প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্রীৰ বিশেষ ভাষণ

ক’ৰোনাৰ বিৰুদ্ধে যুঁজত দেশৰ নাগৰিকসকলে যাতে কোনেও শিথিলতা নেদেখুৱায়

লকডাউন প্ৰত্যাহাৰ হ’লেও ভাইৰাছ আঁতৰ হোৱা নাই

উদাসীনতা আৰু আত্মতৃপ্তিক লৈ সতর্ক কৰি দিলে প্ৰধানমন্ত্ৰীয়ে

চিকিৎসক, নাৰ্ছ আৰু অন্যান্য ক’ৰোনা যোদ্ধাসকলৰ দেশবাসীৰ প্ৰতি নিঃস্বার্থ সেৱাৰ প্ৰশংসা

প্ৰতিষেধক উদ্ভাৱনৰ কাম চলি আছে আৰু দেশৰ প্ৰতিগৰাকী নাগৰিকে যাতে প্ৰতিষেধক লাভ কৰে সেই দিশত চৰকাৰে কৌশল প্ৰস্তুত কৰিছে

আৰোগ্যেৰ হাৰ দেশত বৃদ্ধি পাইছে আৰু মৃত্যু হাৰ কমিছেঃ প্ৰধানমন্ত্রী

Posted On: 20 OCT 2020 7:52PM by PIB Guwahati

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী আজি দূৰদৰ্শনত দেশবাসীক উদ্দেশ্যি ভাষণ আগবঢ়ায়৷ দেশত ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজত কোনো আন্তসন্তুষ্টিৰ স্থান নাই বুলি উল্লেখ কৰি তেওঁ নাগৰিকসকলৰ প্ৰতি আহ্বান জনায় কয় যে তেওঁলোকে যাতে এই যুদ্ধত কোনোধৰণৰ শিথিলতা নেদেখুৱায়৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে লকডাউন প্ৰত্যাহাৰ কৰা লেও কৰোনা ভাইৰাছ আঁতৰ হোৱা নাইদেশৰ সর্বত্ৰ পৰিস্থিতিৰ উন্নতি আৰু আর্থিক কাম-কাজ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ বাবে তেওঁ সন্তোষ প্ৰকাশ কৰে৷ জনসাধাৰণে তেওঁলোকৰ দায়িত্ব পালন কৰি এতিয়া ঘৰৰ বাহিৰ হৈছে৷

প্ৰধানমন্ত্রীয়ে কয় যে উৎসৱৰ বতৰৰ আৰম্ভণিতে বজাৰসমূহ স্বাভাৱিক হৈছে

তেওঁ কয় যে বিগত ৭-৮ মাহ ধৰি প্ৰতিগৰাকী ভাৰতীয়ৰ প্ৰচেষ্টাৰ ফলত দেশে আজি ভাল অৱস্থালৈ আহিছে আৰু অৱস্থাৰ অৱনতি যাতে নহয়, সেই ক্ষেত্ৰত সকলোৰ সতর্ক থকা উচিৎ।

তেওঁ কয় যে দেশত আৰোগ্য লাভৰ হাৰ বৃদ্ধি পাইছে আৰু মৃত্যু হাৰ হ্রাস পাইছেপ্ৰতি ১০ লাখ নাগৰিকৰ বিপৰীতে দেশত প্রায় ৫,৫০০ জন লোক সংক্ৰমিত হৈছেমার্কিন যুক্তৰাষ্ট্ৰ আৰু ব্রাজিলত এই সংখ্যা ২৫ হাজাৰ

তেওঁ কয় যে ভাৰতত প্ৰতি ১০ লাখ মানুহৰ বিপৰীতে ৮৩জন লোকৰ মৃত্যু হৈছে৷ ইফালে, মার্কিন যুক্তৰাষ্ট্ৰ, ব্রাজিল, স্পেইন, ব্রিটেইনকে ধৰি বহু উন্নত দেশত এই সংখ্যা প্রায় ৬০০জন হৈছে

প্ৰধানমন্ত্রীয়ে উন্নত দেশসমূহৰ সৈতে তুলনা কৰি ভাৰতৰ নাগৰিকসকলৰ জীৱন ৰক্ষাৰ ক্ষেত্রত গ্ৰহণ কৰা প্ৰচেষ্টাৱলীক লৈ সন্তোষ প্ৰকাশ কৰে

দেশৰ ভিড আন্তঃগাঁথনি উন্নতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰোনা সংক্ৰমিতসকলৰ বাবে ৯০ লাখতকৈও অধিক বিছনাৰ ব্যৱস্থা আছে। তদুপৰি, দেশজুৰি ১২,০০০ কোৱাৰেণ্টাইন কেন্দ্ৰ গঢ় দিয়া হৈছে।

তেওঁ কয় যে ২,০০০তকৈ অধিক পৰীক্ষাগাৰত ৰোনাৰ নমুনা পৰীক্ষা কৰা হৈছে আৰু অতি সোনকালে নমুনা পৰীক্ষাৰ সংখ্যা ১০কোটিৰ সীমা অতিক্ৰম কৰিব৷

তেওঁ কয় যে সমৃদ্ধিশালী ৰাষ্ট্ৰসমূহৰ তুলনাত ভাৰতে নাগৰিকসকলৰ প্রাণ ৰক্ষাৰ ক্ষেত্রত যথেষ্ট সফল হৈছেদেশত নমুনা পৰীক্ষাৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজ আৰু অধিক শক্তিশালী হৈছে।

প্ৰধানমন্ত্রীয়ে চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্য কর্মীসকলে নিঃস্বার্থভাৱে বহু লোকৰ প্রাণ ৰক্ষাৰ প্ৰয়াসৰ প্ৰশংসা কৰেএওঁলোক সকলোৱেই সেৱাই পৰম ধর্ম’-এই মন্ত্রৰে কাম কৰি আহিছে৷

তেওঁ জনসাধাৰণক তেওঁলোকে যাতে দেশত ৰোনাৰ বিপদ শেষ হোৱা বুলি নাভাৱিবলৈ সতৰ্ক কৰি দিয়ে৷ ৰোনা ভাইৰাছ আঁতৰ হোৱা বুলি এই ক্ষেত্ৰত উদাসীন নহবলৈও সতৰ্ক কৰি দিয়ে৷

জনসাধাৰণক সতর্ক কৰে তেওঁ কয় যে সতর্কতামূলক ব্যৱস্থা যাতে মানি চলে, সেই দিশত লক্ষ্য ৰাখিব লাগিব৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “যদি আপোনালোকে অৱহেলা কৰে, মাস্ক নিপিন্ধাকৈ বাহিৰলৈ ওলায়, তেতিয়াহলে আপোনালোকে নিজৰ লগতে আপোনালোকৰ পৰিয়াল, আপোনালোকৰ শিশু আৰু ঘৰৰ বয়স্ক লোকসকলক বিপদত পেলাব৷

তেওঁ কয় যে মার্কিন যুক্তৰাষ্ট্ৰ আৰু ইউৰোপত প্রাৰম্ভিক অৱস্থাত ৰোনাৰ সংক্ৰমণ হ্ৰাস পালেও হঠাৎ আকৌ সংক্ৰমণ বৃদ্ধি পাইছে৷

যিমান দিনলৈকে প্ৰতিষেধক আৱিষ্কাৰ নহয়, তেতিয়ালৈকে জনসাধাৰণে সর্তকতা অৱলম্বন কৰিব লাগিব আৰু ভিড-১৯ৰ বিৰুদ্ধে যুঁজত কোনো শিথিলতা কৰিলে নহব৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মানৱজাতিক ৰক্ষা কৰাৰ বাবে যুদ্ধকালীন তৎপৰতাৰে কাম চলি আছে। আমাৰ দেশকে ধকি বহু দেশৰ বিজ্ঞানীসকলে প্ৰতিষেধক উদ্ভাৱনৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে

তেওঁ কয় যে ৰোনাৰে মোকাবিলা কৰিবলৈ বিভিন্ন প্ৰতিষেধকক লৈ কাম চলিছেইয়াৰ ভিতৰত কেইবাটাও প্ৰতিষেধক চূড়ান্ত পর্যায়ত উপনীত হৈছে।

প্ৰধানমন্ত্রীয়ে কয় যে যেতিয়াই প্ৰতিষেধক পোৱা যাব, তেতিয়াই যাতে প্ৰতিগৰাকী নাগৰিকে সেই প্ৰতিষেধক লাভ কৰে তাৰে বাবে চৰকাৰে পৰিকল্পনা কৰিছে

প্ৰতিষেধক নহালৈকে তেওঁলোকে যাতে কোনোধৰণৰ শিথিলতা নেদেখুৱায় তাৰ বাবে তেওঁ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়৷

প্ৰধানমন্ত্রীয়ে কয় যে আমি সংকটকালীন পৰিস্থিতিৰ মাজেৰে অগ্ৰসৰ হৈছো আৰু অসাৱধান হলেই আমি ডাঙৰ ডাঙৰ বিপদৰ সম্মুখীন হম৷

তেওঁ নাগৰিকসকল তেওঁলোকৰ দায়িত্ব পালনৰ সময় যেন সচেতন হৈ থাকে, তাৰ বাবে আহ্বান জনায়৷

৬ ফুট(দো গজ দূৰী) দূৰত্ব বজাই ৰখা, চাবোনেৰে বাৰে বাৰে হাত ধোঁৱা আৰু মাস্ক পৰিধান কৰা-ইত্যাদি নিয়মসমূহ মানি চলাৰ বাবে প্ৰধানমন্ত্রীয়ে অনুৰোধ জনায়৷

***

VRRK/AK/DB



(Release ID: 1666316) Visitor Counter : 182