প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘খাদ্য আৰু কৃষি সংস্থা’ৰ ৭৫ বৰ্ষপূৰ্তি উপলক্ষে প্ৰস্তুত কৰি উলিওৱা স্মাৰক মুদ্ৰা মুকলি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণ

Posted On: 16 OCT 2020 2:42PM by PIB Guwahati

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী শ্ৰীমান নৰেন্দ্ৰ তোমৰ জী, শ্ৰীমতী স্মৃতি  ইৰাণী জী, পুৰুষোত্তম ৰুপালা জী, কৈলাস চৌধুৰী জী, খাদ্য আৰু কৃষি সংস্থাৰ প্ৰতিনিধিবৰ্গ, অন্য মহানুভৱ আৰু মোৰ মৰমৰ ভাই-ভনীসকল, বিশ্ব খাদ্য দিৱস উপলক্ষে আপোনালোক আটাইলৈকে বহুত বহুত শুভকামনা জনালো। পৃথিৱী জুৰি যিসকল লোকে অ–পুষ্টি নিবাৰণৰ বাবে অহৰ্নিশে কাম কৰি আহিছে, মই সেইসকল লোকৰ প্ৰতি বহুত বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছো।

ভাৰতৰ আমাৰ খেতিয়কবন্ধুসকল, আমাৰ অন্নদাতাসকল, আমাৰ কৃষি বৈজ্ঞানিকসকল, আমাৰ অংগণৱাড়ী আৰু আশা কাৰ্যকৰ্তাসকল, অ-পুষ্টি বিৰোধী আন্দোলনৰ এক বহুত শক্তিশালী সেনানী, এক মজবুত বুনিয়াদ। তেওঁলোকে নিজৰ পৰিশ্ৰমেৰে ভাৰতৰ খাদ্য ভাণ্ডাৰসমূহ ভৰাই ৰাখিছে, সেইদৰেই দূৰ-সুদূৰৰ দৰিদ্ৰৰো দৰিদ্ৰ লোকসকলৰ কাষ পোৱোৱাৰ ক্ষেত্ৰত চৰকাৰক সহযোগিতাও আগবঢ়াই আহিছে। এই সকলোৰে প্ৰয়াসতে ভাৰতে কৰোনাৰ এই সংকটকালতো অ-পুষ্টিৰ বিৰুদ্ধে শক্তিশালী যুঁজ অব্যাহত ৰাখিব পাৰিছে।

বন্ধুসকল, আজিৰ দিনটো খাদ্য আৰু কৃষি সংস্থা(এফএঅ)ৰ বাবেও বহুত মহত্বপূৰ্ণ দিন। আজি এই গুৰুত্বপূৰ্ণ সংস্থাৰ গঠনৰ ৭৫টা বৰ্ষ পূৰ্ণ হল। এইখিনি বছৰত ভাৰতকে ধৰি সমগ্ৰ পৃথিৱীতে এফএঅ-য়ে কৃষি উত্পাদন বঢ়োৱা, খাদ্য সংকটৰ অৱসান ঘটোৱা আৰু পুষ্টি সাধনৰ ক্ষেত্ৰত বহুত ডাঙৰ ভূমিকা পালন কৰি আহিছে। আজি ৭৫ টকাৰ যি বিশেষ মুদ্ৰা মুকলি কৰা হৈছে, সেয়া ভাৰতৰ ১৩০ কোটিৰো অধিক জনতা-জনাৰ্দনৰ তৰফৰ পৰা আপোনালোকলৈ সেৱা ভাৱনাৰে আগবঢ়োৱা সন্মান। এফএঅবিশ্ব খাদ্য কাৰ্যক্ৰমে এইবেলি নোবেল শান্তি পুৰস্কাৰ লাভ কৰাটোও এক বৃহত্ উপলব্ধি বুলিয়ে বিবেচিত হৈছে। আৰু এই ক্ষেত্ৰততো ভাৰত অতি ঘনিষ্ঠ ভাবেই জড়িত হৈ অহা বাবে আজি ভাৰতে প্ৰকৃতাৰ্থতেই আনন্দ অনুভৱ কৰিব পাৰিছে। আমি সকলোৱে জানো যে ড০ বিনয় ৰঞ্জন সেন যেতিয়া এফএঅ-ৰ সঞ্চালক প্ৰধান আছিল, তেতিয়া তেওঁৰ নেতৃত্বতে বিশ্ব খাদ্য কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰা হৈছিল। ড০ সেনে আকাল আৰু খাদ্য সংকটৰ সন্তাপ নিচেই কাষৰ পৰা অনুভৱ কৰিছিল। নীতি প্ৰণেতা হোৱাৰ পিচত, তেওঁ যি ব্যাপকতাৰে কাম কৰিবলৈ লৈছিল, সেয়া আজিও সমগ্ৰ পৃথিৱীৰ বাবেই কামত আহিছে। তেওঁ যি বীজ ৰোপণ কৰি থৈ গৈছিল আজি তাৰ যাত্ৰা নোবেল বঁটা পৰ্যন্ত সম্ভৱ হৈছে।

বন্ধুসকল, এফএঅয়ে বিগত দশকসমূহত অ-পুষ্টিৰ বিৰুদ্ধে ভাৰতৰ যুঁজখনকো নিচেই কাষৰ পৰা প্ৰত্যক্ষ কৰিছে। দেশত পৃথক পৃথক স্তৰত, কিছুমান বিভাগৰ দ্বাৰা প্ৰয়াস চলি আছিল, অৱশ্যে তেওঁলোকৰ পৰিসৰ সীমিত আছিল অথবা টুকুৰা টুকুৰকৈ চলি আছিল। আমি জানো যে সৰুকালতে গৰ্ভধাৰণ কৰা, শিক্ষাহীনতা, সচেতনতাৰ অভাৱ, বিশুদ্ধ পানীৰ পৰ্যাপ্ত সুবিধাৰ অভাৱ, স্বচ্ছতাৰ অভাৱ, এনে বহু কাৰণত আমি অ-পুষ্টিৰ বিৰুদ্ধে অব্যাহত যুঁজত আশা কৰা মতে পৰিণাম লাভ কৰিব পৰা নাছিলো। মই যেতিয়া গুজৰাটৰ মুখ্য মন্ত্ৰী আছিলো, তেতিয়া এইসমূহ তথ্য সাৰোগত কৰি তাত অনেক নতুন যোজনাৰে কাম আৰম্ভ কৰিছিলো। পিচে সমস্যা কত আছে, ইপ্সৃত পৰিণাম কিয় পোৱা নাযায়, আৰু সু পৰিণাম কেনেকৈ লাভ কৰিব পৰা যাব, ইয়াৰ এক দীঘলীয়া অভিজ্ঞতা গুজৰাটৰ পৰা মই লাভ কৰিছিলো। সেই অভিজ্ঞতসমূহকে লৈ ২০১৪ চনত যেতিয়া দেশৰ সেৱা কৰাৰ সুযোগ লাভ কৰিছিলো, তেতিয়া নতুন ধৰণৰে কিছু প্ৰয়াস আৰম্ভ কৰিছিলো।

আমি সংহত মনোভাৱৰে আগবাঢ়িব খুজিছিলো, ব্যপকতাৰ মনোভাৱৰে কাম কৰি গৈছিলো। সকলোবোৰ বাধা আঁতৰাই আমি বহুমাত্ৰীয়, বহুমুখী ৰণনীতি গ্ৰহণ কৰি কাম আৰম্ভ কৰিছিলো। এফালে যদি ৰাষ্ট্ৰীয় পুষ্টি মিছন আৰম্ভ কৰা হৈছিল আনফালে আক অ-পুষ্টিৰ প্ৰধান কাৰকসমূহ আঁতৰোৱাৰ বাবে পদক্ষেপ গ্ৰহণত গুৰুত্ব আৰোপ কৰা হৈছিল। ব্যাপক হাৰত পৰিয়াল আৰু সমাজৰ ব্যৱহাৰগত পৰিৱৰ্তনৰ বাবেও কাম কৰা হৈছিল। স্বচ্ছ ভাৰত মিছনৰ আধাৰত ভাৰতত ১১ কোটিৰো অধিক শৌচালয়ৰ নিৰ্মাণ কৰা হৈছিল। দুৰ্গম অঞ্চলসমূহত শৌচালয় নিৰ্মাণৰ ফলত স্বচ্ছতাৰ পৰিৱেশ সৃষ্টি হোৱাৰ ফলত ডায়েৰীয়াৰ দৰে বেমাৰৰ প্ৰাদুৰ্ভাৱ প্ৰায় নোহোৱাৰ দৰে হবলৈ ধৰিলে। সেইদৰে মিছন ইন্দ্ৰধনুষৰ জৰিয়তে গৰ্ভৱতী মাতৃ আৰু সন্তানৰ টীকাকৰণৰ পৰিসৰো দ্ৰুতগতিত বৃদ্ধি কৰা হৈছিল। এই কাৰ্যমত ভাৰততে তৈয়াৰ কৰা ৰোতাভাইৰাছৰ দৰে নতুন প্ৰতিষেধককো জড়িত কৰা হৈছিল। গৰ্ভাৱস্থা আৰু নবজাত শিশুৰ প্ৰথম ১০০০টা দিনৰ প্ৰতি লক্ষ্য ৰাখি, মাতৃ আৰু শিশু, দুয়োৰে পুষ্টি আৰু সুৰক্ষাৰ বাবেও এক বৃহত্ পৰিসৰৰ অভিযান আৰম্ভ কৰা হৈছিল। সেইদৰে জল জীৱন মিছনৰ অধীনত গাঁৱৰ সকলো গৃহস্থীলৈ নল সংযোগী পানীৰ যোগান নিশ্চিত কৰাৰ কামো দ্ৰুতগতিৰে অব্যাহত আছে।

আজি দেশৰ দৰিদ্ৰ বাই-ভনীসকলক ১টকাত চেনিটেৰী পেড উপলব্ধ কৰোৱাৰ ব্যৱস্থা কৰা হৈছে। এই সকলো প্ৰয়াসৰ এক প্ৰভাৱ এয়াও যে দেশত এই প্ৰথমবাৰৰ বাবে পঢ়াৰ ক্ষেত্ৰত কন্যাশিশুৰ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ, লৰা সন্তানৰ তুলনাত অধিক হোৱা পৰিলক্ষিত হৈছে। কন্যা সন্তানৰ বিয়াৰ উপযুক্ত বয়স দৰাচলতে কিমান হোৱা উচিত, এই ক্ষেত্ৰত উচিত সিদ্ধান্ত লোৱাৰ বাবেও জৰুৰী আলোচনা-গৱেষণা অব্যাহত আছে। দেশৰ সচেতন কন্যাসকলৰ পৰা মই বহুত চিঠি পাই থাকো, তেওঁলোকে অনতি বিলম্বে এই ক্ষেত্ৰত এক উচিত সিদ্ধান্ত ঘোষণাৰ পক্ষত মত পোষণ কৰি আহিছে। তেওঁলোকে কমিটিৰ প্ৰতিবেদন এতিয়াও কিয় দাখিল কৰা নাই বুলি প্ৰশ্ন উথ্থাপন কৰি আহিছে। মই সেই প্ৰতিগৰাকী ছোৱালীকে প্ৰতিশ্ৰুতি দিব খুজিছো যে অচিৰেই প্ৰতিবেদন দাখিল কৰিব আৰু চৰকাৰে সময় নষ্ট নকৰি অনতি বিলম্বে সিদ্ধান্ত গ্ৰহণ কৰিব।

বন্ধুসকল, পুষ্টিহীনতাৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু এক মহত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এতিয়া দেশত এনে সিদ্ধান্তক উত্সাহ প্ৰদানৰ দিহা কৰা হৈছে যত পৌষ্টিক পদাৰ্থ যেনে- প্ৰটিন, আইৰণ, জিংক ইত্যাদি অধিক পৰিমাণে উপলব্ধ হৈছে। খাদ্য সামগ্ৰী যেনে- ৰাগী, জোৱাৰ, বজ্ৰা, কোডো, ঝংগোৰা, ব্ৰাৰি, কোটকীৰ দৰে খাদ্য দ্ৰব্যৰ উত্পাদন বঢ়োৱা, ৰাইজে তেওঁলোকৰ ভোজন-সম্ভাৰত এনে সামগ্ৰীৰ ব্যৱহাৰত গুৰুত্ব প্ৰাদান কৰাৰ দৰে প্ৰয়াস আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে। মই আজি এফএঅ-ক বিশেষ ভাবে ধন্যবাদ দিব বিচাৰিছো এই কাৰণে যে তেওঁলোকে ২০২৩চনক আন্তঃৰাষ্ট্ৰীয় বজ্ৰা বৰ্ষ হিচাপে উদযাপন কৰাৰ বাবে ভাৰতে আগবঢ়োৱা প্ৰস্তাৱলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে।

বন্ধুসকল, ভাৰতে যেতিয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰস্তাৱ আগবঢ়াইছিল, এই প্ৰস্তাৱৰ নেপথ্যত সৰ্বজন হিতায়- সৰ্বজন সুখায়ৰ ভাৱনা অন্তৰ্নিহিত হৈ আছিল। শূ্ণ্য বাজেটৰে জনকল্যাণৰ মন্ত্ৰ ভাৰতে সমগ্ৰ বিশ্বৰে সকলো দেশত উপলব্ধ কৰাব বিচাৰিছিল। ২০২৩ চনত আন্তঃৰাষ্ট্ৰীয় বজ্ৰা বৰ্ষ ঘোষণা কৰাৰ প্ৰস্তাৱৰ নেপথ্যতো আমাৰ অন্তৰত সেই ভাৱেই আছে, সেই ভাৱনাকে সাৰোগত কৰিয়েই আমি আগবাঢ়ি আহিছো। ইয়াৰ ফলত কেৱল ভাৰতৰে নহয়, বৰং সমগ্ৰ বিশ্বৰে দুটা বহুত ডাঙৰ লাভ হব। এক, পৌষ্টিক আহাৰৰ ক্ষেত্ৰত উত্সাহ লাভ কৰিব পৰা যাব আৰু ইয়াৰ উপলব্ধতা আৰু অধিক হাৰত বাঢ়িব। আৰু দ্বিতীয়তে, ক্ষুদ্ৰ কৃষকসকলে তেওঁলোকৰ সামান্য ভূমি খণ্ডতে, পানী-দুনীৰ সমস্যাৰ মাজতো খেতি-বাতি কৰি থকা এইসকল খেতিয়কে লাভ আদায় কৰিবলৈ সক্ষম হব। এনেধৰণৰ ক্ষুদ্ৰ আৰু মজলীয়া পৰিসৰৰ খেতিয়কে সাধাৰণতে তেওঁলোকৰ পথাৰত মোটা দানাৰ খাদ্য শস্যহে কৰি ভাল পায়। যিবোৰ স্থানত পানীৰ সমস্যা থাকে, মাটি সিমান সাৰুৱা নহয়, তেনে মাটিতো খেতিয়কে এনে মোটা দানাৰ শস্যৰ খেতিয়ে কৃষকসকলক সহায় আগবঢ়াব পাৰে। অৰ্থাত্ আন্তঃৰাষ্ট্ৰীয় বজ্ৰা বৰ্ষৰ প্ৰস্তাৱ, পোষণ আৰু ক্ষুদ্ৰ খেতিয়কৰ আয় এই দুই বিষয়ৰে বিজড়িত হৈ থাকিব।

বন্ধুসকল, ভাৰতত পোষণ অভিযানক শক্তি প্ৰদান কৰা আৰু এটা গুৰুত্বপূৰ্ণ পদক্ষেপ আজি গ্ৰহণ কৰা হৈছে। আজি ঘেহু আৰু ধানকে ধৰি অনেক ফচলৰ ১৭ বিধ নতুন প্ৰজাতি, দেশৰ খেতিয়কসকলক উপলব্ধ কৰোৱাৰ ব্যৱস্থা কৰা হৈছে। আমাৰ ইয়াত আমি প্ৰায়েই দেখিবলৈ পাওঁ যে কেতবোৰ ফচলৰ নিয়মীয়া প্ৰজাতিত কিবা নহয় কিবা পৌষ্টিক পদাৰ্থ অথবা মাইক্ৰো নিউট্ৰিয়েণ্টৰ অভাৱ থাকে। এই ফচলৰ ভাল সঁচ, বায়ফৰ্টিফাইড সঁচে এইসমূহ অভাৱ আঁতৰাই পঠাব পাৰে। খাদ্যদ্ৰব্যৰ পৌষ্টিকতা বৃদ্ধি কৰিব পাৰে। বিগত বছৰসমূহত দেশত এনে সঁচ, এনে বীজৰ গৱেষণা আৰু বিকাশৰ ক্ষেত্ৰত বহুত প্ৰশংসনীয় কাম সম্ভৱ হৈছিল আৰু মই ইয়াৰ বাবে কৃষি বিশ্ববিদ্যালয়, সকলো বৈজ্ঞানিক, কৃষি বৈজ্ঞানিকক ধন্যবাদ জ্ঞাপন কৰিছো। ২০১৪ চনৰ আগতে যত এনেকুৱা মাত্ৰ এবিধ সঁচহে কৃষকসকলৰ মাজত উপলব্ধ হৈছিল তাত এতিয়া বেলেগ বেলেগ ফচলৰ ৭০ বায়োফৰ্টিফাইড সঁচ কৃষকসকলে উপলব্ধ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে কেতবোৰ বায়োফৰ্টিফাইড ভেৰাইটি, স্থানীয় আৰু পাৰম্পাৰিক ফচলৰ সহায়ত বিকশিত কৰা বুলি জানিব পাৰি মোৰ সন্তোষ লাগিছে।

বন্ধুসকল, বিগত কেবাটাও মাহ ধৰি সমগ্ৰ বিশ্ব জুৰি কৰোনাৰ মহাসংকট চলি থকাৰ মজতে খাদ্য সংকট আৰু পোষণহীনতাৰ বিভিন্ন ধৰণৰ চৰ্চা অব্যাহত থকা পৰিলক্ষিত হৈছে। বৃহত্ বৃহত্ ৰপ্তানীকৰ্তাই কি হব, কেনেকৈ হব ধৰণৰ চিন্তাৰে বিভোৰ থকা দেখিবলৈ পোৱা গৈছে। এনেবোৰ চিন্তাৰ মাজতে, ভাৰতে যোৱা ৭-৮ মাহত প্ৰায় ৮০ কোটি দৰিদ্ৰ লোকক বিনামূলীয়াকৈ ৰেচন উপলব্ধ কৰাই আহিছে। এইখিনি সময়ত ভাৰতে প্ৰায় ডেৰ লাখ কোটি টকা পৰিমাণৰ খাদ্য-দ্ৰব্য দুখীয়া ৰাইজৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰে। আৰু মোৰ মনত আছে যেতিয়া এই অভিযান আৰম্ভ কৰা হৈছিল, তেতিয়া এই কথাৰ প্ৰতি বিশেষ লক্ষ্য ৰখা হৈছিল যে চাউল আৰু ঘেহুৰ সৈতে দাইলো বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা কৰা হওক।

দুখীয়া ৰাইজৰ প্ৰতি, খাদ্য সুৰক্ষাৰ প্ৰতি এয়া আজিৰ ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ নিৰ্দশন। আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো ইয়াৰ আলোচনা কমকৈহে হৈছে, কিন্তু আজি ভাৰতে নিজৰ যিমানখিনি নাগৰিকক বিনামূলীয়া খাদ্য দ্ৰব্য বিতৰণ কৰি আহিছে সেয়া সমগ্ৰ ইউৰোপীয়ান ইউনিয়ন আৰু আমেৰিকাৰ মুঠ জন সংখ্যাতকৈয়ো অধিক হব। পিচে, বহু সময়ত আমি জীৱনত বহুত ডাঙৰ ট্ৰেণ্ড হেৰুৱাই পেলাও। খাদ্য সুৰক্ষাৰ প্ৰসংগক লৈ ভাৰতে যি পদক্ষেপ গ্ৰহণ কৰিছে সেই ক্ষেত্ৰততো ঠিক এনে এক দশাই হোৱা বুলি অনুভৱ হয়। মোৰ মনত কেতবোৰ প্ৰশ্নৰ উদয় হৈছে, আমাৰ যিসকল ৰপ্টানীকৰোতা আছে, তেওঁলোকে চাগৈ নিশ্চয় অনুভৱ কৰিব যে ভাৰতে এই দিশত কিমান বিশাল সাফল্য আহৰণ কৰিবলৈ সক্ষম হৈছে। ২০১৪ চন পৰ্যন্ত দেশৰ মাত্ৰ ১১খন ৰাজ্যতহে খাদ্য সুৰক্ষা আইন বলবত্ কৰা হৈছিল আৰু ইয়াৰ পিচতহে এই আইন সমগ্ৰ দেশতে প্ৰভাৱশালী ৰূপত ৰূপায়ণৰ দিহা কৰা হৈছিল বুলি আপোনালোকে জানেনে বাৰু?

ৰোনাৰ বাবে যেতিয়া সমগ্ৰ পৃথিৱীয়েই সংঘৰ্ষ কৰি থাকিবলগীয়া হৈছিল, তেতিয়া ভাৰতৰ কৃষক ৰাইজে কিন্তু ফচলৰ উত্পাদনৰ ক্ষেত্ৰত পূৰ্বৰ বৰ্ষৰ অভিলেখকো ভংগ কৰিবলৈ সক্ষম হৈছিল। আপোনালোকে জানেনে বাৰু, চৰকাৰেযে ঘেহু আৰু দাইলকে ধৰি সকলো প্ৰকাৰৰ খাদ্যদ্ৰব্য ক্ৰয়ৰ সকলো পুৰণি অভিলেখ ভংগ কৰি দিছিল বুলি? যোৱাবছৰৰ ৬মাহৰ এইছোৱা কালৰ তুলনাত অত্যাৱশ্যকীয় কৃষিজাত সামগ্ৰীৰ ৰপ্টানীৰ ক্ষেত্ৰত ৪০শতাংশৰো অধিক বৃদ্ধিৰ তথ্য উপলব্ধ হৈছে বুলি আপোনাকে বাৰু জানেনে? দেশৰ ২৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত খাদ্য সুৰক্ষাৰ প্ৰসংগ সুনিশ্চিত কৰাৰ লক্ষ্যৰে এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড পদ্ধতি বলবত্ কৰা হৈছে বুলি বাৰু আপোনালোকে গম পাইছেনে?

বন্ধুসকল, আজি ভাৰতত নিৰন্তৰ এনে সংস্কাৰ সাধনৰ প্ৰক্ৰিয়া অব্যাহত ৰখা হৈছে যিয়ে গোলকীয় খাদ্য সুৰক্ষাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতিম্বিত কৰি আহিছে। কৃষি আৰু কৃষকৰ সবলীকৰণ নিশ্চিত কৰাৰ পৰা ভাৰতৰ ৰাজহুৱা বিতৰণ ব্যৱস্থা পৰ্যন্ত এটাৰ পিচত এটাকৈ সংস্কাৰ সাধন কৰি থকা হৈছে। শেহতীয়া ভাবে কৃষিখণ্ডৰ বাবে যি তিনিটা বৃহত্ সংস্কাৰ সাধন কৰা হৈছে, সেইকেইটা সংস্কাৰে দেশৰ কৃষিখণ্ডৰ বিস্তাৰৰ ক্ষেত্ৰত, কৃষকসকলৰ আয় বৃদ্ধি কৰাৰ ক্ষেত্ৰত বহুত মহত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হব। বন্ধুসকল, আমাৰ ইয়াত এপিএমচি-ৰ এক ব্যৱস্থা দীৰ্ঘ দিন ধৰি চলি আহিছে, যিয়ে ইতিমধ্যে এক পৰিচিতি লাভ কৰিবলৈ সক্ষম হৈছে, এই ব্যৱস্থাই এক শক্তি ইতিমধ্যেই অৰ্জন কৰিছে। যোৱা ৬টা বছৰত দেশৰ এই কৃষি মণ্ডিসমূহত উন্নত আন্তঃগাঁথনি নিৰ্মাণৰ বাবে আঢ়ৈ হাজাৰ কোটি টকাৰো অধিক পৰিমাণৰ বিনিয়োগ কৰা হৈছে। এই মণ্ডিসমূহত তথ্য-প্ৰযুক্তিৰ আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ বাবেও বহুশ কোটি টকাৰ অৰ্থ ব্যয় কৰা হৈছে। এইসমূহ মণ্ডিক ই-নাম অৰ্থাত্ নেশ্যনেল এগ্ৰিকালশ্যাৰ মাৰ্কেটৰে জড়িত কৰাৰ ব্যৱস্থা কৰা হৈছে।

বন্ধুসকল, এমএছপি আৰু চৰকাৰৰ দ্বাৰা ক্ৰয়, দেশৰ খাদ্য সুৰক্ষা ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ অংগ। সেয়ে ইয়াক ভালৰো ভাল ব্যৱস্থাৰে আগুৱাই নিয়াৰ বাবে সকলো খিনি কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। নতুন বিকল্পৰ ফলত এনে নিশ্চয় হব যে দেশৰ ক্ষুদ্ৰ কৃষকসকলে মণ্ডি পৰ্যন্ত গৈ নোপোৱাৰ বাবেই আগতে উপায়বিহীন হৈ মধ্যভোগীসকলক নিজে উত্পাদন কৰা ফচল বিক্ৰী কৰিবলৈ বাধ্য হবলগীয়া হৈছিল। পিচে, এতিয়া বজাৰ নিজেই আহি এইসকল ক্ষুদ্ৰ কৃষকৰ দুৱাৰ মুখত উপস্থিত হবহি। মধ্যভোগীৰ অস্তিত্ব নোহোৱা হোৱাৰ ফলত কৃষকসকলেও সকাহ লাভ কৰিব।

বন্ধুসকল, ক্ষুদ্ৰ কৃষকসকলক শক্তি প্ৰদান কৰাৰ বাবে কৃষক-উত্পাদক সংস্থা অৰ্থাত্ এফপিঅ-ৰ এক বৃহত শৃংখল দেশত গঢ়ি তোলা হৈছে। দেশত এতিয়া ১০ হাজাৰ এনে সংস্থাই কাৰ্যনিৰ্বাহ কৰি আছে। এইবোৰ সংস্থাই ক্ষুদ্ৰ কৃষকৰ হৈ ফচলৰ দৰদাম কৰাৰ সুবিধা লাভ কৰিছে। এইবোৰে সমবায় আন্দোলনকো গতি প্ৰদান কৰিছে।

বন্ধুসকল, ইতিমধ্যে অত্যাৱশ্যকীয় সামগ্ৰী আইনৰো সংশোধন কৰা হৈছে। ইয়ে স্থিতি নিশ্চয় সলনি কৰিব। এতিয়া গাঁৱত উন্নত আন্তঃগাঁথনি নিৰ্মাণৰ বাবে চৰকাৰৰ লগতে আনসকলেও সুযোগ লাভ কৰিব। সেইদৰে তৃতীয় আইনখনৰ সুবাদত কৃষকসকলক ফচলৰ দামৰ ক্ষেত্ৰত হব পৰা ক্ষতিৰ আশংকাৰ পৰা মুক্তি প্ৰদান কৰিব।

আকৌ এবাৰ আপোনালোক আটাইকে এফএঅৰ ৭৫ বৰ্ষপূৰ্তিৰ বহুত বহুত শুভকামনা জনালো। আপোনালোকেও আগুৱাই যাওক আৰু বিশ্বৰ দুখীয়াৰো দুখীয়া দেশ, বিশ্বৰ দুখীয়া নাগৰিকসকলে দুখভৰা জীৱনৰ সংকটৰ পৰা মুক্তি লাভ কৰক, এই কামনাৰ পূৰ্ণ শক্তিৰ সৈতে বিশ্ব সমুদায়ৰে কাম কৰাৰ আমাৰ সংকল্পৰ কথা দোহাৰি মই আকৌ এবাৰ সকলোলৈকে শুভকামনা জনাই সামৰিছো।

বহুত বহুত ধন্যবাদ।

ধন্যবাদ !

*****


VRRK/VJ/BM/NS/KB



(Release ID: 1665327) Visitor Counter : 283