PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 17 NOV 2020 5:57PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

#Unite2FightCorona

#IndiaFightsCorona

Image

একেৰাহে দ্বিতীয়টো দিনৰ বাবে ৩০ হাজাৰ দৈনিক নতুন ঘটনাৰে ভাৰতৰ অভিলেখ, যোৱা ১.৫ মাহে দৈনিক ক’ভিড-১৯ ঘটনাতকৈ দৈনিক আৰোগ্যৰ সংখ্যা অধিক

একেৰাহে যোৱা দুদিন ধৰি প্ৰায় ৩০,০০০ দৈনিক নতুন ঘটনাৰে ভাৰতে অভিলেখ সৃষ্টি কৰিছে। যোৱা ২৪ ঘন্টাত নতুন ঘটনাৰ সংখ্যা হৈছে ২৯,১৬৩ টা। তদুপৰি যোৱা দহটা দিনে দেশখনত দৈনিক নতুন ঘটনা ৫০,০০০ ৰ নিম্ন হৈ ৰৈছে। জনসাধাৰণৰ মাজত ক’ভিডৰ যথোচিত আচৰণ নিশ্চিতৰ জৰিয়তে দৈনিক নতুন ঘটনাৰ সংখ্যা নিম্ন হৈ থকাৰ সময়তে ইউৰোপ আৰু আমেৰিকাৰ বহু দেশত এই সংখ্যা বৃদ্ধি পাব ধৰিছে। দেশখনত নতুন দৈনিক আৰোগ্য লাভৰ ঘটনা দৈনিক নতুন ঘটনাতকৈ অধিক হৈ আছে। যোৱা ২৪ ঘন্টাত ৪০,৭৯১ আৰোগ্য লাভৰ ঘটনাৰ বিপৰীতে নতুনকৈ চিনাক্ত হোৱা ঘটনাৰ সংখ্যা হৈছে মাত্ৰ ২৯,১৬৩ টা। চৰকাৰখনে ৰাষ্ট্ৰজুৰি বৰ্ধিত টেষ্টিঙৰ ব্যৱস্থা অব্যাহত ৰাখিছে। আজিলৈকে ১২,৬৫,৪২,৯০৭ টেষ্ট সম্পন্ন হৈছে। ইয়াৰ বাবেই পজিটিভিটি হাৰ ৭.০১% লৈ অৱনমিত হৈ পৰিছে। বৰ্তমান সক্ৰিয় কেছল’ড হৈছে ৪,৫৩,৪০১ টা। যাৰ হাৰ হৈছে মুঠ ঘটনাৰ মাত্ৰ ৫.১১%। মুঠ আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা হৈছে ৮২,৯০,৩৭০ টা। ইয়াৰ জৰিয়তে আজি আৰোগ্য লাভৰ হাৰ ৯৩.৪২% লৈ বৃদ্ধি হয়। যোৱা ২৪ ঘন্টাত আৰোগ্য লাভ কৰা ঘটনাৰ ৭২.৮৭% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। কেৰালাত সৰ্বাধিক ৬,৫৬৭ নিশ্চিত ঘটনাৰ শেহতীয়া টেষ্টৰ ফলাফল নিগেটিভ লাভ কৰা হৈছে। পশ্চিম বংগৰ দৈনিক আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা হৈছে ৪,৩৭৬ টা। ইয়াৰ পাছতে দিল্লীৰ এই সংখ্যা হৈছে ৩,৫৬০ টা। নতুন ঘটনাৰ ৭৫.১৪% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। যোৱা কেইটামান দিনত দিল্লীত নতুন ঘটনাৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে কালি নতুন ঘটনাৰ সংখ্যা হয় মাত্ৰ ৩,৭৯৭ টা। একে সময়তে পশ্চিম বংগত নতুন ঘটনাৰ সংখ্যা হয় ৩,০১২ টা। কেৰালাৰ নতুন ঘটনাৰ সংখ্যা হৈছে ২,৭১০ টা। ৪৪৯ টা নতুন মৃত্যুৰ ঘটনাৰ ৭৮.৪০% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। নতুন মৃত্যুৰ ঘটনাৰ এক পঞ্চমাংশতকৈয়ো অধিক অৰ্থাৎ ২২.৭৬% দিল্লীত সংঘটিত হৈছে। ইয়াত শেহতীয়াভাৱে ৯৯ জন লোকৰ মৃত্যু হয়। মহাৰাষ্ট্ৰত শেহতীয়াভাৱে ৬০ আৰু পশ্চিম বংগত ৫৩ জন লোকৰ মৃত্যু হৈছে।

অধিক বিৱৰণৰ বাবে

 

ডাঃ হৰ্ষ ৱৰ্ধনে বিশ্ব স্বাস্থ্য সংস্থাৰ ১৪৭তম কাৰ্যবাহী পৰিষদত সভাপতিত্ব কৰিছে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে কালি ভিডিঅ’ কনফাৰেন্সযোগে বিশ্ব স্বাস্থ্য সংস্থাৰ ১৪৭তম কাৰ্যবাহী পৰিষদত সভাপতিত্ব কৰে৷

অধিক বিৱৰণৰ বাবে

 

প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি জনাই ‘ভোকেল ফৰ লোকেল’-ৰ পক্ষত সৰৱ ভূমিকাত অৱতীৰ্ণ হ’ব আধ্যাত্মিক গুৰুসকল

‘স্থানীয় সামগ্ৰীৰ পক্ষত স্থিতি গ্ৰহণ’ৰ আহ্বানৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ‘ভেকেল ফৰ লোকল’ অভিযানক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত সহযোগিতা জনাবলৈ কালি জনোৱা আহ্বানে দেশৰ আধ্যাত্মিক জগতৰ অগ্ৰণী গুৰুসকলৰ মজত বিপুল সঁহাৰি লাভ কৰা দেখিবলৈ পোৱা গৈছে। প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সন্ত সমাজে পৰম উত্সাহৰেই প্ৰতিক্ৰিয়া প্ৰকট কৰিছে। আধ্যাত্মিক গুৰুসকলে ‘ভোকেল ফৰ লোকেল’ আৰু ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ক জনপ্ৰিয় কৰাৰ বাবে তেওঁলোকৰ সমৰ্থন আগবঢ়োৱাৰ পণ গ্ৰহণৰে ৰাজহুৱা দায়বদ্ধতা প্ৰদৰ্শন কৰিবলৈ আগবাঢ়ি আহিছে। প্ৰধানমন্ত্ৰীয়ে কালি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ‘জৈনাচাৰ্য’ শ্ৰী বিজয় বল্লভ সুৰিশ্বেৰ জী মহাৰাজ’ৰ ১৫১ সংখ্যক জন্ম জয়ন্তী উপলক্ষে নিৰ্মিত ‘ষ্টেচ্যু অব পীচ’ উন্মোচন কৰি দিয়া ভাষণত সন্ত সমাজৰ প্ৰতি এই আহ্বান জনাইছিল। ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে “ভক্তি আন্দোলনে যেনেকৈ স্বতন্ত্ৰতা আন্দোলনৰ বুনিয়াদ ৰচনা কৰিছিল, ঠিক তেনেকৈয়ে দেশৰ সন্ত, মহন্ত, মহাত্মা আৰু আচাৰ্যসকলেও ‘আত্মনিৰ্ভৰ ভাৰত’ৰ ভেটী তৈয়াৰ কৰিব পাৰে”। তেওঁ আধ্যাত্মিক গুৰসকলক তেওঁলোকৰ ভক্তসকলৰে হোৱা প্ৰবচন আৰু বাৰ্তালোচনাসমূহত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ সপক্ষে চৰ্চা কৰাৰ গোঁহাৰী জনাইছিল। প্ৰধানমন্ত্ৰীৰ আহ্বানৰ সমৰ্থনত মন্তব্য কৰি শ্ৰী শ্ৰী ৰবি শংকৰে কয় যে তেওঁৰ সংগঠনৰ যুৱ সতীৰ্থসকলে এটা ‘এপ্’ বিকশিত কৰিছে আৰু দৈনন্দিন কাম-কাজত ব্যৱহৃত সা-সামগ্ৰীসমূহৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ প্ৰতি সমৰ্থনৰ প্ৰতিশ্ৰুতি দোহাৰে।

অধিক বিৱৰণৰ বাবে

 

ভাৰ্চুৱেল ব্ৰিকছ সন্মিলন-২০২০ত প্ৰধানমন্ত্ৰীৰ মুকলি ভাষণ

অধিক বিৱৰণৰ বাবে

 

সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনত আৱণ্টিত জলপানি আঁচনিসমূহৰ সন্দৰ্ভত স্পষ্টীকৰণ

ক’ভিড-১৯ৰ ফলত জলপানি আঁচনিসমূহ প্ৰণয়ন কৰাত বিলম্ব আৰু শিক্ষাৰ্থীসকলে ইয়াৰ বাবে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা বিভিন্ন বাতৰি প্ৰকাশ হোৱাটো পৰিলক্ষিত হৈছে৷ বিভাগটোৱে এই ক্ষেত্ৰত স্পষ্টীকৰণ প্ৰকাশ কৰি কয় যে সমাজৰ বিভিন্ন শ্ৰেণীলৈ সময়মতে আঁচনিসমূহৰ ধন আৱণ্টিত কৰা হৈছে বুলি জানিবলৈ দিয়ে৷

অধিক বিৱৰণৰ বাবে

 

বিত্ত আয়োগে প্ৰধানমন্ত্ৰীক নিজৰ ৰিপ'ৰ্টৰ কপি প্ৰদান কৰে

১৫তম বিত্ত আয়োগৰ অধ্যক্ষ আৰু সদস্য সকলে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ২০২১-২২ৰ পৰা ২০২৫-২৬ৰ সময়ছোৱাৰ বাবে আয়োগৰ ৰিপ'ৰ্টৰ এটা কপি প্ৰদান কৰে। আয়োগে নিজৰ ৰিপ'ৰ্ট ৪ নবেম্বৰ, ২০২০ত ভাৰতৰ ৰাষ্ট্ৰপতিক সমৰ্পিত কৰিছিল। অধ্যক্ষ শ্ৰী এন কে সিংহ তথা আয়োগৰ সদস্য শ্ৰী অজয় নাৰায়ণ ঝা, অধ্যাপক অনুপ সিংহ, ড৹ অশোক লাহিৰি আৰু ড৹ ৰমেশ চন্দৰ সৈতে আয়োগৰ সচিব শ্ৰী অৰবিন্দ মেহতা ৰিপ'ৰ্ট প্ৰদানৰ এই অনুষ্ঠানত উপস্থিত থাকে। আয়োগে কাইলৈ কেন্দ্ৰীয় বিত্ত মন্ত্ৰীক নিজৰ ৰিপ'ৰ্ট দাখিল কৰিব। সংবিধানৰ জৰিয়তে নিৰ্দ্ধাৰিত প্ৰক্ৰিয়া অনুসৰি এই ৰিপ'ৰ্ট এক্সপ্লেনেটৰী মেমৰেণ্ডামৰ সৈতে এ টি আৰৰ মাধ্যমত সদনৰ মজিয়াত উত্থাপন কৰা হ'ব।

অধিক বিৱৰণৰ বাবে

 

ট্রাইফেড-এ ট্ৰাইবছ ইণ্ডিয়া পণ্যৰ পৰিসৰ সম্প্ৰসাৰিত কৰিছে

শেহতীয়া সপ্তাহবোৰত নতুন ধৰণৰ পণ্য মূলতঃ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰা পণ্য আৰু বনাঞ্চলৰ সতেজ পণ্য আৰু জৈৱিক পণ্য বিক্রীৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে ট্রাইফেড-এ। ট্ৰাইবছ ইণ্ডিয়াই অধিক নতুন সামগ্ৰী অন্তৰ্ভুক্ত কৰাৰ বাবে এক নতুন উদ্যোগ গ্ৰহণ কৰিছে। এই সামগ্ৰীসমূহ প্ৰস্তুত কৰিছে জগদলপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ কয়দীসকলে।

 

 

 

ট্রাইফেডৰ পৰিচালন সঞ্চালক শ্ৰী প্রবীৰ কৃষ্ণই কয়, ট্রাইবছ ইণ্ডিয়াই দেশৰ জনজাতিসমূহৰ জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ একাধিক পদক্ষেপ গ্রহণ কৰিছে। ছত্তিশগড়ৰ জগদলপুৰৰ কেন্দ্রীয় কাৰাগাৰৰ কয়দীসকলৰ সহযোগিতাত জনজাতীয় লোকসকলৰ হাতেৰে প্ৰস্তুত কৰা শিল্পকর্মসমূহ বজাৰলৈ নিয়া হৈছে। ইয়াৰ ফলত তেওঁলোক আৰু অধিক স্বাৱলম্বী হোৱাত সহায়ক হ’ব। আত্মনির্ভৰ ভাৰত গঢ়াৰ লক্ষ্যেৰে এই উদ্যোগ গ্রহণ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। ট্রাইবছ ইণ্ডিয়াই তেওঁলোকৰ তালিকাভুক্ত পণ্যৰ অধীনত এই নতুন পণ্যসমূহকো অন্তর্ভুক্ত কৰিছে। আজি ট্রাইবছ ইণ্ডিয়াই নতুন তালিকাভুক্ত পণ্য মুকলি কৰে। এই তালিকাত ছত্তিশগড়ৰ জগদলপুৰৰ কাৰাগাৰৰ জনজাতীয় কয়দীসকলৰ হাতেৰে তৈয়াৰী লক্ষ্মী, গণেশ, দুর্গাৰ মূর্তি আছে। এই মূর্তিসমূহ উপহাৰ সামগ্রী হিচাপে ব্যৱহাৰ কৰিব পৰা যাব। ইয়ে কাৰাগাৰৰ জনজাতীয় কয়দীসকলক স্বাৱলম্বী হোৱাত বিশেষ সহায়  কৰিব। ট্রাইবছ ইণ্ডিয়াই এই ধৰণৰ হস্তশিল্প কলাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ একাধিক পদক্ষেপ গ্রহণ কৰিছে। দেশৰ ১২৫টা ট্রাইবছ ইণ্ডিয়াৰ বিপণন কেন্দ্রত এই সকলো নতুন পণ্য বিক্রী কৰা হৈছে। ভোকেল ফৰ লোকেল এই মন্ত্রকে গ্ৰহণ কৰি জনজাতীয় লোকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰা, জীৱন আৰু জীৱিকা নির্বাহৰ পথ দেখুওৱাৰ ক্ষেত্ৰত ট্রাইবছ ইণ্ডিয়া আগবাঢ়ি আহিছে। তেওঁলোকৰ ই-মার্কেট স্থানত জনজাতীয় লোকসকলে প্ৰস্তুত কৰা হস্তশিল্প কলা দাঙি ধৰা হৈছে। ইয়াৰ জৰিয়তে সুস্থায়ী আৰু প্রাচীন ঐতিহ্যশালী ভাৰতৰ এক নির্দশন প্ৰকট হৈ পৰিছে৷

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • অসমঃ অসমত ১৮৬ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে আৰু কালি ৪০৫জন ৰোগীক মুকলি কৰি দিয়া হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ২১০৪৫৪ জন, মুঠ আৰোগ্য হোৱা ৰোগীৰ সংখ্যা হ’ল ২০৬০৪১ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৪৪৬ জন আৰু ৯৬৪ জন লোকৰ মৃত্যু হৈছে৷
  • কেৰালাঃ ৰাজ্যপাল আৰিফ মহম্মদ খানৰ ফলাফল ক’ভিড-১৯ত নিগেটিভ অহাৰ পিছত তেওঁক কালি মুকলি কৰি দিয়া হয়৷
  • তামিলনাডুঃ পুডুচেৰীত ১৩জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে, মৃত্যুৰ হাৰ হ’ল ১.৬৭ শতাংশ৷ 
  • কৰ্ণাটকঃ কৰ্ণাটকত চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকলৰ বাবে  মহাবিদ্যালয় মুকলি কৰি দিয়া হৈছে কিন্তু উপস্থিতিৰ হাৰ একেবাৰেই কম৷ গাডভাগত বিগত ২৮ দিনত ক’ভিড সম্পৰ্কীয় মৃত্যুৰ হাৰ শূন্য৷
  • অন্ধ্ৰ প্ৰদেশঃ ৰাজ্যত মুঠ ৮.৫৪ লাখ লোক আক্ৰান্ত হৈছে আৰু ৮.৩০ লাখ লোকে আৰোগ্য লাভ কৰিছে৷ বিগত ২৪ ঘণ্টাত ১৩ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে আৰু মুঠ ৬৮৮১জন লোকৰ মৃত্যু হৈছে৷
  • তেলেংগানাঃ বিগত ২৪ ঘণ্টাত ৯৫২ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে, ১৬০২ জন লোকে আৰোগ্য লাভ কৰিছে আৰু ৩ জন লোকৰ মৃত্যু হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,৫৮,৮২৮ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৩,৭৩২ জন, ১৪১০ জন লোকৰ মৃত্যু হৈছে৷ ২,৪৩,৬৮৬ জন লোকে আৰোগ্য লাভ কৰিছে৷
  • মহাৰাষ্ট্ৰঃ সোমবাৰে ২৫৩৫ জন লোক ৰোগত আক্ৰান্ত হৈছে৷ ৰাজ্যখনত সক্ৰিয় হাৰ হ’ল ৯২.৪৯ শতাংশ৷
  • গুজৰাটঃ কালি ৫ জন লোকৰ মৃত্যু হোৱাৰ পিছত মুঠ ক’ভিড-১৯ ৰোগীৰ সংখ্যা হ’ল ৩৮০৮ জন৷
  • ৰাজস্থানঃ ৰাজ্যখনত মুঠ ৰোগীৰ সংখ্যা হ’ল ৩০,৯৯৩ জন৷ এদিনতে ৫৩৮ জন লোক  নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷
  • মধ্য প্ৰদেশঃ কালি চাৰিখন জিলাত নতুনকৈ কোনো লোক ৰোগত আক্ৰান্ত হোৱা নাই৷ ইন্দোৰত কালি ৮৯ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷
  • চট্টিশগড়ঃ ৰাজ্যখনত ক’ৰোনাৰ বাবে ২২২৫ টা পৰীক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে৷ ইয়াৰে ১০১৯ টা কেন্দ্ৰ ৰেপিড এণ্টিজেন পৰীক্ষণৰ বাবে আৱণ্টিত কৰা হৈছে৷
  • গোৱাঃ গোৱাত ১২২০ টা পৰীক্ষণ সম্পন্ন হোৱাৰ জৰিয়তে পজিটিভিটীৰ হাৰ ১০% হৈছে৷ ছেপ্টেম্বৰত সৰ্বাধিক ৬৬৪ জন লোকৰ মৃত্যু হৈছে৷

 

ফেক্ট চেক

Image

 

 



(Release ID: 1673526) Visitor Counter : 101