স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত দিনটোত নতুনকৈ আক্ৰান্তৰ সংখ্যা ৪০ হাজাৰৰ তললৈ নামিছে

সক্ৰিয় ৰোগীৰ সংখ্যা অৱনমনৰ ধাৰা অব্যাহত, দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ৪.৪ লাখৰ তললৈ নামিল

দৈনিক সংক্ৰমণ নিশ্চিতকৰণৰ হাৰ ৪শতাংশলৈ নামিল, শেহতীয়া হাৰ ৩.৪৫শতাংশ

Posted On: 24 NOV 2020 12:34PM by PIB Guwahati

ভাৰতত নতুনকৈ আক্ৰান্তৰ দৈনিক সংখ্যা ৪০ হাজাৰ তললৈ নামিছে। যোৱা ছটা দিনত এই ধাৰা অব্যাহত থকা দেখা গৈছে। যোৱা ২৪ ঘণ্টাত পোৱা তথ্য অনুসৰি দেশত নতুনকৈ আক্ৰান্ত হোৱা ব্যক্তিৰ সংখ্যা হল ৩৭,৯৭৫ গৰাকী। যোৱা ৮ নৱেম্বৰৰ পৰা একেলেথেৰীয়ে শেহতীয়া ১৭টা দিনত দৈনিক আক্ৰান্তৰ সংখ্যা ৫০,০০০ৰ তলত পঞ্জীয়ণভুক্ত হোৱা দেখা গৈছে।

বিগত মাহচেৰেকত ভাৰতত নমুনা পৰীক্ষণ আন্তঃগাঁথনিৰ পৰিসৰ দ্ৰুত গতিত সম্প্ৰসাৰিত হৈছে। আজিৰ তাৰিখত দেশৰ পৰীক্ষাগাৰৰ সংখ্যা ২,১৩৪টা হৈছেগৈ। প্ৰতিদিনে ১ নিযুতৰো অধিক নমুনাৰ পৰীক্ষা সম্পন্ন কৰাৰ ধাৰা অব্যাহত ৰাখি শেহতীয়া ২৪ ঘণ্টাত দেশত ১০,৯৯,৫৪৫টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হয়। ইয়াকে ধৰি দেশত এই পৰ্যন্ত সম্পন্ন হোৱা পৰীক্ষাণৰ মুঠ সংখ্যা ১৩.৩ কোটি(১৩,৩৬,৮২,২৭৫)হৈছেগৈ।

WhatsApp Image 2020-11-24 at 10.06.11 AM.jpeg

প্ৰতি দিনে গড়ে ১০ লাখৰো অধিক নমুনাৰ পৰীক্ষা সম্পন্ন কৰাৰ সুবাদত ৰোগাক্ৰান্তৰ সংখ্যা বাৰুকৈয়ে অৱনমিত হৈছে আৰু এই ধাৰা অব্যাহত থকা দেখা গৈছে।

WhatsApp Image 2020-11-24 at 10.04.13 AM.jpeg

আজিৰ তাৰিখত দেশত আক্ৰান্তৰ সামগ্ৰিক ৰাষ্ট্ৰীয় হাৰ ৬.৮৭% হৈছেহি, অৰ্থাত এয়া ৭শতাংশৰ তলত। অৱশ্যে কালিৰ দিনটোত এই হাৰ আছিল মাত্ৰ ৩.৪৫%পৰীক্ষণৰ উচ্চ হাৰে ৰোগাক্ৰান্তৰ সংখ্যা অৱনমিত কৰিছে।

WhatsApp Image 2020-11-24 at 10.02.37 AM.jpeg

প্ৰতি নিযুত ব্যক্তিৰ বিপৰীতে নমুনা পৰীক্ষণৰ হাৰ ৯৬,৭৭১ লৈ বৃদ্ধি পালে।

WhatsApp Image 2020-11-24 at 10.08.06 AM.jpeg

বিগত কেইবাটাও সপ্তাহত সক্ৰিয়  ৰোগীৰ সংখ্যাৰ অৱনমিত হাৰ অব্যাহত আছে।

শেহতীয়া ২৪ ঘণ্টাত আৰোগ্য লাভ কৰা ৪২,৩১৪ গৰাকী ব্যক্তিক চিকিত্সালয় এৰাৰ অনুমতি দিয়া হৈছে।

সক্ৰিয় ৰোগীৰ সংখ্যা ৪,৩৮,৬৬৭ গৰাকীলৈ অৱনমিত হৈছে। এই মুহূৰ্তত ভাৰতত মুঠ আক্ৰান্তৰ মাত্ৰ ৪.৭৮% লোকৰ দেহতহে ৰোগবিধে সক্ৰিয়তা প্ৰদৰ্শন কৰাৰ তথ্য উপলব্ধ হৈছে।

শেহতীয়া ভাবে আৰোগ্য লাভৰ শতাংশ হাৰ ৯৩.76% হৈছেগৈ আজিৰ তাৰিখত দেশত আৰোগ্য লাভ কৰা ব্যক্তিৰ মুঠ সংখ্যা হৈছে ৮৬,০৪,৯৫৫ গৰাকী।

নতুনকৈ আৰোগ্য লাভ কৰোতাৰ ৭৫.৭১%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

ইয়াৰে, সৰ্বাধিক ৭,২১৬গৰাকী আৰোগ্যৰে শীৰ্ষ স্থান দখল কৰিছে দিল্লীয়ে এই তালিকাত ৫,৪২৫ আৰু ৩,৭২৯গৰাকী লোকেৰে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে ক্ৰমে কেৰালা আৰু মহাৰাষ্ট্ৰই।

WhatsApp Image 2020-11-24 at 9.57.32 AM.jpeg

নতুনকৈ আক্ৰান্তৰ ৭৭.০৪%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

এইক্ষেত্ৰতো দিল্লীয়ে সৰ্বাধিক ৪,৪৫৪ গৰাকী আক্ৰান্তৰে একেৰাহে শীৰ্ষ স্থান দখল কৰাৰ বিপৰীতে ৪,১৫৩ আক্ৰান্তৰে দ্বিতীয় স্থানত আছে মহাৰাষ্ট্ৰ

WhatsApp Image 2020-11-24 at 9.57.32 AM (1).jpeg

ইফালে, শেহতীয়া ২৪ ঘণ্টাত দেশত ৪৮০ গৰাকী লোকে মৃত্যু সাৱটি লৈছে।

এইক্ষেত্ৰতো ৭৩.৫৪%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

ইয়াৰে, কালি ২৭.৪৮% মৃতকৰ তথ্য লাভ কৰা হৈছে মহাৰাষ্ট্ৰ পৰা। দিল্লীত সৰ্বাধিক ১২১গৰাকী লোকে মৃত্যু বৰণ কৰাৰ বিপৰীতে পশ্চিম বংগ আৰু মহাৰাষ্ট্ৰত মৃত্যু হৈছে ক্ৰমে ৪৭ আৰু ৩০গৰাকী লোক।

WhatsApp Image 2020-11-24 at 9.57.31 AM.jpeg

****

MV/SJ/KB
 



(Release ID: 1675474) Visitor Counter : 196