প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আগ্ৰা মেট্ৰ’ প্ৰকল্পৰ নিৰ্মাণ কৰ্মৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

Posted On: 07 DEC 2020 2:12PM by PIB Guwahati

নমস্কাৰ,

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দী বেন পেটেলজী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী শ্ৰী হৰদ্বীপ সিং পুৰীজী, উত্তৰ প্ৰদেশৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথ জী, ইউপি চৰকাৰৰ মন্ত্ৰী চৌধুৰী উদয়ভান সিংজী, ডাঃ ডি এছ ধৰ্মেশজী, সংসদৰ মোৰ সহযোগী অধ্যাপক এছ পি সিং বঘেলজী, শ্ৰী ৰাজকুমাৰ চাহৰজী, শ্ৰী হৰিদ্বাৰ দুবেজী, অন্য জনপ্ৰতিনিধিগণ আৰু আগ্ৰাৰ মোৰ ভাই-ভনীসকল৷ আপোনালোক সকলোলৈ  মেট্ৰৰ কাম আৰম্ভ হোৱাৰ বাবে অশেষ অভিনন্দন জনালো৷ আগ্ৰা প্ৰত্নতাত্নিক দিশৰ পৰা পূৰ্বৰে পৰা পৰিচিত৷ এতিয়া ইয়াত আধুনিকতাৰ পৰশ পৰিছে৷ শতাধিক বৰ্ষৰ ইতিহাসৰ এই চহৰ এতিয়া একবিংশ শতিকাৰ সৈতে খোজ মিলোৱাৰ বাবে প্ৰস্তুত হৈছে৷

ভাতৃ আৰু ভগ্নীসকল,

আগ্ৰাত স্মাৰ্ট সুবিধা বিকশিত কৰাৰ বাবে পূৰ্বৰ পৰাই প্ৰায় ১ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ কাম চলি আছে৷ যোৱা বছৰ যি কমাণ্ড এণ্ড কণ্ট্ৰলৰ আধাৰশিলা স্থাপনৰ সুযোগ মই লাভ কৰিছিলো সেয়াই আজি নিৰ্মাণ হৈ উঠিছে৷ মোক কোৱা হৈছে যে কৰোনাৰ সময়ত এই কেন্দ্ৰত কৰ্মপোযোগী হিচাপে বিবেচিত হৈছে৷ এতিয়া ৮ হাজাৰ কোটি টকাতকৈও অধিক টকাৰ এই মেট্ৰপ্ৰকল্প আগ্ৰাৰ স্মাৰ্ট সুবিধাৰ নিৰ্মাণৰ সৈতে জড়িত অভিযানক অধিক শক্তিশালী কৰি তুলিব৷

বন্ধুসকল,

বিগত ছবছৰত ইউপিৰ সৈতে সমগ্ৰ দেশত যি গতি আৰু স্কেলত মেট্ৰনেটৱৰ্কৰ কাম হৈছে তাৰ দ্বাৰা চৰকাৰৰ পৰিচয় আৰু দায়ৱদ্ধতা প্ৰতিফলিত হৈছে৷ ২০১৪ পৰ্যন্ত দেশত প্ৰায় ২১৫ কিলোমিটাৰ মেট্ৰলাইন কাৰ্যকৰী হৈছিল৷ ২০১৪ চনৰ পিছত ৬ বছৰত দেশত ৪৫০ কিলোমিটাৰতকৈও অধিক মেট্ৰলাইন কাৰ্যকৰী হৈছে আৰু প্ৰায় ১০০০ মেট্ৰলাইনৰ কাম চলি আছে৷ আজি দেশৰ ২৭ খন চহৰত মেট্ৰৰ কাম সম্পূৰ্ণ হৈছে অথবা সম্পূৰ্ণ হোৱাৰ পৰ্যায়ত আছে৷ ইউপিৰ কথা কবলৈ গলে আগ্ৰা মেট্ৰসুবিধাৰ সৈতে জড়িত হোৱা ২৭তম চহৰ আৰু ইয়াৰ বিশেষ কথাটো হল যে এই মেট্ৰদবা মেক ইন ইণ্ডিয়াৰ অধীনত নিৰ্মিত হৈছে৷ এয়াই নহয়, ইয়াৰ ছিগনেল প্ৰণালীও সম্পূৰ্ণ ৰূপে ভাৰততেই যাতে নিৰ্মাণ হওক, ইয়াৰ ওপৰতো কাম চলি আছে৷ অৰ্থাৎ এতিয়া মেট্ৰনেটৱৰ্কৰ ক্ষেত্ৰতো ভাৰত আত্মনিৰ্ভৰ হৈ উঠিছে৷

ভাতৃ আৰু ভগ্নীসকল,

আজিৰ নতুন ভাৰতৰ সপোন বিৰাট সপোন হৈ উঠিছে৷ কিন্তু কেৱল সপোন দেখিলেই নহ, সপোনক সাহসৰ সৈতে বাস্তৱায়িতও কৰিব লাগিব৷ যেতিয়া আপুনি সাহসৰ সৈতে, সমৰ্পণৰ সৈতে আগবাঢ়ে তেতিয়া কোনো বাধাই আপোনাক ৰখাব নোৱাৰে৷ ভাৰতৰ যুৱচাম, ভাৰতৰ সৰু সৰু চহৰসমূহে আজি এই সাহসেই প্ৰদৰ্শিত কৰিছে, এই সমৰ্পণেই প্ৰদৰ্শিত কৰিছে৷ বিংশ শতিকাত যি ভূমিকা দেশৰ মেট্ৰচহৰসমূহে প্ৰদৰ্শিত কৰিছে সেই ভূমিকাৰ প্ৰসাৰণ কৰাৰ কাম আমাৰ আগ্ৰাৰ দৰে সৰু চহৰসমূহে কৰিছে৷ সৰু চহৰসমূহক আত্মনিৰ্ভৰ ভাৰতৰ ধূৰা হিচাপে গঢ়ি তুলিবলৈ অনেক বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে৷ ইয়াৰ ভূমি, ইয়াৰ কৃষকসকলৰ অপাৰ সামৰ্থ আছে৷ পশুধনৰ ক্ষেত্ৰতো এই ক্ষেত্ৰ দেশৰ ভিতৰতে অগ্ৰণী৷ এই ক্ষেত্ৰত ইয়াত ডেইৰী আৰু খাদ্য সংসাধনৰ সৈতে জড়িত উদ্যোগৰ বাবে বহু সম্ভাৱনা আছে৷ ইয়াৰোপৰি এই ক্ষেত্ৰ সেৱা খণ্ড আৰু নিৰ্মাণ খণ্ডতো আগবাঢ়িছে৷

বন্ধুসকল,

আধুনিক সুবিধা লাভ কৰাৰ জৰিয়তে, আধুনিক যোগাযোগৰ সুবিধা লাভ কৰাৰ জৰিয়তে পশ্চিম ইউপিৰ এই সামৰ্থ বৃদ্ধি হৈছে৷ দেশৰ প্ৰথমটো ৰেপিড ৰেল ট্ৰেন্সপৰ্ট ছিষ্টেম মেৰঠৰ পৰা দিল্লীলৈ নিৰ্মাণ হব ধৰিছে৷ দিল্লী-মেৰঠৰ এই ১৪ লেনৰ এক্সপ্ৰেছৱেয়ে অথি শীঘ্ৰেই এই ক্ষেত্ৰৰ লোকক সেৱা প্ৰদান কৰিব৷ পশ্চিম ইউপিৰ অনেক জিলাক সংযোগ কৰা গংগা এক্সপ্ৰেছৱেক যোগীজীৰ চৰকাৰে পূৰ্বেই স্বীকৃতি প্ৰদান কৰিছে৷ এয়াই নহয়, ইউপিত ডজনসংখ্যক বিমানবন্দৰক আঞ্চলিক সংযোগৰ বাবে প্ৰস্তুত কৰা হৈছে৷ ইয়াৰো অধিকতম পশ্চিম ইউপিতেই আছে৷

গ্ৰেটাৰ নইডাৰ জেৱৰত আধুনিক, বিশ্বমানৰ গ্ৰীণফিল্ড বিমানবন্দৰে এই স্থানৰ পৰিচয় পৰিৱৰ্তন কৰিব৷

বন্ধুসকল,

দেশৰ আন্তঃগাঁথনি খণ্ডৰ এটা ডাঙৰ সমস্যা হল এয়াই যে নতুন প্ৰকল্পৰ ঘোষণা হলেও ইয়াৰ বাবে ধন কৰ পৰা আহিব তাৰ ওপৰত গুৰুত্ব দিয়া নহয়৷ এইবাবে প্ৰকল্পসমূহ আধৰুৱা হৈ ৰৈছিল৷ নামমাত্ৰ কাম হৈছিল৷ আমাৰ চৰকাৰে নতুন প্ৰকল্পৰ কাম আৰম্ভ কৰাৰ লগতে তাৰবাবে আৱশ্যকীয় ধনৰাশি গোটোৱাৰ ওপৰতো গুৰুত্ব দিছে৷ যোগাযোগ আৰু আধুনিক আন্তঃগাঁথনিৰ ওপৰত আমাৰ চৰকাৰে যিদৰে গুৰুত্ব দিছে সেয়া পূৰ্বে কেতিয়াও হোৱা নাছিল৷ এতিয়া ৰাষ্ট্ৰীয় আন্তঃগাঁথনিৰ ওপৰত দেশে ১০০ লাখ কোটি টকাতকৈও অধিক ব্যয় কৰাৰ প্ৰস্তুত চলিব ধৰিছে৷

বন্ধুসকল,

উন্নত আন্তঃগাঁথনিৰ সুফল পৰ্যটন খণ্ডই সবাতোকৈ অধিক লাভ কৰে৷ মই ভাবো যে পৰ্যটন খণ্ডই এনেকুৱা এটা খণ্ড যত উপাৰ্জনৰ অনেক পথ আছে৷ বিনিয়োগৰো সুবিধা আছে৷ এই চিন্তাৰ সৈতেই দেশে স্থানীয় পৰ্যটনৰ বাবে সৰব হওক ইয়াৰ বাবে অনেক পৰ্যায়ত কাম চলিবলৈ ধৰিছে৷

তাজমহলৰ দৰে ধৰোহৰৰ নিকটৱৰ্তী স্থানত আধুনিক সুবিধা বিকশিত কৰাৰ বাবে ইজ অব্ ট্ৰেভেলিঙৰ সুবিধা আগবঢ়োৱা হৈছে৷ চৰকাৰে কেৱল ই-ভিজা আঁচনিৰ জৰিয়তে পৰ্যটকলৈ সুবিধা আগবঢ়োৱাই নহয় বৰঞ্চ হোটেলৰ কোঠালিসমূহৰো কৰৰ পৰিমাণ হ্ৰাস কৰিছে৷ চৰকাৰৰ প্ৰয়াসৰ ফলতেই ভাৰত এতিয়া ভ্ৰমণ আৰু পৰ্যটন প্ৰতিদ্বন্ধী সূচাংকসমূহতো ৩৪ নম্বৰলৈ আহিছে৷ ২০১৩ চনত ভাৰত ৬৫ নং স্থানত আছিল৷ এতিয়া ইমান প্ৰগতি হৈছে৷  

মই আশা কৰিছো যে কৰোনাৰ স্থিতি ভাললৈ অহাৰ লগে লগে পৰ্যটন খণ্ডও উজ্বলিত হৈছে৷

বন্ধুসকল,

নতুন সুবিধাৰ বাবে, নতুন ব্যৱস্থাৰ বাবে সংস্কাৰ অতিশয় আৱশ্যক৷ পূৰ্বে ৰীয়েল ইষ্টেট খণ্ডৰ অৱস্থা কেনে আছিল আমি সেয়া ভালদৰেই জানো৷ কিছুমান অসৎ মনোবৃত্তিৰ লোকে সমগ্ৰ ৰীয়েল ইষ্টেট খণ্ডটোক বদনামী কৰি তুলিছিল৷ এই সমস্যা দূৰ কৰাৰ বাবে আৰআইআৰএ আইন প্ৰণয়ন কৰা হল৷

বন্ধুসকল,

চহৰৰ জীৱন সৰল কৰি তোলাৰ বাবে আধুনিক ৰাজহুৱা পৰিবহণৰ পৰা আৰম্ভ কৰি গৃহ নিৰ্মাণলৈ কাম চলিব ধৰিছে৷ এয়া আগ্ৰাৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰে আৰম্ভ হৈছিল৷ এই যোজনাৰ অধীনত চহৰৰ দুখীয়া লোকৰ বাবে ১ কোটিতকৈও অধিক ঘৰৰ অনুমোদন জনোৱা হৈছে৷ এই পৰ্যন্ত চাৰে বাৰ লাখতকৈও অধিক মধ্যবিত্ত পৰিয়ালক ঘৰ ক্ৰয় কৰাৰ বাবে প্ৰায় ২৮ হাজাৰ কোটি টকাৰ সাহায্য প্ৰদান কৰা হৈছে৷ 

ভাতৃ আৰু ভগ্নীসকল,

আজি চহৰৰ দৰিদ্ৰসকলে বিনামূলীয়া চিকিৎসা লাভ কৰিছে আৰু মধ্যবিত্তসকলে কম খৰচতে ঔষধ লাভ কৰিছে৷ চৰকাৰৰ প্ৰয়াসৰ ফলত বিদ্যুতৰ পৰা আৰম্ভ কৰি মবাইল ফোনলৈ ব্যয় হ্ৰাস হবলৈ ধৰিছে৷

ভাতৃ আৰু ভগ্নীসকল,

এই যি সংস্কাৰ বিগত কিছু সময়ত কৰা হৈছে তাৰ জৰিয়তে দেশত নতুন আত্মবিশ্বাসৰ সৃষ্টি হৈছে৷ পূৰ্বৰ তুলনাত আপোনালোকৰ হৃদয়তো সঁচাকৈয়ে নতুন বিশ্বাসৰ সৃষ্টি হৈছে৷ প্ৰতিদিনে দূৰ-সুদূৰৰ পৰা অনেক পত্ৰ মই লাভ কৰিছো৷  ২-৩ দিন পূৰ্বে তেলেংগানাত, হায়দৰাবাদত দুখীয়া আৰু মধ্যবিত্তলোকসকলে চৰকাৰৰ এই প্ৰয়াসসমূহক ভৰপূৰ আশীৰ্বাদ প্ৰদান কৰিছে৷ আপোনালোকৰ সমৰ্থনেই হল মোৰ প্ৰেৰণা শক্তি৷ আত্মনিৰ্ভৰতাৰ এই আত্মবিশ্বাস এনেদৰেই নিৰন্তৰে মজবুত হওক, বিকাৰ এই কাৰ্য এইদৰেই চলি থাকক, এই কামনাৰ সৈতে আপোনালোকক মেট্ৰপ্ৰকল্পৰ বাবে পুনৰ অভিনন্দন জনাইছো৷

ধন্যবাদ৷

 

***

 

DS/DK/AK/MANN



(Release ID: 1679013) Visitor Counter : 191