প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী শ্ৰী তৰুণ গগৈৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

পোষ্ট কৰা হৈছে: 23 NOV 2020 6:32PM by PIB Guwahati

অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী শ্ৰী তৰুণ গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “শ্ৰী তৰুণ গগৈ জী এগৰাকী জনপ্ৰিয় নেতা আছিল, তেওঁ এগৰাকী পৰিপক্ক প্ৰশাসক আছিল, যাৰ অসম তথা কেন্দ্ৰত বহু বছৰ জোৰা ৰাজনৈতিক অভিজ্ঞতা আছিল। তেওঁৰ মৃত্যুৱে ব্যথিত কৰিছে। সন্তাপৰ এই মুহূৰ্তত তেওঁৰ পৰিয়ালবৰ্গৰ লগতে তেওঁৰ সমৰ্থকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিলো। ওঁম শান্তি”।

 

***

DS/SH/KB


(ৰিলিজ আই ডি : 1675183) অতিথি কক্ষ : 179