ৰেচম মন্ত্ৰালয়
বস্ত্ৰ মন্ত্ৰালয়ে আৰম্ভ কৰিলে #Local4Diwali প্ৰচাৰ কাৰ্যসূচী
ভাৰতীয় হস্তশিল্প ক্ৰয় আৰু উপহাৰ দি দীপাৱলী পালন কৰাৰ আহ্বান সকলোকে
प्रविष्टि तिथि:
11 NOV 2020 1:15PM by PIB Guwahati
হস্তশিল্প হৈছে ভাৰতৰ গৌৰৱোজ্জ্বল সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক। আমাৰ দেশৰ জীৱিকা অৰ্জনৰ এক গুৰুত্বপূৰ্ণ উৎস হ’ল এই হস্তশিল্পসমূহ। ইয়াৰ মাধ্যমেৰে মহিলাসকলৰ সবলীকৰণ নিশ্চিত হয়, কাৰণ হস্তশিল্পৰ সৈতে জড়িত শিল্পীসকল আৰু অন্যান্য কৰ্মীসকলৰ ৫৫ শতাংশই মহিলা।
ভাৰতীয় হস্তশিল্পৰ ব্যৱহাৰ বৃদ্ধি কৰিবৰ বাবে আৰু মানুহৰ মাজলৈ এই হস্তশিল্পবোৰ লৈ যোৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে আহ্বান জনাইছে। বস্ত্ৰ মন্ত্ৰালয়ে এই প্ৰসঙ্গত এক আহ্বান জনাইছে :-
প্ৰধানমন্ত্ৰীৰ ৯ নৱেম্বৰৰ আহ্বানত উৎসাহিত হৈ আহক, আমি সকলোৱেই স্থানীয় বস্ত্ৰশিল্প আৰু হস্তশিল্পৰ ব্যৱসায়লৈ সাহায্য আগবঢ়োৱাৰ বাবে আগুৱাই আহো।
মাটিৰ এগছি চাকি, দেশীয় পদ্ধতিৰে নিৰ্মিত পৰ্দা, বিচনা চাদৰ বা হস্তশিল্পৰ ঘৰ সজোৱা কিছু সামগ্ৰী, যিবোৰ আপুনি আপোনাৰ নিকট লোকসকলক উপহাৰ দিয়ে, এই দীপাৱলীত এই সকলোবোৰৰেই গুৰুত্ব আছে।
দীপাৱলীৰ বাবে হস্তশিল্পী আৰু স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ীসকলক উৎসাহিত কৰিবলৈ আপোনাৰ টুইটাৰ, ফেচবুক আৰু ইনষ্টাগ্ৰামত #Local4Diwali ব্যৱহাৰ কৰক।
আপোনাৰ পছন্দৰ সামগ্ৰী - সেয়া পোচাক হ’বও পাৰে বা অন্য কোনো হস্তশিল্পৰ পণ্য হ’বও পাৰে, তাৰ এক ফটো তোলক। সেইটোক পোষ্ট কৰক, যিটো এই দীপাৱলী উপলক্ষে আপুনি কিনিছে।
যাৰ পৰা এই সামগ্ৰীবিধ কিনিছে, তেওঁৰ ছবিও #Local4Diwali-ত পোষ্ট কৰক। এইদৰে এইসকল লোকৰ সংকটৰ এই সময়ত তেওঁলোকৰ কাষত থাকক। আপোনাৰ সাহায্যৰ মাজেৰেই এইসকলে এই প্ৰয়োজনৰ সময়ত উপকৃত হ’ব, নিজৰ স্বাভাৱিক অৱস্থালৈ উভতি যাব পাৰিব।
****
APS/RD
(रिलीज़ आईडी: 1672127)
आगंतुक पटल : 226
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
Odia
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Kannada