প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে এক গণ আন্দোলনৰ শুভাৰম্ভ কৰে আৰু ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে সকলোকে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ আহ্বান জনায়

प्रविष्टि तिथि: 08 OCT 2020 9:28AM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে এক গণ আন্দোলনৰ শুভাৰম্ভ কৰে আৰু কৰোনা মহামাৰীৰ বিৰুদ্ধে সকলোকে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ আহ্বান জনায়
 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক গণ আন্দোলন মুকলি কৰে আৰু কৰোনা মহামাৰীৰ বিৰুদ্ধে সকলোকে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ আহ্বান জনায়।

এক টুইটত প্ৰধানমন্ত্ৰীয়ে কৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজত সকলোকে ঐক্যবদ্ধ হোৱাৰ আহ্বান জনাইছে। মাস্ক পৰিধান কৰক, সঘনাই হাত ধুৱক, সামাজিক দূৰত্ব আৰু দুখোজ দূৰত থকাৰ অভ্যাস গঢ়ি তোলক আদি বাৰ্তা পুনৰ এবাৰ সোঁৱৰাই দি প্ৰধানমন্ত্ৰীয়ে কয় যে ঐক্যৱদ্ধভাৱে আমি সফল হব পাৰিম আৰু কভিড-১৯ৰ বিৰুদ্ধে যুঁজত জয়ী হব পাৰিম।

জনসাধাৰণৰ অংশগ্ৰহণক উৎসাহিত কৰিবলৈ এই অভিযান মুকলি কৰা হৈছে। অভিযানৰ অধীনত সকলোৱে এটা কভিড-১৯ সংকল্প গ্ৰহণ কৰিব লাগিব। কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয়/বিভাগ তথা ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চলৰদ্বাৰা নিম্নোক্ত দিশসমূহৰ ওপৰত আলোকপাত কৰি এক সন্মিলিত কৰ্মসূচী যুগুত কৰা হব।

  • অধিক সংক্ৰমিত জিলাসমূহক অঞ্চল-ভিত্তিত লক্ষ্য কৰি লোৱা।
  • প্ৰতিগৰাকী নাগৰিকলৈ সৰল আৰু সহজে বুজিব পৰা বাৰ্তা প্ৰেৰণ।
  • সকলো মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰি দেশৰ চৌদিশে ব্যাপক প্ৰচাৰ।
  • ৰাজহুৱা স্থানত বেনাৰ আৰু পোষ্টাৰ; ফ্ৰণ্টলাইন শ্ৰমিকক জড়িত কৰা আৰু চৰকাৰী আঁচনিৰ উপভোক্তাক লক্ষ্য কৰি লোৱা।
  • চৰকাৰী চৌহদত হৰ্ডিং, ৱাল পেইণ্টিং, ইলেকট্ৰনিক ডিছপ্লে বৰ্ডৰ ব্যৱহাৰ।
  • সতৰ্কতামূলক বাৰ্তাসমূহ ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে স্থানীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰভাৱশালী লোকসকলক জড়িত কৰা।
  • নিয়মীয়া সজাগতা সৃষ্টিৰ বাবে মোবাইল ভানৰ চলাচল।
  • সজাগতাৰ বাবে অডিঅ বাৰ্তা, পুস্তিকাৰ ব্যৱহাৰ।
  • ভিডৰ বাৰ্তা প্ৰচাৰৰ বাবে স্থানীয় কেবল অপাৰেটৰৰ সহায় বিচৰা।
  • সক্ৰিয় প্ৰচাৰ আৰু প্ৰভাৱৰ বাবে সকলো প্লেটফৰ্মত সমন্বিত মিডিয়া কেম্পেইন।

********

VRRK/KP/MS


(रिलीज़ आईडी: 1662699) आगंतुक पटल : 281
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam