বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ উপস্থিতিত ‘আইআইএছএফ ২০২০’ৰ বাবে ‘চিএছআইআৰ-আইএমএমটি, ভুৱনেশ্বৰ’ৰ প্ৰস্তুতি কাৰ্যক্ৰমৰ ভাৰ্চুৱেল শুভাৰম্ভ ঘোষণা কৰিলে ড০ হৰ্ষ বৰ্দ্ধনে

“শতিকাৰ পিচত শতিকা ধৰি ভাৰতে কেনেকৈ নতুন চিন্তা, ধাৰণা আৰু উদ্ভাৱনৰে পৃথিৱীক উদ্বুদ্ধ কৰি আহিছে সেই বিষয়ে বৰ্তমানৰ প্ৰজন্মক শিক্ষা দান কৰিছে ‘আইআইএছএফ’-য়ে। এই প্ৰয়াসে ভাৰতক ‘বিশ্ব গুৰু’ হোৱাৰ দিশত সহযোগিতা আগবঢ়াব” : ড০ বৰ্দ্ধন

ভৰতৰ বাবে উদ্ভাৱন আৰু ভাৰতক আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে প্ৰতিযোগিতামূলক লাভ আদায় কৰিব পৰা বাতাবৰণ সৃষ্টিত অৰিহণা আগবঢ়াবলৈ বৈজ্ঞানিক পৰিমণ্ডলক আহ্বান জনালে শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে

Posted On: 05 DEC 2020 3:05PM by PIB Guwahati

বিজ্ঞান-প্ৰযুক্তি, স্বাস্থ্য তথা পৰিয়াল পৰিকল্পনা আৰু ধৰিত্ৰী বিজ্ঞান বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী ড০ হৰ্ষ বৰ্দ্ধনে আজি ভাৰ্চুৱেল মাধ্যমেৰে ভুৱনেশ্বৰত থকা চিএছআইআৰ-আইএমএমটি-ত অনুষ্ঠিতব্য ষষ্ঠ ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোত্সৱ(আইআইএছএফ ২০২০)ৰ প্ৰস্তুতি কাৰ্যক্ৰমৰ শুভাৰম্ভ ঘোষণা কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ তথা তীখা দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। ইফালে, চিএছআইআৰ-ৰ সঞ্চালক প্ৰধান আৰু ডিএছআইআৰ-ৰ সচিব ড০ শেখৰ চি মাণ্ডে আৰু চিএছআইআৰ-আইএমএমটি, ভুৱনেশ্বৰৰ সঞ্চালক অধ্যাপক সুধাসত্ব বসুয়েও অনুষ্ঠানত অংশ গ্ৰহণ কৰে। ছায়েন্স ফৰ ছেল্ফ ৰিলায়েণ্ট ইণ্ডিয়া এণ্ড গ্লোবেল ৱেলফেয়াৰ-ক আইআইএছএফ ২০২০-ৰ মূল বিষয়বস্তু হিচাপে গ্ৰহণ কৰা হৈছে।

কাৰ্যক্ৰমৰ শুভাৰম্ভ ঘোষণা কৰি দিয়া ভাষণত ড০ বৰ্দ্ধনে কয়, ‘‘আইআইএছএফ ২০২০ৰ বাবে গ্ৰহণ কৰা বিষয়বস্তুটো সাম্প্ৰতিক প্ৰেক্ষাপটৰ বাবে আক্ষৰিক অৰ্থতে যথাৰ্থ হৈছে। কিয়নো এই মুহূৰ্তত ৰাষ্ট্ৰই প্ৰগতিৰ বাটেৰে আগুৱাই যোৱাৰ লগতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী জীৰ আত্মনিৰ্ভৰ ভাৰতৰ জৰিয়তে পৃথিৱীৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালনৰ বাবে দেখা সপোন সাকাৰ কৰাৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ সৰ্বাত্মক সদ্ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিছে। বিভিন্ন ক্ষেত্ৰত বিজ্ঞানৰ বহুবোৰ মহান আৱিষ্কাৰ তথা প্ৰযুক্তিগত উত্তৰণে পৃথিৱীলৈ আমি আগবঢ়োৱা প্ৰয়াসৰ উত্কৃষ্ট নিদৰ্শনো দাঙি ধৰিছে

ভাষণ প্ৰসংগত তেওঁ ভাৰতৰ অৰ্থনীতিৰ বাবে খনি, খনিজ আৰু সামগ্ৰীসমূহক গুৰুত্বপূৰ্ণ উপাদান বুলি অভিহিত কৰে। চিএছআইআৰ-আইএমএমটি-ক চিএছআইআৰ পৰিয়ালৰ গুৰুত্বপূৰ্ণ অংগ বুলি অভিহিত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই সংস্থাই খনি আৰু খনিজ সম্পদৰ লগতে খনন, খনিজ আৰু ধাতু উদ্যোগে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা-প্ৰত্যাহ্বানৰ সমাধান সূত্ৰ উলিয়াই ৰাষ্ট্ৰ বহণক্ষম উন্নয়ণত সহযোগিতা আগবঢ়াই আহিছে। বিভিন্ন উদ্যোগৰে জড়িত হৈ এই সংস্থাই আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত উদ্যোগসমূহত প্ৰযুক্তিৰ সদ্ব্যৱহাৰ নিশ্চিত কৰাৰ ক্ষেত্ৰত অৱদান আগবঢ়াই আহিছে বুলিও তেওঁ অনুভৱ প্ৰকাশ কৰে।

আমাৰ সমাজৰ বিভিন্ন ক্ষেত্ৰৰ জন-সাধাৰণক জড়িত কৰি বিজ্ঞান আৰু প্ৰযুক্তিৰ উত্সৱ হিচাপে উদযাপন কৰিবলৈকে আইআইএছএফ-ৰ আয়োজন কৰা কথাত ড০ বৰ্দ্ধনে সন্তোষ প্ৰকাশ কৰে। প্ৰণিধানযোগ্য যে, বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু অংকই কেনেকৈ আমাৰ জীৱনৰ উত্তৰণ সাধন কৰিব পাৰে তাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰা হআইআইএছএফ-ত। ২০১৫ চনত আইআইএছএফ-ৰ শুভাৰম্ভ কৰা হৈছিল বুলি উল্লেখ কৰা মন্ত্ৰীগৰাকীয়ে কয়, শতিকাৰ পিচত শতিকা ধৰি ভাৰতে কেনেকৈ নতুন চিন্তা, ধাৰণা আৰু উদ্ভাৱনৰে পৃথিৱীক উদ্বুদ্ধ কৰি আহিছে সেই বিষয়ে বৰ্তমানৰ প্ৰজন্মক শিক্ষা দান কৰিছে আইআইএছএফ-য়ে। এই প্ৰয়াসে ভাৰতক বিশ্ব গুৰু হোৱাৰ দিশত সহযোগিতা আগবঢ়াব। তেওঁ আইআইএছএফ ২০২০ৰ বৃহত্ সাফল্য কামনা কৰে।

ইফালে, অনুষ্ঠানত অংশ গ্ৰহণ কৰি মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ভাৰতৰ বাবে উদ্ভাৱন আৰু ভাৰতক আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে প্ৰতিযোগিতামূলক লাভ আদায় কৰিব পৰা বাতাবৰণ সৃষ্টিত অৰিহণা আগবঢ়াবলৈ বৈজ্ঞানিক পৰিমণ্ডলক আহ্বান জনায়।

অনুষ্ঠানত বক্তব্য আগবঢ়াই ড০ শেকৰ চি মাণ্ডেই কয় যে আইআইএছএফ ২০২০ হৈছে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোত্সৱৰ ষষ্ঠ তাঙৰণ। ইয়াৰ জৰিয়তে বিজ্ঞান ভাৰতীয়ে বিজ্ঞানক জন-গণৰ মাজলৈ লৈ যোৱাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে। প্ৰসংগক্ৰমে তেওঁ  দেশৰ বিভিন্ন উদ্যোগ-প্ৰতিষ্ঠানৰ সৈ জড়িত হৈ চিআইআইএছএফ-য়ে বিভিন্ন বৈজ্ঞানিক আৰু ফাৰ্মাচিটিকেল উপকৰণৰ উত্পাদনত মনোনিৱেশ কৰি আহিছে বুলিও তথ্য দাঙি ধৰে।

*****



(Release ID: 1678686) Visitor Counter : 224