প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জামনগৰ আৰু জয়পুৰত দুখন অত্যাধুনিক আয়ুৰ্বেদিক প্ৰতিষ্ঠান উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

Posted On: 13 NOV 2020 1:00PM by PIB Guwahati

নমস্কাৰ!

কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী শ্ৰীমান শ্ৰীপদ নায়ক মহোদয়, ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰীমান অশোক গেহলট জী, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰীমান বিজয় ভাই ৰূপানীজী, ৰাজস্থানৰ গৱৰ্ণৰ শ্ৰীমান কলৰাজজী, গুজৰাটৰ ৰাজ্যপাল শ্ৰীমান আচাৰ্য দেৱব্ৰতজী, অন্য সকলো মন্ত্ৰী, সাংসদ, বিধায়ক, আয়ুৰ্বেদৰ সৈতে জড়িত সকলো বিদ্বান, ভদ্ৰপুৰুষ তথা ভদ্ৰমহিলাসকল!

আপোনালোক সকলোলৈ ধনতেৰচ, ভগৱান ধনন্তৰি জয়ন্তীৰ অশেষ শুভকামনা থাকিল৷ ধনন্তৰিক আৰোগ্যৰ দেৱতা হিচাপে জ্ঞান কৰা হয় আৰু আয়ুৰ্বেদৰ সৃজনাও তেওঁৰ আশীৰ্বাদৰ জৰিয়তে হৈছে৷ আজিৰ এই পবিত্ৰ দিনটোত ভগৱান ধনন্তৰিক সম্পূৰ্ণ মানৱ জাতিয়ে প্ৰাৰ্থনা কৰিছে যাতে তেওঁ ভাৰতসহিতে সমগ্ৰ বিশ্বকে যাতে আৰোগ্যৰ আশীষ প্ৰদান কৰে৷

বন্ধুসকল,

এইবাৰৰ আয়ুৰ্বেদ দিৱস গুজৰাট আৰু ৰাজস্থানৰ বাবে বিশেষ, আমাৰ যুৱ সতীৰ্থসকলৰ বাবেও বিশেষ৷ আজি গুজৰাটৰ জামনগৰত ইনষ্টিটিউট অব্ টিচিং এণ্ড ৰিচাৰ্চ ইন আয়ুৰ্বেদে ইনষ্টিটিউট অব্ নেচনেল ইম্প’ৰ্টেন্সৰ ৰূপত গুৰুত্ব লাভ কৰিছে৷ এইদৰে জয়পুৰৰ ৰাষ্ট্ৰীয় আয়ুৰ্বেদ সংস্থাকো ডীমড্ বিশ্ববিদ্যালয়ৰ ৰূপত আজি লোকাৰ্পিত কৰা হৈছে৷ আয়ুৰ্বেদত উচ্চ শিক্ষা, ৰিচাৰ্ছ আৰু দক্ষতা বিকাশৰ সৈতে জড়িত উন্নত সংস্থাৰ বাবে ৰাজস্থান-গুজৰাটৰ লগতে সমগ্ৰ দেশকে অভিনন্দন জনাইছো৷

বন্ধুসকল,

আয়ুৰ্বেদ ভাৰতৰ এক ঐতিহ্য৷ ইয়াৰ প্ৰসাৰ মানৱ কল্যাণৰ বাবে কৰা হৈছে৷ আমাৰ পাৰম্পৰিক জ্ঞানে এতিয়া অন্য দেশকো সমৃদ্ধ কৰা দেখা কোনে সুখী নহ’ব? আজি ব্ৰাজিলৰ ৰাষ্ট্ৰীয় নীতিত আয়ুৰ্বেদক অন্তৰ্ভুক্ত কৰা হৈছে৷ ভাৰত-আমেৰিকাৰ সম্বন্ধই হওক, ভাৰত-জাৰ্মানীৰ সম্পৰ্কই হওক, আয়ুষ আৰু ভাৰতীয় পাৰম্পৰিক চিকিৎসা পদ্ধতিৰ সৈতে জড়িত সহযোগিতা নিৰন্তৰে বৃদ্ধি হ’বলৈ ধৰিছে৷ এয়াও প্ৰত্যেক ভাৰতীয়ৰ বাবে গৰ্বৰ কথা যে বিশ্ব স্বাস্থ্য সংস্থা তেওঁলোকৰ মুৰব্বী আৰু মোৰ বন্ধুৱে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে যে বিশ্ব স্বাস্থ্য সংস্থাই পৰম্পৰাগত চিকিৎসাৰ বিশ্বজনীন কেন্দ্ৰৰ স্থাপনৰ বাবে ভাৰতক নিৰ্বাচিত কৰিছে৷ ভাৰতক এই বৃহৎ দায়িত্ব অৰ্পণ কৰাৰ বাবে মই বিশ্ব স্বাস্থ্য সংস্থাৰ, বিশেষকৈ তাৰে মহানিৰ্দেশক তথা মোৰ মিত্ৰ ড০ ট্ৰেডছকো হৃদয়েৰে কৃতজ্ঞতা জনাইছো৷  মোৰ বিশ্বাস যে যিদৰে ভাৰত বিশ্বৰ ফাৰ্মাচীলৈ ৰূপান্তৰিত হৈছে ঠিক সেইদৰে পৰম্পৰাগত চিকিৎসাৰো কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে৷ এই কেন্দ্ৰ বিশ্বৰ পৰম্পৰাগত ঔষধৰ বিকাশ আৰু ইয়াৰ সৈতে জড়িত গৱেষণাক উদ্ভাসিত কৰিব৷

বন্ধুসকল,

পৰিৱৰ্তিত সময়ৰ সৈতে আজি প্ৰতিটো দিশেই সংবদ্ধ হৈ আছে৷ স্বাস্থ্যও ইয়াৰ পৰা ভিন্ন নহয়৷ এই চিন্তাৰ সৈতে দেশে আজি চিকিৎসাৰ ভিন্ন পদ্ধতিৰ সংবদ্ধকৰণ, সকলোকে গুৰুত্ব প্ৰদান কৰি এটাৰ পিছত এটাকৈ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ এই চিন্তাৰ সৈতে আয়ুষক, আয়ুৰ্বেদক দেশৰ আৰোগ্য নীতিৰ স্বাস্থ্য নীতিৰ মুখ্যধাৰা হিচাপে গঢ়ি তোলা হৈছে৷ আজি আমি স্বাস্থ্যৰ নিজৰ পৰম্পৰাগত সম্পদক এক বিকল্প নহয়, বৰঞ্চ দেশৰ আৰোগ্যৰ এক আধাৰ হিচাপে গঢ়ি তুলিছো৷

বন্ধুসকল,

এয়া সত্য যে ভাৰতত আৰোগ্যৰ সৈতে জড়িত এক বৃহৎ ঐতিহ্য আছে৷ কিন্তু এয়াও সত্য যেএই জ্ঞান অধিকাংশ কিতাপত, শাস্ত্ৰত আছে আৰু কম-বেছি পৰিমাণে ককা-আইতাৰো মুখত শুনিবলৈ পোৱা যায়৷ এই জ্ঞানক আধুনিক আৱশ্যকতা অনুসৰি বিকশিত কৰাটো অতিশয় আৱশ্যকীয়৷ সেইবাবে দেশত এতিয়া প্ৰথমবাৰলৈ আমাৰ প্ৰাচীন চিকিৎসাৰ জ্ঞানক একবিংশ শতিকাৰ আধুনিক বিজ্ঞানৰ পৰা পোৱা জ্ঞানৰ সৈতে সংবদ্ধ কৰোৱা হৈছে, নতুন গৱেষণা কৰা হৈছে৷ তিনি বছৰ পূৰ্বে আমাৰ ইয়াত অখিল ভাৰতীয় আয়ুৰ্বেদিক সংস্থাৰ স্থাপন কৰা হৈছিল৷ লেহত সোৱা-ৰিগপাৰ সৈতে জড়িত গৱেষণা আৰু আন অধ্যয়নৰ বাবে ৰাষ্ট্ৰীয় সোৱা ৰিগপা সংস্থা বিকশিত কৰাৰ কাম অব্যাহত আছে৷ আজি গুজৰাট আৰু ৰাজস্থানৰ যি দুখন সংস্থাক বিকশিত কৰা হৈছে, সেয়াও এই প্ৰক্ৰিয়াৰেই অংশ হিচাপে বিবেচিত হৈছে৷

ভাতৃ আৰু ভগ্নীসকল,

কোৱা হয় যে কাম বাঢ়িলে দায়িত্বও বৃদ্ধি হয়৷ আজি  যেতিয়া এই দুয়োখন গুৰুত্বপূৰ্ণ সংস্থাৰ কাম বাঢ়িছে, এই সন্দৰ্ভত মই এক আহ্বান জনাব বিচাৰিছো৷ দেশৰ প্ৰিমিয়াম আয়ুৰ্বেদিক সংস্থা হোৱাৰ পৰিপ্ৰেক্ষিতত আপোনালোকে এতিয়া এনে এক পাঠ্যক্ৰম প্ৰস্তুত কৰিব লাগিব যি আন্তৰ্জাতিক অনুশীলন আৰু বৈজ্ঞানিক মানদণ্ডৰ অনুকূল হ’ব লাগিব৷ মই শিক্ষা মন্ত্ৰালয় আৰু ইউজিচিকো আহ্বান জনাব বিচাৰিছো যে আয়ুষ-ভৌতিকী আৰু আয়ুষ-ৰসায়ন শাস্ত্ৰৰ দৰে বিষয়সমূহক লৈ নতুন সম্ভাৱনাৰ সৈতে কাম কৰা যাওক৷ ইয়াত গৱেষণাক অধিক প্ৰসাৰিত কৰাৰ বাবে   Integrated Doctoral আৰু Post Doctoral Curriculum প্ৰস্তুত কৰাৰ বাবে কাম কৰিব পাৰি৷ আজি মই দেশৰ ব্যক্তিগত খণ্ড, আমাৰ ষ্টাৰ্ট-আপ সকলোলৈ আহ্বান জনাইছো যে তেওঁলোকে বৈশ্বিক চাহিদাসমূহ অধ্যয়ন কৰিব লাগে আৰু এই ক্ষেত্ৰত হোৱা বিকাশত নিজৰ অংশীদাৰীত্ব সুনিশ্চিত কৰিব লাগে৷ আয়ুৰ্বেদৰ স্থানীয় শক্তিৰ বাবে আপোনালোকে সমগ্ৰ বিশ্বত ইয়াৰ হৈ মুখৰিত হওক৷ মোৰ বিশ্বাস যে আমাৰ সহযোগিতামূলক প্ৰয়াসৰ দ্বাৰা কেৱল আয়ুষেই নহয় বৰঞ্চ আমাৰ সম্পূৰ্ণ প্ৰণালী এক বৃহৎ পৰিৱৰ্তনৰ সাক্ষী হৈ ৰ’ব৷

বন্ধুসকল,

আপোনালোকে ভালদৰেই জানে যে এই বছৰৰ বৰ্ষাকালীন সংসদীয় অধিৱেশনত দুখন ঐতিহাসিক আয়োগ গঠন কৰা হৈছে৷ প্ৰথম-  National Commission for Indian System of Medicine আৰু দ্বিতীয়- National Commission for Homoeopathy৷ কেৱল এয়াই নহয়, নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিতো ভাৰতৰ চিকিৎসা শিক্ষাত সংবদ্ধতাকৰ প্ৰয়োগক উৎসাহিত কৰা হৈছে৷ এই নীতিৰ এয়াই অৰ্থ যে এলোপোথিক শিক্ষাত আয়ুৰ্বেদৰ প্ৰাথমিক জ্ঞান জৰুৰী আৰু আয়ুৰ্বেদিক শিক্ষাত এলোপেথিকৰ জ্ঞান অতিশয় আৱশ্যক৷

বন্ধুসকল,

একবিংশ শতিকাৰ ভাৰতে এতিয়া বিভক্তবাদত নহয়, সামূহিকতাত বিশ্বাস কৰে৷ স্বাস্থ্যৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহকো এতিয়া সামূহিক অভিগমনৰ সৈতে সমাধান কৰা হৈছে৷ আজি দেশত কম খৰচী আৰু প্ৰভাৱী চিকিৎসাৰ সৈতে প্ৰতিৰোধাত্মক স্বাস্থ্যসেৱা, কল্যাণত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে৷ আচাৰ্য চৰকে কৈছে- স্বাস্থস্য স্বাস্থ্য ৰক্ষণং, আতুৰস্য বিকাৰ প্ৰশমনং চ! অৰ্থাৎ সুস্থ ব্যস্তিৰ স্বাস্থ্য ৰক্ষা কৰা  আৰু ৰোগীক ৰোগমুক্ত কৰাই হ’ল আয়ুৰ্বেদৰ উদ্দেশ্য৷ 

বন্ধুসকল,

কল্যাণৰ এই ভাৰতীয় দৰ্শনে আজি সমগ্ৰ বিশ্বকে আকৰ্ষিত কৰিছে৷ ক’ৰোনাৰ এই কঠিন সময়ে পুনৰ প্ৰদৰ্শিত কৰিছে যে স্বাস্থ্য আৰু কল্যাণৰ সৈতে জড়িত ভাৰতৰ এই পাৰম্পৰিক বিদ্যা কিমান কৌশলী হৈ উঠিছে৷ যেতিয়া ক’ৰোনাৰ সৈতে যুঁজিবলৈ কোনো প্ৰভাৱী পদ্ধতি নাছিল তেতিয়া ভাৰতৰ ঘৰে-ঘৰে উপলব্ধ হালধি, গাখীৰ আৰু কাঢ়াৰ দৰে অনেক ৰোগ প্ৰতিৰোধক বুষ্টাৰ উপযোগী বিবেচিত হৈছিল৷ ইমান বৃহৎ জনসংখ্যা, ইমান বৃহৎ আবাদী আৰু এনেকুৱা আমাৰ দেশ, যদি আজি আমাৰ স্থিতি নিয়ন্ত্ৰণত আছে তেন্তে সেয়া কেৱল আমাৰ এই পৰম্পৰাৰ ভূমিকাৰ ফলতেই হৈছে৷

বন্ধুসকল,

ক’ৰোনাৰ এই সময়ছোৱাত সমগ্ৰ বিশ্বত আয়ুৰ্বেদিক সামগ্ৰীৰ চাহিদা দ্ৰুত গতিত বৃদ্ধি হৈছে৷ বিগত বছৰৰ তুলনাত এই বছৰৰ ছেপ্টেম্বৰত আয়ুৰ্বেদিক সামগ্ৰী ৰপ্তানি প্ৰায় ডেৰ গুণ, প্ৰায় ৪৫ শতাংশ বৃদ্ধি হৈছে৷

বন্ধুসকল,

আজি আমি আয়ুৰ্বেদিক ঔষধৰ সৈতে ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰা পুষ্টিদায়ক খাদ্যসমূহৰ ওপৰতো বিশেষ গুৰুত্ব প্ৰদান কৰিছো৷ গোটা শস্য অৰ্থাৎ মিলেটৰ উৎপাদন বৃদ্ধিৰ বাবে আজি কৃষকসকলক উৎসাহিত কৰা হৈছে৷ আয়ুষ মন্ত্ৰালয়ে ইয়াৰ বাবে ব্যাপকভাৱে কাম কৰিছে৷ আপোনালোকেও দেখা পাইছে যে ক’ভিড মহামাৰী আৰম্ভ হোৱাৰ পিছত আয়ুৰ্বেদিক ঔষধি যেনে অশ্বগন্ধা, তুলসী আদিৰ মূল্য বৃদ্ধি পাইছে কিয়নো ইয়াৰ চাহিদা বৃদ্ধি পাইছে৷ মোক কোৱা হৈছে যে এইবাৰ অশ্বগন্ধাৰ মূল্য বিগত বৰ্ষৰ তুলনাত দুগুণতকৈও অধিক হৈছে৷ ইয়াৰ প্ৰত্যক্ষ লাভ কৃষকসকলে লাভ কৰিছে৷

বন্ধুসকল,

আয়ুৰ্বেদৰ সৈতে জড়িত সমগ্ৰ পৰিবেশতন্ত্ৰৰ বিকাশত, দেশৰ স্বাস্থ্য আৰু কল্যাণৰ সৈতে জড়িত পৰ্যটনো বিকশিত হ’ব৷ গুজৰাট আৰু ৰাজস্থানত ইয়াৰ বাবে অসীম সম্ভাৱনাৰ সৃষ্টি হৈছে৷ মোৰ বিশ্বাস যে জামনগৰ আৰু জয়পুৰৰ এই দুয়োটা সংস্থা এই দিশত লাভদায়ক হিচাপে বিবেচিত হ’ব৷ পুনৰবাৰ আপোনালোক সকলোলৈ অলেখ অভিনন্দন জনাইছো৷ আজি সৰু দীপাৱলী, কাইলৈ ডাঙৰ দীপাৱলী৷ আপোনাক, আপোনালোকৰ পৰিয়ালক মোৰ তৰফৰ পৰা এই দীপাৱলীৰ পবিত্ৰ উপলক্ষত অনেক শুভকামনা জনাইছো৷

অশেষ ধন্যবাদ৷

*****

DS/SH/AV/MANN



(Release ID: 1672855) Visitor Counter : 138