স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

এক উল্লেখযোগ্য মাইলৰ খুঁটি অতিক্ৰম কৰিলে ভাৰতে

একেৰাহে দুসপ্তাহে চিকিৎসাধীন ৰোগীৰ সংখ্যা ১০ লাখতকৈ কম হৈছে

Posted On: 05 OCT 2020 11:10AM by PIB Guwahati

ভাৰতে এক উল্লেখযোগ্য মাইলৰ খুঁটি অতিক্ৰম কৰিছে৷ একেৰাহে দুসপ্তাহে চিকিসাধীন ৰোগীৰ সংখ্যা ১০ লাখতকৈ কম হৈছে

WhatsApp Image 2020-10-05 at 10.20.13 AM.jpeg

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে কেন্দ্ৰীয় চৰকাৰৰ ‘পৰীক্ষা চিনাক্ত, চিকিসা’ কৌশলৰ অৱলম্বন কৰিছে৷ ইয়াৰ ফলত আগ্ৰাসী আৰু সহজলভ্য পৰীক্ষণৰ জৰিয়তে আগতীয়াকৈ সংক্ৰমিত লোকক চিনাক্তকৰণ কৰাৰ লগতে তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকসকলক বিচাৰি উলিওৱাত সহজ হৈ পৰিছে৷ কেন্দ্ৰীয় চৰকাৰে আক্ৰান্ত লোকসকলৰ চিকিসাৰ মানসম্পন্ন প্ৰট’কল জাৰি কৰিছে৷

বিগত ২৪ ঘণ্টাত দেশত ৭৬,৭৩৭জন লোক আৰোগ্য হোৱাৰ বিপৰীতে ৭৪,৪৪২জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷

WhatsApp Image 2020-10-05 at 10.20.15 AM.jpeg

ভাৰতত আজিলৈকে মুঠ আৰোগ্য লোকৰ সংখ্যা ৫৫,৮৬,৭০৩জনলা বৃদ্ধি পাইছে৷

দৈনিক উচ্চ হাৰৰ আৰোগ্যৰ ফলত ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ বৰ্তমান ৮৪.৩৪%লৈ উন্নীত হৈছে৷

বিগত ২৪ ঘণ্টাত আৰোগ্যৰ ভিতৰত ৭৫%ই মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটককে ধৰি ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

WhatsApp Image 2020-10-05 at 10.20.17 AM.jpeg

দেশত বৰ্তমান ৯,৩৪,৪২৭ জন লোক চিকিসাধীন হৈ আছে৷

বৰ্তমান চিকিসাধীন ৰোগী ৭৭ শতাংশই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ ২.৬লাখ ৰোগীৰে শীৰ্ষত আছে মহাৰাষ্ট্ৰ৷

আজিৰ দিনটোত দেশত মুঠ আক্ৰান্তৰ ১৪.১১% ৰোগী চিকিসাধীন হৈ আছে৷

WhatsApp Image 2020-10-05 at 10.21.19 AM.jpeg

বিগত ২৪ ঘণ্টাত দেশত দেশত ৭২,৪৪২গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে৷ ইয়াৰে ৭৮%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ

WhatsApp Image 2020-10-05 at 10.20.34 AM.jpeg

দেশত বিগত ২৪ ঘণ্টাত ৯০৩গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ ইয়াৰে ৮২%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ৩২৬ আৰু কৰ্ণাটকত ৬৭গৰাকী ৰোগীৰ মৃত্যু হৈছে৷

WhatsApp Image 2020-10-05 at 10.20.16 AM.jpeg

****

MV/SJ/DB



(Release ID: 1661745) Visitor Counter : 178