স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

১৩৮ দিনৰ পাছত ভাৰতৰ সক্ৰিয় কেছল’ড ৪.০৩ লাখলৈ অৱনমিত

মুঠ আৰোগ্য লাভে অতিক্ৰম কৰিলে ৯১ লাখ

যোৱা সপ্তাহটোত ভাৰতত প্ৰতি নিযুত জনসংখ্যাত নতুন ঘটনা বিশ্বৰ ভিতৰতে অন্যতম সৰ্বনিম্ন

Posted On: 06 DEC 2020 11:34AM by PIB Guwahati

আজি ভাৰতৰ মুঠ সক্ৰিয় কেছল’ড লক্ষ্যণীয়ভাৱে ৪.০৩ লাখ (৪,০৩,২৪৮) লৈ অৱনমিত হৈছে। ই ১৩৮ দিনৰ ভিতৰত সৰ্বনিম্ন। ২১ জুলাই, ২০২০ত মুঠ সক্ৰিয় ঘটনা আছিল ৪,০২,৫২৯ টা।

যোৱা নটা দিনৰ প্ৰৱণতা অব্যাহত ৰাখি, যোৱা ২৪ ঘন্টাত ভাৰতৰ দৈনিক নতুন ঘটনাতকৈ দৈনিক আৰোগ্য লাভৰ ঘটনা বৃদ্ধি হৈছে। দৈনিক ঘটনাতকৈ অধিক দৈনিক আৰোগ্য লাভৰ প্ৰৱণতাই ভাৰতৰ সক্ৰিয় কেছল’ড নিম্ন কৰি ৰাখিছে। বৰ্তমান ইয়াৰ হাৰ হৈছে মুঠ সক্ৰিয় ঘটনাৰ মাত্ৰ ৪.১৮%।

ভাৰতত ৩৬,০১১ লোকৰ দেহত ক’ভিডৰ সংক্ৰমণ ধৰা পৰাৰ বিপৰীতে, একে সময়ছোৱাতে ৪১,৯৭০ জন ৰোগীয়ে নতুনকৈ আৰোগ্য লাভ কৰিছে। নতুন আৰোগ্য লাভৰ এই সংখ্যাই মুঠ সক্ৰিয় ঘটনাৰপৰা ৬,৪৪১ টা ঘটনা হ্ৰাস কৰি তুলিছে।

যোৱা সাত দিনত ভাৰতত প্ৰতি নিযুত জনসংখ্যাত নতুন ঘটনাৰ সংখ্যা হৈছে ১৮৬। যাৰ পৰিমাণ বিশ্বৰ ভিতৰতে অন্যতম সৰ্বনিম্ন।

নতুন ঘটনাতকৈ নতুন আৰোগ্য লাভৰ পৰিমাণ বৃদ্ধিৰ সমান্তৰালভাৱে আজি আৰোগ্য লাভৰ হাৰ ৯৪.৩৭% লৈ বৃদ্ধি পাইছে।

মুঠ আৰোগ্য লাভৰ ঘটনাই ৯১ লাখ (৯১,০০,৭৯২) অতিক্ৰম কৰিছে। আৰোগ্য লাভৰ ঘটনা আৰু সক্ৰিয় ঘটনাৰ মাজৰ ব্যৱধান আজি প্ৰায় ৮৭ লাখ (৮৬,৯৭,৫৪৪) বৃদ্ধি হৈ আছে।

নতুন আৰোগ্য লাভৰ ঘটনাৰ ৭৬.৬% হৈছে ১০ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

মহাৰাষ্ট্ৰত এদিনতে আৰোগ্য লাভৰ ঘটনা হৈছে সৰ্বাধিক। ইয়াত নতুনকৈ আৰোগ্য লাভৰ ঘটনাৰ সংখ্য়া হৈছে ৫,৮৩৪ টা। ইয়াৰ পাছতেই থকা কেৰালাত নতুনকৈ আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা হৈছে ৫,৮২০ টা। দিল্লীত নতুনকৈ আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা হৈছে ৪,৯১৬ টা।

নতুন ঘটনাৰ ৭৫.৭০% হৈছে ১০ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

৫,৮৪৮ টা ঘটনাৰে কেৰালাত দৈনিক নতুন ঘটনাৰ সংখ্যা হৈছে সৰ্বাধিক। ইয়াৰ পাছতেই থকা মহাৰাষ্ট্ৰৰ নতুন ঘটনাৰ সংখ্যা হৈছে ৪,৯২২ টা। দিল্লীত নতুন ঘটনাৰ সংখ্যা হৈছে ৩,৪১৯ টা।

যোৱা ২৪ ঘন্টাত ৪৮২ টা মৃত্যুৰ ঘটনা সংঘটিত হৈছে।

নতুন মৃত্যুৰ ঘটনাৰ ৭৯.০৫% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। মহাৰাষ্ট্ৰত মৃত্যুৰ ঘটনা হৈছে সৰ্বাধিক (৯৫ টা)। ইয়াৰ পাছতেই থকা দিল্লী আৰু পশ্চিম বংগৰ মৃত্যুৰ ঘটনা হৈছে ক্ৰমে ৭৭ আৰু ৪৯ টা।

যোৱা সপ্তাহটোত প্ৰতি নিযুত জনসংখ্যাত দৈনিক মৃত্যুৰ ঘটনা বিশ্বৰ প্ৰেক্ষাপটত তুলনা কৰি চালে দেখা যায় যে ভাৰতত প্ৰতি নিযুত জনসংখ্যাত মৃত্যুৰ ঘটনা অন্যতম সৰ্বনিম্ন ৩ টা।

****

MV/SJ/SB
 



(Release ID: 1678761) Visitor Counter : 204