বিত্ত মন্ত্ৰালয়

২০খন ৰাজ্যক ৮৬,৮২৫ কোটি টকা আহৰণৰ অনুমতি বিত্ত মন্ত্ৰালয়ৰ

Posted On: 13 OCT 2020 6:28PM by PIB Guwahati

বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগে আজি ২০ খন ৰাজ্যক মুক্ত বজাৰ ঋণৰ জৰিয়তে ৬৮,৮২৫ কোটি টকাৰ অতিৰিক্ত পুঁজি আহৰণৰ অনুমতি প্ৰদান কৰিছে৷

জিএছটি ৰূপায়ণৰ ফলত দেখা দিয়া ঘাটি পূৰণৰ বাবে বিত্ত মন্ত্রালয়ৰ প্রস্তাৱিত দুটা বিকল্পৰ ভিতৰত প্ৰথম বিকল্প বাছনি কৰা ৰাজ্যসমূহক মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ @০.৫০% আহৰণৰ অনুমতি দিয়া হৈছে৷

২০২০ৰ ২৭ আগষ্টত অনুষ্ঠিত জিএছটি পৰিষদৰ বৈঠকত দুটা বিকল্প দিয়াৰ লগতে পৰৱৰ্তী সময়ত ২৯ আগষ্ট, ২০২০ত ৰাজ্যসমূহৰ সৈতে যোগাযোগ কৰা হয়৷ প্ৰথমটো বিকল্প বাছনি কৰা ২০খন ৰাজ্য হৈছে ক্ৰমে-অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, অসম, বিহাৰ, গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচলপ্ৰদেশ, কৰ্ণাটক, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মনিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ওড়িশা, ছিকিম, ত্ৰিপুৰা, উত্তৰপ্ৰদেশ আৰু উত্তৰাখণ্ড৷ আঠখন ৰাজ্যই এতিয়াও এই বিকল্প গ্ৰহণ কৰিবলৈ বাকী আছে৷

এই বিকল্প বাছনি কৰা ৰাজ্যসমূহে লাভ কৰা সুবিধাসমূহৰ ভিতৰত প্ৰথমতে, ঋণৰ জৰিয়তে ৰাজহ ঘাটি পুৰণৰ বাবে বিত্ত মন্ত্ৰালয়ৰ দ্বাৰা সমন্বিত এক বিশেষ ঋণৰ ব্যৱস্থা আছে৷ এই ৰাজহ ঘাটি পৰিমাণ ৰাজ্যসমূহৰ ক্ষেত্ৰত আনুমানিক ১.১লাখ কোটি টকা বুলি ধৰা হৈছে৷ দ্বিতীয়তে, ক’ভিডৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতি মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ২% অতিৰিক্ত ঋণৰ পৰা ০.৫% অন্তিম কিস্তিৰ সংশোধনৰ চৰ্ত ৰেহাই দিয়াৰ অনুমতি প্ৰদান কৰা হৈছে৷

 

ব্যয় বিভাগে ২০২০ৰ ১৭ মে’ত ৰাজ্যসমূহক মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ অতিৰিক্ত ২% ঋণৰ সুবিধা প্ৰদান কৰিছিল৷ এই ২%ৰ সীমাৰ পৰা ০.৫%ৰ অন্তিম কিস্তি ভাৰত চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত চাৰিটা সংস্কাৰৰ অতি কমেও তিনিটা পুৰণ কৰাৰ বাবে সংযোগ কৰা হৈছিল৷ অৱশ্যে যিসমূহ ৰাজ্যই জিএছটি ৰূপায়ণ কৰাৰ বাবে সৃষ্টি হোৱাৰ ৰাজহ ঘাটি পুৰণৰ বাবে প্ৰথম বিকল্প ব্যৱহাৰ কৰিছে, সেইসমূহ ৰাজ্যক মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ০.৫% অন্তিম কিস্তিৰ ৰেহাইৰ চৰ্ত পুৰণ কৰা হৈছে৷

 

ইয়াৰ ভিত্তিতে সংশ্লিষ্ট ২০খন ৰাজ্যই প্ৰথম বিকল্পৰ ভিত্তিত মুক্ত বজাৰ ঋণৰ জৰিয়তে ৬৮,৮২৫ কোটি টকা আহৰণৰ কৰিবলৈ সক্ষম হৈছে৷ সেই অনুসৰি ১৩ অক্টোবৰ ২০২০লৈকে ৰাজ্যসমূহে অতিৰিক্ত ঋণৰ বাবে লাভ কৰা অনুমতিৰ ভিত্তিত অন্ধ্ৰপ্ৰদেশে ৫,০৫১ কোটি টকা, অৰুণাচলপ্ৰদেশে ১৪৩ কোটি টকা, অসমে ১,৮৬৯ কোটি টকা, বিহাৰে ৩,২৩১ কোটি টকা, গোৱাই ৪৪৬ কোটি টকা, গুজৰাটে ৮,৭০৪ কোটি টকা, হাৰিয়ানাই ৪,২৯৩ কোটি টকা, হিমাচলপ্ৰদেশে ৮৭৭ কোটি টকা, কৰ্ণাটকে ৯,০১৮ কোটি টকা, মধ্যপ্ৰদেশে ৪,৭৪৬ কোটি টকা, মহাৰাষ্ট্ৰই ১৫,৩৯৪ কোটি টকা, মনিপুৰে ১৫১ কোটি টকা, মেঘালয়ে ১৯৪ কোটি টকা, মিজোৰামে ১৩২ কোটি টকা, নাগালেণ্ডে ১৫৭ কোটি টকা, ওড়িশাই ২,৮৫৮ কোটি টকা, ছিকিমে ১৫৬ কোটি টকা, ত্ৰিপুৰাই ২৯৭ কোটি টকা, উত্তৰপ্ৰদেশে ৯,৭০৩ কোটি টকা আৰু উত্তৰাখণ্ডই ১,৪০৫ কোটি টকা লাভ কৰিছে৷

***

RM/KMN/DB



(Release ID: 1664145) Visitor Counter : 191