স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
একেৰাহে দ্বিতীয়টো দিনৰ বাবে ৩০ হাজাৰ দৈনিক নতুন ঘটনাৰে ভাৰতৰ অভিলেখ
যোৱা ১.৫ মাহে দৈনিক ক’ভিড-১৯ ঘটনাতকৈ দৈনিক আৰোগ্যৰ সংখ্যা অধিক
प्रविष्टि तिथि:
17 NOV 2020 11:27AM by PIB Guwahati
একেৰাহে যোৱা দুদিন ধৰি প্ৰায় ৩০,০০০ দৈনিক নতুন ঘটনাৰে ভাৰতে অভিলেখ সৃষ্টি কৰিছে। যোৱা ২৪ ঘন্টাত নতুন ঘটনাৰ সংখ্যা হৈছে ২৯,১৬৩ টা। তদুপৰি যোৱা দহটা দিনে দেশখনত দৈনিক নতুন ঘটনা ৫০,০০০ ৰ নিম্ন হৈ ৰৈছে।
জনসাধাৰণৰ মাজত ক’ভিডৰ যথোচিত আচৰণ নিশ্চিতৰ জৰিয়তে দৈনিক নতুন ঘটনাৰ সংখ্যা নিম্ন হৈ থকাৰ সময়তে ইউৰোপ আৰু আমেৰিকাৰ বহু দেশত এই সংখ্যা বৃদ্ধি পাব ধৰিছে।
দেশখনত নতুন দৈনিক আৰোগ্য লাভৰ ঘটনা দৈনিক নতুন ঘটনাতকৈ অধিক হৈ আছে। যোৱা ২৪ ঘন্টাত ৪০,৭৯১ আৰোগ্য লাভৰ ঘটনাৰ বিপৰীতে নতুনকৈ চিনাক্ত হোৱা ঘটনাৰ সংখ্যা হৈছে মাত্ৰ ২৯,১৬৩ টা।
চৰকাৰখনে ৰাষ্ট্ৰজুৰি বৰ্ধিত টেষ্টিঙৰ ব্যৱস্থা অব্যাহত ৰাখিছে। আজিলৈকে ১২,৬৫,৪২,৯০৭ টেষ্ট সম্পন্ন হৈছে। ইয়াৰ বাবেই পজিটিভিটি হাৰ ৭.০১% লৈ অৱনমিত হৈ পৰিছে।
বৰ্তমান সক্ৰিয় কেছল’ড হৈছে ৪,৫৩,৪০১ টা। যাৰ হাৰ হৈছে মুঠ ঘটনাৰ মাত্ৰ ৫.১১%।
মুঠ আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা হৈছে ৮২,৯০,৩৭০ টা। ইয়াৰ জৰিয়তে আজি আৰোগ্য লাভৰ হাৰ ৯৩.৪২% লৈ বৃদ্ধি হয়।
যোৱা ২৪ ঘন্টাত আৰোগ্য লাভ কৰা ঘটনাৰ ৭২.৮৭% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।
কেৰালাত সৰ্বাধিক ৬,৫৬৭ নিশ্চিত ঘটনাৰ শেহতীয়া টেষ্টৰ ফলাফল নিগেটিভ লাভ কৰা হৈছে। পশ্চিম বংগৰ দৈনিক আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা হৈছে ৪,৩৭৬ টা। ইয়াৰ পাছতে দিল্লীৰ এই সংখ্যা হৈছে ৩,৫৬০ টা।
নতুন ঘটনাৰ ৭৫.১৪% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।
যোৱা কেইটামান দিনত দিল্লীত নতুন ঘটনাৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে কালি নতুন ঘটনাৰ সংখ্যা হয় মাত্ৰ ৩,৭৯৭ টা। একে সময়তে পশ্চিম বংগত নতুন ঘটনাৰ সংখ্যা হয় ৩,০১২ টা। কেৰালাৰ নতুন ঘটনাৰ সংখ্যা হৈছে ২,৭১০ টা।
৪৪৯ টা নতুন মৃত্যুৰ ঘটনাৰ ৭৮.৪০% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।
নতুন মৃত্যুৰ ঘটনাৰ এক পঞ্চমাংশতকৈয়ো অধিক অৰ্থাৎ ২২.৭৬% দিল্লীত সংঘটিত হৈছে। ইয়াত শেহতীয়াভাৱে ৯৯ জন লোকৰ মৃত্যু হয়। মহাৰাষ্ট্ৰত শেহতীয়াভাৱে ৬০ আৰু পশ্চিম বংগত ৫৩ জন লোকৰ মৃত্যু হৈছে।
****
MV/SB
(रिलीज़ आईडी: 1673586)
आगंतुक पटल : 251
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam