প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আন্তঃৰাষ্ট্ৰীয় প্রতিৱন্ধী দিৱসত প্রধানমন্ত্রীৰ বাৰ্তা

পোষ্ট কৰা হৈছে: 03 DEC 2020 10:05AM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আন্তঃৰাষ্ট্ৰীয় প্রতিৱন্ধী দিৱস উপলক্ষে কয়, “ বিশেষভাৱে সক্ষম লোকসকলৰ বাবে ক’ভিডৰ পাছত বিশ্বত সমন্বিত, আয়ত্ত্বাধীন আৰু সুস্থিৰ পৰিৱেশৰ বাবে সুন্দৰ ভৱিষ্যৎ গঢ় দিয়া”-ৰাষ্ট্রসংঘৰ এই বছৰৰ চিন্তাধাৰাৰ সৈতে সংগতি ৰাখি আমাৰ বিশেষভাৱে সক্ষম (দিব্যাংগ) ভাই-ভনীসকলৰ বাবে সুযোগ আৰু সকলো স্থানলৈ যোৱাৰ ব্যৱস্থা কৰাৰ বাবে আহক একেলগে কাম কৰো৷ বিশেষভাৱে সক্ষম ভাই-ভনীসকলৰ প্রাণৱন্ত স্বভাৱ আৰু মনোবলে আমাক অনুপ্রাণিত কৰে। সুগম ভাৰতৰ উদ্যোগত যথেষ্ট পদক্ষেপ লোৱা হৈছে, যিবোৰে আমাৰ বিশেষভাৱে সক্ষম (দিব্যাংগ) ভাই-ভনীসকলৰ জীৱনত ইতিবাচক পৰিৱর্তন সাধন কৰিব৷“

***

DS/VJ/DB


(ৰিলিজ আই ডি : 1678174) অতিথি কক্ষ : 291