প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ডঃ বালাচাহেব ভিখে পাটিলৰ ‘দেহ ভেছা কৰণি’ শীৰ্ষক আত্মজীৱনী উন্মোচন কৰিলে প্ৰধানমন্ত্ৰীয়ে

প্ৰভাৰা ৰুৰেল এডুকেশ্যন ছ’চাইটিক ‘লোকনেতা ডঃ বালাচাহেব ভিখে পাটিল প্ৰভাৰা ৰুৰেল এডুকেশ্যন ছ’চাইটি’ হিচাপে পুনৰ নামকৰণ

ডঃ বালাচাহেব ভিখে পাটিলৰ প্ৰচেষ্টা ও বৰঙণিয়ে আহি থকা প্ৰজন্মসমূহক প্ৰেৰণা যোগাবঃ প্ৰধানমন্ত্ৰী

Posted On: 13 OCT 2020 2:44PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ডঃ বালাচাহেব ভিখে পাটিলৰ দেহ ভেছা কৰণি শীৰ্ষক আত্মজীৱনীখনি উন্মোচন কৰে। তেখেতে প্ৰভাৰা ৰুৰেল এডুকেশ্যন ছচাইটিক লোকনেতা ডঃ বালাচাহেব ভিখে পাটিল প্ৰভাৰা ৰুৰেল এডুকেশ্যন ছচাইটি হিচাপে পুনৰ নামকৰণ কৰে।

এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, মহাৰাষ্ট্ৰৰ প্ৰতিটো প্ৰান্ততে ভিখে পাটিলৰ জীৱন কাহিনী বিদ্যমান। তেখেতে কয়, বালাচাহেব ভিখে পাটিলে ডঃ ভিথ্থালৰাও ভিখে পাটিলৰ পদাংক অনুসৰণ কৰিছিল আৰু মহাৰাষ্ট্ৰৰ উন্নয়নৰ অৰ্থে আত্মোৎসৰ্গা কৰিছিল। তেখেতে লগতে কয়, গ্ৰামাঞ্চলৰ লোক, দৰিদ্ৰ, কৃষক ৰাইজৰ সহজসাধ্য জীৱন-নিৰ্বাহ আৰু তেওঁলোকৰ কষ্ট লাঘৱ কৰাটো ভিখে পাটিলৰ জীৱনৰ পণ আছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ভিখে পাটিল জীয়ে সদায়েই সমাজৰ উন্নয়নৰ অৰ্থে কাম কৰিছিল আৰু সমাজখনৰ অৰ্থৱহ পৰিৱৰ্তন সাধনাৰ্থে এটা মাধ্যম হিচাপে নীতি যুগুত কৰাত গুৰুত্ব আৰোপ কৰিছিল আৰু ইয়াক তেওঁ দৰিদ্ৰ আৰু গ্ৰামাঞ্চলৰ সমস্যাৰাজি সমাধানৰ এটা পন্থা হিচাপে গণ্য কৰিছিল। তেওঁ কয়, এই প্ৰচেষ্টাসমূহৰ বাবেই বালাচাহেব ভিখে পাটিলে আনতকৈ পৃথক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। তেওঁ কয়, আমাৰ সকলোৰে বাবে বালাচাহেব ভিখে পাটিলৰ আত্মজীৱনীখনি অতিশয় গুৰুত্বপূৰ্ণ, য’ত লিখা হৈছে গাঁও, দৰিদ্ৰ, তেওঁলোকৰ শিক্ষা, মহাৰাষ্ট্ৰৰ সমবায়সমূহৰ উন্নয়নৰ অৰ্থে তেওঁৰ প্ৰচেষ্টা ও বৰঙণিৰ কথা। যিয়ে আহি থকা প্ৰজন্মসমূহক প্ৰেৰণা যোগাব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ডঃ বালাচাহেব ভিখে পাটিলে দৰিদ্ৰ, কৃষক ৰাইজৰ বেদনা আৰু কষ্ট বুজিব পাৰিছিল। সেয়ে তেওঁ কৃষক ৰাইজক একত্ৰিত কৰি সমবায়সমূহৰে সংযোজিত কৰি তুলিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, অটল জীৰ চৰকাৰৰ এজন মন্ত্ৰী হিচাপে, মহাৰাষ্ট্ৰকে প্ৰমুখ্য কৰি দেশখনৰ ভিন্ন স্থানৰ সমবায়সমূহক তেওঁ বহু ক্ষেত্ৰত উৎসাহিত কৰি তুলিছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যি সময়ত দেশখনত গ্ৰাম্য শিক্ষা সন্দৰ্ভত অধিক আলোচনা হোৱাই নাছিল, ডঃ বালাচাহেব ভিখে পাটিলে প্ৰভাৰা ৰুৰেল এডুকেশ্যন ছচাইটিৰ জৰিয়তে গ্ৰামাঞ্চলৰ যুৱ সমাজৰ সবলীকৰণৰ অৰ্থে কাম কৰিছিল। এই ছ’চাইটিখনৰ জৰিয়তে গাঁওখনৰ যুৱ সমাজৰ শিক্ষা আৰু দক্ষতা বিকাশৰ বাবে কাম কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ভিখে পাটিল জীয়ে গাঁওখনত কৃষি কাৰ্যত শিক্ষাৰ প্ৰয়োজনীয়তা বুজি উঠিছিল। আজি কৃষক ৰাইজক উদ্যোগশীলতাৰ অভিমুখে আৰু তেওঁলোকক উদ্যোগী কৰি তুলিবলৈ সুযোগ প্ৰৱৰ্তন কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, স্বাধীনতাৰ পাছত যেতিয়া দেশখনত যেতিয়া ভোজনৰ বাবে পৰ্যাপ্ত খাদ্য নাছিল, চৰকাৰখনে শস্যৰ উৎপাদনশীলতা কিদৰে বৃদ্ধি কৰিবপৰা যাব, তাত অগ্ৰাধিকাৰ প্ৰদান কৰিছিল। কিন্তু, এই মনোনিৱেশ আছিল কেৱল উৎপাদন বৃদ্ধি কৰাত, কৃষকৰ লাভৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হোৱা নাছিল। তেখেতে কয়, দেশখনে এতিয়া কৃষক ৰাইজৰ আয় বৃদ্ধিত গুৰুত্ব প্ৰদান কৰিছে আৰু এই লক্ষ্যত নিৰৱচ্ছিন্ন প্ৰচেষ্টা অব্যাহত ৰাখিছে, এমএছপি বৃদ্ধি, ইউৰিয়াৰ নিম ক’টিং আৰু উৎকৃষ্ট শস্য বীমাৰ লেখীয়া সিদ্ধান্তই এই প্ৰচেষ্টাত বৰঙণি যোগান ধৰিছে। তেখেতে লগতে কয়, পিএম-কিষাণ সন্মান নিধি যোজনাৰদৰে ব্যৱস্থাসমূহৰ ফলশ্ৰুতিত, কৃষকে এতিয়া ক্ষুদ্ৰ ব্যয়ৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হোৱা নাই। ইয়াৰোপৰি, শীতল ভঁড়াল, বৃহৎ ফুড পাৰ্ক আৰু কৃষি-সংসাধন আন্তঃগাঁথনিৰ দৰে আন্তঃগাঁথনিৰ পৰিব্যাপ্তকৰণত অতুলনীয়া কাৰ্য সম্পাদন কৰা হৈছে।

কৃষি কাৰ্যৰ পৰম্পৰাগত জ্ঞানৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বাবে বালাচাহেব ভিখে পাটিলে আৰোপ কৰা গুৰুত্বৰ কথা উল্লেখ কৰি, য’ত প্ৰাকৃতিক অৱস্থা অনুসৰি কৃষি কাৰ্যৰ মন্ত্ৰণাৰ উল্লেখ আছিল তাৰ উদ্ধৃতিৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, আমি অৱেশ্যেই সেই জ্ঞানসমূহ সংৰক্ষণ কৰিব লাগে আৰু কৃষিত নতুন আৰু পুৰণি পদ্ধতিৰ সংমিশ্ৰণেৰে কৌশলসমূহ প্ৰয়োগ কৰিব লাগে। এই প্ৰসংগত তেখেতে কুঁহিয়াৰ খেতিত ব্যৱহৃত নতুন আৰু পুৰণি উভয় কৃষি পদ্ধতিৰ উদাহৰণ দাঙি ধৰে। তেখেতে কয়, এতিয়া উদ্যোগসমূহে চেনী আহৰণ কৰিবলৈ সক্ষম হোৱাৰ ওপৰিও কুঁহিয়াৰৰপৰা ইথানল প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ডঃ বালা চাহেব ভিখে পাটিলে খোৱা আৰু জলসিঞ্চনৰ পানীৰ সমস্যাৰ দৰে মহাৰাষ্ট্ৰৰ গাঁওসমূহৰ সমস্যাৰাজি সমাধান কৰিবলৈ সদায়েই সচেষ্ট হৈছিল। তেখেতে তদুপৰি কয় যে প্ৰধান মন্ত্ৰী কৃষি সিঁচাই যোজনাৰ অধীনত, মহাৰাষ্ট্ৰত ২৬ টা প্ৰকল্প সম্পূৰ্ণ কৰি তুলিবলৈ ক্ষীপ্ৰতাৰে কাম কৰা হয় যি বহু বছৰ ধৰি পৰি আছিল। ইয়াৰ ভিতৰত, ৯ টা প্ৰকল্প ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। এই প্ৰকল্পসমূহ সম্পূৰ্ণ হৈ উঠিলে, প্ৰায় ৫ লাখ হেক্টৰ কৃষি ভূমিয়ে জলসিঞ্চনৰ সুবিধা লাভ কৰিব, তেখেতে লগতে কয়।

তেখেতে কয়, একেদৰে ২০১৮ৰ জুলাইত, মহাৰাষ্ট্ৰৰ ৯০ টাৰো অধিক বৃহৎ আৰু ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছিল। যেতিয়া অহা ২-৩ বছৰৰ ভিতৰত এই প্ৰকল্পসমূহ সম্পূৰ্ণ হৈ উঠিব, প্ৰায় ৪ লাখ হেক্টৰ কৃষি ভূমি জলসিঞ্চনৰ সুবিধাৰে সংযোজিত হৈ পৰিব। তেখেতে কয়, মহাৰাষ্ট্ৰৰ ভূগৰ্ভস্থ জল নিম্ন ১৩ খন জিলাত অটল ভূজল আঁচনি ৰূপায়ণ কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, জল জীৱন অভিযানৰ অধীনত, মহাৰাষ্ট্ৰৰ গাঁওসমূহৰ প্ৰতিঘৰ গৃহস্থীলৈ পাইপেৰে খোৱা পানী যোগান ধৰাৰ কামো তীব্ৰ গতিত অব্যাহত আছে। যোৱা বৰ্ষটোত মহাৰাষ্ট্ৰৰ ১৯ লাখৰো অধিক গৃহস্থীক পাইপেৰে খোৱা পানীৰ সুবিধা আগবঢ়োৱা যায়। ইয়াৰ ভিতৰত, ক’ৰোনা মহামাৰীৰ সময়ছোৱাত ১৩ লাখৰো অধিক দৰিদ্ৰ পৰিয়ালে এই সুবিধা লাভ কৰে।

তেখেতে কয়, মুদ্ৰা আঁচনিয়ে গাঁওখনত স্ব-নিয়োজনৰ মাত্ৰা বৃদ্ধি কৰি তুলিছে। দেশখনৰ আত্ম সহায়ক গোটৰ ৭ লাখৰো অধিক মহিলাক ৩ লাখ কোটি টকাৰো অধিক লোন আগবঢ়োৱা হৈছে। তেখেতে লগতে কয় যে বেংকৰপৰা লোন লাভৰ সহায়ক হোৱাকৈ কৃষক, মৎস্যজীৱীসকলক কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধা আগবঢ়োৱা হৈছে। পূৰ্বে কিষাণ ক্ৰেডিট কাৰ্ডৰপৰা বঞ্চিত হোৱা প্ৰায় আঢ়ৈ লাখ ক্ষুদ্ৰ কৃষকৰ পৰিয়ালে এতিয়া এই সুবিধা লাভ কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, দৰিদ্ৰ, গ্ৰামাঞ্চলত বসবাস কৰা লোকসকলৰ আত্ম বিশ্বাস বৃদ্ধি কৰি তোলাৰ জৰিয়তে আত্ম নিৰ্ভৰশীলতাৰ প্ৰতি সংকল্পক শক্তিশালী কৰি তুলিব। বালাচাহেব ভিখে পাটিলেও গাঁওসমূহত এই আত্ম-নিৰ্ভৰশীলতাৰ বিশ্বাস জাগ্ৰত হোৱাৰ কামনা কৰিছিল।

***

VRRK/AKP/KP/SB



(Release ID: 1664180) Visitor Counter : 141