গৃহ মন্ত্ৰালয়

ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে নতুন দিল্লীৰ চৰ্দাৰ পেটেল চ’কত বিশেষ কাৰ্যসূচীৰ আয়োজন

জন্ম বাৰ্ষিকীত ভাৰতৰ লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেললৈ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ, উপ-ৰাষ্ট্ৰপতি শ্ৰী এম. ভেংকায়া নাইডু, কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহ আৰু দিল্লীৰ লেফটেনেণ্ট জেনেৰেল শ্ৰী অনিল বাইজলৰ শ্ৰদ্ধাঞ্জলি

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, “চৰ্দাৰ পেটেল জীৰ লৌহ নেতৃত্ব, সমৰ্পন আৰু দেশপ্ৰেমে সদায় আমাক মাৰ্গদৰ্শন কৰি থাকিব”

জনসাধাৰণক ৰাষ্ট্ৰীয় একতা দিৱসত সংকল্প পাঠ কৰালে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে

এখন কৃতজ্ঞ ৰাষ্ট্ৰৰ হৈ মহান দেশপ্ৰেমিকগৰাকীলৈ সন্মান জনাই কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয়, “প্ৰতিগৰাকী ভাৰতীয়ৰ হৃদয়ত ৰাষ্ট্ৰীয় একতাৰ ভাৱ জগাই তোলা লৌহ মানৱ চৰ্দাৰ পেটেলজীলৈ কোটি কোটি প্ৰণিপাত জনাইছো”

“চৰ্দাৰ পেটেলে স্বাধীনতাৰ পাছত দেশক একত্ৰিত কৰিছিল, য’ত শতাধিক খণ্ডিত ৰাজ্য আছিল আৰু ই বৰ্তমানৰ শক্তিশালী ভাৰতৰ আধাৰ গঢ়িছিল৷ তেওঁৰ মহান অৱদান, নিৰ্ণায়ক নেতৃত্ব আৰু দেশ মাতৃৰ প্ৰতি অপৰিসীম প্ৰতিশ্ৰুতিক দেশবাসীয়ে কেতিয়াও নাপাহৰে,” কেন্দ্ৰীয় গৃহ মন্ত্ৰী

শ্ৰী অমিত শ্বাহে কয়, “দেশক একত্ৰিত কৰাৰ পৰা সোমনাথ মন্দিৰ নিৰ্মাণলৈকে, চৰ্দাৰ পেটেলে তেওঁৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত দেশৰ ঐক্য

Posted On: 31 OCT 2020 12:08PM by PIB Guwahati

ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে নতুন দিল্লীৰ চৰ্দাৰ পেটেল চ’কত এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়৷ এই উপলক্ষে ভাৰতৰ লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেললৈ তেওঁৰ জন্ম বাৰ্ষিকীত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ, উপ-ৰাষ্ট্ৰপতি শ্ৰী এম. ভেংকায়া নাইডু, কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহ আৰু দিল্লীৰ লেফটেনেণ্ট জেনেৰেল শ্ৰী অনিল বাইজলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, “চৰ্দাৰ পেটেল জীৰ লৌহ নেতৃত্ব, সমৰ্পন আৰু দেশপ্ৰেমে সদায় আমাক মাৰ্গদৰ্শন কৰি থাকিব৷”

জনসাধাৰণক ৰাষ্ট্ৰীয় একতা দিৱসত সংকল্প পাঠ কৰাই কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয়, “মই সত্যনিষ্ঠাৰে শপত লৈছো যে মই দেশৰ একতা, অখণ্ডতা আৰু সুৰক্ষা বজাই ৰখাৰ বাবে নিজকে সমৰ্পিত কৰিছো আৰু আমাৰ দেশবাসীৰ মাজৰ এই বাৰ্তা প্ৰচাৰ কৰাৰ অহোপুৰুষাৰ্থ কৰিম৷ মই এই শপত মোৰ দেশৰ একতাৰ ভাৱনাৰে লৈছো, যিখন দেশ চৰ্দাৰ বল্লভভাই পেটেলৰ দূৰদৰ্শিতা আৰু কাৰ্যৰ দ্বাৰা সম্ভৱ হৈ উঠিছে৷ মই মোৰ দেশৰ আন্তৰিক সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে মোৰ অৱদান আগবঢ়োৱাৰ বাবেও সত্যনিষ্ঠাৰে সংকল্প গ্ৰহণ কৰিছো৷”

এখন কৃতজ্ঞ ৰাষ্ট্ৰৰ হৈ মহান দেশপ্ৰেমিকগৰাকীলৈ সন্মান জনাই কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয়, “প্ৰতিগৰাকী ভাৰতীয়ৰ হৃদয়ত ৰাষ্ট্ৰীয় একতাৰ ভাৱ জগাই তোলা লৌহ মানৱ চৰ্দাৰ পেটেলজীলৈ কোটি কোটি প্ৰণিপাত জনাইছো৷ চৰ্দাৰ পেটেলে স্বাধীনতাৰ পাছত দেশক একত্ৰিত কৰিছিল, য’ত শতাধিক খণ্ডিত ৰাজ্য আছিল আৰু ই বৰ্তমানৰ শক্তিশালী ভাৰতৰ আধাৰ গঢ়িছিল৷ তেওঁৰ মহান অৱদান, নিৰ্ণায়ক নেতৃত্ব আৰু দেশ মাতৃৰ প্ৰতি অপৰিসীম প্ৰতিশ্ৰুতিক দেশবাসীয়ে কেতিয়াও নাপাহৰে৷

শ্ৰী অমিত শ্বাহে কয়, “দেশক একত্ৰিত কৰাৰ পৰা সোমনাথ মন্দিৰ নিৰ্মাণলৈকে, চৰ্দাৰ পেটেলে তেওঁৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত দেশৰ ঐক্য আৰু সংহতিৰ নামত উচৰ্গা কৰিছিল৷ এখন কৃতজ্ঞ ৰাষ্ট্ৰৰ হৈ মহান দেশপ্ৰেমিকগৰাকীলৈ মই প্ৰণিপাত জনাইছো৷

***

NW/RK/AY/DDD/DB



(Release ID: 1669227) Visitor Counter : 154