PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 21 OCT 2020 6:07PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

 

 

#Unite2FightCorona

#IndiaFightsCorona

 

Image

সক্ৰিয় ৰোগীৰ সংখ্যাৰ অৱনমিত ধাৰা অব্যাহত ৰখাত সফল হৈছে ভাৰত; একেৰাহে দ্বিতীয় দিনৰ বাবে সক্ৰিয় ৰোগীৰ সংখ্যা ৭.৫ লাখৰ তলত আছে; ১৪ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত মৃত্যুৰ হাৰ ১শতাংশৰ তলত বুলি ঠাৱৰ কৰা হৈছে

ভাৰতে একেৰাহে দ্বিতীয়টো দিনৰ বাবে সক্ৰিয় ৰোগীৰ সংখ্যা ৭.৫ লাখৰ তলত ৰখাৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে। প্ৰতি দিনে ক’ভিড ৰোগী আৰোগ্য হোৱাৰ বৰ্দ্ধিত হাৰে ভাৰতত সক্ৰিয় আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত অৱনমিত কৰাত সহায় কৰিছে। শেহতীয়া ২৪ ঘণ্টাত ৬১,৭৭৫ গৰাকী ব্যক্তিয়ে আৰোগ্য লাভ কৰাৰ লগতে চিকিত্সালয় এৰাৰ অনুমতি লাভ কৰাৰ বিপৰীতে নতুনকৈ আক্ৰান্ত হৈছে ৫৪,০৪৪গৰাকী লোক। বিগত ২৪ ঘণ্টাত দেশত ১০,৮৩,৬০৮টা নমুনাৰ পৰীক্ষণ সম্পন্ন কৰা হৈছে। ‘পৰীক্ষণ’, ‘অনুসৰণ’ আৰু ‘চিকিত্সা প্ৰদান’ৰ কৌশলৰ সফল ৰূপায়ণৰ সুবাদতে দেশত ক’ভিড আক্ৰান্তৰ মৃত্যুৰ হাৰ আজি ১.৫১%লৈ অৱনমিত হৈছে। মৃত্যুৰ হাৰ ১%ৰ তললৈ অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ইতিমধ্যে আহ্বান জনাইছে কেন্দ্ৰীয় চৰকাৰে। আজিৰ তাৰিখত দেশত আৰোগ্য লাভ কৰা ব্যক্তিৰ মুঠ সংখ্যা ৬৭,৯৫,১০৩ গৰাকী হৈছেগৈ। দিনৌ উচ্চ হাৰত আৰোগ্য লাভ কৰাৰ পৰিপ্ৰেক্ষিতত শেহতীয়া ভাবে আৰোগ্য লাভৰ শতাংশ হাৰ ৮৯%(৮৮.৮১%)হৈছেগৈ। নতুনকৈ আৰোগ্য লাভ কৰোতাৰ ৭৭%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ। ইয়াৰে, মহাৰাষ্ট্ৰক পিচ পেলাই কৰ্ণাটকে সৰ্বাধিক ৮,০০০ৰৰো অধিক আৰোগ্যৰে শীৰ্ষ স্থান দখল কৰাৰ বিপৰীতে ৭০০০ৰৰো অধিক আৰোগ্যৰে দ্বিতীয় স্থানত আছে মহাৰাষ্ট্ৰ আৰু কেৰালা। শেহতীয়া ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত ব্যক্তিৰ সংখ্যা হৈছে ৫৪,০৪৪ গৰাকী। নতুনকৈ আক্ৰান্তৰ ৭৮%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ। এইক্ষেত্ৰতো মহাৰাষ্ট্ৰই সৰ্বাধিক ৮,০০০ৰৰো অধিক আক্ৰান্তৰে শীৰ্ষ স্থান দখল কৰাৰ বিপৰীতে ৬০০০ৰৰো অধিক আক্ৰান্তৰে দ্বিতীয় স্থানত আছে কৰ্ণাটক আৰু কেৰালা। ইফালে, শেহতীয়া ২৪ ঘণ্টাত দেশত ৭১৭গৰাকী লোকে মৃত্যু সাৱটি লৈছে। এইক্ষেত্ৰতো প্ৰায় ৮২%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ। ইয়াৰে, কালি ২৯শতাংশ মৃতকৰ তথ্য লাভ কৰা হৈছে মহাৰাষ্ট্ৰ পৰা। মহাৰাষ্ট্ৰত এদিনত সৰ্বাধিক ২১৩গৰাকী লোকে মৃত্যু বৰণ কৰাৰ বিপৰীতে কৰ্ণাটকত মৃত্যু হৈছে ৬৬গৰাকী লোকৰ।

অধিক বিৱৰণৰ বাবে

 

দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্রীৰ বিশেষ ভাষণ

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী আজি দূৰদৰ্শনত দেশবাসীক উদ্দেশ্যি ভাষণ আগবঢ়ায়৷ দেশত ক’ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজত কোনো আন্তসন্তুষ্টিৰ স্থান নাই বুলি উল্লেখ কৰি তেওঁ নাগৰিকসকলৰ প্ৰতি আহ্বান জনায় কয় যে তেওঁলোকে যাতে এই যুদ্ধত কোনোধৰণৰ শিথিলতা নেদেখুৱায়৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে লকডাউন প্ৰত্যাহাৰ কৰা হ’লেও ক’ৰোনা ভাইৰাছ আঁতৰ হোৱা নাই। দেশৰ সর্বত্ৰ পৰিস্থিতিৰ উন্নতি আৰু আর্থিক কাম-কাজ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ বাবে তেওঁ সন্তোষ প্ৰকাশ কৰে৷ জনসাধাৰণে তেওঁলোকৰ দায়িত্ব পালন কৰি এতিয়া ঘৰৰ বাহিৰ হৈছে৷ প্ৰধানমন্ত্রীয়ে কয় যে উৎসৱৰ বতৰৰ আৰম্ভণিতে বজাৰসমূহ স্বাভাৱিক হৈছে। তেওঁ কয় যে বিগত ৭-৮ মাহ ধৰি প্ৰতিগৰাকী ভাৰতীয়ৰ প্ৰচেষ্টাৰ ফলত দেশে আজি ভাল অৱস্থালৈ আহিছে আৰু অৱস্থাৰ অৱনতি যাতে নহয়, সেই ক্ষেত্ৰত সকলোৰ সতর্ক থকা উচিৎ। তেওঁ কয় যে দেশত আৰোগ্য লাভৰ হাৰ বৃদ্ধি পাইছে আৰু মৃত্যু হাৰ হ্রাস পাইছে। প্ৰতি ১০ লাখ নাগৰিকৰ বিপৰীতে দেশত প্রায় ৫,৫০০ জন লোক সংক্ৰমিত হৈছে। মার্কিন যুক্তৰাষ্ট্ৰ আৰু ব্রাজিলত এই সংখ্যা ২৫ হাজাৰ। তেওঁ কয় যে ভাৰতত প্ৰতি ১০ লাখ মানুহৰ বিপৰীতে ৮৩জন লোকৰ মৃত্যু হৈছে৷ ইফালে, মার্কিন যুক্তৰাষ্ট্ৰ, ব্রাজিল, স্পেইন, ব্রিটেইনকে ধৰি বহু উন্নত দেশত এই সংখ্যা প্রায় ৬০০জন হৈছে। প্ৰধানমন্ত্রীয়ে উন্নত দেশসমূহৰ সৈতে তুলনা কৰি ভাৰতৰ নাগৰিকসকলৰ জীৱন ৰক্ষাৰ ক্ষেত্রত গ্ৰহণ কৰা প্ৰচেষ্টাৱলীক লৈ সন্তোষ প্ৰকাশ কৰে। দেশৰ ক’ভিড আন্তঃগাঁথনি উন্নতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ক’ৰোনা সংক্ৰমিতসকলৰ বাবে ৯০ লাখতকৈও অধিক বিছনাৰ ব্যৱস্থা আছে। তদুপৰি, দেশজুৰি ১২,০০০ কোৱাৰেণ্টাইন কেন্দ্ৰ গঢ় দিয়া হৈছে। তেওঁ কয় যে ২,০০০তকৈ অধিক পৰীক্ষাগাৰত ক’ৰোনাৰ নমুনা পৰীক্ষা কৰা হৈছে আৰু অতি সোনকালে নমুনা পৰীক্ষাৰ সংখ্যা ১০ কোটিৰ সীমা অতিক্ৰম কৰিব৷

অধিক বিৱৰণৰ বাবে

ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণ

অধিক বিৱৰণৰ বাবে

কৰ্তব্যৰত অৱস্থাত শ্বহীদ হোৱা আৰক্ষীৰ জোৱানৰ প্ৰতি আৰক্ষী স্মৃতি দিৱসত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

আৰক্ষী স্মৃতি দিৱসত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্মৰত অৱস্থাত শ্বহীদ হোৱা আৰক্ষীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ''আৰক্ষী স্মৃতি দিৱসৰ তাৎপৰ্য হৈছে সমগ্ৰ ভাৰতত থকা আৰক্ষীৰ জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ। কৰ্মৰত অৱস্থাত শ্বহীদ হোৱা সকলো আৰক্ষীৰ জোৱানৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰো। তেওঁলোকৰ আত্ম বলিদান আৰু সেৱা সদায় স্মৰণ কৰা হ'ব। আইন-শৃংখলা পৰিস্থিতি ৰক্ষা কৰাৰ পৰা ভয়াবহ অপৰাধৰ সমাধান কৰালৈকে, দুৰ্যোগ প্ৰশমনত সহায় কৰাৰ পৰা কোভিড-১৯ৰে যুঁজ দিয়ালৈকে, আমাৰ আৰক্ষী জোৱানসকলে কোনোধৰণৰ দ্বিধা নকৰাকৈ সদায় সৰ্বোত্তম সেৱা আগবঢ়াই আহিছে। নাগৰিকক সহায় কৰিবলৈ থকা তেওঁলোকৰ অনুৰাগ আৰু তৎপৰতাত আমি গৌৰৱান্বিত, প্ৰধানমন্ত্ৰীয়ে কয়।

অধিক বিৱৰণৰ বাবে

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি মুন জা ইনৰ মাজত টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি মুন জা ইনৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷ দুয়োগৰাকী নেতাই ক’ভিড-১৯ৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে আলোকপাত কৰে৷ দুয়োগৰাকী নেতাই গোলকীয় ব্যৱসায়িক ক্ৰম, বিশ্ব বাণিজ্য সংস্থাৰ ভূমিকা  আদি বিষয়সমূহত দ্বিপাক্ষিক সহযোগিতা বৰ্তাই ৰাখিব বুলি মত পোষণ কৰে৷

অধিক বিৱৰণৰ বাবে

 

ডাঃ হৰ্ষ ৱৰ্ধনে মুকলি কৰিলে ক’ভিড-১৯ৰ বাবে চিএছআইৰৰ সহযোগী ক্লিনিকেল ট্ৰায়েল ৱেবছাইট “CUReD”

বিজ্ঞান আৰু প্ৰযুক্তি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা ভূ-বিজ্ঞান মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে কালি এক ৱেবছাইট মুকলি কৰে য’ত ক’ভিড-১৯ৰ ক্লিনিকেল ট্ৰায়েল সম্পৰ্কীয় বিভিন্ন তথ্য উপলব্ধ থাকিব৷ এই ৱেবছাইটটোৱে শেহতীয়া ট্ৰায়েল, ঔষধ, চিকিৎসা আদিৰ বিষয়েও তথ্য প্ৰদান কৰিব৷

অধিক বিৱৰণৰ বাবে

 

 

কোভিড-১৯ৰ পৰিস্থিতিৰ মাজত আয়ুস মন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশত জাৰি ৰাষ্ট্ৰীয় আয়ুস মিছনৰ উচ্চ স্তৰীয় সমীক্ষা বৈঠক কৰে

আয়ুস মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচাই কোভিড-১৯ৰ স্থিতিৰ মাজত ইয়াৰ ব্যৱস্থাপনা আৰু মোকাবিলা কৰাৰ উপায়ৰ বাবে চলিত মাহবিলাকত আয়ুস মন্ত্ৰালয়ৰ দ্বাৰা কৰা মহত্বপূৰ্ণ যোগদানৰ প্ৰভাৱৰ সমীক্ষা বৈঠক কৰে। ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত হোৱা এই বৈঠকত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আয়ুসৰ প্ৰধান সচিবসকল আৰু স্বাস্থ্য বিভাগৰ সচিবসকলে ভাগ লয়। শ্ৰী কোটেচাই কোভিড-১৯ৰ ব্যৱস্থাপনাৰ বাবে সম্প্ৰতি জাৰি কৰা ৰাষ্ট্ৰীয় আয়ুৰ্বেদ আৰু যোগ ব্যৱস্থা সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ দ্বাৰা কৰা প্ৰচেষ্টাৰ প্ৰশংসা কৰে আৰু ৰাষ্ট্ৰীয় আয়ুস মিছনৰ অন্তৰ্গত ৰাজ্য তথা কেন্দ্ৰীয় শাসিত প্ৰদেশত আয়ুসে স্বাস্থ্য চোৱাচিতা কৰা কেন্দ্ৰ শীঘ্ৰে সঞ্চালিত কৰাৰ আৱশ্যকতাৰ বিষয়ে কয় আৰু কয় যে ৰাজ্য তথা কেন্দ্ৰীয় শাসিত প্ৰদেশৰ বাবে ৰাষ্ট্ৰীয় আয়ুস মিছনৰ অন্তৰ্গত জাৰি কৰা ধন তথা খৰচ উন্নত কৰাৰ তাৎক্ষণিক প্ৰয়োজনীয়তা আছে। বৈঠকত এই ক্ষেত্ৰখনৰ বাবে একীকৃত আইটি আধাৰ আয়ুস গ্ৰিড পৰিকল্পনাৰ স্থাপনত বিস্তৃতভাবে আলোচনা হয়। আয়ুস মন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশক এ-এইচ এম আই এছৰ প্ৰয়োগ কৰিবৰ বাবে আমন্ত্ৰণ জনায় যাতে হাস্পতালসমূহক তাৰ বিশেষজ্ঞতা আৰু দক্ষতাৰ আধাৰত সূচীবদ্ধ কৰিব পৰা যায়। আয়ুষ্মান ভাৰতৰ অন্তৰ্ভুক্ত ৰাজ্য তথা কেন্দ্ৰীয় শাসিত প্ৰদেশত আৰম্ভ কৰা আয়ুস স্বাস্থ্য আৰু চোৱাচিতা কেন্দ্ৰসমূহক অতিশীঘ্ৰেই সঞ্চালনযোগ্য কৰি তোলাৰ ওপৰত মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত কোৱা হয়। কোভিড-১৯ মহামাৰী চলি থকাৰ সময়ত আয়ুসৰ সৈতে সংলগ্ন স্বাস্থ্য সেৱাৰ চাহিদা বৃদ্ধি পাইছে, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এইটো আৱশ্যকীয় হৈ পৰিছে যে এন এ এমৰ জৰিয়তে স্বাস্থ্য সুবিধাৱলী বঢ়োৱা দৰকাৰ যাতে আয়ুসৰ সামগ্ৰী আৰু সেৱাৰ বাবে জনতাৰ চাহিদা পূৰণ হয়।

অধিক বিৱৰণৰ বাবে

 

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্ৰতিগৰাকী ভাৰতীয়ৰ সুৰক্ষা আৰু সুস্থ জীৱনেই হ’ল মোদী চৰকাৰৰ প্ৰথম অগ্ৰাধিকাৰযোগ্য বিষয়

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্ৰতিগৰাকী ভাৰতীয়ৰ সুৰক্ষা আৰু সুস্থ জীৱনেই হ’ল মোদী চৰকাৰৰ প্ৰথম অগ্ৰাধিকাৰৰ বিষয়৷ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰাৰ পিছতেই শ্ৰী অমিত শ্বাহে এইদৰে টুইট কৰে৷

অধিক বিৱৰণৰ বাবে

 

২০১৯-২০২০ বৰ্ষৰ বাবে উৎপাদনৰ সৈতে জড়িত বনাছ আৰু অ-উৎপাদনৰ সৈতে জড়িত বনাছত কেবিনেটৰ অনুমোদন প্ৰদান

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ২০১৯-২০২০ বৰ্ষৰ বাবে পিএলবিত অনুমোদন প্ৰদান কৰে৷ ইয়াৰ দ্বাৰা ১৩.৭০ লাখ কৰ্মচাৰী উপকৃত হ’ব৷

অধিক বিৱৰণৰ বাবে

 

২২ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰ ২০২০ তাৰিখলৈ ভাৰ্চুৱেল ফৰ্মেটত অনুষ্ঠিত হ’ব ৬ষ্ঠ ভাৰত আন্তৰ্জাতিক বিজ্ঞান মহোৎসৱ

২২ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰ ২০২০ তাৰিখলৈ ভাৰ্চুৱেল ফৰ্মেটত অনুষ্ঠিত হ’ব ৬ষ্ঠ ভাৰত আন্তৰ্জাতিক বিজ্ঞান মহোৎসৱ৷ কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি, ভূ-বিজ্ঞান আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে কালি নতুন দিল্লীত এখন পুনৰীক্ষণ বৈঠকত এই কথা ঘোষণা কৰে৷

অধিক বিৱৰণৰ বাবে

দৰমহা তথ্যঃ আগষ্ট ২০২০ত ইপিএফত সংযুক্ত হ’ল ১০.০৬ লাখ মুঠ ছাবস্ক্ৰাইবাৰ

২০ অক্টোবৰ ২০২০ তাৰিখে ইপিএফঅ’ৰ দ্বাৰা প্ৰকাশিত দৰমহা তথ্যত ২০২১ বিত্তীয় বৰ্ষৰ প্ৰথম পাঁচটা মাহত প্ৰায় ২০ লাখ লোক অন্তৰ্ভুক্ত হোৱাটো প্ৰকাশ পাইছে৷ ক’ভিড-১৯ মহামাৰীয়ে প্ৰথম ত্ৰিমাসিকত প্ৰতিকূল প্ৰভাৱ পেলালেও জুলাই আৰু আগষ্ট মাহত কিন্তু ইয়াৰ প্ৰভাৱ কম হোৱা পৰিলক্ষিত হৈছে৷

অধিক বিৱৰণ বাবে  

 

আইআইটি খড়গপুৰৰ প্ৰযুক্তিগত উদ্ভাৱনে গ্ৰামীণ ভাৰতৰ জীৱনত প্ৰভাৱ পেলাব, শিক্ষামন্ত্ৰীয়ে এইদৰে মন্তব্য কৰে

আইআইটি খড়গপুৰৰ গৱেষণাদলৰ দ্বাৰা বিকশিত ডায়েগ্নষ্টিক যন্ত্ৰ COVIRAPত আইচিএমআৰে সফলতাৰে বৈধতাকৰণ কৰে৷ প্ৰতিষ্ঠানখনে বিকশিত কৰা বিভিন্ন বাণিজ্যিক ইউনিট ইতিমধ্যেই ৰাজ্যসমূহত জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হৈছে৷

অধিক বিৱৰণৰ বাবে

 

 

 

 

প্ৰধানমন্ত্ৰীৰ জন আন্দোলন মধ্য প্ৰদেশত প্ৰণয়নৰ বাবে আলোচনা কৰে ডাঃ হৰ্ষ ৱৰ্ধনে 

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে আজি মধ্য প্ৰদেশৰ জিলা উপাযুক্ত আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আজি এক বৈঠকত অংশগ্ৰহণ কৰি ৰাজ্যখনত প্ৰধানমন্ত্ৰীৰ জন আন্দোলনৰ প্ৰণয়নৰ বিষয়ে আলোচনা কৰে৷ বৈঠকখনত তেওঁ কয় যে বৰ্তমানে ভাৰতৰ আৰোগ্যৰ হাৰ ৮৯% হোৱাৰ বিপৰীতে মধ্য প্ৰদেশত এই হাৰ হ’ল ৯০.৫৫%৷

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • মহাৰাষ্ট্ৰঃ মুম্বাইত ১২৩৩ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১.৭৪ লাখ৷
  • ৰাজস্থানঃ সাতদিনলৈ একেৰাহে ৰাজ্যখনত আৰোগ্যৰ সংখ্যা বৃদ্ধি পাইছে৷ মঙলবাৰে ২৫২২ জন লোক ক’ভিডৰ পৰা আৰোগ্য পোৱাৰ বিপৰীতে ১৮৯৭ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ মুঠ আৰোগ্য হৈছে ১,৫৫,০৯৫ জন৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৭৭,১২৩ জন৷ আৰোগ্যৰ হাৰ ৮৭.৫%৷
  • মধ্য প্ৰদেশঃ মঙলবাৰে ৯৭৫ জন লোক ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে মুঠ ১,৬২,১৭৮ জন লোক ৰোগত আক্ৰান্ত হৈছে৷
  • চট্টিশগড়ঃ ২৫০৭ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত আৰু ৫০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৰাজ্যখনত মঙলবাৰ পৰ্যন্ত  মুঠ ৰোগীৰ সংখ্যা হৈছে ১,৬৫,২৭৯ জন আৰু মৃত্যুৰ সংখ্যা হৈছে ১৫৮৪ জন৷ ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২৫,৭০৯ জন৷
  • অৰুণাচল প্ৰদেশঃ ৰাজ্যখনত মুঠ মৃত্যুৰ সংখ্যা হ’ল ৩১ জন৷ অৰুণাচলত আজি ১৩৫ জন লোক নতুনকৈ আক্ৰান্ত হয়৷ আৰোগ্যৰ হাৰ হ’ল ৮০.০৯%৷
  • অসমঃ অসমত বিগত ২৪ ঘণ্টাত ৩৮৫৮৫ টা পৰীক্ষণৰ পৰা ৬৬৬ জন লোকক ক’ভিড-১৯ত আক্ৰান্ত হোৱাটো চিনাক্ত হৈছে৷ পজিটিভিটীৰ হাৰ হ’ল ১.৭৩%৷
  • মেঘালয়ঃ আজি ১০৫ জন লোকে ক’ৰোনা ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰিছে৷ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২০২০ জন আৰু ইয়াৰে ৯৮ জন হ’ল বিএছএফৰ৷
  • মিজোৰামঃ কালি মিজোৰামত ৩০ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৩১০ জন আৰু সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৪৫ জন৷
  • কেৰালাঃ ৰাজ্যখনত স্থানীয় নিৰ্বাচনৰ বাবে ক’ভিড সম্পৰ্কীয় নিৰ্দেশনাৱলী মুকলি কৰা হৈছে৷ ব্যক্তিগত খণ্ডৰ গৱেষণাগাৰসমূহত ক’ভিড-১৯ৰ পৰীক্ষণ হ্ৰাস হোৱাত ৰাজ্য চৰকাৰে তেওঁলোকলৈ নিৰ্দেশনা জাৰি কৰিছে৷
  • তামিলনাডুঃ উৎসৱৰ সময়ছোৱাত তামিলনাডু চৰকাৰে দোকানসমূহ নিশা ১০ বজালৈ খোলা ৰাখিবলৈ অনুমতি প্ৰদান কৰিছে৷ লকডাউন শিথিল কৰাৰ পৰিপ্ৰেক্ষিতত প্ৰব্ৰজিত কৰ্মচাৰীসকলে কইম্বাটুৰলৈ ঘূৰি আহিছে৷
  • কৰ্ণাটকঃ কৰ্ণাটকৰ উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক ব্যৱহৃত মাস্কসমূহৰ নিষ্কাশন সন্দৰ্ভত নিৰ্দেশনা প্ৰদান কৰিছে৷
  • অন্ধ্ৰ প্ৰদেশঃ ৩১ অক্টোবৰলৈ ৰাজ্যখনে ক’ৰোনাৰ প্ৰাদুৰ্ভাৱ সন্দৰ্ভত সজাগতা অভিযান চলাব৷ এই সংক্ৰান্তত ৰাজ্যখনৰ মুখ্য সচিবে এটা সমদলৰ ফ্লেগ অফ কৰে৷
  • তেলেংগানাঃ বিগত ২৪ ঘণ্টাত ১৫৭৯জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে, ১৮১১ জন লোকে আৰোগ্য লাভ কৰিছে আৰু ৫ জনৰ মৃত্যু হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,২৬,১২৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২০,৪৪৯ জন৷ ১২৮৭ জনৰ মৃত্যু হৈছে৷ ২,০৪,৩৮৮ জন লোকক মুকলি কৰি দিয়া হৈছে৷  

 

 

******************



(Release ID: 1666705) Visitor Counter : 154