স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ভাৰতৰ আৰু এক সাফল্যৰ মাইলৰ খুঁটি : সুস্থতাৰ হাৰ বৃদ্ধি ৯০ শতাংশলৈ বৃদ্ধি
নিশ্চিতভাৱে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ক্ৰমশঃ কমিছে, এই সংখ্যা মুঠ আক্ৰান্তৰ তুলনাত মাত্ৰ ৮.৫০ শতাংশ
দেশত বিগত এসপ্তাহত মৃত্যুৰ সংখ্যা ১ হাজাৰৰো কম
নমুনা পৰীক্ষাগাৰৰ সংখ্যা ২ হাজাৰ অতিক্ৰম কৰিছে
प्रविष्टि तिथि:
25 OCT 2020 11:11AM by PIB Guwahati
ভাৰতে ক’ৰোনাৰ বিৰুদ্ধে চলাই থকা যুদ্ধখনত আৰু এক সাফল্যৰ মাইলৰ খুঁটি স্পৰ্শ কৰিছে। আজি ৰাষ্ট্ৰীয় স্তৰত সুস্থতাৰ হাৰ বৃদ্ধি পাই হৈছে ৯০ শতাংশ। বিগত ২৪ ঘন্টাত ৬২,০৭৭ জন লোকে আৰোগ্য লাভ কৰিছে আৰু আক্ৰান্ত হৈছে ৫০,১২৯ জন লোক।

এই সাফল্য সুস্পষ্টভাৱে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ধাৰাবাহিকভাৱে হ্ৰাস পোৱাৰ বাবেই সম্ভৱ হৈছে। আনকি, একেধাৰে তিনদিনলৈ সুস্পষ্টভাৱে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৭ লাখতকৈ তলতে আছে।
বৰ্তমান দেশত মুঠ আক্ৰান্তৰ তুলনায় নিশ্চিতভাৱে ক’ৰোনাত আক্ৰান্তৰ হাৰ কেৱল ৮.৫০ শতাংশ। আক্ৰান্তৰ সংখ্যা ৬ লাখ ৬৮ হাজাৰ ১৫৪ গৰাকী।

দেশত ক’ৰোনাত সুস্থতাৰ সংখ্যাও ক্ৰমশঃ ঊৰ্ধ্বমুখী হৈছে। এইপৰ্যন্ত আৰোগ্য লাভ কৰিছে ৭০ লাখ ৭৮ হাজাৰ ১২৩ জন লোকে। সুস্থতাৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ ফলত আক্ৰান্তৰ সংখ্যাৰ মাজত পাৰ্থক্য ক্ৰমাৎ বৃদ্ধি পাইছে। বৰ্তমান এই পাৰ্থক্য বৃদ্ধি পাই হৈছে ৬৪ লাখ ৯ হাজাৰ ৯৬৯ গৰাকী।

দেশত বিগত এসপ্তাহত ক’ৰোনাত মৃত্যুৰ সংখ্যা ধাৰাবাহিকভাৱে ১ হাজাৰৰ তলতেই আছে। বিগত ২ অক্টোবৰত ক’ৰোনাত মৃত্যুৰ সংখ্যা ১,১০০ ৰো তললৈ নামিছিল।

সদ্য আৰোগ্য লাভকাৰীসকলৰ ৭৫ শতাংশই ১০খন ৰাজ্য / কেন্দ্ৰশাসিত অঞ্চলৰ পৰা। এইবোৰ হ’ল – মহাৰাষ্ট্ৰ, কৰ্ণাটক, কেৰেলা, তামিলনাড়ু, পশ্চিমবঙ্গ, দিল্লী, অন্ধ্ৰপ্ৰদেশ, অসম, উত্তৰপ্ৰদেশ আৰু ছট্টীশগড়।
একেদিনাই মহাৰাষ্ট্ৰৰ সৰ্বাধিক ১০ হাজাৰৰো অধিক ক’ৰোনা ৰোগীয়ে আৰোগ্য লাভ কৰিছে।

দেশত বিগত ২৪ ঘন্টাত ৫০,১২৯ জন লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে।
ইয়াৰ ভিতৰত ৭৯ শতাংশই ১০ খন ৰাজ্য / কেন্দ্ৰশাসিত অঞ্চলৰ পৰা। কেৰেলাৰ পৰা অধিক সংখ্যক ক’ৰোনাত আক্ৰান্তৰ হাৰ অব্যাহত আছে। এই ৰাজ্যৰ পৰা বিগত ২৪ ঘন্টাত ৮ হাজাৰ জনতকৈও অধিক লোক নতুনকৈ আক্ৰান্ত হৈছে। মহাৰাষ্ট্ৰতে আক্ৰান্ত হৈছে ৬ হাজাৰৰো অধিক লোক।

দেশত বিগত ২৪ ঘন্টাত ৫৭৮ জন লোকৰ ক’ৰোনাজনিত কাৰণত মৃত্যুৰ খবৰ পোৱা গৈছে। ইয়াৰ ভিতৰত প্ৰায় ৮০ শতাংশৰে মৃত্যু হৈছে ১০ খন ৰাজ্য / কেন্দ্ৰশাসিত অঞ্চলৰ পৰা।
মহাৰাষ্ট্ৰৰ পৰাই সৰ্বাধিক ১৩৭ জনৰ মৃত্যুৰ খবৰ পোৱা গৈছে।

ভাৰতৰ নমুনা পৰীক্ষাগাৰ নেটৱৰ্কত আৰু এক সাফল্য লাভ হৈছে। মুঠ নমুনা পৰীক্ষাগাৰৰ সংখ্যাই ২ হাজাৰ অতিক্ৰম কৰিছে। পুণেত এটা নমুনা পৰীক্ষাগাৰৰে যি যাত্ৰা আৰম্ভ হৈছিল, আজি সেই সংখ্যা ২,০০৩ টা হৈছে। এই নমুনা পৰীক্ষাগাৰবোৰৰ ভিতৰত ১,১২৬ টা চৰকাৰী আৰু ৮৭৭ টা বেচৰকাৰী পৰীক্ষাগাৰ।
****
MV/SJ/RD
(रिलीज़ आईडी: 1667537)
आगंतुक पटल : 212
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu