গৃহ মন্ত্ৰালয়

কুৱেইটৰ আমিৰ অৱ দ্য ষ্টেট শ্বেখ ছাবাহ্ আল-আহমেদ আল-জাবেৰ আল-ছাহেবৰ মহাপ্রয়াণত কাইলৈ ভাৰতত পালন কৰা হ’ব এদিনীয়া ৰাষ্ট্ৰীয় শোক

পোষ্ট কৰা হৈছে: 03 OCT 2020 12:43PM by PIB Guwahati

কুৱেইটৰ আমিৰ অৱ দ্য ষ্টেট শ্বেখ ছাবাহ্ আল-আহমেদ আল-জাবেৰ আল-ছাহেবৰ বিগত ২৯ ছেপ্টেম্বৰত মহাপ্ৰয়াণ হয়। তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবে ভাৰত চৰকাৰে কাইলৈ দেশজুৰি ৰাষ্ট্ৰীয় শোক পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ভাৰতত যিবোৰ ভৱনৰ ওপৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলিত হয়, সেইবোৰ কাইলৈ অৰ্ধনমিত হৈ থাকিব আৰু কাইলৈ কোনোধৰণৰ চৰকাৰী কাম-কাজ সম্পন্ন নহ’ব।

*****

NW/RK/PK/DDD/RD


(ৰিলিজ আই ডি : 1661493) অতিথি কক্ষ : 159