স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

৫ মাহৰ পিছত ভাৰতত নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যা সবাতোকৈ কম হৈছে

সক্ৰিয় ৰোগীৰ সংখ্যা ৪%ৰ সৈতে৩.৮৩ লাখলৈ অৱনমিত হৈছে

মৃত্যুৰ সংখ্যা ক্ৰমান্বয়ে অৱনমিত হৈছে; নিতৌ মৃত্যু হোৱা লোকৰ সংখ্যা ৪০০ত কৈ কম হৈছে

Posted On: 08 DEC 2020 11:55AM by PIB Guwahati

ভাৰতে ক’ভিডৰ বিৰুদ্ধে উল্লেখযোগ্য ধৰণে যুঁজত অৱতীৰ্ণ হৈছে৷ বিগত ২৪ ঘণ্টাত নিশ্চিত ৰোগীৰ সংখ্যা ২৭,০০০ত কৈও কম (২৬,৫৬৭) হৈছে যি বিগত ৫ মাহত প্ৰথমবাৰলৈ আটাইতকৈ সবাতোকৈ কম হোৱা পৰিলক্ষিত হৈছে৷ ১০ জুলাই ২০২০ত নতুন ৰোগীৰ সংখ্যা আছিল ২৬,৫০৬ জন৷

প্ৰতিদিনে বৃহৎ সংখ্যক ক’ভিড ৰোগীয়ে আৰোগ্য লাভ কৰাৰ পৰিপ্ৰেক্ষিতত মৃত্যুৰ হাৰো ক্ৰমান্বয়ে হ্ৰাস হৈছে৷ ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা আজি ৪%ৰো তলত হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা মুঠ ৰোগীৰ ৩.৯৬% ৰ সৈতে আজি ৩,৮৩,৮৬৬ জন হৈছে৷

বিগত ২৪ ঘণ্টাত ৩৯,০৪৫ জন লোক ৰোগত আক্ৰান্ত হৈছে৷ আজি আৰোগ্য হাৰ ৯৪.৫৯%ৰ সৈতে মুঠ ৯১,৭৮,৯৪৬ জন লোকে আৰোগ্য লাভ কৰিছে৷ দহখন ৰাজ্যত ৭৬.৩১% ৰ আৰোগ্যৰ হাৰৰ সৈতে নতুন অভিলেখৰো সৃষ্টি হৈছে৷

দহখন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত ৭২.৫০% শতাংশ লোক ৰোগত আক্ৰান্ত হৈছে৷

দেশত ক’ভিডৰ ফলত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ক্ৰমান্বয়ে অৱনমিত হৈছে৷ বিগত ২৪ ঘণ্টাত ৪০০ত কৈও কম লোকৰ মৃত্যু হৈছে৷

****

MV/SJ/MANN



(Release ID: 1679221) Visitor Counter : 199