প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদত মুকলি কৰিলে কেভাড়িয়া আৰু সবৰমতী ৰিভাৰফ্ৰন্টৰ মাজক চি-প্লেনৰ যাতায়াত সেৱা

प्रविष्टि तिथि: 31 OCT 2020 2:25PM by PIB Guwahati

প্ৰধানমন্ত্ৰী  শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেভাড়িয়াত জল বিমানবন্দৰ আৰু আহমেদাবাদত সবৰমতী ৰিভাৰফ্ৰন্টৰ সৈতে কেভাড়িয়াৰ একতাৰ মূৰ্তি পৰ্যন্ত সংযোগকাৰী চি-প্লেন সেৱাৰ আৰম্ভণি কৰিছে।

শ্ৰী মোদীয়ে আহমেদাবাদৰ সবৰমতী ৰিভাৰফ্ৰন্টত জল বিমানবন্দৰ আৰু সবৰমতী ৰিভাৰফ্ৰন্ট পৰা কেভাডিয়া পৰ্যন্ত সি-প্লেন সেৱাও উদ্বোধন কৰে। এয়া হ’ল অন্তিম মাইল পৰ্যন্ত সংযোগৰ অঙ্গ হিচাপে এলানি জল বিমানবন্দৰৰ অন্যতম।

চি-প্লেন, মাটিতো নামিব পাৰে আৰু পানীৰ পৰাও উৰিব পাৰে। ফলত যিবোৰ স্থানত লেণ্ডিং ষ্ট্ৰিপ বা ৰানৱে নাই, সেইবোৰ স্থানত ইয়াৰ দ্বাৰা যথেষ্ট সুবিধা হ’ব। ইয়াৰ ফলত যিবোৰ এলেকা ভূপ্ৰকৃতিৰ বাবে সমস্যাৰ সমূখীন হৈ আহিছে তেওঁলোকক ই সহায় কৰিব আৰু ভাৰতৰ দুৰ্গমতম এলেকাক মূল স্ৰোতৰ বিমান সেৱাত অন্তৰ্ভুক্ত কৰিব। ইয়াৰ বাবে বিমানবন্দৰ আৰু ৰানৱে নিৰ্মাণ কৰিবলৈ বেছি ব্যয় নহ’ব। এই সৰু সৰু ৱিংৰ বিমানবোৰে বিভিন্ন জলাশয় যেনে হ্ৰদ, বান্ধ, ঘাঁহ আদিৰ পৰাও উৰিব পাৰিব আৰু ইয়াৰ ফলত পৰ্যটন ক্ষেত্ৰও লাভৱান্বিত হ’ব।

***

VRRK/AK/RD


(रिलीज़ आईडी: 1669228) आगंतुक पटल : 319
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam