প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰ্চুৱেল গ্ল’ৱেল ইনভেষ্টৰ ৰাউণ্ডটেবুলত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণ পাঠ

Posted On: 05 NOV 2020 8:02PM by PIB Guwahati

নমস্কাৰ। উৎসৱৰ বতৰত শুভেচ্ছা জনালো।

আপোনালোকক আদৰণি জনাইছো। আপোনালোকে আমাৰ সৈতে মিলিত হ’বলৈ প্ৰদৰ্শন কৰা উদ্যমে পুলকিত কৰি তুলিছে। মই আশা কৰিছো যে আমাৰ পাৰস্পৰিক দৃষ্টিকোণেৰে উত্তম বুজাবুজিয়ে আপোনালোকৰ পৰিকল্পনা আৰু আমাৰ লক্ষ্যক বিশেষ মাত্ৰা প্ৰদান কৰিব।

বন্ধুসকল,

এই বছৰটোত, ভাৰতে গোলকীয় মহামাৰীটোৰে সাহসিকতাৰে যুঁজ দি আছে, ইয়াত বিশ্বই ভাৰতৰ ৰাষ্ট্ৰীয় চৰিত্ৰ প্ৰত্যক্ষ কৰিছে। বিশ্বখনে ভাৰতৰ প্ৰকৃত সামৰ্থ্যও দেখিছে। ই সফলতাৰে প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে কেতবোৰ ভাৰতীয় পৰম্পৰা। যাৰ বাবে ভাৰতক জনা যায় এইবুলিঃ দায়বদ্ধতাৰ প্ৰতিভূ। সহানুভূতিৰ উদ্দীপনা। ৰাষ্ট্ৰীয় একতা। উদ্ভাৱনৰ স্ফুলিংগ। এই মহামাৰীত ভাৰতে লক্ষ্যণীয় প্ৰাণোচ্ছলতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। সেয়া লাগে ভাইৰাছটোৰ বিৰুদ্ধে যুঁজেই হওঁক বা অৰ্থনৈতিক সুস্থিৰতা বৰ্তাই ৰখাতেই হওঁক। এই প্ৰাণোচ্ছলতাৰ চালিকা শক্তি হৈছে আমাৰ ব্যৱস্থাসমূহৰ সামৰ্থ্য, আমাৰ জনসাধাৰণৰ সমৰ্থন আৰু আমাৰ নীতিসমূহৰ সুস্থিৰতা। এয়া আমাৰ ব্যৱস্থাসমূহৰ সামৰ্থ্যৰ বাবে সম্ভৱ হৈ উঠিছে কিয়নো আমি প্ৰায় ৮০০ নিযুত লোকলৈ খাদ্য-শস্য আগবঢ়াবলৈ সক্ষম হৈছো। একেদৰে ৪২০ নিযুত লোকলৈ ধন হস্তান্তৰ কৰা হৈছে। সমান্তৰালভাৱে, ৮০ নিযুত পৰিয়ালক বিনামূলীয়া ৰন্ধন গেছৰ যোগান ধৰা হয়। এয়া জনসাধাৰণৰ সমৰ্থনৰ বাবে সম্ভৱ হৈ উঠিছে কিয়নো জনসাধাৰণে সামজিক দূৰত্ব বৰ্তাই ৰাখিছে। মাস্ক পৰিধান কৰিছে। যিয়ে ভাইৰাছটোৰ বিৰুদ্ধে ভাৰতৰ যুঁজখনক শক্তিশালী কৰি তুলিছে। আমাৰ নীতিসমূহৰ সুস্থিৰতাৰ বাবে সম্ভৱ হৈ উঠিছে কিয়নো ভাৰত বিশ্বৰ অন্যতম পচ্ছন্দৰ বিনিয়োগৰ লক্ষ্যস্থান হিচাপে পৰিগণিত হৈছে।

বন্ধুসকল,

আমি এখন নৱ্য ভাৰত নিৰ্মাণ কৰি আছো। ই পুৰণি আদাৱ-কায়দাৰপৰা মুক্ত। আজি, শ্ৰেষ্ঠতৰ বাবে ভাৰতৰ পৰিৱৰ্তন সাধন হৈ আছে। বিত্তীয় দায়িত্বহীনতাৰপৰা বিত্তীয় বিচক্ষণতালৈ, উচ্চ মুদ্ৰাস্ফীতিৰপৰা নিম্ন মুদ্ৰাস্ফীতিলৈ, নন পাৰ্ফমিং এছেট সৃষ্টিকাৰী ৰেকলেছ লেণ্ডিঙৰপৰা মেৰিট নিৰ্ভৰ লেণ্ডিঙলৈ, আন্তঃগাঁথনি ঘাটিৰপৰা আন্তঃগাঁথনিৰ বৰ্ধনলৈ, অ-ব্যৱস্থাপূৰ্ণ নগৰীয়া বিকাশৰপৰা সৰ্বাংগীন আৰু সন্তুলিত বিকাশলৈকে আৰু ফিজিকেলৰপৰা ডিজিটেল আন্তঃগাঁথনিলৈকে সকলোতে পৰিৱৰ্তন সাধন হৈছে।

বন্ধুসকল,

ভাৰতে আত্মনিৰ্ভৰ হ’বলৈ বিচৰা কথাটো এটা মাথো লক্ষ্যই নহয় বৰঞ্চ ইয়াৰ বাবে সু-পৰিকল্পিত অৰ্থনৈতিক কৌশলৰ ব্যৱস্থা কৰা হৈছে। এনে কৌশলৰ পৰিকল্পনা কৰা হৈছে যাৰ জৰিয়তে আমাৰ ব্যৱসায়ৰ সামৰ্থ্য আৰু আমাৰ শ্ৰমিকসকলৰ দক্ষতা ব্যৱহাৰৰ জৰিয়তে ভাৰতক গ্ল’ৱেল মেনুফেকচাৰিং পাৱাৰ-হাউছ হিচাপে গঢ়ি তোলা হ’ব। এই কৌশলৰ আউটিত আছে উদ্ভাৱনৰ অৰ্থে গ্ল’ৱেল চেন্টাৰ হৈ উঠিব পৰাকৈ আমাৰ প্ৰযুক্তিৰ সামৰ্থ্য়সমূহ ব্যৱহাৰ কৰা। তদুপৰি, এই কৌশলত অন্তৰ্ভুক্ত কৰা হৈছে আমাৰ অসামান্য মানৱ সম্পদ আৰু তেওঁলোকৰ প্ৰতিভাসমূহ ব্যৱহাৰৰ জৰিয়তে বৈশ্বিক উন্নয়নলৈ বৰঙণি যোগান ধৰা।

বন্ধুসকল,

আজি, বিনিয়োগকাৰীসকলে উচ্চ পৰিবেশ, সামাজিক আৰু শাসন স্ক’ৰ থকা কোম্পানীসমূহৰ প্ৰতি অগ্ৰসৰ হৈছে। ভাৰতত ইতিমধ্যে এনে ব্যৱস্থা আৰু কোম্পানী আছে। এইসমূহৰ স্থান উল্লেখ কৰাৰ দৰে উচ্চ। ভাৰতে ইএছজিৰ ওপৰত সমান লক্ষ্য়ৰে বিকাশৰ পথ অনুসৰণক বিশ্বাস কৰে।

বন্ধুসকল,

ভাৰতে আপোনালোকক ডেম’ক্ৰেচী, ডেম’গ্ৰাফী, ডিমাণ্ড আৰু একেদৰে ডাইভাৰচিটি আগবঢ়াইছে। আমাৰ বৈচিত্ৰ্য এয়াই যে আপোনালোকে এখন বজাৰতে বহু বজাৰ লাভ কৰিব। ইয়াৰ পকেট ছাইজ আৰু অগ্ৰাধিকাৰসমূহো ভিন্ন-ভিন্ন। ইয়াৰ বতৰ আৰু উন্নয়নৰ স্তৰ ভিন্ন-ভিন্ন। এই বৈচিত্ৰ্যৰে সংযোগ ঘটিছে মুকলি মন আৰু মুকলি বজাৰৰ। এয়া চালিত হৈছে গণতান্ত্ৰিক, সৰ্বব্যাপী আৰু আইন-সংগত ব্যৱস্থাৰে।

বন্ধুসকল,

মই জানো যে মই কেতবোৰ বেষ্ট ফাইনেন্সিয়েল ব্ৰেইনক সম্বোধন কৰি আছো। মই জানো এই সকলে উদ্ভাৱন আৰু বিকাশৰ নতুন ক্ষেত্ৰসমূহক বহনক্ষম বাণিজ্যিক প্ৰতিজ্ঞালৈ ৰূপান্তৰিত কৰিব পাৰিব। একে সময়তে, মই আপোনালোকৰ প্ৰয়োজনীয়তা সন্দৰ্ভত সতৰ্ক। আপোনালোকৰ ন্যাসলৈ পুঁজি যোগান, উত্তম আৰু সুৰক্ষিত দীৰ্ঘ-ম্যাদী ৰিটাৰ্ণৰ বাবে দায়বদ্ধ।

সেয়েহে বন্ধুসকল,

মই গুৰুত্ব প্ৰদান কৰিব খুজিছো সমস্যাসমূহৰ বাবে দীৰ্ঘ-ম্যাদী আৰু বহনক্ষম সমাধান সূত্ৰ নিৰ্ণয় কৰাৰ প্ৰচেষ্টাত। এই প্ৰচেষ্টাই আপোনালোকৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব। মোক কেতবোৰ উদাহৰণ দাঙি ধৰিবলৈ সুযোগ প্ৰদান কৰক।

বন্ধুসকল,

আমাৰ মেনুফেকচাৰিং সম্ভাৱনা উন্নত কৰিবলৈ আমি বহু ব্যৱস্থা হাতত লৈছো। আমি জিএছটিৰ মাধ্যমেৰে ওৱান নেশ্যন আৰু ওৱান টেক্স ব্যৱস্থা প্ৰৱৰ্তন কৰিছো। য’ত কৰ্পৰেট কৰৰ হাৰ সৰ্বনিম্ন। ইয়াত নতুন মেনুফেকচাৰিঙৰ বাবে ইনচেনটিভৰো ব্যৱস্থা ৰখা হৈছে। আয় কৰ মূল্যায়ন আৰু আপীলৰ অৰ্থে ফেচ-লেচ আমোলৰ প্ৰৱৰ্তন কৰা হৈছে। নতুন শ্ৰম আইন আমোলৰ প্ৰৱৰ্তনৰ জৰিয়তে শ্ৰমিকসকলৰ কল্যাণ আৰু নিয়োগকৰ্তাসকলৰ কাৰণে ইজ অৱ ডুয়িং বিজনেছৰ সন্তুলন বৰ্তাই ৰখা হৈছে। নিৰ্দিষ্ট খণ্ডসমূহত প্ৰডাকশ্যন লিংকড ইনচেনটিভ আঁচনি প্ৰৱৰ্তন কৰা যায়। হেণ্ড-হ’ল্ড বিনিয়োগকাৰীসকলৰ বাবে সৱলীকৃত আনুষ্ঠানিক ব্যৱস্থা ৰখা গৈছে।

বন্ধুসকল,

আমি নেশ্যনলেল ইনফ্ৰাচট্ৰাকচাৰ পাইপলাইনৰ অধীনত ১.৫ ট্ৰিলিয়ন ডলাৰ বিনিয়োগৰ অভিলাষী পৰিকল্পনা হাতত লৈছো। ইয়াৰ অৰ্থে আগশাৰীৰ মাল্টি-মডেল সংযোগ আন্তঃগাঁথনি মাষ্টাৰ প্লেন যুগুত কৰি উলিওৱা হৈছে। ভাৰতে সমগ্ৰ দেশখনত হাইৱে, ৰেলৱে, মেট্ৰ’, ৱাটাৰ-ৱে, এয়াৰপ’ৰ্ট প্ৰভৃতি ক্ষেত্ৰসমূহত বিশেষ আন্তঃগাঁথনি নিৰ্মাণ কৰিছে। আমি নৱ্য-মধ্যবিত্ত শ্ৰেণীটোৰ বাবে কেইবা নিযুত সাশ্ৰয়ী গৃহ নিৰ্মাণ কৰি আছো। আমি কেৱল বৃহৎ মহানগৰ সমূহতেই নহয় বৰঞ্চ সৰু-সৰু নগৰ আৰু চহৰসমূহতো বিনিয়োগ কৰিব খুজিছো। গুজৰাটৰ গিফ্ট চিটি ইয়াৰ এটা ভাল উদাহৰণ। এনে নগৰসমূহৰ উন্নয়নৰ অৰ্থে আমি মিছন-মুড আঁচনি ৰূপায়ণ কৰি আছো।

বন্ধুসকল,

মেনুফেকচাৰিং বেছ শক্তিশালী আৰু বিশ্ব-মানৰ আন্তঃগাঁথনি নিৰ্মাণৰ অৰ্থে আমাৰ কাৰ্যপন্থাসমূহৰ লেখীয়াকৈ, বিত্তীয় খণ্ডৰ বাবেও বলিষ্ঠ কাৰ্যপন্থা যুগুত কৰি উলিওৱা হৈছে। আমি গ্ৰহণ কৰা এনে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপত অন্তৰ্ভুক্ত হৈছেঃ বেংকিং খণ্ডৰ বিস্তৃত সংস্কাৰ সাধন। ফাইনেন্সিয়েল মাৰ্কেটসমূহৰ শক্তিশালীকৰণ। ইন্টাৰনেশ্যনেল ফাইনেন্সিয়েল ছাৰ্ভিচ চেন্টাৰৰ অৰ্থে ইউনিফাইড অথ’ৰিটী। যি হৈছে এটা অতিশয় উদাৰ এফডিআই আমোল। বিদেশী মূলধনৰ অৰ্থে এটা ফলপ্ৰদ কৰ আমোল প্ৰৱৰ্তন কৰা হৈছে। ইনফ্ৰাচট্ৰাকচাৰ ইনভেষ্টমেন্ট ট্ৰাষ্ট আৰু ৰিয়েল এষ্টেট ইনভেষ্টমেন্ট ট্ৰাষ্টৰ দৰে ইনভেষ্টমেন্ট ভেহিকলৰ অৰ্থে সুচল নীতি আমোলৰ প্ৰৱৰ্তন কৰা যায়। অৰ্থশূন্যতা সংহিতা ৰূপায়ণ কৰা হৈছে। প্ৰত্যক্ষ লাভ হস্তান্তৰ আৰু ৰু-পে’ কাৰ্ড আৰু ভীম-ইউপিআইৰ দৰে ফিন-টেক নিৰ্ভৰ পেমেন্ট প্ৰণালীৰ জৰিয়তে বিত্তীয় সৱলীকৰণ কৰা হৈছে।

বন্ধুসকল,

উদ্ভাৱন আৰু ডিজিটেল সম্পৰ্কীয় ব্যৱস্থাসমূহ সদায়েই চৰকাৰী নীতি আৰু সংস্কাৰৰ কেন্দ্ৰবিন্দু হৈ আহিছে। আমাৰ ষ্টাৰ্ট-আপ আৰু ইউনিকৰ্নৰ সংখ্যা বিশ্বখনৰ ভিতৰতে সৰ্বাধিক। আমি এতিয়াই তীব্ৰ গতিৰে আগবাঢ়ি আছো। ২০১৯ৰ বিকাশৰ হাৰলৈ চালে দেখা যায় যে প্ৰতিদিনে ২ ৰপৰা ৩ টাকৈ ষ্টাৰ্ট-আপ আৰম্ভ হৈছে।

বন্ধুসকল,

আমাৰ চৰকাৰে ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ সমৃদ্ধিৰ অৰ্থে ভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। কৌশলী ডিছইনভেষ্টমেন্ট আৰু এছেটৰ আধুনিকীকৰণৰ ছন্দ অভূতপূৰ্ব। ৰাজহুৱা খণ্ডত আমাৰ শ্বেয়াৰ ৫১ শতাংশৰ নিম্ন কৰি তোলাটো এটা ঐতিহাসিক সিদ্ধান্ত। কয়লা, মহাকাশ, পাৰমাণৱিক শক্তি, ৰেলৱে, অসামৰিক বিমান পৰিবহণ আৰু প্ৰতিৰক্ষাৰ দৰে নতুন খণ্ডসমূহত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ প্ৰশস্ত কৰি তুলিবলৈ নীতি গ্ৰহণ কৰা হৈছে। নতুন পাব্লিক চেক্টৰ আণ্ডাৰটেকিং নীতিয়ে ৰাজহুৱা খণ্ডৰ উন্নয়ন সাধন কৰিব।

বন্ধুসকল,

আজি, ভাৰতৰ প্ৰতিটো খণ্ড যথাঃ মেনুফেকচাৰিং, আন্তঃগাঁথনি, প্ৰযুক্তি, কৃষি, বিত্ত আৰু আনকি স্বাস্থ্য আৰু শিক্ষাৰ দৰে সামাজিক খণ্ডসমূহো সমৃদ্ধ হৈছে। আমাৰ শেহতীয়া কৃষি সংস্কাৰে ভাৰতৰ কৃষক ৰাইজৰে সংঘবদ্ধতাৰ নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। প্ৰযুক্তি আৰু আধুনিক সংসাধন সমাধানৰ জৰিয়তে, ভাৰত শীঘ্ৰেই কৃষি ৰপ্তানি কেন্দ্ৰ হৈ উঠিব। ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে ইয়াত বিদেশী বিশ্ববিদ্যালয়ৰ চৌহদ স্থাপন কৰাৰ পথ প্ৰশস্ত কৰি তুলিব। ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য অভিযানে ফিন-টেকৰ অৰ্থে সুযোগ কঢ়িয়াই আনিব।

বন্ধুসকল,

মই সুখী যে আমাৰ ভৱিষ্যতৰ প্ৰতি বৈশ্বিক বিনিয়োগকাৰী সমাজে আস্থা প্ৰদৰ্শন কৰিছে। যোৱা বৰ্ষৰ তুলনাত চলিত বৰ্ষটোৰ যোৱা ৫ টা মাহত এফডিআইৰ অন্তঃপ্ৰৱাহ ১৩ শতাংশ বৃদ্ধি পাইছে। এই ৰাউণ্ড-টেবুলত আপোনালোকৰ সক্ৰিয় অংশগ্ৰহণে এই বিশ্বাস বহুগুণে বৃদ্ধি কৰি তুলিছে।

বন্ধুসকল,

যদি আপোনালোকে নিৰ্ভৰযোগ্যতাৰে ৰিটাৰ্ণ আহৰণ কৰিব খোজে, সেই স্থান হৈছে ভাৰত। যদি আপোনালোকে ডেম’ক্ৰেচীৰ সৈতে ডিমাণ্ড বিচাৰে, সেই স্থান হৈছে ভাৰত। যদি আপোনালোকে বহনক্ষমতাৰ সৈতে সুস্থিৰতা বিচাৰে, সেই স্থান হৈছে ভাৰত। যদি আপোনালোকে এটা সেউজ প্ৰচেষ্টাৰে বিকাশ বিচাৰে, সেই স্থান হৈছে ভাৰত।

বন্ধুসকল,

বৈশ্বিক অৰ্থনৈতিক পুনৰুত্থানত অনুঘটকৰ ভূমিকা পালন কৰিবলৈ ভাৰতৰ বিকাশৰ সম্ভাৱনা আছে। ভাৰতৰদ্বাৰা যিকোনো সফলতা লাভেই বিশ্বৰ উন্নয়ন আৰু কল্যাণত যোগাত্মক প্ৰভাৱ বিস্তাৰ কৰিব। এখন শক্তিশালী আৰু স্পন্দনশীল ভাৰতে বিশ্বখনৰ অৰ্থনৈতিক ক্ৰমৰ সুস্থিৰতাত বৰঙণি যোগাব পাৰে। আমি ভাৰতক বৈশ্বক বিকাশৰ পুনৰুত্থানৰ ইঞ্জিন হিচাপে গঢ় দিব খুজিছো। সন্মুখত প্ৰগতিৰ আকৰ্ষণীয় সময়ে বাট চাই আছে। মই আপোনালোকক ইয়াৰ এটা অংশ হ’বলৈ আমন্ত্ৰণ জনালো।

অশেষ ধন্যবাদ!

*****

DS/VJ/BM/SB



(Release ID: 1670541) Visitor Counter : 187