PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 16 OCT 2020 6:20PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

 

#Unite2FightCorona

#IndiaFightsCorona

 

Image

 

ভাৰতত প্ৰতি মিলিয়ন জনসংখ্যাত মৃত্যুৰ হাৰ বিশ্বৰ ভিতৰতে ন্যূনতম হৈছে, বিগত ১৪ দিনত ১১০০ জনতকৈও কম লোকৰ মৃত্যু হৈছে, ২২খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত প্ৰতি মিলিয়নত ৰাষ্ট্ৰীয় গড়তকৈও মৃত্যুৰ সংখ্যা কম হৈছে

ভাৰতত প্ৰতি মিলিয়নত মৃত্যুৰ হাৰ বিশ্বৰ ভিতৰতে ন্যূনতম হৈ আজি এই সংখ্যা ৮১ হৈছে৷ ২ অক্টোবৰৰ পৰা প্ৰতিদিনে ১১০০ত কৈও কম লোকৰ মৃত্যুৰ সংখ্যা প্ৰতিবেদিত হৈছে৷ ২২খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত ৰাষ্ট্ৰীয় গড়তকৈও মৃত্যুৰ সংখ্যা কম হৈছে৷ বিগত ২৪ ঘণ্টাত ৭০,৩৩৮ জন লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে ৬৩,৩৭১ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ মুঠ ৬৪,৫৩,৭৭৯ জন লোকে আৰোগ্য লাভ কৰিছে৷ এই পৰ্যন্ত দেশত ৮,০৪,৫২৮ জন লোক ৰোগত আক্ৰান্ত হৈছে৷

অধিক বিৱৰণৰ বাবে

 

 

কেৰালা, কৰ্ণাটক, ৰাজস্থান, চট্টিশগড় আৰু পশ্চিমবংগলৈ কেন্দ্ৰই প্ৰেৰণ কৰিছে উচ্চস্তৰীয় দল

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে কেৰালা, কৰ্ণাটক, ৰাজস্থান, চট্টিশগড় আৰু পশ্চিমবংগলৈ উচ্চস্তৰীয় দল প্ৰেৰণ কৰিছে৷ শেহতীয়াকৈ এই ৰাজ্যসমূহত ক’ভিডৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ কেন্দ্ৰৰ এই দলটোৱে ৰাজ্যকেইখনত ক’ভিডৰ নিৰীক্ষণ, পৰীক্ষণ আৰু ব্যৱস্থাপনাত সমৰ্থন প্ৰদান কৰিব৷

অধিক বিৱৰণৰ বাবে

 

এফএছএছএআইয়ে আয়োজন কৰা ‘বিশ্ব খাদ্য দিৱস’ত ডাঃ হৰ্ষ ৱৰ্ধনৰ সভাপতিত্ব

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে আজি ‘বিশ্ব খাদ্য দিৱস’ৰ সমাৰোহত অংশগ্ৰহণ কৰে৷ এই সমাৰোহৰ আয়োজন কৰে এফএছএছএআইয়ে৷ চলিত বৰ্ষৰ বিষয়বস্তু হ’ল Grow, Nourish, Sustain. Together

অধিক বিৱৰণৰ বাবে

 

ডাঃ হৰ্ষ ৱৰ্ধনে ভাৰতীয় ৰে’ডক্ৰ’ছ  ছ’চাইটীৰ সদস্যসকললৈ প্ৰধানমন্ত্ৰীৰ জন-আন্দোলনৰ বাৰ্তা প্ৰেৰণ কৰে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে আজি ভিডিঅ’ কনফাৰেন্সযোগে ভাৰতীয় ৰে’ডক্ৰ’ছ ছ’চাইটীৰ বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰে৷ অধিৱেশনখনত তেওঁ ক’ভিডৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে আলোকপাত কৰে৷

অধিক বিৱৰণৰ বাবে

 

এফএঅ’ৰ ৭৫তম বাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ৭৫ টকাৰ স্মাৰক মুদ্ৰা

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে এফএঅ’ৰ ৭৫তম বাৰ্ষিকী উপলক্ষে ৭৫ টকাৰ স্মাৰক মুদ্ৰা মুকলি কৰে৷ তেওঁ কয় যে আমাৰ কৃষক সহযোগী- আমাৰ অন্নদাতা, আমাৰ কৃষি বিজ্ঞানীসকল, আমাৰ অংগনৱাড়ী আশা কৰ্মীসকলেই হ’ল অপুষ্টিৰ বিৰুদ্ধে গঢ়ি তোলা আন্দোলনৰ প্ৰধান ভেঁটি৷

অধিক বিৱৰণৰ বাবে

 

এফএঅ’ৰ ৭৫তম বাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ৭৫ টকাৰ স্মাৰক মুদ্ৰা মুকলি কৰি প্ৰদান কৰা ভাষণ

অধিক বিৱৰণৰ বাবে

 

প্ৰতিৰক্ষা মন্ত্ৰীয়ে প্ৰদান কৰিলে সৰ্বশ্ৰেষ্ঠ আৰু দ্বিতীয় সৰ্বশ্ৰেষ্ঠ কামাণ্ড হাস্পতাল বঁটা

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে ১৬ অক্টোবৰ ২০২০ তাৰিখে ২০১৯ বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ আৰু দ্বিতীয় সৰ্বশ্ৰেষ্ঠ কামাণ্ড হাস্পতাল বঁটা প্ৰদান কৰে৷ কামাণ্ড হাস্পতাল বেংগালুৰুৱে প্ৰথম স্থান আৰু কামাণ্ড হাস্পতাল কলকাতাই দ্বিতীয় সৰ্বশ্ৰেষ্ঠ বঁটা লাভ কৰে৷

অধিক বিৱৰণৰ বাবে

 

আইএমএফৰ আন্তৰ্জাতিক মুদ্ৰা আৰু বিত্তীয় কমিটীৰ পৰিকল্পনা অধিৱেশনত বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণৰ অংশগ্ৰহণ

কেন্দ্ৰীয় বিত্ত আৰু ঔদ্যোগিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে কালি ভিডিঅ’ কনফাৰেন্সযোগে আইএমএফৰ আন্তৰ্জাতিক মুদ্ৰা আৰু বিত্তীয় কমিটীৰ পৰিকল্পনা অধিৱেশনত অংশগ্ৰহণ কৰে৷ এই অধিৱেশনৰ বিষয়বস্তু আছিল ‘কেটেলাইজিং এ ৰিছাইলেণ্ট ৰিক’ভাৰী’৷

অধিক বিৱৰণৰ বাবে

 

ভাৰতে আয়োজন কৰিলে মিনিষ্টাৰ্ছ অব্ জাষ্টিছ অব্ ছাংঘাই কো-অপাৰেচন অৰ্গনাইজেছন

ভাৰতে সপ্তম সংখ্যক মিনিষ্টাৰ্ছ অব্ জাষ্টিছ অব্ ছাংঘাই কো-অপাৰেচন অৰ্গনাইজেছনৰ আয়োজন কৰে৷ এই আয়োজনৰ গুৰি ধৰে কেন্দ্ৰীয় আইন আৰু ন্যায়, যোগাযোগ আৰু বৈদ্যুতিক তথা তথ্য প্ৰযুক্তি মন্ত্ৰী শ্ৰী ৰবি শংকৰ প্ৰসাদে৷

অধিক বিৱৰণৰ বাবে

 

সাংস্কৃতিক মন্ত্ৰালয়ে কেন্দ্ৰীয় প্ৰযোজিত কলা সংস্কৃতি বিকাশ যোজনাৰ বিভিন্ন পৰিক্ষেত্ৰৰ অধীনত ভাৰ্চুৱেল/অনলাইন মোডত সাংস্কৃতি কাৰ্যসূচী/গতিবিধি আয়োজিত কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে

ক’ভিড মহামাৰীয়ে কলা-সংস্কৃতিৰ ক্ষেত্ৰখনত যথেষ্ট প্ৰভাৱ পেলাইছে৷ হয়তোবা অনুষ্ঠানসমূহ বাতিল হৈছে অথবা স্থগিত ৰখা হৈছে৷ এনে পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ে অনুষ্ঠানসমূহৰ আয়োজনৰ বাবে বিকল্প পদ্ধতিৰ কথা চিন্তা কৰিছে৷ সাংস্কৃতিক মন্ত্ৰালয়ে ইয়াৰ কলা সংস্কৃতি বিকাশ যোজনাৰ অধীনত এই সংক্ৰান্তত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

 

  • পাঞ্জাৱঃ মুখ্যমন্ত্ৰীয়ে পঞ্চায়তৰ মুৰব্বী তথা গাঁওবুঢ়াসকলক তেওঁলোকৰ এলেকাত কঠোৰ স্বাস্থ্য নিৰীক্ষণ কৰিবলৈ আহ্বান জনাইছে৷

 

  • হাৰিয়ানাঃ আগন্তুক উৎসৱৰ ঋতুসমূহৰ প্ৰতি লক্ষ্য ৰাখি হাৰিয়ানাৰ মুখ্য সচিবে জনসাধাৰণৰ চলাচলৰ বাবে এছঅ’পি জাৰি কৰিছে৷

 

  • হিমাচল প্ৰদেশঃ ভাৰতীয় ৰে’ডক্ৰ’ছ ছ’চাইটিৰ বাৰ্ষিক অধিৱেশনত ভাষণ প্ৰাদান কৰি ৰাজ্যপাল শ্ৰী বান্দাৰু দত্ৰাত্ৰেয়ই কয় যে ক’ভিডৰ নিয়ন্ত্ৰণৰ বাবে ৰাজ্যখনে কেতবোৰ উৎকৃষ্ট পদক্ষেপ গ্ৰহণ কৰিছে৷

 

  • অৰুণাচল প্ৰদেশঃ আজি এজন ব্যক্তিৰ মৃত্যু হোৱাৰ জৰিয়তে মুঠ ৩০ জন লোকৰ মৃত্যু হৈছে৷ বিগত ২৪ ঘণ্টাত ২০৩ জন লোক আক্ৰান্ত হোৱাৰ লগতে  ১৯৫ জন লোকে আৰোগ্য লাভ কৰিছে৷

 

  • অসমঃ অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি ১২৬৩ জন লোকক মুকলি কৰি দিয়া হৈছে বুলি টুইট কৰে৷ সক্ৰিয় ৰোগীৰ সংখ্যাতকৈ মুকলি হোৱা ৰোগীৰ সংখ্যা ৬ গুণ অধিক হৈছে৷ আৰোগ্য হোৱা ৰোগীৰ হাৰ হ’ল ৮৫.০৯% আৰু সক্ৰিয় ৰোগীৰ হাৰ হ’ল ১৪.৪৭%৷

 

  • মণিপুৰঃ মণিপুৰত স্থানীয়ভিত্তিত লকডাউন আৰম্ভ হৈছে, এজন লোকৰ মৃত্যু হৈছে৷

 

  • মেঘালয়ঃ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৪৪৫ জন৷ আৰোগ্য লাভ তৰিছে ৫৬৪৬ জনে৷

 

  • মিজোৰামঃ কালি ৯ জন লোক ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি প্ৰকাশ পাইছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ২২২৯ জন আৰু সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১০৮ জন৷

 

  • নাগালেণ্ডঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৭৪৯২ জন৷

 

  • ছিক্কিমঃ ৪১ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ জৰিয়তে মুঠ ৰোগীৰ সংখ্যা হৈছে ৩৫০০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩১২ জন৷

 

  • কেৰালাঃ কালি ৭৭৮৯ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হয়৷ বৰ্তমানে ৯৪,৫১৭ জন লোক চিকিৎসাধীন অৱস্থাত আছে আৰু ২.৪৯ লাখ লোক নিৰীক্ষণৰ অধীনত আছে৷

 

  • তামিলনাডুঃ মহামাৰীৰ সময়ছোৱাত কৃষকসকললৈ ২,৪১৬.০৫ কোটি টকা আৱণ্টিত কৰা হৈছে৷ এই তথ্য প্ৰকাশ কৰিছে ৰাজ্যখনৰ খাদ্য মন্ত্ৰী আৰ কামৰাজে৷

 

  • কৰ্ণাটকঃ আগন্তুক উৎসৱৰ সময়ছোৱাৰ প্ৰতি লক্ষ্য ৰাখি কোডাগো, মহীশূৰ আৰু মাণ্ড্যত  ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে বন্ধ ৰখা হ’ব৷

 

  • অন্ধ্ৰ প্ৰদেশঃ ৫৬৬২ জন লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৪০,০৪৭ জন৷ ৰাজ্যখনে ক’ভিড-১৯ মহামাৰীৰ বাবে ক্ষতিগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়ৰ ছুটিৰ দিন হ্ৰাস কৰিছে৷

 

  • তেলেংগানাঃ বিগত ২৪ ঘণ্টাত ১৫৫৪ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে ১৪৩৫ জন লোকে আৰোগ্য লাভ কৰিছে আৰু ৭ জনৰ মৃত্যু হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,১৯,২২৪ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৩,৩১৫ জন৷ ১২৫৬ জনৰ মৃত্যু হৈছে৷ ১,৯৪,৬৫৩ জনক মুকলি কৰি দিয়া হৈছে৷

 

Image



(Release ID: 1665344) Visitor Counter : 245