স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত ধাৰাবাহিকভাৱে হ্ৰাস পাই আছে চিকিৎসাধীন ৰোগীৰ সংখ্যা

দ্বিতীয় দিনৰ বাবে চিকিৎসাধীন ৰোগীৰ সংখ্যা ৮লাখৰ তলত আছে

২২খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত চিকিৎসাধীন ৰোগীৰ সংখ্যা ২২,০০০ৰ তলত

Posted On: 18 OCT 2020 10:56AM by PIB Guwahati

ভাৰতত ধাৰাবাহিকভাৱে হ্ৰাস পাই আছে চিকিসাধীন ৰোগীৰ সংখ্যা৷ দ্বিতীয় দিনৰ বাবে চিকিসাধীন ৰোগীৰ সংখ্যা ৮লাখৰ তলত আছে আৰু এই সংখ্যা ৭,৮৩,৩১১জন হৈছে৷ দেশত মুঠ আক্ৰান্ত লোকৰ বিপৰীতে ১০.৪৫% ৰোগী চিকিসাধীন হৈ আছে৷

WhatsApp Image 2020-10-18 at 10.05.47 AM.jpeg

 

ৰাষ্ট্ৰীয় হাৰ অনুসৰি ২২খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত চিকিসাধীন ৰোগীৰ সংখ্যা ২২,০০০ৰ তলত আছে৷

 

১৩খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ২০,০০০তকৈ অধিক, কিন্ত ৫০,০০০তকৈ কম ৰোগী চিকিসাধীন হৈ আছে৷ কেৱল ৩খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ৫০,০০০তকৈ অধিক লোক আছে৷

 

 

সৰ্বাধিক হাৰত হোৱা আৰোগ্যৰ ফলতে দেশত চিকিসাধীন ৰোগীৰ সংখ্যা হ্ৰাস পাইছে৷ দেশত মুঠ আৰোগ্য ৰোগীৰ সংখ্যা ৬৫,৯৭,২০৯জন৷ আৰোগ্য হোৱা আৰু চিকিসাধীন হৈ থকা ৰোগীৰ সংখ্যা মাজৰ ব্যৱধান ৫৮,১৩,৮৯৮জনলৈ বৃদ্ধি পাইছে৷ দেশৰ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৮৮.০৩লৈ উন্নীত হৈছে৷

ইফালে, বিগত ২৪ ঘণ্টাত দেশত ৭২,৬১৪জন ৰোগী আৰোগ্য হোৱাৰ বিপৰীতে নতুনকৈ ৬১,৮৭১জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷

ইয়াৰে ৭৯% আৰোগ্য ৰোগী ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ১৪,০০০তকৈ অধিক ৰোগী আৰোগ্য হৈছে৷

 

WhatsApp Image 2020-10-18 at 10.02.39 AM (1).jpeg

 

বিগত ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত হোৱা ৬১,৭৮১জন লোক ৭৯%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

মহাৰাষ্ট্ৰ আৰু কেৰালাত ক্ৰমে ১০,০০০ আৰু ৯,০০০তকৈ অধিক লোক আক্ৰান্ত হৈছে৷

 

WhatsApp Image 2020-10-18 at 10.02.39 AM.jpeg

 

বিগত ২৪ ঘণ্টাত দেশত ১,০৩৩জন ক’ভিড ৰোগীৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে৷

এইবোৰৰ প্ৰায় ৮৬% ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ এই মৃত ৰোগীৰ ভিতৰত ৪৪%, অৰ্থা ৪৬৩ জন ৰোগীয়েই মহাৰাষ্ট্ৰৰ৷

 

WhatsApp Image 2020-10-18 at 10.02.39 AM (2).jpeg

 

********



(Release ID: 1665727) Visitor Counter : 149