স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত সক্ৰিয় ঘটনা হ্ৰাসৰ ধাৰা অব্যাহত

বিশ্বজুৰি প্ৰতি দহ লাখত একেৰাহে সৰ্বনিম্ন ঘটনাৰ মাজত এটা

একেৰাহে তৃতীয় দিনা সক্ৰিয় ঘটনাৰ সংখ্যা ছয় লাখৰ তলত

১৭ ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশত ৰাষ্ট্ৰীয় গড়ৰ তুলনাত প্ৰতি মিলিয়ন কম ঘটনা

Posted On: 01 NOV 2020 11:29AM by PIB Guwahati

ভাৰতত সক্ৰিয় ঘটনাৰ ক্ষেত্ৰত হ্ৰাসৰ ধাৰা একেৰাহে অব্যাহত আছে। প্ৰায় তিনি মাহৰ পিছত সক্ৰিয় ঘটনাৰ সংখ্যা ছয় লাখৰ তললৈ অৱনমিত হোৱাৰ পিছত  তৃতীয় দিনাৰ পৰা সংশোধনযুক্ত অৱনতি অব্যাহত আছে।

এই সময়ত ভাৰতত মুঠ সক্ৰিয় ঘটনা ৫,৭০,৪৫৮।

 

সক্ৰিয় ঘটনা দেশৰ মুঠ সকাৰাত্মক ঘটনাৰ মাত্ৰ ৬.৯৭% হৈছেগৈ, যি মুঠ ঘটনাৰ একেৰাহে হ্ৰাস হোৱা শতাংশক প্ৰতিপন্ন কৰিছে।

 

কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশৰ দ্বাৰা ব্যাপক পৰীক্ষাৰ ৰণনীতি, সময়মতে ট্ৰেকিং, তুৰন্তে হাস্পতালত ভৰ্তি কৰোৱা আৰু মানক উপচাৰ প্ৰট'কলৰ পালনৰ পৰিণাম স্বৰূপে এই প্ৰাপ্তি আহৰণ কৰা হৈছে। মানক উপচাৰ প্ৰট'কলৰ পালনৰ জৰিয়তে সাৰ্বজনীন আৰু বেচৰকাৰী হাস্পতাল আৰু হোম আইছলেচনৰ ঘটনাৰ বাবে চিকিসা যতনৰ এক যথোপযুক্ত মানদণ্ড সুনিশ্চিত কৰা হৈছে।

 

বিভিন্ন ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশত সক্ৰিয় ঘটনাৰ প্ৰক্ষেপ পথে বিবিধ ৰূপত কোভিড-১৯ৰ বিৰুদ্ধে তেওঁলোকৰ যুঁজত কেন্দ্ৰিত প্ৰয়াস আৰু ক্ৰমিক প্ৰগতি প্ৰতিপন্ন কৰে। কৰ্ণাটকত যোৱা ২৪ ঘণ্টাত সক্ৰিয় ঘটনাৰ ক্ষেত্ৰত যথেষ্ট অৱনতি নথিভুক্ত হৈছে।

 

সক্ৰিয় ঘটনাৰ ক্ষেত্ৰত একেৰাহে হ্ৰাসৰ লগতে, ভাৰতত প্ৰতি মিলিয়ন ঘটনা বিশ্বৰ ভিতৰতে সবাতোকৈ কম। ভাৰতৰ প্ৰতি মিলিয়ন গড় ঘটনা ৫,৯৩০টা।

 

১৭খন ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশত ৰাষ্ট্ৰীয় গড়ৰ তুলনাত প্ৰতি মিলিয়ন কম ঘটনা।

 

ভাৰতত মৃত্যুৰ সংখ্যাৰ ক্ষেত্ৰত একেৰাহে অৱনতি ঘটিছে। দেশত বিগত ২৪ ঘণ্টাত ৪৭০টা মৃত্যু হৈছে। ভাৰতৰ প্ৰতি মিলিয়ন জনসংখ্যাত মৃত্যু বিশ্বৰ ভিতৰতে সবাতোকৈ কম আৰু ৮৮ত আছে।

 

২১খন ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশত ৰাষ্ট্ৰীয় গড়ৰ তুলনাত প্ৰতি মিলিয়ন মৃত্যু কম।

 

সক্ৰিয় ঘটনাৰ শতাংশৰ অৱনতিৰ ট্ৰেণ্ড ৰিকভাৰ ঘটনাৰ বৰ্ধিত শতাংশৰ সমৰ্থনত আছে। ৰিকভাৰৰ মুঠ ঘটনা ৭৪,৯১,৫১৩টা। ৰিকভাৰ ঘটনা আৰু সক্ৰিয় ঘটনাৰ মাজৰ পাৰ্থক্যই ৬৯ লাখ (৬৯,২১,০৫৫)ক অতিক্ৰম কৰিছে। ৰিকভাৰৰ বৰ্ধিত সংখ্যাৰে, এই পাৰ্থক্য একেৰাহে বাঢ়ি গৈ আছে।

 

ৰিকভাৰীৰ অধিক সংখ্যাই ৰাষ্ট্ৰীয় ৰিকভাৰী হাৰক ৯১.৫৪% লৈকে সংশোধনত সহায় কৰিছে। বিগত ২৪ ঘণ্টাত ৫৮,৬৮৪টা ৰিকভাৰী আৰু ডিছচাৰ্জ হৈছে য'ত পঞ্জীভুক্ত নতুন ঘটনা ৪৬,৯৬৩টা।

 

ৰিকভাৰীৰ নতুন ঘটনাৰ ৭৬% ঘটনা ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশত কেন্দ্ৰীভূত।

 

কৰ্ণাটক, কেৰালা আৰু মহাৰাষ্ট্ৰত এদিনত ৭,০০০তকৈও অধিক নতুন ৰিকভাৰী হৈছে। দিল্লী আৰু পশ্চিম বংগ দুয়োখন ৰাজ্যত ৪,০০০তকৈও অধিক নতুন ৰিকভাৰী হৈছে।

 

যোৱা ২৪ ঘণ্টাত ৪৬,৯৬৩টা নতুন ঘটনা পঞ্জীভুক্ত কৰা হৈছে। ইয়াৰে ৭৭% ঘটনা ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ। কেৰালা এতিয়াও ৭,০০০তকৈও অধিক ঘটনাৰে সবাতোকৈ আগত আছে। ইয়াৰ পিছত মহাৰাষ্ট্ৰ আৰু দিল্লীত ৫,০০০তকৈও অধিক নতুন ঘটনা ধৰা পৰিছে।

 

বিগত ২৪ ঘণ্টাত ৪৭০জন লোকৰ মৃত্যু হৈছে। ইয়াৰে প্ৰায় ৭৮% ঘটনা ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশত কেন্দ্ৰীভূত।

 

নতুন মৃত্যুৰ মাজৰ ১৫%তকৈ অধিক মৃত্যু মহাৰাষ্ট্ৰ (৭৪টা মৃত্যু)ত হৈছে।

 

*******

MV/SJ



(Release ID: 1669374) Visitor Counter : 156