কেবিনেট

কেবিনেটে ভাৰত আৰু লাক্জামবাৰ্গৰ মাজত দ্বিপাক্ষিক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিবলৈ ভাৰতীয় প্ৰতিভূতি আৰু বিনিময় ব'ৰ্ড (ছেবি)ৰ প্ৰস্তাৱত মঞ্জুৰী দিছে

Posted On: 09 DEC 2020 3:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰী সভাই ভাৰতীয় প্ৰতিভূতি আৰু বিনিময়ত ব'ৰ্ড (ছেবি) আৰু ফাইনেঞ্চিয়েল এণ্ড কমিছন ডে' ছাৰ্ভিলেঞ্চ ডু ছেক্টিউৰ ফাইনেঞ্চাৰ (চিএছএছএফ), লাক্জামবাৰ্গৰ মাজত দ্বিপাক্ষিক বুজাবুজি চুক্তি (এমঅ'ইউ)ত হস্তাক্ষৰ কৰিবলৈ ভাৰতীয় প্ৰতিভূতি আৰু বিনিময়ত ব'ৰ্ডৰ প্ৰস্তাৱক নিজৰ মঞ্জুৰী প্ৰদান কৰিছে।

 

উদ্দেশ্য

বুজাবুজি চুক্তিৰ ফলত প্ৰতিভূতি নিয়মাৱলীৰ ক্ষেত্ৰত দুয়োখন দেশৰ সহযোগিতা শক্তিশালী কৰা আৰু পাৰস্পৰিক সহায়তাৰ সুবিধা দিয়া, প্ৰযুক্তিগত জ্ঞানৰ ব্যৱহাৰ সম্পৰ্কীয় পৰ্যবেক্ষণৰ কাম-কাজৰ দক্ষতাপূৰ্ণ প্ৰদৰ্শনৰ বাবে যোগদান কৰা তথা ভাৰত আৰু লাক্জামবাৰ্গৰ প্ৰতিভূতি বজাৰক নিয়ন্ত্ৰিত কৰা নিয়ম-কানুনৰ প্ৰভাৱশালী প্ৰৱৰ্তনক সক্ষম কৰি তোলাৰ সম্ভাৱনা আছে।

 

প্ৰধান প্ৰভাৱ

চিএছএছএফ, ছেবিৰ সমান, আন্তঃৰাষ্ট্ৰীয় প্ৰতিভূতি আয়োগ সংগঠনৰ বহুপাক্ষিক বুজাবুজি চুক্তি (আইঅ'এছচিঅ'এমএমঅ'ইউ)ৰ সহ-স্বাক্ষৰকাৰী। সম্প্ৰতি আইঅ'এছচিঅ' এমএমঅ'ইউৰ পৰিসৰত প্ৰযুক্তিগত সহযোগৰ ব্যৱস্থা নাই। প্ৰস্তাৱিত দ্বিপাক্ষিক বুজাবুজি চুক্তি প্ৰতিভূতি আইনৰ প্ৰভাৱশালী প্ৰৱৰ্তনৰ বাবে তথ্য অৱগত কৰাৰ আন্তঃগাঁথনি শক্তিশালী কৰাত যোগদান দিব আৰু প্ৰযুক্তিগত সহযোগিতা কাৰ্যক্ৰম স্থাপন কৰাতো সহায় কৰিব। প্ৰযুক্তিগত সহযোগিতা কাৰ্যক্ৰম, পুঁজি বজাৰ; কৰ্মচাৰীৰ বাবে ক্ষমতা নিৰ্মাণ গতিবিধি আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰে জড়িত বিষয়ত পৰামৰ্শৰ মাধ্যমত প্ৰাধিকৰণৰ লাভান্বিত কৰিব।

 

পৃষ্ঠভূমি

ভাৰতত প্ৰতিভূতি বজাৰক বিনিয়মিত কৰিবৰ বাবে ভাৰতীয় প্ৰতিভূতি আৰু বিনিময়ত ব'ৰ্ড অধিনিয়ম, ১৯৯২ৰ জৰিয়তে ভাৰতীয় প্ৰতিভূতি আৰু বিনিময় ব'ৰ্ড (ছেবি)ৰ স্থাপন কৰা হৈছিল। ছেবিৰ উদ্দেশ্য হৈছে বিনিয়োগকাৰীৰ হিত ৰক্ষা কৰা তথা ভাৰতত প্ৰতিভূতি বজাৰৰ বিকাশক উসাহিত কৰা আৰু তাক বিনিয়মিত কৰা।

 

ছেবিৰ প্ৰধান কাম-কাজত আছে- পঞ্জীকৰণ, বিনিয়মন আৰু প্ৰতিভূতি বজাৰত কাম কৰা মধ্যস্থতাকাৰীৰ পৰ্যবেক্ষণ; স্ব-নিয়ামক সংগঠনসমূহক বিনিয়মিত কৰা আৰু উসাহিত কৰা; প্ৰতিভূতি বজাৰৰ সৈতে জড়িত প্ৰবঞ্চনা আৰু অনৈতিক বাণিজ্যিক অনুশীলন ৰোধ কৰা আৰু ভাৰত বা বিদেশৰ প্ৰাধিকৰণক এনেকুৱা তথ্যৰ যোগান ধৰা যি কাম-কাজৰ দক্ষতাপূৰ্ণ সম্পাদনৰ বাবে আৱশ্যকীয় হ'ব পাৰে।

 

লাক্জামবাৰ্গৰ কমিছন ডে' ছাৰ্ভিলেঞ্চ ডু ছেক্টিউৰ ফাইনেঞ্চাৰ (চিএছএছএফ) এটা সাৰ্বজনীন আইনী সংস্থা, যাৰ ওচৰত প্ৰশাসনীয় আৰু বিত্তীয় স্বায়ত্বতা আছে আৰু ইয়াৰ প্ৰতিষ্ঠা আইনৰ জৰিয়তে ২৩ ডিচেম্বৰ, ১৯৯৮ত হৈছিল। চিএছএছএফ, লাক্জামবাৰ্গৰ সম্পূৰ্ণ বিত্তীয় কেন্দ্ৰ (বীমা ক্ষেত্ৰক বাদ দি)ৰ বিবেকপূৰ্ণ চোৱাচিতাৰ বাবে সক্ষম প্ৰাধিকৰণ। চিএছএছএফ প্ৰতিভূতি বজাৰৰ বিনিয়মন আৰু পৰ্যবেক্ষণৰ বাবেও আইনগতভাৱে দায়বদ্ধ।

 

*****

DS



(Release ID: 1679577) Visitor Counter : 175