স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতৰ লেণ্ডমাৰ্ক সফলতা লাভঃ ১৪৬ দিনৰ পাছত সক্ৰিয় কেছল’ড ৩.৬৩ লাখলৈ অৱনমিত

৩০,০০০ ৰ কম দৈনিক নতুন ঘটনাৰে অভিলেখ

Posted On: 11 DEC 2020 11:47AM by PIB Guwahati

আজি ভাৰতৰ মুঠ সক্ৰিয় কেছল’ড লক্ষ্যণীয়ভাৱে ৩.৬৩ লাখ (৩,৬৩,৭৪৯) লৈ অৱনমিত হয়। এয়া হৈছে ১৪৬ দিনৰ পাছত সৰ্বনিম্ন। ১৮ জুলাই, ২০২০ত মুঠ সক্ৰিয় ঘটনা আছিল ৩,৫৮,৬৯২ টা।

দেশখনত সক্ৰিয় ঘটনাৰ সংখ্যাৰ ক্ৰম হ্ৰাসমান প্ৰৱণতা অব্যাহত আছে। ভাৰতৰ বৰ্তমান সক্ৰিয় কেছল’ড হৈছে ভাৰতৰ মুঠ পজিটিভ ঘটনাৰ মাত্ৰ ৩.৭১%।

যোৱা ২৪ ঘন্টাত আৰোগ্য আৰু ডিচাৰ্জ লাভৰ ঘটনাৰ সংখ্যা হৈছে ৩৭,৫২৮ টা। ইয়াৰ ফলত মুঠ সক্ৰিয় কেছল’ডৰপৰা ৮,৫৪৪ টা ঘটনা হ্ৰাস হৈ পৰে।

যোৱা ২৪ ঘন্টাত ভাৰতৰ দৈনিক নতুন ঘটনাৰ সংখ্যা ৩০,০০০ তকৈ কম। যোৱা ২৪ ঘন্টাত দৈনিক নতুন ঘটনাৰ সংখ্যা হৈছে ২৯,৩৯৮ টা।

মুঠ আৰোগ্য লাভৰ ঘটনা প্ৰায় ৯৩ লাখ (৯২,৯০,৮৩৪) হৈছে। আৰোগ্য লাভৰ ঘটনা আৰু সক্ৰিয় ঘটনাৰ মাজৰ ব্যৱধান ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈ আছে আৰু আজি ৮৯ লাখ অতিক্ৰম কৰে। বৰ্তমান ইয়াৰ পৰিমাণ হৈছে ৮৯,২৭,০৮৫ টা।

নতুন আৰোগ্য লাভৰ ঘটনা আৰু নতুন ঘটনাৰ ব্যৱধানো বৃদ্ধি হৈ গৈ আছে আৰু আজি আৰোগ্য লাভৰ হাৰ হৈছে ৯৪.৮৪%।

নতুন আৰোগ্য লাভৰ ঘটনাৰ ৭৯.৯০% হৈছে ১০ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

৫,০৭৬ টা নতুন আৰোগ্য লাভৰ ঘটনাৰে কৰ্ণাটকত এদিনত আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা সৰ্বাধিক। মহাৰাষ্ট্ৰত ৫,০৬৮ লোকে আৰোগ্য লাভ কৰাৰ সমান্তৰালভাৱে কেৰালাত ইয়াৰ পৰিমাণ হৈছে ৪,৮৪৭ টা।

এই সংখ্যাই যোৱা এটা সপ্তাহত গড় দৈনিক আৰোগ্য লাভৰ ঘটনা প্ৰদৰ্শন কৰিছে। ৬,৭০৩ টা ঘটনাৰে মহাৰাষ্ট্ৰত গড় দৈনিক আৰোগ্য লাভৰ ঘটনা সৰ্বাধিক। ইয়াৰ পাছতেই থকা কেৰালা আৰু দিল্লীৰ আৰোগ্য লাভৰ ঘটনাৰ পৰিমাণ হৈছে ৫,১৭৩ আৰু ৪,৩৬২ টা।

নতুন ঘটনাৰ ৭২.৩৯% হৈছে ১০ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

৪,৪৭০ টা ঘটনাৰে কেৰালাত দৈনিক নতুন ঘটনা সৰ্বাধিক। ইয়াৰ পাছতেই থকা মহাৰাষ্ট্ৰৰ নতুন ঘটনাৰ সংখ্যা হৈছে ৩,৮২৪ টা।

যোৱা ২৪ ঘন্টাত ৪১৪ টা মৃত্যুৰ ঘটনা সংঘটিত হৈছে।

নতুন মৃত্যুৰ ঘটনাৰ ৭৯.৯৫% দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত সংঘটিত হৈছে।

মহাৰাষ্ট্ৰত মৃত্যুৰ ঘটনা সৰ্বাধিক ৭০ টা। দিল্লী আৰু পশ্চিম বংগত দৈনিক মৃত্যুৰ ঘটনা হৈছে ক্ৰমে ৬১ আৰু ৪৯ টা।

****

MV/SJ/SB
 



(Release ID: 1680170) Visitor Counter : 184