতত কেনেকৈ আধাৰক সাংবিধানিক সংৰক্ষণ দিয়াৰ ব্যৱস্থা কৰা হল। আমি আনবেংকডক বেংকৰে জড়িত কৰিলো। সস্তা মোবাইল ডাটা, সস্তা দামত ফোন উপলব্ধ কৰাই আমি দুখীয়াৰে দুখীয়াক সংযোজিত কৰাইছো। তাৰ পৰিণতিতে জনধন একাউণ্ট, আধাৰ আৰু মোবাইল-জেএএমত্ৰিনিটী দেশে লাভ কৰিবলৈ সক্ষম হৈছে।

বন্ধুসকল,

আজিৰ তাৰিখত পৃথিৱীৰ ভিতৰতে সৰ্ববৃহত্ প্ৰত্যক্ষ লাভ হস্তান্তৰণ পদ্ধতিটোৱে দেশত কাম কৰি আছে, ডিবিটি-য়ে দেশত কাম কৰি আছে। আন্তঃৰাষ্ট্ৰীয় জাৰ্ণেলত আপোনালোকেও চাগৈ পঢ়িছে,ত ভাৰতত যুগুতোৱা এই ব্যৱস্থাৰ ভুৰি ভুৰি প্ৰশংসা কৰা হৈছে। কৰোনাৰ সংকট কালত আন দেশসমূহে নিজৰ নাগৰিকসকলৰ মাজত প্ৰত্যক্ষ ভাবে ধনৰ বিতৰণ কৰিবলৈ গৈ সমস্যাত পৰিবলগীয়া হৈছিল সেইখিনি সময়ত ভাৰতে মাত্ৰ এটা টিপাতে কোটি কোটি নাগৰিকৰ বেংক একাউণ্টলৈ সহস্ৰ কোটি টকা হস্তান্তৰিত কৰি আছিল। আৰু সেয়াও তেতিয়া, যেতিয়া বেংকসমূহ সম্পূৰ্ণ বন্ধ আছিল।

বন্ধুসকল,

এটা সময় আছিল, যেতিয়া কিছু সংখ্য লোকে প্ৰশ্ন উথ্থাপন কৰিছিল যে, দাৰিদ্ৰ আৰু অশিক্ষা পীড়িত ভাৰতত কেনেকৈ সাধাৰণ ৰাইজৰ মাজত প্ৰযুক্তিৰ ব্যৱহাৰ সম্ভৱ কৰিব পৰা যাব। পিচে, ভাৰতে এয়া সম্ভৱ কৰি দেখুৱালে আৰু আগলৈও দেখুৱাই থাকিব।

বন্ধুসকল,

টেলিভিশ্বন অথবা চিনেমাৰ পৰ্দাত আমি যেনেকুৱা গাঁও আৰু চহৰৰ ছবি দেখি ডাঙৰ হৈছো, তাৰ পৰা ইয়াৰ বিষয়ে পৃথক ধাৰণা তৈয়াৰ হোৱাতো নিতান্তই স্বাভাৱিক। পিচে, গাঁও আৰু চহৰৰ মাজত আবয়াৱিক দূৰত্ব ইমান বেছিও নহয়, যিমান বেছি ধাৰণাক লৈ আছে। কিছু সংখ্যক লোকৰ বাবে গাঁৱৰ অৰ্থ এনেকুৱা , এই ঠাইলৈ যোৱাতো নিতান্তই অসুবিধাজনক, যত তেনেই কম সা-সুবিধাহে থাকে, খুউব কম বিকাশহে সম্পন্ন হয়, এনেবোৰ ঠাই নিতান্তই পিচ পৰা হয়েই। পিচে, আজিৰ তাৰিখত আপোনালোকে যিকোনো এখন গাঁও কিম্বা অৰ্দ্ধ চহৰলৈ গলে অন্য দৃশ্যহে প্ৰত্যক্ষ কৰাৰ সুযোগ পাব। আজি গ্ৰামীণ ভাৰতে বৃহত পৰিৱৰ্তনৰ মাজৰে গতি লাভ কৰিছে। আপোনালোকে বাৰু জানেনে যে চহৰৰ তুলনাত আজিৰ গ্ৰাম্য ভাৰততহে অধিক সংখ্যক সক্ৰিয় ইণটাৰনেট ব্যৱহাৰকাৰীয়ে বাস কৰে বুলি? আপোনালোকে বাৰু জানেনে যে ভাৰতৰ আধাতকৈ বেছি সংখ্যক ষ্টাৰ্ট-আপ প্ৰতিষ্ঠান যে দ্বিতীয় আৰু তৃতীয়-শ্ৰেণীভুক্ত চহৰাঞ্চলৰহে? ‘প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক য়োজনাৰে দেশৰ প্ৰায় ৯৮% আবাসিক এলেকাই পথৰে সংযুক্ত কৰা হৈছে। অৰ্থাত গাঁৱৰ লোকসকলে এতিয়া বজাৰ, স্কুল, হাস্পটাল আদিৰ দৰে সুবিধাসমূহৰে দ্ৰুতগতিৰে সংযুক্ত হোৱা সুয়োগ পাইছে। গাঁৱত বসবাস কৰোতাসকলৰ আশা-আকাংক্ষাৰ পৰিসৰ বৃদ্ধি পাবলৈ ধৰিছে, তেওঁলোকে আৰ্থ-সামাজিক মোবিলিটী বিচাৰিছে। চৰকাৰেও গাঁওবাসীৰ এই আকাংক্ষাসমূহ পূৰণৰ বাবে কৰ্মৰত হৈছে।

বন্ধুসকল,

দেশৰ কৃষি খণ্ডক শক্তিশালী কৰি তোলাৰ বাবে বিগত বছৰসমূহত ভাৰতত দ্ৰুত গতিত কাম কৰা হৈছে। আজিৰ তাৰিখত ভাৰতৰ কৃষি খণ্ড, আগৰ তুলনাত অধিক উজ্জীৱিত হৈছে। আজি ভাৰতৰ কৃষকৰ ওচৰত ফচল মণ্ডিত অথবা তাৰ বাহিৰত ফচল বিক্ৰীৰ বিকল্প আছে। এতিয়া ভাৰতৰ মণ্ডিসমূহৰ আধুনিকীকৰণতো হৈছেই, কৃষকসকলক ডিজিটেল মঞ্চৰ জৰিয়তে ফচল কিনা-বেচা কৰাৰ বিকল্পও প্ৰদান কৰা হৈছে। এই সকলোবোৰৰ জৰিয়তে কৃষক ৰাইজৰ আয় বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে। দেশৰ সমৃদ্ধিৰ পথ প্ৰশস্থ কৰা হৈছে।

বন্ধুসকল,

আমাৰ দেশত আগতে ইথানলপৰ্যন্ত প্ৰাথমিকতা দি আমদানী কৰা হৈছিল। অথচ, পথাৰত কুঁহিয়াৰ খেতিয়কসকল উদ্বিগ্ন হৈয়ে থাকিবলগীয়া হৈছিল, কিয়নো তেওঁলোকৰ কুঁহিয়াৰ বিক্ৰী নোহোৱাকৈয়ে থাকিছিল অথবা বিক্ৰী হলেও পাবলৈ থকা কোটি কোটি টকা সময়ত পোৱা নাছিল। আমি এই পৰিস্থিতি সলনি কৰিলো। আমি দেশতে ইথানলৰ উত্পাদনত গুৰুত্ব আৰোপ কৰিলো। আগতে চেনী প্ৰস্তুতি কৰা হৈছিল, গুড় তৈয়াৰ কৰা হৈছিল, কেতিয়াবা চেনীৰ দাম কমি গৈছিল, তেতিয়া কৃষকৰ লোকচান হৈছিল। কেতিয়াবা আকৌ চেনীৰ দাম বাঢ়ি গৈছিল তেতিয়া আকৌ গ্ৰাহকৰ অসুবিধা হৈছিল। অৰ্থাত কোনো ব্যৱস্থা এনেকৈ চলাটো সম্ভৱ নহৈছিল আৰু আমি  আমাৰ কাৰ-ষ্কুটাৰ চলোৱাৰ বাবে বিদেশৰ পৰা পেট্ৰোল আনিছিলো, এতিয়া এই কাম ইথানলেও কৰিব পাৰে। এতিয়া দেশত ইথানলৰ ১০%ৰ ব্লেডিং কৰাৰ দিশত আগবাঢ়িছে। ভাবকচোন কিমান পৰিৱৰ্তন সম্ভৱ কৰা হৈছে। ইয়াৰ জৰিয়তে কুঁহিয়াৰ খেতিয়কৰ আয় বঢ়াৰ উপৰিও নিয়োগৰ সম্ভাৱনাও বৃদ্ধি পাব।

বন্ধুসকল,

আজি মই উদ্যোগ জগতৰ জ্যেষ্ঠ ব্যক্তিসকলৰ মাজত উপস্থিত আছো যিহেতু সেয়ে এই কথা মুকলিকৈয়ে কব খুজিছো যে আমাৰ দেশৰ ব্যক্তিখণ্ডই কৃষি ক্ষেত্ৰত যিমান পৰিমাণে বিনিয়োগ কৰিব লাগিছিল, দুৰ্ভাগ্যবশতঃ সিমানখিনি কৰা নাই। এই খণ্ডক ব্যক্তিগত খণ্ডই বিশেষ ভাবে এক্সপ্ল কৰা নাই বুলিব পাৰি। আমাৰ দেশত শীতলীকৃত ভঁড়ালৰ অভাৱ বাৰুকৈয়ে আছে।  ব্যক্তিগত খণ্ডৰ সহযোগিতা নোহোৱাকৈয়ে যোগান-শৃংখলে সীমিত পৰিসৰত কাম কৰি আছে।  কৃষি খণ্ডই সন্মুখীন হৈ অহা প্ৰত্যাহ্বানসমূহ আঁতৰোৱাৰ বাবে চৰকাৰে  নিৰন্তৰ কাম কৰি আহিছে। পিচে, ইয়াত আপোনালোকৰ ৰুচি আৰু বিনিয়োগ দুয়োটাৰে নিতান্তই প্ৰয়োজন বুলি বিশ্বাস কৰো।

বন্ধুসকল,

কৃষিৰ সৈতে সেৱা খণ্ডই হওক, উত্পাদনেই হওক, সামাজিক খণ্ডই হওক এইসকলোবোৰতে আমি কেনেকৈ পৰস্পৰে পৰস্পৰক কম্প্লিমেণ্ট কৰিব পাৰো, এই কথাত আমি পূৰ্ণ শক্তি নিয়োজিত কৰিব লাগিব। ফিক্কি-ৰ দৰে সংগঠনে ইয়াত সাঁকো নিৰ্মাণ কৰিব লাগিব। আৰু অনুপ্ৰেৰণাৰ উত্সও হব লাগিব।

বন্ধুসকল,

আমি এটা মন্ত্ৰৰ সৈতে পৰিচিত, আৰু সেয়া আমাৰ জীৱনৰ বাবে আৱশ্যকো হয়, আমাৰ দেশত কোৱা হয় যে-তন্মো মনঃ শিৱসংকল্প মস্তু’, অৰ্থাত্ মোৰ মন উত্তম সংকল্পযুক্ত, এই চিন্তাৰে আমি আগবাঢ়ি য়োৱা উচিত।  দেশৰ লক্ষ্য, দেশৰ সংকল্প, দেশৰ নীতি তেনেই স্পষ্ট। আন্তঃগাঁথনিয়েই হওক অথবা নীতিয়েই হওক, সংস্কাৰক লৈ ভাৰতৰ অভিপ্ৰায় নিতান্তই সুদৃঢ়। মহামাৰীৰ ৰূপ যিমানেই বাধাৰ সৃষ্টি নহওক কিয়, এতিয়া আমি সেই বাধা অতিক্ৰম কৰি আগবাঢ়ি গৈছো। এতিয়া আমি নতুন বিশ্বাসৰে সকলোৱে আগতকৈয়ো অধিক পৰিশ্ৰম কৰিব লাগিব। বিশ্বাস আৰু আত্মবিশ্বাসৰে ভৰা এই বাতাবৰণত আমি নতুন দশকত আগবাঢ়ি যাব লাগিব। ২০২২ চনত দেশে স্বাধীনতাৰ ৭৫ সংখ্যক জয়ন্তী উদযাপন কৰিব। স্বাধীনতাৰ আন্দোলনৰ পৰা আজি পৰ্যন্ত ফিক্কি-য়ে দেশৰ বিকাশ যাত্ৰাত বহুত ডাঙৰ ভূমিকা পালন কৰিছে। ফিক্কি-ৰো শতবৰ্ষলৈ বৰ বেছি দিন নাই। এই সময়ত আপোনালোকৰ ৰাষ্ট্ৰ নিৰ্মাণৰ ভূমিকা আৰু অধিক বিস্তাৰিত কৰিব লাগিব। আপোনালোকৰ প্ৰয়াসে আত্মনিৰ্ভৰ ভাৰতৰ অভিযানক আৰু অধিক গতি প্ৰদান কৰিব। আপোনালোকৰ প্ৰয়াসে লোকেলৰ বাবে ভোকেলৰ মন্ত্ৰকো সম্পূৰ্ণ পৃথিৱীলৈকে বিস্তাৰিত কৰিব। শেষত মই ড০ সংগীতা ৰেড্ডী জীক অধ্যক্ষৰ ৰূপত এক সুন্দৰ কাৰ্যকালৰ বাবে বহুত বহুত অভিনন্দন জনাইছো। লগতে ভাই উদয় শংকৰ জীকো ভৱিষ্যতৰ বাবে বহুত বহুত শুভকামনা জ্ঞাপন কৰিছো। আপোনালোকৰ মাজলৈ অহাৰ সুযোগ দিয়াৰ বাবে মই আপোনালোক আটাইকে কৃতজ্ঞতা জ্ঞাপন কৰিলো।

ধন্যবাদ !

***

 

DS/VJ/AK/AV/KB



(Release ID: 1680348) Visitor Counter : 127