আয়ুষ

‘আয়ুষ ৰপ্টানী উত্তৰণ পৰিষদ’ গঠন কৰাৰ সিদ্ধান্ত বাণিজ্য, উদ্যোগ আৰু আয়ুষ মন্ত্ৰালয়ৰ

Posted On: 06 DEC 2020 2:18PM by PIB Guwahati

আয়ুষ ৰপ্টানী উত্তৰণ পৰিষদ গঠন কৰাৰ বাবে একে লগে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বাণিজ্য, উদ্যোগ আৰু আয়ুষ মন্ত্ৰালয়ে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল আৰু আয়ুষ বিভাগৰ মন্ত্ৰী শ্ৰী শ্ৰীপদ নায়কৰ মাজত আয়ুষ বাণিজ্য আৰু উদ্যোগ সম্পৰ্কত অলপতে অনুষ্ঠিত পৰ্যালোচনামূলক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। আয়ুষৰ ৰপ্টানী উত্সাহিত কৰাৰ লক্ষ্যৰে উত্পাদিত সা-সামগ্ৰীসমূহৰ মূল্য তথা মানৰ ক্ষেত্ৰত প্ৰতিযোগিতাসুলভতা বৃদ্ধি কৰাৰ বাবে আয়ুষৰ প্ৰতিটো খণ্ডই একত্ৰে কাম কৰাৰ বাবেও সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। যোৱা ৪ ডিচেম্বৰ ২০২০ তাৰিখে অনলাইন ব্যৱস্থাৰে এই প্ৰযালোচনা সভাখন অনুষ্ঠিত হৈছিল। সভাত আয়ুষ খণ্ডৰে জড়িত উদ্যোগ আৰু বাণিজ্যৰ নেতৃত্ব প্ৰদানকাৰী প্ৰায় ৫০টা প্ৰতিষ্ঠানৰ প্ৰতিনিধিবৰ্গই অংশগ্ৰহণ কৰিছিল। ইফালে, সভাখনত আয়ুষ খণ্ডৰ ২০০০ৰো অধিক অংশীদাৰীয়েও ভাৰ্চুৱেল মাধ্যমৰ লগতে সোঁ-শৰীৰেও অংশ গ্ৰহণ কৰে।

আয়ুষ মন্ত্ৰালয়ৰ সচিবগৰাকীয়ে মন্ত্ৰায়লটোৰ বিগত বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ এক প্ৰদৰ্শনীমূলক প্ৰতিবেদনৰে আৰম্ভ কৰা সভাখনত মন্ত্ৰী শ্ৰী শ্ৰীপদ নায়কে কভিড-১৯ৰ সংকট কালত ৰোগৰ নিয়ন্ত্ৰণ আৰু নিদানৰ ক্ষেত্ৰত আয়ুষ-ভিত্তিক সমাধানসমূহৰ প্ৰতি পৃথিৱী জুৰি বৃদ্ধি পোৱা আগ্ৰহৰ প্ৰসংগ গুৰুত্ব সহকাৰে উল্লেখ কৰে। তেওঁ দেশৰ লগতে বিদেশতো আয়ুষ ঔষধীৰ বৰ্দ্ধিত চাহিদা পূৰণ কৰিব পৰাকৈ আয়ুষ সামগ্ৰীৰ খৰটকীয়াকৈ বাণিজ্যিক উত্তৰণত গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজনীয়তা দোহাৰে। আনহাতে, কৰোনা মহামাৰীৰ কালত মন্ত্ৰালয়টোৱে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰো এক ব্যাখ্যা দাঙি ধৰে। তেওঁ কভিড-১৯ সন্দৰ্ভত যুগুতোৱা আয়ুৰ্বেদ আৰু যোগকে ধৰি আয়ুষ ৰোগ প্ৰতিৰোধ বিধি-ব্যৱস্থা আৰু ৰাষ্ট্ৰীয় নিদান প্ৰবন্ধন বিধি-ব্যৱস্থাসমূহ সময়মতেই প্ৰবৰ্তনৰ দিহা কৰা ফলত সমাজ বৃহত্ সংখ্যক জনতাই সকাহ লাভ কৰিবলৈ সক্ষম হয় বুলিও অভিমত আগবঢ়ায়।

ইফালে, কভিড-১৯ বিৰোধী যুঁজখনত আয়ুষ খণ্ডই আগবঢ়োৱা অৰিহণাৰ ভূয়সী প্ৰশংসা কৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে। আয়ুষ পদ্ধতিৰ নিদান ব্যৱস্থাই কভিডৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শী ভূমিকাই ইমান দিনে এই পদ্ধতিক আস্থাত লব নোখোজা বহু জনৰ মনৰ সন্দেহ দূৰ কৰিলে বুলি অভিমত ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে। শেহতীয়া মাহচেৰেকত দেশৰ লগতে পৃথিৱীৰ বিভিন্ন দেশত আয়ুষ পদ্ধতিৰ ঔষধীসমূহৰ বৰ্দ্ধিত চাহিদাই এই পদ্ধতিৰ প্ৰতি সমগ্ৰ পৃথিৱী জুৰি সৃষ্টি হোৱা জনপ্ৰিয়তা তথা বিশ্বাসযোগ্যতাকে প্ৰতিপন্ন কৰিছে বুলিও তেওঁ মন্তব্য কৰে।

সভাত নিম্নোল্লিখিত প্ৰসংগসমূহৰ ক্ষেত্ৰ কাৰ্যপন্থা গ্ৰহণত গুৰুত্ব আৰোপ কৰা হয়। সেই অনুসৰি

  1. আয়ুষ ৰপ্টানী উত্তৰণ পৰিষদ(এইপিচি) গঠন কৰাৰ বাবে বাণিজ্য, উদ্যোগ আৰু আয়ুষ মন্ত্ৰালয়ে যুটীয়া ভাবে কাম কৰিব। প্ৰস্তাৱিত এইপিচি-য়ে আয়ুষ মন্ত্ৰালয়ৰ পৰাই কাম-কাজ কৰিব পাৰিব।
  2. আয়ুষ-ৰ বাবে এইচএছ বিধিৰ মানক বিকশিত কৰাৰ বাবে যাৱতীয় কাম-কাজৰ গতি খৰটকীয়া কৰা হব।
  3. আয়ুষ-ৰ উত্পাদিত সামগ্ৰী আৰু সেৱাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় মানক বিকশিত কৰাৰ বাবে আয়ুষ মন্ত্ৰালয়ে ভাৰতীয় মান ব্যুৰো-ৰ সৈতে কাম-কাজ আগবঢ়াব।
  4. ৰাইজৰ মাজত আয়ুষ-ক জনপ্ৰিয় কৰাৰ বাবে ইয়াৰ উত্তম অনুশীলন তথা ইয়াৰ সাফল্য গাঁথাৰ সংগ্ৰহ, প্ৰচাৰ, প্ৰসাৰৰ বাবে আয়ুষ মন্ত্ৰালয় আৰু আয়ুষ উদ্যোগে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব।
  5. আয়ুষ উত্পাদনৰ মান সুনিশ্চিত কৰা আৰু ইয়াৰ উত্তৰণৰ লগতে ইয়া  মূল্য-প্ৰতিস্পৰ্দ্ধী কৰি তোলাৰ বাবে আয়ুষ উদ্যোগে পদক্ষেপ গ্ৰহণ কৰিব।
  6. বেণ্ড ভাৰত-ৰ পৰিচিতি গঢ়াৰ দিশত আয়ুষে উদ্যোগ গ্ৰহণ কৰিব।

*********

MV/SK/KB



(Release ID: 1678760) Visitor Counter : 222