প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সৰ্বদলীয় বৈঠকৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ

Posted On: 04 DEC 2020 2:30PM by PIB Guwahati

আপোনালোক সকলো জ্যেষ্ঠ সতীৰ্থৰ প্ৰতি মই গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো। এই আলোচনা সভাত আপোনালোকে যি বিচাৰ ব্যক্ত কৰিছে, যি পৰামৰ্শ আগবঢ়াইছে, মই এয়া অতিকৈ গুৰুত্বপূৰ্ণ বুলি ভাবিছো। এই আলোচনাত ভেকচিনক লৈ যি বিশ্বাস দেখিবলৈ পোৱা গৈছে, ই ক’ৰোনাৰ বিৰুদ্ধে দেশৰ এই সংগ্ৰামক আৰু অধিক শক্তিশালী কৰি তুলিব। ইয়াত যি প্ৰেজেণ্টেশ্যন দিয়া হৈছে, তাত বিশদভাৱে এই কথা উল্লেখ কৰা হৈছে যে এই প্ৰয়াস কিমান দিন ধৰি চলাই থকা হৈছে, কি কি কৰি থকা হৈছে, আৰু এতিয়া কি পৰ্যায়ত আছে এই সমগ্ৰ দিশ, আৰু লগতে কিমান শক্তিশালী হৈ আমি এইক্ষেত্ৰত আগবাঢ়ি গৈ আছো।

বন্ধুসকল,

মই বিগত দিনবোৰত মোৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এই সন্দৰ্ভত দীঘলীয়াকৈ কথা পাতিছিলোটীকাকৰণ সম্পৰ্কে ৰাজ্য চৰকাৰৰ পৰাও কেইবাটাও পৰামৰ্শ লাভ কৰা হৈছিল। কেইদিনমান আগতে, মেড ইন ইণ্ডিয়া ভেকছিন তৈয়াৰ কৰিবলৈ চেষ্টা কৰি থকা বিজ্ঞানীসকলৰ সৈতে মই বহু গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছিলো। লগতে বিজ্ঞানীসকলৰ সৈতে মিলিত হোৱাৰো সুযোগ লাভ কৰিছো। আৰু ভাৰতৰ বিজ্ঞানীসকল তেওঁলোকৰ সাফল্যত অতি আত্মবিশ্বাসী। তেওঁলোকৰ আত্মবিশ্বাসৰ স্তৰ অতি শক্তিশালী। এতিয়া, আমি সকলোৱে বজাৰ আন দেশৰ পৰা বহুতো ভেকছিনৰ নাম শুনি আছো। কিন্তু তথাপিও সমগ্ৰ বিশ্বৰে লক্ষ্য সুলভ মূল্যৰ সুৰক্ষিত ভেকচিনৰ ওপৰতে আছে, আৰু স্বাভাৱিকতে ইয়াৰ বাবে সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈছে ভাৰতৰ ওপৰত। মই লগতে হায়দৰাবাদ, পুনে আৰু আহমেদাবাদলৈ গৈ দেখিছো যে কিদৰে দেশে ভেকচিনৰ প্ৰস্তুতিৰ বাবে কাম কৰি আছে।

আমাৰ ভাৰতীয় উৎপাদকসকলে আইচিএমআৰ, ডিপার্টমেন্ট অৱ বায়ো-টেকনলজি আৰু গ্লোবেল ইণ্ডাষ্ট্ৰিৰ অন্যান্য শীৰ্ষ ব্যক্তিসকলৰ সৈতে ঘনিষ্ঠ সম্পর্ক ৰাখি সুসমন্বয়েৰে কাম কৰিছে। আপোনালোকে একধৰণে মানি লওঁক যে আমি সকলোৱেই সুসজ্জিত হৈ সাজু হৈছো। প্রায় আঠটা এনে সাম্ভাৱ্য ভেকচিন আৱিষ্কৃত হৈছে, যিবোৰ ট্রায়েলৰ বিভিন্ন পর্যায়ত আছে। আৰু যিবোৰৰ উৎপাদনো ভাৰততেই হ’ব। যিদৰে ইয়াত আলোচনা চলিছে, ভাৰতৰ নিজস্ব তিনিটা ভিন্ন ভেকচিন ট্রায়েলৰ ভিন ভিন পর্যায়ত আছে। বিশেষজ্ঞসকলে মন কৰিছে যে এতিয়া আৰু ক’ৰোনা ভেকচিনৰ বাবে বেছি দিন অপেক্ষা কৰিব নালাগিব। মন কৰা হৈছে যে আগন্তুক কেইেটামান সপ্তাহৰ ভিতৰতেই ক’ৰোনা ভেকচিন প্ৰতিষেধক হিচাপে ব্যৱহাৰৰ বাবে প্ৰস্তুত হৈ উঠিব। যিমান সোনকালে বৈজ্ঞানিকসকলে সেউজ সংকেত দেখুৱাব, সিমান ক্ষীপ্ৰতাৰে ভাৰতত টীকাকৰণ অভিযান আৰম্ভ কৰি দিয়া হ’ব। টীকাকৰণৰ প্ৰথম পৰ্যায়ত কোনে কোনে ভেকচিন পাব, তাক লৈও কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰবোৰৰ পৰা লাভ কৰা পৰামৰ্শৰ ভিত্তিত তালিকা প্ৰস্তুত কৰাৰ কাম কৰিছে। এইক্ষেত্ৰত ক’ৰোনা ৰোগীৰ চিকিৎসাত নিয়োজিত চিকিৎসাকৰ্মীসকল, ফ্ৰন্টলাইন ৱৰ্কাৰসকল, যিসকল লোকে পূৰ্বৰে পৰাই অন্যান্য জটিল ৰোগৰ বিৰুদ্ধে যুঁজি আছে, আৰু বয়স্ক লোকসকলক অগ্ৰাধিকাৰ দিয়া হ’ব।

বন্ধুসকল,

প্ৰতিষেধক বিতৰণক লৈও কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰবোৰৰ দলে সমন্বয়েৰে কাম কৰিছে। ভাৰতত প্ৰতিষেধক বিতৰণৰ ক্ষেত্ৰত বিশেষজ্ঞ আৰু সুচাৰুৰূপে ন্যস্ত বিতৰণ ব্যৱস্থা আছে। বিশ্বৰ অন্যান্য দেশৰ তুলনাত এইক্ষেত্ৰত আমাৰ পৰিস্থিতি খুব ভাল। আগৰে পৰাই টীকাকৰণৰ বাবে আমাৰ হাতত বিশ্বৰ অন্যতম বৃহৎ আৰু অভিজ্ঞ নেটৱৰ্ক আছে। কৰোনা প্ৰতিষেধক টীকাকৰণৰ সময়তো এই ব্যৱস্থাক সুন্দৰভাৱে কামত লগাব পৰা যাব। তাৰ উপৰিও যি অতিৰিক্ত কোল্ড চেইন ইকুইপমেন্ট আৰু অন্যান্য লজিষ্টিক্সৰ প্ৰয়োজন হ’ব, ৰাজ্য চৰকাৰবোৰৰ সাহায্যত সেইবোৰৰো ব্যৱস্থা কৰা হৈছে। কোল্ড চেইন আৰু শক্তিশালী কৰি তুলিবলৈ অনেক নতুন পৰিকল্পনাও আছে। আৰু কিছু নতুন সৰঞ্জাম ক্ৰয় প্ৰক্ৰিয়াও চলিছে। ভাৰতে এক বিশেষ ছফ্টৱেৰ প্ৰস্তুত কৰিছে, সেয়া হৈছে, 'কো-উইন'। এই ছফ্টওৱেৰে ক’ৰোনা প্ৰতিষেধকৰ দ্বাৰা উপকৃত, প্ৰতিষেধকৰ যোগান আৰু সংৰক্ষণ সংশ্লিষ্ট দায়িত্বৰ বাবে বিশেষ টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে। আৰু ভেকচিন-সংশ্লিষ্ট অভিযানৰ দায়িত্ব দিয়া হৈছে নেশ্যনেল এক্সপাৰ্ট গ্ৰুপক। ইয়াৰ ভিতৰত আছে প্ৰযুক্তি বিশেষজ্ঞসকল, কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট মন্ত্ৰালয় আৰু বিভাগবোৰৰ বিষয়াসকলো আছে, প্ৰত্যেক মণ্ডল হিচাপে ৰাজ্য চৰকাৰবোৰৰ প্ৰতিনিধিসকলো আছে। এই নেশ্যনেল এক্সপাৰ্ট গ্ৰুপবোৰে ৰাজ্য চৰকাৰসমূহৰ সৈতে সমন্বয়েৰে কাম কৰিছে। ৰাষ্ট্ৰীয় আৰু স্থানীয় প্ৰয়োজন অনুসৰি সিদ্ধান্তবোৰ নেশ্যনেল এক্সপাৰ্ট গ্ৰুপৰ দ্বাৰা সামগ্ৰিকভাৱে গ্ৰহণ কৰা হ’ব।

বন্ধুসকল,

প্ৰতিষেধকৰ দাম কিমান হ’ব তাক লৈ প্ৰশ্ন উঠাও স্বাভাৱিক। কেন্দ্ৰীয় চৰকাৰে এই বিষয়ত ৰাজ্য চৰকাৰবোৰৰ সৈতে কথা পাতিছে। প্ৰতিষেধকৰ দামক লৈ সিদ্ধান্ত, জনস্বাস্থ্যক সৰ্বোচ্চ অগ্ৰাধিকাৰ দি তাৰ মূল্যায়ন কৰা হ’ব। আৰু এইক্ষেত্ৰত ৰাজ্য চৰকাৰবোৰৰো সম্পূৰ্ণ সহযোগিতা থাকিব।

 

বন্ধুসকল,

এখন দেশ হিচাপে ভাৰতে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, যিদৰে ভাৰতে দ্ৰুতগতিত বৈজ্ঞানিক পদ্ধতিৰে কাম আৰম্ভ কৰিছে, তাৰ পৰিণাম আজি দেখা গৈছে। ভাৰত আজি সেই দেশবোৰৰ ভিতৰত অন্যতম, য’ত প্ৰতিদিনে যথেষ্ট সংখ্যক ক’ভিডৰ নমুনা পৰীক্ষা কৰা হৈছে। ভাৰত আজি সেই দেশবোৰৰ ভিতৰত অন্যতম, য’ত সুস্থতাৰ হাৰো যথেষ্ট বেছি। ভাৰত আজ সেই দেশবোৰৰ অন্যতম য’ত ক’ৰোনাৰ ফলত মৃত্যুৰ হাৰ অত্যন্ত কম। ভাৰতে যিদৰে ক’ৰোনাৰ বিৰুদ্ধে সংগ্ৰাম কৰিছে, সেয়া প্ৰতিগৰাকী দেশবাসীৰ অদম্য ইচ্ছাশক্তিৰ পৰিচায়ক। উন্নত দেশবোৰত অত্যাধুনিক চিকিৎসা পৰিকাঠামোসম্পন্ন দেশবোৰৰ তুলনাত ভাৰতে ক’ৰোনাৰ বিৰুদ্ধে যথেষ্ট বেছি প্ৰতিৰোধ গঢ়ি তুলিবলৈ সক্ষম হৈছে। যথেষ্ট শক্তিশালীভাৱে প্ৰত্যাহ্বান গঢ়ি তুলিছে আৰু দেশৰ অধিকাংশ নাগৰিকৰ জীৱন ৰক্ষা কৰিছে। আমাৰ ভাৰতীয়সকলৰ সংযম, সাহস আৰু সামৰ্থ্যই এই সামগ্ৰিক সংগ্ৰামত অভূতপূৰ্ণ, অতুলনীয় হৈ ৰ’ব। আমি কেৱল আমাৰ নাগৰিকৰে চিন্তা নকৰো, অন্যান্য দেশৰ নাগৰিকসকলৰো জীৱন ৰক্ষাৰ বাবেও যথাসম্ভৱ চেষ্টা কৰিছো আমি।

বন্ধুসকল,

ফেব্ৰুৱাৰী – মাৰ্চৰ শংকাপূৰ্ণ, ভয়াৰ্ত পৰিৱেশৰ পৰা আজি ডিচেম্বৰৰ বিশ্বাস আৰু আশাৰে ভৰা
এক পৰিৱেশৰ মাজত ভাৰতে এক সুদীৰ্ঘ পথ অতিক্ৰম কৰিবলগীয়া হৈছে। আজি যেতিয়া আমি ভেকচিন উদ্ভাৱনৰ সন্ধিক্ষণত উপস্থিত হৈছো, এই সময়তো সেই একেই জনসহযোগ, একেই বিজ্ঞানসন্মত মনোবৃত্তি অতিকৈ জৰুৰী। আপোনালোক সকলো অভিজ্ঞ সতীৰ্থৰ পৰামৰ্শইয়ো সময়ে সময়ে যথেষ্ট প্ৰভাৱী ভুমিকা পালন কৰিব। আপোনালোক সকলোৱেই জানে যে যেতিয়াই ইমান ব্যাপকভাৱে টীকাকৰণ অভিযান চলে, তেতিয়া বিভিন্ন ধৰণৰ উৰাবাতৰিও সমাজত প্ৰচাৰ কৰা হয়। এই উৰাবাতৰিবোৰ জনস্বাৰ্থ আৰু ৰাষ্ট্ৰহিত, দুয়োটাৰ বাবেই ক্ষতিকাৰক। সেইবাবেই আমি আটাইবোৰ দলৰে এই দায়িত্ব যে দেশৰ নাগৰিকসকলক অধিক পৰিমাণে সজাগ কৰি তুলিব লাগে, তেওঁলোকক সকলোধৰণৰ উৰাবাতৰিৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰিব লাগে। ইয়াৰ লগতে, আমি সকলোৱেই জানো যে সমগ্ৰ বিশ্বতে যিদৰে দৃশ্যপট সলনি হ’বলৈ ধৰিছে, চিত্ৰপট ক’ৰ পৰা ক’লৈ পৰিৱৰ্তিত হ’ব সেই কথা কোনেও ক’ব নোৱাৰে। আৰু এনে এক দোদুল্যমান পৰিস্থিতিত আমাৰ হাতত যি
proven পথ আছে, যি proven সঁজুলি আছে, আমি সেয়া এৰি দিব নালাগে, আৰু সেইবাবেই দুগজ দূৰত্ব আৰু মাস্কৰ প্ৰতি আমি ধাৰাবাহিকভাৱে সতৰ্ক কৰি ৰাখিব লাগে, সতৰ্ক হৈ থাকিব লাগে। দেশে এইপৰ্যন্ত যিখিনি আহৰণ কৰিবলৈ সক্ষম হৈছে, যিকোনো অসাৱধানতাই এই সমগ্ৰ ব্যৱস্থাকেই ক্ষতিগ্ৰস্থ কৰিব পাৰে। মই সকলো ৰাজনৈতিক দলকে মহানুভৱেৰে আহ্বান জনাও, আজি প্ৰতিগৰাকীয়ে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ সুযোগ পোৱা নাই, কিন্তু মোৰ প্ৰাৰ্থনা যে আপোনালোকে আপোনালোকৰ পৰামৰ্শ লিখিত আকাৰে প্ৰেৰণ কৰক, আপোনালোকৰ পৰামৰ্শ যথেষ্ট লাভজনক বিবেচিত হ’ব। আপোনালোকৰ পৰামৰ্শক গুৰুত্বসহকাৰে গ্ৰহণ কৰা হ’ব আৰু আঁচনিবোৰতো সেইবোৰ পৰিপূৰক বিবেচিত হ’ব।

এই আটাইবোৰ আগ্ৰহেৰেই আজি আপোনালোক সকলোকে বহু বহু ধন্যবাদ জ্ঞাপন কৰিছো আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছো। আপোনালোকে এই বৈঠকৰ বাবে সময় উলিওৱা বাবে বহু বহু ধন্যবাদ জনাইছো।

*****

 

DS/SH/DK/RD



(Release ID: 1678511) Visitor Counter : 198