প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আছিয়ান-ভাৰত সন্মিলনত ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰীয়ে

Posted On: 12 NOV 2020 10:34PM by PIB Guwahati

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আছিয়ানৰ বর্তমান সভাপতি ভিয়েটনামৰ প্ৰধানমন্ত্রী নগুয়েন ছুন ফুকৰ আমন্ত্ৰণক্ৰমে আজি সপ্তদশ আছিয়ান ভাৰত শীর্ষ সন্মিলনত আৰু ক্ংগ্ৰেছত অংশগ্ৰহণ কৰে৷ এই ভার্চুৱেল সন্মিলনত আছিয়ানৰ সদস্যভুক্ত ১০খন ৰাষ্ট্ৰৰ সকলোৱেই যোগদান কৰে৷ এই সন্মিলনত বক্তব্য আগবঢ়ায় প্ৰধানমন্ত্রীয়ে ভাৰতৰ এক্ট ইষ্ট নীতিৰ কেন্দ্ৰত আছিয়ান আছে বুলি সদৰি কৰে৷ ভাৰত আৰু আছিয়ানৰ মাজত এক সংযোগশীল, দায়িত্বশীল আৰু সমৃদ্ধশালী সম্পর্ক আছে, যিটো প্ৰকৃততে ভাৰতৰভাৰত প্ৰশান্ত মহাসাগৰীয় প্রেক্ষাপটআৰু এই অঞ্চলৰ সকলোৰে নিৰাপত্তা আৰু উন্নয়নমূলক কাৰ্যসূচী-“সাগৰ” নীতিৰে প্ৰতিফলন৷ ভাৰতৰভাৰত প্ৰশান্ত মহাসাগৰীয় উদ্যোগআৰু আছিয়ানৰআউটলুক অন ইণ্ডো-পেচিফিকনীতিৰ ওপৰত প্ৰধানমন্ত্রীয়ে জোৰ দিয়ে৷ ভাৰতৰ এই প্ৰচেষ্টাৰ বিভিন্ন ক্ষেত্রত আছিয়ানৰ সদস্যভুক্ত দেশসমূহৰ তেওঁ সহযোগিতাৰ প্ৰস্তাৱ দিয়ে৷ ভিড-১৯ৰ প্ৰসংগত প্ৰধানমন্ত্রীয়ে কয় যে আন্তর্জাতিক সমূদায়ক আৰু চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সাহায্যৰ ক্ষেত্ৰত ভাৰতে প্ৰচেষ্টা হাতত লৈছে৷ এই মহামাৰীৰ বিৰুদ্ধে যুঁজত আছিয়ানৰ উদ্যোগক তেওঁ আদৰণি জনায়৷ বৈঠকত ভিড-১৯ আছিয়ান সঁহাৰি পুঁজিত ১০ লাখ মার্কিন ডলাৰৰ অনুদানৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্রীয়ে৷

আছিয়ান আৰু ভাৰতৰ মাজত ব্যক্তিগত আৰু ডিজিটেল সংযোগৰ গুৰুত্বৰ সন্দৰ্ভত উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে আছিয়ান সদস্যভুক্ত দেশসমূহৰ সৈতে যোগাযোগ বৃদ্ধিৰ বিষয়ত ভাৰতৰ ১০০ কোটি মার্কিন ডলাৰ মূলধনৰ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে৷ ব্যৱসায়-বাণিজ্য আৰু বিনিয়োগত ভিডৰ পাছৰ সময়ছোৱাত যোগান শৃংখলা সুদৃঢ় কৰিবলৈ বিভিন্ন ব্যৱস্থাৰ ওপৰত তেওঁ জোৰ দিয়ে৷

আছিয়ান সদস্যভুক্ত দেশসমূহৰ নেতৃবৃন্দই এই অঞ্চলটোৰ শান্তি আৰু সুস্থিৰতা বজাই ৰখাৰ ক্ষেত্রত ভাৰতৰ অৱদানৰ কথা স্বীকাৰ কৰে৷ আছিয়ানৰ বিষয়ত ভাৰতৰ সমর্থনক তেওঁ আদৰণি জনায়৷ ২০২১-২৫ চনলৈকে নতুন আছিয়ান ভাৰত কৰ্ম পৰিকল্পনা গ্ৰহণ কৰাৰ বিষয়টো নেতৃবৃন্দই আদৰণি জনায়৷

বৈঠকত দক্ষিণ চীন সাগৰ আৰু সন্ত্রাসবাদৰ দৰে অভিন্ন স্বার্থ জড়িত বিষয়সমূহৰ উপৰি বিভিন্ন আঞ্চলিক আৰু আন্তর্জাতিক বিষয়ক লৈ আলোচনা হৈছে। ইউএনচিএলঅএছকে ধৰি বিভিন্ন আন্তর্জাতিক আইন মানি এই অঞ্চলৰ ব্যৱস্থাপনা পৰিচালনাৰ সন্দৰ্ভত উভয় পক্ষই জোৰ দিয়ে৷ শান্তি, সুস্থিৰতা, নিৰাপত্তা আৰু দক্ষিণ চীন সাগৰৰ সুৰক্ষাৰ ওপৰত নেতৃবৃন্দই গুৰুত্ব আৰোপ কৰে আৰু নৌ চলাচল আৰু বিমান চলাচলৰ স্বাধীনতা নিশ্চিত কৰা বুলি সদৰি কৰে৷

***

DS/SH/DB



(Release ID: 1672802) Visitor Counter : 195