স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

১৩ কোটিৰো অধিক পৰীক্ষণৰে ভাৰতে অতিক্ৰমিলে আৰু এটি সাফল্যৰ খুঁটি

পৰীক্ষণৰ উচ্চ হাৰে ৰোগাক্ৰান্তৰ সংখ্যা অৱনমিত কৰিছে

মুঠ আক্ৰান্তৰ বিপৰীতে সক্ৰিয় ৰোগীৰ হাৰ হ্ৰাস পালে ৪.৮৬%লৈ

प्रविष्टि तिथि: 21 NOV 2020 11:44AM by PIB Guwahati

ৰোনা মহামাৰী বিৰুদ্ধে অব্যাহত যুঁজখনত আৰু এটা সাফল্য অৰ্জন কৰিলে ভাৰতে। প্ৰতিদিনে এক নিযুতৰো অধিক নমুনা পৰীক্ষণৰ ধাৰা অব্যাহত ৰাখি, শেহতীয়া ২৪ ঘণ্টাত ভাৰতে সম্পন্ন কৰিলে ১০,৬৬,০২২টা নমুনাৰ পৰীক্ষা। ইয়াকে ধৰি দেশত সম্পন্ন হোৱা নমুনা পৰীক্ষাৰ সৰ্বমুঠ সংখ্যা হলগৈ ১৩,০৬,৫৭,808টা।

প্ৰণিধানযোগ্য যে শেহতীয়া ১ কোটি পৰীক্ষা সম্পন্ন কৰা হয় মাত্ৰ ১০টা দিনৰ ভিতৰত।

http://static.pib.gov.in/WriteReadData/userfiles/image/image001U0RI.jpg

প্ৰতি দিনে গড়ে ১০ লাখৰো অধিক নমুনাৰ পৰীক্ষা সম্পন্ন কৰাৰ সুবাদত ৰোগাক্ৰান্তৰ সংখ্যা বাৰুকৈয়ে অৱনমিত হৈছে। আজিৰ তাৰিখত দেশত আক্ৰান্তৰ সামগ্ৰিক ৰাষ্ট্ৰীয় হাৰ ৬.৯৩% হৈছেহি। অৱশ্যে কালিৰ দিনটোত এই হাৰ আছিল মাত্ৰ ৪.৩৪%। পৰীক্ষণৰ উচ্চ হাৰে ৰোগাক্ৰান্তৰ সংখ্যা অৱনমিত কৰিছে।

http://static.pib.gov.in/WriteReadData/userfiles/image/image0024O4T.jpg

যোৱা ২৪ ঘণ্টাত ৪৬,২৩২ গৰাকী লোকৰ দেহত কভিডৰ সংক্ৰমণ হোৱাৰ তথ্য লাভ কৰা হৈছে। বৃহত্ সংখ্যক লোকৰ নমুনা পৰীক্ষা কৰাৰ অন্তত এইসকল লোকৰ দেহত কভিডৰ সংক্ৰমণ ধৰা পৰে। যোৱা ২৪ ঘণ্টাত এই হাৰ ৪.৩৪% বুলি নিশ্চিত কৰা হৈছে। ইউৰোপ আৰু আমেৰিকাৰ প্ৰায় দেশত কভিডে পুনৰাই মূৰ দাঙি উঠাৰ দেখি ভাৰতত ইয়াক নিয়ন্ত্ৰণৰ বাবে সতৰ্কতামূলক সকলো ব্যৱস্থা গ্ৰহণত গুৰুত্ব আৰোপ কৰাৰ পৰিপ্ৰেক্ষিতত ৰোগবিধৰ সংক্ৰমণ নিয়ন্ত্ৰিত হৈ আছে। শেহতীয়া ভাবে উত্তৰ ভাৰতৰ কেইখনমান ৰাজ্যত ইয়াৰ প্ৰকোপ বদ্ধি পোৱাৰ পিচত কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতে পৰীক্ষাণৰ হাৰ বৃদ্ধিৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

প্ৰণিধানযোগ্য যে, দেশত প্ৰতি নিযুত লোকৰ বিপৰীতে সম্পন্ন কৰা পৰীক্ষণৰ সামগ্ৰিক হাৰতকৈ দেশৰ ২৪খন ৰাজ্যৰ হাৰ অধিক বুলি নিশ্চিত কৰা হৈছে।

http://static.pib.gov.in/WriteReadData/userfiles/image/image003N4AM.jpg

অৱশ্যে ১২খন ৰাজ্যৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ এতিয়াও কম হৈ থকাৰ পৰিপ্ৰেক্ষিতত এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ পৰামৰ্শ দিয়া হৈছে।

http://static.pib.gov.in/WriteReadData/userfiles/image/image004N3JD.jpg

ভাৰতত এই মুহূৰ্তত ৪,৩৯,৭৪৭গৰাকী লোকৰ দেহত কভিডে সক্ৰিয় ৰূপ ধাৰণ কৰিছে। সেই হিচাপত, মুঠ আক্ৰান্তৰ বিপৰীতে সক্ৰিয় ৰোগীৰ হাৰ ৪.৮৬% আৰু বিগত দিন দিয়েকত সক্ৰিয় ৰোগীৰ হাৰ ৫%ৰ তলত থকাৰ ধাৰা আজিও অব্যাহত থাকে।

যোৱা ২৪ ঘণ্টাত দেশত ৪৯,৭১৫ লোকে আৰোগ্য লাভ কৰাৰ পৰিপ্ৰেক্ষিতত আৰোগ্য লাভ কৰা ব্যক্তিৰ মুঠ সংখ্যা ৮৪,৭৮,১২৪ গৰাকী হৈছেগৈ। আৰোগ্য লোকৰ সংখ্যা আৰু সক্ৰিয়ভাবে আক্ৰান্ত লোকৰ সংখ্যাৰ মাজৰ ব্যৱধান হৈছেগৈ ৮০,৩৮,৩৭৭। দিনৌ উচ্চ হাৰত আৰোগ্য লাভ কৰাৰ পৰিপ্ৰেক্ষিতত শেহতীয়া ভাবে আৰোগ্য লাভৰ শতাংশ হাৰ ৯৩.৬৭% হৈছেগৈ

নতুনকৈ আৰোগ্য লাভ কৰোতাৰ ৭৮.১৯%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

ইয়াৰে, দিল্লীয়ে সৰ্বাধিক ৮,৭৭৫ আৰোগ্যৰে শীৰ্ষ স্থান দখল কৰিছে। ইয়াৰ পিচতে ৬,৯৪৫ আৰু ৬,৩৯৮গৰাকীৰে স্থান লাভ কৰিছে ক্ৰমে মহাৰাষ্ট্ৰ আৰু কেৰালাই।

http://static.pib.gov.in/WriteReadData/userfiles/image/image005FDLK.jpg

নতুনকৈ আক্ৰান্তৰ ৭৭.৬৯%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

এইক্ষেত্ৰতো দিল্লীয়ে সৰ্বাধিক ৬,৬০৮ গৰাকী আক্ৰান্তৰে শীৰ্ষ স্থান দখল কৰাৰ বিপৰীতে ৬,০২৮ আৰু ৫,৬৪০ আক্ৰান্তৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে কেৰালা আৰু মহাৰাষ্ট্ৰ।

http://static.pib.gov.in/WriteReadData/userfiles/image/image006AF7A.jpg

ইফালে, শেহতীয়া ২৪ ঘণ্টাত দেশত ৫৬৪ গৰাকী লোকে মৃত্যু সাৱটি লৈছে।

এইক্ষেত্ৰতো ৮২.৬২%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

ইয়াৰে, কালি ২৭.৪৮% মৃতকৰ তথ্য লাভ কৰা হৈছে মহাৰাষ্ট্ৰ পৰা। মহাৰাষ্ট্ৰত এদিনত সৰ্বাধিক ১৫৫গৰাকী লোকে মৃত্যু বৰণ কৰাৰ বিপৰীতে দিল্লীত মৃত্যু হৈছে ১১৮গৰাকী লোকৰ। দিল্লীৰ শতকৰা হাৰ হল ২০.৯২%

http://static.pib.gov.in/WriteReadData/userfiles/image/image007F9RL.jpg

****

MV/KB


(रिलीज़ आईडी: 1674847) आगंतुक पटल : 189
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Marathi , Odia , Tamil , Telugu , Kannada , Bengali , English , Urdu , हिन्दी , Manipuri , Punjabi , Gujarati , Malayalam