স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত চিকিৎসাধীন ৰোগীৰ সংখ্যা হ্ৰাসৰ ধাৰাবাহিকতা অব্যাহত আছে

একেৰাহে দ্বিতীয় দিনা চিকিৎসাধীন ৰোগী ৯লাখতকৈ কম

মুঠ আক্ৰান্তৰ বিপৰীতে চিকিৎসাধীন ৰোগী ৮ভাগৰ এভাগ

Posted On: 10 OCT 2020 11:18AM by PIB Guwahati

ভাৰতত চিকিসাধীন ৰোগীৰ সংখ্যা হ্ৰাসৰ ধাৰাবাহিকতা অব্যাহত আছে৷ একেৰাহে দ্বিতীয় দিনা চিকিসাধীন ৰোগী ৯লাখতকৈ কম হৈছে৷

আজি ভাৰতৰ চিকিসাধীন ৰোগীৰ সংখ্যা ৮,৮৩,১৮৫জন৷

বৰ্তমান দেশত মুঠ আক্ৰান্তৰ তুলনাত চিকিসাধীন ৰোগীৰ সংখ্যা প্ৰায় ১২.৬৫ শতাংশ হৈছে৷ এয়া মুঠ আক্ৰান্তৰ বিপৰীতে চিকিসাধীন ৰোগী ৮ভাগৰ এভাগ

দেশত মুঠ আৰোগ্য হোৱা লোকৰ সংখ্যা ৫৯,৮৮,৮২২জন হৈছে৷ বিগত ২৪ ঘণ্টাত দেশত ৮২,৭৫৩জন ৰোগী আৰোগ্য হোৱাৰ বিপৰীতে ৭৩,২৭২জন নতুনকৈ আক্ৰান্ত হৈছে৷ দেশত ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৮৫.৮১%লৈ উন্নীত হৈছে৷ ১৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰোগ্যৰ হাৰ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰতকৈ অধিক৷

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা কেতবোৰ ফলপ্ৰসূ সহযোগিতামূলক পদক্ষেপৰ বাবেই এই সফলতা অৰ্জন কৰা পৰিলক্ষিত হৈছে৷

নতুনকৈ আৰোগ্য হোৱাৰ ৭৬%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ ইয়াৰে ভিতৰত মহাৰাষ্ট্ৰৰ সৰ্বাধিক ১৭,৩২৩জন লোক আছে৷

বিগত ২৪ ঘণ্টাত দেশত ৭২,২৭২জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে৷ এই নতুন আক্ৰান্তৰ ৭৯%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ ইয়াৰে মহাৰাষ্ট্ৰত সৰ্বাধিক ১২,১৩৪ আৰু কৰ্ণাটকত প্ৰায় ১১,০০০ লোক আক্ৰান্ত হৈছে৷

বিগত ২৪ ঘণ্টাত দেশত ৯২৬জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ ইয়াৰে প্ৰায় ৮২%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ মহাৰাষ্ট্ৰত কালি সৰ্বাধিক ৩০২জন ৰোগীৰ মৃত্যু হৈছে৷

 

 

 

****

MV/SJ/DB



(Release ID: 1663462) Visitor Counter : 149