গৃহ মন্ত্ৰালয়
আজি নৌ সেনা দিৱস উপলক্ষে ভাৰতীয় নৌ সেনা বাহিনীক শুভেচ্ছা জনালে কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে
"নৌ সেনা দিৱসত, মই আমাৰ ভাৰতীয় নৌ সেনা বাহিনীৰ সকলো শক্তিশালী কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালক উষ্ম সম্ভাষণ জনাইছো"
"আমাৰ সমুদ্ৰ সীমা সুৰক্ষিত কৰা আৰু বিপৰ্যয়ৰ সময়ত দেশক সেৱা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অবিৰত অংগীকাৰৰ বাবে আমাৰ নীলা জল শক্তিক লৈ ভাৰত গৌৰৱান্বিত"
Posted On:
04 DEC 2020 1:47PM by PIB Guwahati
আজি নৌ সেনা দিৱসৰ অনুষ্ঠানত কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে ভাৰতীয় সেনাক শুভেচ্ছা জনোৱা হয়। এক টুইটত তেওঁ কয়, 'নৌ সেনা দিৱসত, মই ভাৰতীয় নৌ সেনা আৰু তেওঁলোকৰ পৰিয়ালৰ আমাৰ সকলো শক্তিশালী কৰ্মীক উষ্ম সম্ভাষণ জনাইছো। আমাৰ সমুদ্ৰ সীমা সুৰক্ষিত কৰা আৰু বিপৰ্যয়ৰ সময়ত দেশসেৱা কৰাৰ বাবে তেওঁলোকৰ অবিৰত অংগীকাৰৰ বাবে আমাৰ নীলা জল শক্তিক লৈ ভাৰত গৌৰৱান্বিত।"
প্রতি বছৰে ৪ ডিচেম্বৰৰ দিনটো নৌ সেনা দিৱস হিচাপে উদযাপন কৰা হয়। সমগ্র জাতি আৰু ভাৰতীয় নৌ বাহিনীৰ ইতিহাসত এই দিনটোৰ অত্যন্ত তাৎপর্য আছে। ১৯৭১ চনত ভাৰত-পাক যুদ্ধত এই দিনটোতেই ভাৰতীয় নৌ বাহিনীয়ে সাফল্য অর্জনৰ ক্ষেত্ৰত এক নির্ণায়ক সিদ্ধান্ত লৈছিল। এই দিনটোতেই নৌ-বাহিনীৰ ক্ষেপণাস্ত্রবাহী জলযানৰ পৰা সফলতাৰ সৈতে শত্রু পক্ষৰ একাধিক ক্ষেপণাস্ত্রবাহী জাহাজ, তেল টেংকাৰ আৰু উপকূলৰ প্রতিৰক্ষা প্রতিষ্ঠানসমহত সফলতাৰ সৈতে আঘাত কৰা হৈছিল। ভাৰতীয় নৌ বাহিনীৰ ‘ট্রাইডেন্ট’ অভিযানৰ অংশ হিচাপে এই যুদ্ধত ১৯৭১ চনত ভাৰতীয় নৌ বাহিনীৰ একাধিক জাহাজ শত্রুপক্ষ পাকিস্তানী বাহিনীৰ যুদ্ধৰ সা-সৰঞ্জাম আৰু অন্যান্য গুৰুত্বপূর্ণ সামগ্রী বহনকাৰী বহু জাহাজ ধংস কৰিছিল। নৌ বাহিনীৰ যুদ্ধ জাহাজ বিক্রান্তৰ পৰা যুদ্ধ বিমানে শত্রুপক্ষৰ একাধিক বন্দৰ আৰু বিমানঘাটিত আক্ৰমণ কৰিছিল। পূব পাকিস্তানৰ চট্টগ্রাম আৰু খুলনাত শত্রুপক্ষৰ বন্দৰ আৰু বিমানঘাটিসমহ ধ্বংস কৰি দিয়া হৈছিল। আনকি, ভাৰতীয় নৌ বাহিনীৰ এই অভিযানত শত্রুপক্ষৰ একাধিক জাহাজ আৰু প্রতিৰক্ষা কেন্দ্র তথা প্রতিষ্ঠান নিশ্চিহ্ন হৈ পৰিছিল। পূব পাকিস্তান আৰু কৰাচীত ভাৰতীয় নৌ বাহিনীৰ এটাৰ পৰা এটা ক্ষেপণাস্ত্র আক্ৰমণত পাকিস্তান বাহিনীৰ শোচনীয় পৰাজয় হৈছিল।
********
NW/RK/PK/AY/DDD/KG
(Release ID: 1678505)
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Malayalam