PIB Headquarters
ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন
Posted On:
08 OCT 2020 6:25PM by PIB Guwahati
(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)
৩৫ খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত প্ৰতিদিনে প্ৰতি মিলিয়ন জনসংখ্যাত ১৪০টাতকৈও অধিক পৰীক্ষণ সম্পন্ন হৈছে, ২২খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত পজিটিভিটীৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈও কম হৈছে; ১৭ দিনলৈ একেৰাহে দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ১ মিলিয়নতকৈও কম হৈছে
ভাৰতে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শ অনুসৰি প্ৰতিদিনে প্ৰতি মিলিয়ন জনসংখ্যাত ১৪০টাকৈ পৰীক্ষণ সম্পন্ন কৰি আছে৷ ৩৫ খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত পৰীক্ষণৰ এই সংখ্যা ইয়াতকৈও অধিক হৈছে৷ বিগত ২৪ ঘণ্টাত প্ৰায় ১২ লাখ পৰীক্ষণ সম্পন্ন হৈছে৷ এই পৰ্যন্ত মুঠ পৰীক্ষণ ৮,৩৪,৬৫,৯৭৫ টা হৈছে৷ ৭ খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত ৫%ত কৈও কম পজিটিভিটীৰ হাৰ পৰিলক্ষিত হৈছে৷ ২২খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত পজিটিভিটীৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈও কম হৈছে৷ মুঠ পজিটিভিটাৰ হাৰ হ’ল ৮.১৯%৷ বিগত ২৪ ঘণ্টাত ৮৩,০১১ জন লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে ৭৮,৫২৪ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷
অধিক বিৱৰণৰ বাবে
প্ৰধানমন্ত্ৰীয়ে এক গণ আন্দোলনৰ শুভাৰম্ভ কৰে আৰু ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে সকলোকে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ আহ্বান জনায়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক গণ আন্দোলন মুকলি কৰে আৰু ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে সকলোকে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ আহ্বান জনায়। এক টুইটত প্ৰধানমন্ত্ৰীয়ে ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজত সকলোকে ঐক্যবদ্ধ হোৱাৰ আহ্বান জনাইছে। ‘মাস্ক পৰিধান কৰক, সঘনাই হাত ধুৱক, সামাজিক দূৰত্ব আৰু দুখোজ দূৰত থকাৰ অভ্যাস গঢ়ি তোলক’ আদি বাৰ্তা পুনৰ এবাৰ সোঁৱৰাই দি প্ৰধানমন্ত্ৰীয়ে কয় যে ঐক্যৱদ্ধভাৱে আমি সফল হ’ব পাৰিম আৰু ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত জয়ী হ’ব পাৰিম। জনসাধাৰণৰ অংশগ্ৰহণক উৎসাহিত কৰিবলৈ এই অভিযান মুকলি কৰা হৈছে। অভিযানৰ অধীনত সকলোৱে এটা ক’ভিড-১৯ সংকল্প গ্ৰহণ কৰিব লাগিব। কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয়/বিভাগ তথা ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চলৰদ্বাৰা নিম্নোক্ত দিশসমূহৰ ওপৰত আলোকপাত কৰি এক সন্মিলিত কৰ্মসূচী যুগুত কৰা হ’ব। অধিক সংক্ৰমিত জিলাসমূহক অঞ্চল-ভিত্তিত লক্ষ্য কৰি লোৱা। প্ৰতিগৰাকী নাগৰিকলৈ সৰল আৰু সহজে বুজিব পৰা বাৰ্তা প্ৰেৰণ।
সকলো মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰি দেশৰ চৌদিশে ব্যাপক প্ৰচাৰ।ৰাজহুৱা স্থানত বেনাৰ আৰু পোষ্টাৰ; ফ্ৰ’ণ্টলাইন শ্ৰমিকক জড়িত কৰা আৰু চৰকাৰী আঁচনিৰ উপভোক্তাক লক্ষ্য কৰি লোৱা।চৰকাৰী চৌহদত হ’ৰ্ডিং, ৱাল পেইণ্টিং, ইলেকট্ৰ’নিক ডিছপ্লে ব’ৰ্ডৰ ব্যৱহাৰ।সতৰ্কতামূলক বাৰ্তাসমূহ ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে স্থানীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰভাৱশালী লোকসকলক জড়িত কৰা।নিয়মীয়া সজাগতা সৃষ্টিৰ বাবে মোবাইল ভানৰ চলাচল।সজাগতাৰ বাবে অডিঅ’ বাৰ্তা, পুস্তিকাৰ ব্যৱহাৰ।ক’ভিডৰ বাৰ্তা প্ৰচাৰৰ বাবে স্থানীয় কেবল অপাৰেটৰৰ সহায় বিচৰা।সক্ৰিয় প্ৰচাৰ আৰু প্ৰভাৱৰ বাবে সকলো প্লেটফৰ্মত সমন্বিত মিডিয়া কেম্পেইন।
অধিক বিৱৰণৰ বাবে
অখিল ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানে আয়ুৰ্বেদিক অনুসন্ধানৰ বাবে এমিটী বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজি চুক্তিত চহী কৰে
আয়ুস মন্ত্ৰালয়ৰ স্বাস্থ্য সেৱাৰ আয়ুস প্ৰণালীক উৎসাহিত কৰিবলৈ আৰু তাৰ বিকাশৰ বাবে ভাগিদাৰী কৰিবৰ বাবে আয়ুস মন্ত্ৰালয়ৰ নীতি আগুৱাই নি এই মন্ত্ৰালয়ৰ অধীনস্থ অখিল ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান (এ আই আই এ), নতুন দিল্লীয়ে ০৭ অক্টোবৰ, ২০২০ত এমিটী বিশ্ববিদ্যালয়ৰ সৈতে এক বুজাবুজি চুক্তিত চহী কৰে। এই বুজাবুজি চুক্তিত আয়ুৰ্বেদিক বিজ্ঞানত অনুসন্ধানক উৎসাহিত কৰাৰ ওপৰত মনোযোগ দিয়া হৈছে। এই প্ৰতিষ্ঠানৰ বুজাবুজি এমিটী ইনষ্টিটিউট অফ ইণ্ডিয়ান ছিষ্টেম অফ মেডিচিনৰ সৈতে হয়, যাৰ স্থাপন ২০১৮ত এমিটী বিশ্ববিদ্যালয়ৰ দ্বাৰা ভাৰতীয় চিকিৎসা পদ্ধতিৰ বৰ্ধিত গুৰুত্বক মান্যতা দিবৰ বাবে কৰা হৈছিল। এই বুজাবুজিত আয়ুৰ্বেদিক ঔষধৰ গুণ আৰু মানকীকৰণৰ লগতে প্ৰাকৃতিক উৎপাদন ৰসায়ন বিজ্ঞান আৰু ফাৰ্মাচীত পি এইচ ডি কাৰ্যক্ৰমত সহযোগিতাৰ ধাৰণা কৰা হৈছে। ইয়াত ফাৰ্মাচিউটিকছ, ফাৰ্মাক'ডাইনামিকছ আৰু ফাৰ্মাক'কাইনেটিকছত অধ্যয়নৰ সহযোগিতাৰ সম্ভাব্য ক্ষেত্ৰৰ ৰূপত চিনাক্ত কৰা হৈছে। এই বুজাবুজিয়ে সংযুক্ত পৰিকল্পনা আৰু প্ৰকাশনকো উৎসাহিত কৰিব।
অধিক বিৱৰণৰ বাবে
কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে জনসাধাৰণক ক’ৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে জনোৱা আহ্বানত সঁহাৰি দিবলৈ অনুৰোধ জনাইছে
কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে জনসাধাৰণক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ জনোৱা আহ্বানত সঁহাৰি দিবলৈ অনুৰোধ জনাইছে৷ এই সন্দৰ্ভত তেওঁ টুইটাৰতো আহ্বান জনায়৷
অধিক বিৱৰণৰ বাবে
ইএছআইচিয়ে হিতাধিকাৰীসকললৈ স্থায়ী বিকলাংগতা লাভ আৰু নিৰ্ভৰশীল লাভ প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে
ক’ভিড-১৯ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ইএছআইচিয়ে সকলো অঞ্চল আৰু উপ-অঞ্চললৈ প্ৰতি মাহে স্থায়ী বিকলাংগতা লাভ আৰু নিৰ্ভৰশীল লাভ হিতাধিকাৰীসকললৈ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ক’ভিড-১৯ৰ মাজতো ইএছআইচিয়ে সুচাৰুৰূপে এই কাৰ্য প্ৰণয়ন কৰি আছে৷
অধিক বিৱৰণৰ বাবে
শ্ৰী পীয়ুষ গোৱেলে কয় যে বাণিজ্য আৰু অৰ্থনীতি ভাৰত-ইউৰোপিয়ান সংঘৰ সবাতোকৈ গুৰুত্বপূৰ্ণ স্তম্ভ
কেন্দ্ৰীয় ৰে’লৱে আৰু বাণিজ্য তথা উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে কয় যে বাণিজ্য আৰু অৰ্থনীতি ভাৰত-ইউৰোপিয়ান সহযোগিতাৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ৷ কালি ভাৰত-ইউৰোপ সহযোগিতামূলক অৰ্থনৈতিক উত্তৰণৰ এক কূটনৈতিক অধিৱেশনত মন্ত্ৰীগৰাকীয়ে এই মন্তব্য প্ৰদান কৰে৷
অধিক বিৱৰণৰ বাবে
ক’ভিডৰ মাজতো এনএইচএআইয়ে ২০২০-২১ বিত্তীয় বৰ্ষৰ প্ৰথম অৰ্ধেকত ৬০%ত কৈও অধিক দৈৰ্ঘৰ প্ৰকল্পৰ কাম সম্পন্ন কৰিছে
পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে চলিত বিত্তীয় বৰ্ষত মুঠ ১৩৩০ কিলোমিটাৰ দৈৰ্ঘৰ পথৰ কাম সম্পন্ন কৰিছে৷ চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰিমাসিক এনএইচএআইয়ে ভেণ্ডৰসকললৈ ১৫,০০০ কোটিতকৈও অধিক টকা মুকলি কৰি দিছে৷
অধিক বিৱৰণৰ বাবে
৫ ত্ৰিলিয়ন আমেৰিকান ডলাৰৰ অৰ্থনীতি আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ সপোন বাস্তৱায়িত হ’বলৈ দক্ষতা, পুনৰ দক্ষতা, উন্নীত দক্ষতা আৰু উদ্যোগ সংযোজিতা অতিশয় আৱশ্যক, এইদৰে কয় ড০ মহেন্দ্ৰ নাথ পাণ্ডেয়ে
দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰী ড০ মহেন্দ্ৰ নাথ পাণ্ডেয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ হৈ পিএইচডি চেম্বাৰৰ ১১৫তম বাৰ্ষিক অধিৱেশনত অভিনন্দন জ্ঞাপন কৰে৷ তেওঁ প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বক প্ৰশংসা কৰে আৰু কয় যে ভাৰত তথা দেশৰ বাহিৰতো দক্ষ ভাৰতে গুৰুত্ব লভিবলৈ সক্ষম হৈছে৷
অধিক বিৱৰণৰ বাবে
শ্ৰী থাৱাৰ চান্দ গেহলটে ভাৰ্চুৱেলী ‘‘মেণ্টেল হেলথঃ লুকিং বিয়ণ্ড ক’ভিড ১৯’’ শীৰ্ষক এক আন্তৰ্জাতিক সন্মিলন মুকলি কৰে
কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী শ্ৰী থাৱাৰ চান্দ গেহলটে আজি ভিডিঅ’ কনফাৰেন্সযোগে ‘‘মেণ্টেল হেলথঃ লুকিং বিয়ণ্ড ক’ভিড ১৯’’ শীৰ্ষক এক আন্তৰ্জাতিক সন্মিলন মুকলি কৰে৷ এই সন্মিলনখনত সঞ্চালক, অষ্ট্ৰেলিয়া-ইণ্ডিয়া ইনষ্টিটিউটৰ অধ্যাপক ক্ৰেইজ জেফ্ৰীয়েও সহ-সভাপতিত্ব কৰে৷
অধিক বিৱৰণৰ বাবে
পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ
- অসমঃ অসমত কালি ২৫৬১ জন ৰোগীক মুকলি কৰি দিয়া হয়৷ মুকলি কৰি দিয়া ৰোগীৰ হাৰ ৮২.৮৭% হৈছে৷ এই পৰ্যন্ত ১,৫৭,৬৩৫ জন ৰোগীক মুকলি কৰি দিয়া হৈছে আৰু সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩১,৭৮৬ জন৷
- মিজোৰামঃ কালি দুজন লোক নতুনকৈ ৰোগত আক্ৰান্ত হয়৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ২১৫০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৩১ জন৷
- নাগালেণ্ডঃ ৫৩ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ জৰিয়তে মুঠ ৰোগীৰ সংখ্যা হৈছে ৬৭১৫ জন৷ আৰোগ্য লাভ কৰিছে ৫৪৪৪ জনে আৰু সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১১৪২ জন৷
- ছিক্কিমঃ দুজন লোকৰ মৃত্যু হৈছে আৰু ১৮ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৯০ জন৷ এই পৰ্যন্ত ২৫৩৪ জন লোকক মুকলি কৰি দিয়া হৈছে৷
- কেৰালাঃ বৰ্তমানে ৯২,১৬১ জন ৰোগীয়ে চিকিৎসা লাভ কৰিছে আৰু ২.৬৭ লাখ লোক চিকিৎসাধীন অৱস্থাত আছে৷ মৃত্যুৰ সংখ্যা হ’ল ৯০৬ জন৷
- তামিলনাডুঃ নতুনকৈ ৫৪৪৭ জন লোক ৰোগত আক্ৰান্ত হৈছে আৰু বুধবাৰে ৬৭ জন লোকৰ মৃত্যু হৈচে৷ ইয়াৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৬,৩৫,৮৫৫ জন আৰু মৃত্যু হৈছে ৯৯৮৪ জনৰ৷
- কৰ্ণাটকঃ বুধবাৰে ১০,৯৪৭ জন লোক ৰোগত আক্ৰান্ত হয় আৰু মুঠ ৰোগীৰ সংখ্যা হৈছে ৬,৬৮,৬৫২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১,১৬,১৫৩ জন৷ ১১৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে মুঠ মৃত্যু হোৱা ৰোগীৰ সংখ্যা হ’ল ৯৫৭৪ জন৷
- অন্ধ্ৰ প্ৰদেশঃ এই পৰ্যন্ত ১৪৭৫ জন লোকৰ পৰা ১৮৩৮ ইউনিট প্লাজমা সংগ্ৰহ কৰা হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ৭,৩৪,৪২৭ জন আৰু সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৯,৫১৩ জন৷ বিগত ২৪ ঘণ্টাত ৬৬,৭৬৯ টা নমুনা সংগ্ৰহ কৰা হৈছে৷ মুঠ ৬,৭৮,৮২৮ জন লোকে আৰোগ্য লাভ কৰিছে৷ কালি ৩৪ জন লোকৰ মৃত্যু হোৱাৰ জৰিয়তে মুঠ ৬০৮৬ জন লোকৰ মৃত্যু হৈছে৷
- তেলেংগানাঃ বিগত ২৪ ঘণ্টাত ১৮৯৬ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে, ২০৬৭ জন লোকে আৰোগ্য লাভ কৰিছে আৰু ১২ জনৰ মৃত্যু হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,০৬,৬৪৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৬,৩৬৮ জন৷ মৃত্যু হৈছে ১২০১ জনৰ৷ ১,৭৯,০৭৫ জন লোকক মুকলি কৰি দিয়া হৈছে৷
ফেক্ট চেক
*************************************
(Release ID: 1662926)
Visitor Counter : 239