স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

সক্ৰিয় ৰোগীৰ সংখ্যাৰ অৱনমিত ধাৰা অব্যাহত ৰখাত সফল হৈছে ভাৰত

একেৰাহে দ্বিতীয় দিনৰ বাবে সক্ৰিয় ৰোগীৰ সংখ্যা ৭.৫ লাখৰ তলত আছে

১৪ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত মৃত্যুৰ হাৰ ১শতাংশৰ তলত বুলি ঠাৱৰ কৰা হৈছে

Posted On: 21 OCT 2020 11:28AM by PIB Guwahati

ভাৰতে একেৰাহে দ্বিতীয়টো দিনৰ বাবে সক্ৰিয় ৰোগীৰ সংখ্যা ৭.৫ লাখৰ তলত ৰখাৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে।

http://static.pib.gov.in/WriteReadData/userfiles/image/image0017EJB.jpg

প্ৰতি দিনে কভিড ৰোগী আৰোগ্য হোৱাৰ বৰ্দ্ধিত হাৰে ভাৰতত সক্ৰিয় আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত অৱনমিত কৰাত সহায় কৰিছে। শেহতীয়া ২৪ ঘণ্টাত ৬১,৭৭৫ গৰাকী ব্যক্তিয়ে আৰোগ্য লাভ কৰাৰ লগতে চিকিত্সালয় এৰাৰ অনুমতি লাভ কৰাৰ বিপৰীতে নতুনকৈ আক্ৰান্ত হৈছে ৫৪,০৪৪গৰাকী লোক। বিগত ২৪ ঘণ্টাত দেশত ১০,৮৩,৬০৮টা নমুনাৰ পৰীক্ষণ সম্পন্ন কৰা হৈছে।

পৰীক্ষণ, অনুসৰণ আৰু চিকিত্সা প্ৰদানৰ কৌশলৰ সফল ৰূপায়ণৰ সুবাদতে দেশত কভিড আক্ৰান্তৰ মৃত্যুৰ হাৰ আজি ১.৫১%লৈ অৱনমিত হৈছে।

মৃত্যুৰ হাৰ ১%ৰ তললৈ অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ইতিমধ্যে আহ্বান জনাইছে কেন্দ্ৰীয় চৰকাৰে।

http://static.pib.gov.in/WriteReadData/userfiles/image/image002JYKA.jpg

আজিৰ তাৰিখত দেশত আৰোগ্য লাভ কৰা ব্যক্তিৰ মুঠ সংখ্যা ৬৭,৯৫,১০৩ গৰাকী হৈছেগৈ। দিনৌ উচ্চ হাৰত আৰোগ্য লাভ কৰাৰ পৰিপ্ৰেক্ষিতত শেহতীয়া ভাবে আৰোগ্য লাভৰ শতাংশ হাৰ ৮৯%(৮৮.৮১%)হৈছেগৈ

নতুনকৈ আৰোগ্য লাভ কৰোতাৰ ৭৭%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

ইয়াৰে, মহাৰাষ্ট্ৰক পিচ পেলাই কৰ্ণাটকে সৰ্বাধিক ৮,০০০ৰৰো অধিক আৰোগ্যৰে শীৰ্ষ স্থান দখল কৰাৰ বিপৰীতে ৭০০০ৰৰো অধিক আৰোগ্যৰে দ্বিতীয় স্থানত আছে মহাৰাষ্ট্ৰ আৰু কেৰালা

http://static.pib.gov.in/WriteReadData/userfiles/image/image003VGJL.jpg

শেহতীয়া ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত ব্যক্তিৰ সংখ্যা হৈছে ৫৪,০৪৪ গৰাকী।

নতুনকৈ আক্ৰান্তৰ ৭৮%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

এইক্ষেত্ৰতো মহাৰাষ্ট্ৰই সৰ্বাধিক ৮,০০০ৰৰো অধিক আক্ৰান্তৰে শীৰ্ষ স্থান দখল কৰাৰ বিপৰীতে ৬০০০ৰৰো অধিক আক্ৰান্তৰে দ্বিতীয় স্থানত আছে কৰ্ণাটক আৰু কেৰালা।

http://static.pib.gov.in/WriteReadData/userfiles/image/image004VZF3.jpg

ইফালে, শেহতীয়া ২৪ ঘণ্টাত দেশত ৭১৭গৰাকী লোকে মৃত্যু সাৱটি লৈছে।

এইক্ষেত্ৰতো প্ৰায় ৮২%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

ইয়াৰে, কালি ২৯শতাংশ মৃতকৰ তথ্য লাভ কৰা হৈছে মহাৰাষ্ট্ৰ পৰা। মহাৰাষ্ট্ৰত এদিনত সৰ্বাধিক ২১৩গৰাকী লোকে মৃত্যু বৰণ কৰাৰ বিপৰীতে কৰ্ণাটকত মৃত্যু হৈছে ৬৬গৰাকী লোকৰ।

http://static.pib.gov.in/WriteReadData/userfiles/image/image005OI9I.jpg

 

 

 

*****

MV/SJ



(Release ID: 1666367) Visitor Counter : 163