প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে কানাডাত ইনভেষ্ট ইণ্ডিয়া কনফাৰেন্সত মূল বক্তব্য প্ৰদান কৰিব

Posted On: 08 OCT 2020 11:32AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া প্ৰায় ৬.৩০ বজাত কানাডাত ইনভেষ্ট ইণ্ডিয়া কনফাৰেন্সত মূল বক্তব্য প্ৰদান কৰিব৷

এই মঞ্চৰ দ্বাৰা কানাডিয়ান ব্যৱসায় সম্প্ৰদায়ক ভাৰতত বিনিয়োগ কৰিবলৈ সুবিধা প্ৰদান তথা ভাৰতক বিনিয়োগৰ লক্ষ্যস্থান হিচাপে গঢ়ি তুলিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷

এই সন্মিলনৰ দ্বাৰা বেংক, বীমা উদ্যোগ, বিনিয়োগ পুঁজি, বিমানসেৱা, বৈদ্যুতিক আৰু নিৰ্মাণ, পৰামৰ্শ ফাৰ্ম, বিশ্ববিদ্যালয় ইত্যাদিৰ পৰা প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে৷

 

******

AP/MANN



(Release ID: 1662636) Visitor Counter : 134