কেবিনেট
আইচিএআই, ভাৰত আৰু চিপিএ, পাপুৱা নিউ গিনিয়াৰ মাজত হোৱা বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন
পোষ্ট কৰা হৈছে:
21 OCT 2020 3:25PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰতৰ আইচিএআই আৰু পাপুৱা গিনিয়াৰ চিপিএৰ মাজত হোৱা বুজাবুজিৰ চুক্তিপত্ৰত অনুমোদন প্ৰদান কৰিছে৷ ইয়াৰ জৰিয়তে পাপুৱা গিনিয়াত একাউণ্টিং, বিত্তীয় আৰু অডিট নলেজৰ সামৰ্থ বৃদ্ধি তথা সৱলীকৰণ কৰা হ’ব৷
প্ৰণয়ন কৌশল আৰু লক্ষ্যঃ
আইচিএআই আৰু চিপিএয়ে নিম্নোক্তসমূহ যুটীয়াভাৱে প্ৰণয়ন কৰিবঃ
১. পাপুৱা গিনিয়াত প্ৰযুক্তিগত অনুষ্ঠান, ছেমিনাৰ আৰু সমাৰোহ অনুষ্ঠিত
২. ঔদ্যোগিক প্ৰশাসন, প্ৰযুক্তিগত গৱেষণা আৰু পৰামৰ্শ, গুণগত নিশ্চিত, ফৰেনছিক একাউণ্টিং আৰু অন্যান্য পাৰস্পৰিক আগ্ৰহৰ বিষয়সমূহত সাম্ভাৱ্য সহযোগিতা স্থাপন
৩. ভাৰত আৰু পাপুৱা গিনিয়াৰ মাজত একাউণ্টিং সম্পৰ্কীয় অবৈধ তথ্যসমূহ আদান-প্ৰদান কৰা
৪. শিক্ষাৰ্থী আৰু প্ৰশিক্ষকৰ আদান-প্ৰদান
৫. পাপুৱা গিনিয়াত একাউণ্টিং, বিত্ত আৰু অডিট বিষয়ত হ্ৰস্বকালীন পেছাগত শিক্ষা প্ৰদান কৰা
প্ৰধান প্ৰভাৱঃ
আইচিএয়ে স্থানীয় ব্যৱসায় উদ্যোগসমূহ, বিত্তীয় প্ৰতিবেদন বিষয়ক ষ্টেকহ’ল্ডাৰসকলক সমৰ্থন প্ৰদান কৰি আহিছে৷ প্ৰস্তাৱিত এই বুজাবুজিৰ চুক্তিৰ দ্বাৰা পাপুৱা গিনিয়াত আইচিএৰ ভেটি দৃঢ় হ’ব আৰু সন্মান বৃদ্ধি হ’ব৷
****
VRRK/MANN
(ৰিলিজ আই ডি : 1666700)
অতিথি কক্ষ : 140
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada