PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 07 DEC 2020 5:46PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

#Unite2FightCorona

#IndiaFightsCorona

Image

Image

Image

Image

১৮৩ দিনৰ পিছত ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা ৪.০৩ লাখলৈ অৱনমিত হৈছে, আৰোগ্যৰ সংখ্যাই ৯১ লাখৰ সীমা অতিক্ৰম কৰিছে, বিগত সপ্তাহটোত ভাৰতত প্ৰতি মিলিয়নত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বিশ্বৰ ভিতৰতে সৰ্বনিম্ন হৈছে

আজি ভাৰতৰ সক্ৰিয় ৰোগীৰ সংখ্যা উল্লেখযোগ্য ধৰণে ৪.০৩ লাখ (,০৩,২৪৮)লৈ অৱনমিত হৈছে৷ ১৮৩ দিনৰ পিছত এয়াই  হল সৰ্বনিম্ন আক্ৰান্ত ৰোগীৰ সংখ্যা৷ ২১ জুলাই ২০২০ত সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ৪,০২,৫২৯ জন৷ বিগত ২৪ ঘণ্টাত ৩৬,০১১ জন লোক ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে ৪১,৯৭০ জন লোকে নতুনকৈ আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ আজি ৯৪.৩৭% হৈছে৷ সক্ৰিয় ৰোগী আৰু আৰোগ্য হোৱা ৰোগীৰ মাজৰ ব্যৱধান ৯১,০০,৭৯২ হৈছে৷

অধিক বিৱৰণৰ বাবে

 

আগ্ৰাত আগ্ৰা মেট্ৰপ্ৰকল্পৰ নিৰ্মাণৰ কাম উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰীয়ে আজি উত্তৰ প্ৰদেশৰ আগ্ৰাত আগ্ৰা মেট্ৰপ্ৰকল্পৰ নিৰ্মাণৰ কাম ভিডিঅকনফাৰেন্সৰ যোগেদি উদ্বোধন কৰে৷ এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী শ্ৰী হৰদ্বীৰ সিং পুৰী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ আৰু অন্যান্য লোকসকল উপস্থিত আছিল৷

অধিক বিৱৰণৰ বাবে

 

আগ্ৰা মেট্ৰপ্ৰকল্পৰ নিৰ্মাণৰ কাম উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণ

অধিক বিৱৰণৰ বাবে

 

কাইলৈ প্ৰধানমন্ত্ৰীয়ে ভাৰত মবাইল কংগ্ৰেছ ২০২০ত ভাষণ প্ৰদান কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ পুৱা ১০.৪৫ বজাত ভাৰ্চুৱেলী ভাৰত মবাইল কংগ্ৰেছ ২০২০ত ভাষণ প্ৰদান কৰিব৷ এই অনুষ্ঠানৰ আয়োজন কৰিছে ভাৰত চৰকাৰৰ টেলি যোগাযোগ বিভাগ আৰু চেলুলাৰ অপাৰেটৰ্ছ এছচিয়েছন অব্ ইণ্ডিয়াই৷ এই অনুষ্ঠান ৮ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ অনুষ্ঠিত হব৷

অধিক বিৱৰণৰ বাবে

 

আইআইটি-২০২০ গ্লৱেল ছামিটত মূল ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ কনফাৰেন্সৰ জৰিয়তে পেন আইআইটি ইউএছএয়ে অনুষ্ঠিত কৰা আইআইটি-২০২০ গ্লৱেল ছামিটত মূল ভাষণ আগবঢ়ায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰখন সম্পূৰ্ণভাৱে ৰিফৰ্ম, পাৰ্ফম, ট্ৰেন্সফৰ্ম নীতিৰ প্ৰতি সমৰ্পিত। তেখেতে গুৰুত্ব প্ৰদান কৰি কয় যে কোনো এটা খণ্ডই সংস্কাৰৰ আউটিৰপৰা বাদ পৰি ৰোৱা নাই। তেখেতে চৰকাৰখনৰদ্বাৰা ভিন্ন খণ্ডত সাধন কৰা অভূতপূৰ্ব সংস্কাৰৰ কথা উল্লেখ কৰি কয়ঃ ৪৪ কেন্দ্ৰীয় শ্ৰম আইনক সংকুচিত কৰি ৪ সংহিতা প্ৰৱৰ্তন কৰা হৈছে। ইয়াত বিশ্বৰ ভিতৰতে কৰ্পৰেট কৰৰ হাৰ সৰ্বনিম্ন। দহটা মূল খণ্ডত প্ৰডাকশ্যন লিংকড ইনছেনটিভ আঁচনিয়ে ৰপ্তানি বৃদ্ধি কৰাৰ সমান্তৰালভাৱে মেনুফেক্সাৰিঙৰো বৰ্ধন ঘটাব। তেখেতে উল্লেখ কৰে যে কভিড-১৯ৰ এই পৰীক্ষণৰ সময়তো, ভাৰতত অভিলেখসংখ্যক বিনিয়োগ হৈছে আৰু এই বিনিয়োগৰ গৰিষ্ঠসংখ্যকেই টেক খণ্ডত হৈছে। তেখেতে কয়, আমাৰ আজিৰ কাৰ্যই কালিৰ আমাৰ গ্ৰহটোৰ আকৃতি নিৰ্ধাৰণ কৰিব। তেখেতে গুৰুত্ব প্ৰদান কৰি কয় যে কভিড-১৯ পৰৱৰ্তী ক্ৰম হবঃ ৰি-লাৰ্ণিং, ৰি-থিংকিং, ৰি-ইনভেটিং আৰু ৰি-ইনভেন্টিং। তদুপৰি, প্ৰায় সকলো ক্ষেত্ৰতে এলানি অৰ্থনৈতিক সংস্কাৰৰ জৰিয়তে আমাৰ গ্ৰহটোক পুনৰায় শক্তি প্ৰদান কৰিব। তেখেতে কয়, ইজ অৱ লিভিং নিশ্চিত কৰিব আৰু দৰিদ্ৰ তথা উপান্তসকলৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব। তেখেতে কয়, উদ্যোগ আৰু শৈক্ষিক মহলৰ মাজত সহযোগিতাৰপৰা মহামাৰীৰ সময়ত বহু উদ্ভাৱন কৰা হল। তেখেতে কয়, আজি বিশ্বখনে নিউ নৰ্মেলৰ সৈতে সহবাস কৰিবলৈ যথোচিত সমাধান বিচাৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, পেন আইআইটি মভমেন্টৰ সমন্বিত শক্তিয়ে আত্মনিৰ্ভৰ ভাৰতৰ সপোনত অৰিহণা যোগাব। তেখেতে প্ৰৱাসী, ভাৰতৰ ব্ৰেণ্ড এম্বেছাদৰসকলক আহ্বান জনাই কয় যে বিশ্বখনে ভাৰতৰ দৃষ্টিকোণ সঠিকভাৱে বুজি উঠিবলৈ তেওঁলোকৰ কণ্ঠই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ২০২২ ত ভাৰতৰ স্বাধীনতাৰ ৭৫ সংখ্যক বাৰ্ষিকী সন্দৰ্ভত উল্লেখ কৰি, শ্ৰী মোদীয়ে পেন আইআইটি মভমেন্টক গিভিং বেক টু ইণ্ডিয়া ক এটা উচ্চ শিখৰত আৰোহণ কৰাবলৈ আহ্বান জনায়। আমি কিদৰে স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰিম সেই সন্দৰ্ভত তেওঁলোকক তেওঁলোকৰ ধাৰণা আৰু ইনপুটসমূহ শ্বেয়াৰ কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। আপোনালোকে আপোনালোকৰ মতামতসমূহ মাইগভত শ্বেয়াৰ কৰিব পাৰে বা নৰেন্দ্ৰ মোদী এপত আপোনালোকে ইয়াক মোৰ সৈতে পোনপটীয়াকৈ শ্বেয়াৰ কৰিব পাৰে তেখেতে লগতে কয়।

অধিক বিৱৰণৰ বাবে

পান আইআইটি গ্লবেল সন্মিলনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণ

অধিক বিৱৰণৰ বাবে

 

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ উপস্থিতিতআইআইএছএফ ২০২০ বাবেচিএছআইআৰ-আইএমএমটি, ভুৱনেশ্বৰ প্ৰস্তুতি কাৰ্যক্ৰমৰ ভাৰ্চুৱেল শুভাৰম্ভ ঘোষণা কৰিলে ড০ হৰ্ষ বৰ্দ্ধনে

বিজ্ঞান-প্ৰযুক্তি, স্বাস্থ্য তথা পৰিয়াল পৰিকল্পনা আৰু ধৰিত্ৰী বিজ্ঞান বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী ড০ হৰ্ষ বৰ্দ্ধনে আজি ভাৰ্চুৱেল মাধ্যমেৰে ভুৱনেশ্বৰত থকা চিএছআইআৰ-আইএমএমটি’-ত অনুষ্ঠিতব্য ষষ্ঠ ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোত্সৱ’(আইআইএছএফ ২০২০)ৰ প্ৰস্তুতি কাৰ্যক্ৰমৰ শুভাৰম্ভ ঘোষণা কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ তথা তীখা দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। ইফালে, ‘চিএছআইআৰ’-ৰ সঞ্চালক প্ৰধান আৰু ডিএছআইআৰ’-ৰ সচিব ড০ শেখৰ চি মাণ্ডে আৰু চিএছআইআৰ-আইএমএমটি, ভুৱনেশ্বৰৰ সঞ্চালক অধ্যাপক সুধাসত্ব বসুয়েও অনুষ্ঠানত অংশ গ্ৰহণ কৰে। ছায়েন্স ফৰ ছেল্ফ ৰিলায়েণ্ট ইণ্ডিয়া এণ্ড গ্লোবেল ৱেলফেয়াৰ’-আইআইএছএফ ২০২০’-ৰ মূল বিষয়বস্তু হিচাপে গ্ৰহণ কৰা হৈছে। কাৰ্যক্ৰমৰ শুভাৰম্ভ ঘোষণা কৰি দিয়া ভাষণত ড০ বৰ্দ্ধনে কয়, ‘‘আইআইএছএফ ২০২০ৰ বাবে গ্ৰহণ কৰা বিষয়বস্তুটো সাম্প্ৰতিক প্ৰেক্ষাপটৰ বাবে আক্ষৰিক অৰ্থতে যথাৰ্থ হৈছে। কিয়নো এই মুহূৰ্তত ৰাষ্ট্ৰই প্ৰগতিৰ বাটেৰে আগুৱাই যোৱাৰ লগতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী জীৰ আত্মনিৰ্ভৰ ভাৰতৰ জৰিয়তে পৃথিৱীৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালনৰ বাবে দেখা সপোন সাকাৰ কৰাৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ সৰ্বাত্মক সদ্ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিছে। বিভিন্ন ক্ষেত্ৰত বিজ্ঞানৰ বহুবোৰ মহান আৱিষ্কাৰ তথা প্ৰযুক্তিগত উত্তৰণে পৃথিৱীলৈ আমি আগবঢ়োৱা প্ৰয়াসৰ উৎকৃষ্ট নিদৰ্শনো দাঙি ধৰিছে”।

অধিক বিৱৰণৰ বাবে

আইআইএছএফ ২০২০ৰ আৰজিচিবিত ভাষণ প্ৰদান কৰিলে ডাঃ হৰ্ষ ৱৰ্ধনে

বিজ্ঞান আৰু প্ৰযুক্তি, ভূ বিজ্ঞান, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে শুকুৰবাৰে আইআইএছএপ ২০২০ত ভাৰ্চুৱেলী ভাষণ প্ৰদান কৰে৷ এই অনুষ্ঠানৰ আয়োজন কৰে থিৰুৱনন্তপুৰমৰ ৰাজীৱ গান্ধী চেণ্টাৰ ফৰ বায়টেকনজীয়ে৷ এই পৰ্যন্ত আৰজিচিবিয়ে এক লক্ষাধিক কভিড পৰীক্ষণ সম্পন্ন কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

ডাঃ হৰ্ষ ৱৰ্ধনে ভাৰ্চুৱেলী মুকলি কৰিলে দ্বিতীয় কেন্সাৰ জিনম এটলাছ (টিচিজিএ) ২০২০ সন্মিলন

অধিক বিৱৰণৰ বাবে

 

আয়ুষ ৰপ্তানি উত্তৰণ পৰিষদগঠন কৰাৰ সিদ্ধান্ত বাণিজ্য, উদ্যোগ আৰু আয়ুষ মন্ত্ৰালয়ৰ

আয়ুষ ৰপ্টানী উত্তৰণ পৰিষদ গঠন কৰাৰ বাবে একে লগে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বাণিজ্য, উদ্যোগ আৰু আয়ুষ মন্ত্ৰালয়ে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল আৰু আয়ুষ বিভাগৰ মন্ত্ৰী শ্ৰী শ্ৰীপদ নায়কৰ মাজত আয়ুষ বাণিজ্য আৰু উদ্যোগ সম্পৰ্কত অলপতে অনুষ্ঠিত পৰ্যালোচনামূলক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। আয়ুষৰ ৰপ্টানী উত্সাহিত কৰাৰ লক্ষ্যৰে উত্পাদিত সা-সামগ্ৰীসমূহৰ মূল্য তথা মানৰ ক্ষেত্ৰত প্ৰতিযোগিতাসুলভতা বৃদ্ধি কৰাৰ বাবে আয়ুষৰ প্ৰতিটো খণ্ডই একত্ৰে কাম কৰাৰ বাবেও সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। যোৱা ৪ ডিচেম্বৰ ২০২০ তাৰিখে অনলাইন ব্যৱস্থাৰে এই প্ৰযালোচনা সভাখন অনুষ্ঠিত হৈছিল। সভাত আয়ুষ খণ্ডৰে জড়িত উদ্যোগ আৰু বাণিজ্যৰ নেতৃত্ব প্ৰদানকাৰী প্ৰায় ৫০টা প্ৰতিষ্ঠানৰ প্ৰতিনিধিবৰ্গই অংশগ্ৰহণ কৰিছিল। ইফালে, সভাখনত আয়ুষ খণ্ডৰ ২০০০ৰো অধিক অংশীদাৰীয়েও ভাৰ্চুৱেল মাধ্যমৰ লগতে সোঁ-শৰীৰেও অংশ গ্ৰহণ কৰে। আয়ুষ মন্ত্ৰালয়ৰ সচিবগৰাকীয়ে মন্ত্ৰায়লটোৰ বিগত বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ এক প্ৰদৰ্শনীমূলক প্ৰতিবেদনৰে আৰম্ভ কৰা সভাখনত মন্ত্ৰী শ্ৰী শ্ৰীপদ নায়কে কভিড-১৯ৰ সংকট কালত ৰোগৰ নিয়ন্ত্ৰণ আৰু নিদানৰ ক্ষেত্ৰত আয়ুষ-ভিত্তিক সমাধানসমূহৰ প্ৰতি পৃথিৱী জুৰি বৃদ্ধি পোৱা আগ্ৰহৰ প্ৰসংগ গুৰুত্ব সহকাৰে উল্লেখ কৰে। তেওঁ দেশৰ লগতে বিদেশতো আয়ুষ ঔষধীৰ বৰ্দ্ধিত চাহিদা পূৰণ কৰিব পৰাকৈ আয়ুষ সামগ্ৰীৰ খৰটকীয়াকৈ বাণিজ্যিক উত্তৰণত গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজনীয়তা দোহাৰে। আনহাতে, ৰোনা মহামাৰীৰ কালত মন্ত্ৰালয়টোৱে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰো এক ব্যাখ্যা দাঙি ধৰে। তেওঁ কভিড-১৯ সন্দৰ্ভত যুগুতোৱা আয়ুৰ্বেদ আৰু যোগকে ধৰি আয়ুষ ৰোগ প্ৰতিৰোধ বিধি-ব্যৱস্থা আৰু ৰাষ্ট্ৰীয় নিদান প্ৰবন্ধন বিধি-ব্যৱস্থাসমূহ সময়মতেই প্ৰবৰ্তনৰ দিহা কৰা ফলত সমাজ বৃহৎ সংখ্যক জনতাই সকাহ লাভ কৰিবলৈ সক্ষম হয় বুলিও অভিমত আগবঢ়ায়। ইফালে, ভিড-১৯ বিৰোধী যুঁজখনত আয়ুষ খণ্ডই আগবঢ়োৱা অৰিহণাৰ ভূয়সী প্ৰশংসা কৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে। আয়ুষ পদ্ধতিৰ নিদান ব্যৱস্থাই কভিডৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শী ভূমিকাই ইমান দিনে এই পদ্ধতিক আস্থাত লব নোখোজা বহু জনৰ মনৰ সন্দেহ দূৰ কৰিলে বুলি অভিমত ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে। শেহতীয়া মাহচেৰেকত দেশৰ লগতে পৃথিৱীৰ বিভিন্ন দেশত আয়ুষ পদ্ধতিৰ ঔষধীসমূহৰ বৰ্দ্ধিত চাহিদাই এই পদ্ধতিৰ প্ৰতি সমগ্ৰ পৃথিৱী জুৰি সৃষ্টি হোৱা জনপ্ৰিয়তা তথা বিশ্বাসযোগ্যতাকে প্ৰতিপন্ন কৰিছে বুলিও তেওঁ মন্তব্য কৰে।

অধিক বিৱৰণৰ বাবে

বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ জৰিয়তে আগন্তুক কেইটামান বৰ্ষৰ ভিতৰতে ভাৰতীয় অৰ্থনীতি বিশ্বৰ অগ্ৰণী অৰ্থনীতিলৈ ৰূপান্তৰিত হবঃ নিটি আয়োগৰ উপাধ্যক্ষ

নিটি আয়োগৰ উপাধ্যক্ষ ডঃ ৰাজীৱ কুমাৰে কয় যে আগন্তুক কেইটামান বৰ্ষৰ ভিতৰতে বিভিন্ন খণ্ডত বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন ব্যৱহাৰ কৰি ভাৰতীয় অৰ্থনীতি বিশ্বৰ অগ্ৰণী অৰ্থনীতিলৈ ৰূপান্তৰিত হব৷

অধিক বিৱৰণৰ বাবে

 

এছডিজিৰ চতুৰ্থ দক্ষিণ এছিয়া সমাৱেশ

অধিক বিৱৰণৰ বাবে

 

 

ভাৰতীয় মৎস্য খণ্ডৰ বাবে কভিড-১৯ গেম চেঞ্জাৰ হিচাপে বিবেচিত হব পাৰে- উপ ৰাষ্ট্ৰপতি

ভাৰতৰ উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকয়া নাইডুয়ে আজি কভিড-১৯ ভাৰতীয় মৎস্যখণ্ডৰ বাবে গেম চেঞ্জাৰ হিচাপে বিবেচিত হব পাৰে বুলি মন্তব্য কৰে৷ মাছক প্ৰটিনৰ উত্তম উৎস বুলি অভিহিত কৰি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে এই ধাৰণাক সাধাৰণ মানুহৰ মাজত জনপ্ৰিয় কৰি তোলাটো প্ৰয়োজন বুলি উল্লেখ কৰে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

 

  • অসমঃ অসমত .৮৪% পজিটিভিটীৰ হাৰৰ সৈতে অনুষ্ঠিত হোৱা ১১,৫১৪টা পৰীক্ষণত ৯৭ জন লোক ভিডত আক্ৰান্ত হোৱাটো ধৰা পৰিছে৷ মুঠ ৰোগীৰ সংখ্যা ২১৩৭৫৯ জন, আৰোগ্য লাভৰ হাৰ ৯৭.৮৭% আৰু সক্ৰিয় ৰোগীৰ হাৰ .৬৬% অসমৰ স্বাস্থ্য মন্ত্ৰীয়ে এইদৰে টুইট কৰে৷
  • ছিক্কিমঃ ভিড-১৯ৰ ২৭ জন নতুন ৰোগীৰ সৈতে মুঠ ৰোগীৰ সংখ্যা হৈছে ৫১৯৪ জন৷
  • কেৰালাঃ নিৰ্বাচনৰ ১০ দিন পূৰ্বে যিসকল লোক ভিড পজিটিভ হৈছে তেওঁলোকে পিছদিনা আবেলি বজালৈ ডাকযোগে ভোটদান কৰিব পাৰিব৷  প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ১১,২২৫ টা লিং ষ্টেচনৰ ব্যৱস্থা কৰা হৈছে৷
  • তামিলনাডুঃ দেওবাৰে ১৩২০ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ জৰিয়তে মুঠ ৰোগীৰ সংখ্যা হৈছে ,৯০,২৪০ জন৷ বিগত ২৪ ঘণ্টাত ১৬ জন লোকৰ মৃত্যু হৈছে৷ আটাইকেইজনে ৬০ৰ ঊৰ্ধৰ৷
  • কৰ্ণাটকঃ অধিকাংশ জিলাই ভিড-১৯ৰ পৰীক্ষণৰ লক্ষ্য প্ৰাপ্তিত বিফল হৈছে৷
  • অন্ধ্ৰ প্ৰদেশঃ ইলুৰুৰ চৰকাৰী হাস্পতালত এক অচিন ৰোগে দেখা দিয়াৰ পৰিপ্ৰেক্ষিতত ৩৪০ জন লোক আক্ৰান্ত হৈছে আৰু এজনৰ মৃত্যু হৈছে৷
  • তেলেংগানাঃ বিগত ২৪ ঘণ্টাত ৫১৭ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে, ৮৬২ জনে আৰোগ্য লাভ কৰিছে আৰু জনৰ মৃত্যু হৈছে৷ মুঠ ৰোগীৰ সংখ্যা ,৭৩,৮৫৮ জন, সক্ৰিয় ৰোগীৰ সংখ্যা ৭৭৭৮ জন আৰু ১৪৭৪ জনৰ মৃত্যু হৈছে৷ ,৬৪,৬০৬ জনক মুকলি কৰি দিয়া হৈছে৷
  • মহাৰাষ্ট্ৰঃ বিএমচিৰ আয়ুক্ত ইকবাল সিং চহলে কয় যে ভিড-১৯ৰ পজিটিভিটীৰ হাৰ শতাংশলৈ অৱনমিত হৈছে৷
  • গুজৰাটঃ দেওবাৰে  ১৪৫৫ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হয়৷ মুঠ ৰোগীৰ সংখ্যা হৈছে ,১৮,৭৮৮ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা ১৪,৬৯৫ জন৷
  • দমন, ডিউ, দাদৰা আৰু নগৰ হাভেলীত মুঠ আৰোগ্যৰ সংখ্যা ৩২৯৯ জন৷
  • ৰাজস্থানঃ দেওবাৰে ২০ লোকৰ মৃত্যু ঘটাৰ লগতে মুঠ মৃতকৰ সংখ্যা ২৪২৯ জন৷ এই পৰ্যন্ত ,৫৫,৭২৯ জন লোকক মুকলি কৰি দিয়া হৈছে৷
  • মধ্য প্ৰদেশঃ মধ্য প্ৰদেশৰ চৰকাৰে প্ৰতিষেধক প্ৰদানৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে৷
  • চট্টিশগড়ঃ দেওবাৰে ১২২৯ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ জৰিয়তে মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ,৪৬,৮০৯ জন৷ ২৯৮৯ জনৰ মৃত্যু হৈছে৷ আৰোগ্য হৈছে ,২৩,৭৭২ জন৷  
  • গোৱাঃ দেওবাৰে ১১২ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ মুঠ আক্ৰান্তৰ সংখ্যা ৪৮,৬৮৬ জন৷ আৰোগ্যৰ সংখ্যা ৪৬,৬২৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা ১৩৬৪ জন৷ 

 

ফেক্ট চেক

Image

Image

 

*******

YB



(Release ID: 1679005) Visitor Counter : 246