প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আইচিচিআৰ আৰু ইউপিআইডিয়ে অনুষ্ঠিত কৰা ভাৰতীয় টেক্সটাইল ঐতিহ্য শীৰ্ষক ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ বাৰ্তাৰ পূৰ্ণ পাঠ

प्रविष्टि तिथि: 03 OCT 2020 7:29PM by PIB Guwahati

নমস্কাৰ! টেক্সটাইল সম্পৰ্কীয় এই বাৰ্তালাপত অংশগ্ৰহণ কৰিবলৈ পাই মই ধন্য হৈছো। ইয়াত দেশৰ ভিন্ন প্ৰান্তৰপৰা লোকসকলে অংশগ্ৰহণ কৰাটো প্ৰত্যক্ষ কৰিও মই সুখী হৈছো। সকলোকে একত্ৰিত কৰাত ইণ্ডিয়াল কাউন্সিল ফৰ কালচাৰেল ৰিলেশ্যন আৰু উত্তৰ প্ৰদেশ ইনষ্টিটিউট অৱ ডিজাইনে মহৎ প্ৰচেষ্টা হাতত ল’লে। আপোনালোকে ৱেভিং ৰিলেশ্যনঃ টেক্সটাইল ট্ৰেডিশ্যন শীৰ্ষক এটি উপযোগী বিষয় বাছি লৈছে। বন্ধুসকল, টেক্সটাইল খণ্ডৰে আমাৰ সম্পৰ্ক শতিকা পুৰণি। এই টেক্সটাইল খণ্ডত আপুনি আমাৰ ইতিহাস প্ৰত্যক্ষ কৰিব পাৰে, আমাৰ বৈচিত্ৰ্য প্ৰত্যক্ষ কৰিব পাৰে আৰু সুযোগৰো অন্বেষণ কৰিব পাৰে।

বন্ধুসকল, ভাৰতৰ টেক্সটাইল পৰম্পৰা অতি পুৰণি। আমি বহু আগেয়েই সূতা কাটিছিলো, বৈছিলো আৰু কাপোৰত ৰং দিছিলো। ভাৰতত প্ৰকৃতিজাত ৰঙৰ কপাহৰ দীঘলীয়া আৰু গৌৰৱোজ্জ্বল ইতিহাস আছে। ছিল্কৰ ক্ষেত্ৰটো একে কথাই প্ৰযোজ্য। বন্ধুসকল, আমাৰ টেক্সটাইলৰ বৈচিত্ৰ্যই আমাৰ সম্ভ্ৰান্ত সংস্কৃতিকে প্ৰতিফলিত কৰি আহিছে। দেশখনৰ সকলো ৰাজ্যতে একে দৃশ্যই প্ৰতিফলিত হয়। প্ৰতিখন গাঁও, প্ৰতিটো জনগোষ্ঠীৰ মাজতেই একে কথাই প্ৰতীয়মান হয়। প্ৰত্যেকৰে টেক্সটাইল পৰম্পৰাৰ স্বকীয়তা বিদ্যমান। অন্ধ্ৰ প্ৰদেশৰ কলামকাৰী, একেদৰে মুগা ছিল্ক অসমৰ গৌৰৱ। পছমিনাৰ গৃহভূমি কাশ্মীৰ, একেদৰে ফুলাক্ৰীয়ে পঞ্জাৱৰ সংস্কৃতিক গৌৰৱান্বিত কৰিছে। যদি পেটোলাৰ বাবে গুজৰাট জনপ্ৰিয়, শাৰীৰ ক্ষেত্ৰত বেনাৰস সৰ্বজন সমাদৃত। যিদৰে চেণ্ডেৰী ফেব্ৰিকৰে মধ্য প্ৰদেশ খ্যাতিমন্ত, একেদৰে স্পন্দনশীল সম্বলপুৰী ফেব্ৰিকে উৰিষ্যাক সমৃদ্ধ কৰিছে। মই মাত্ৰ কেইবিধমানৰ নামহে কৈছো। বহুতৰে নাম ক’বলৈ বাকী ৰৈ গৈছে। মই তদুপৰি আমাৰ জনজাতীয় সমাজসমূহৰ সম্ভ্ৰান্ত টেক্সটাইলৰ প্ৰতি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছো। যাৰ সংমিশ্ৰণেৰে ভাৰতৰ টেক্সটাইল ঐতিহ্য গঢ় লৈ উঠিছেঃ ইয়াৰ ৰং, ইয়াৰ স্পন্দনশীলতাৰ উমান ইয়াৰ জৰিয়তেই অনুমান কৰিব পৰা যায়।

বন্ধুসকল, টেক্সটাইল খণ্ডই সদায়েই সুযোগ কঢ়িয়াই লৈ ফুৰায়। ঘৰুৱাভাৱে, টেক্সটাইল খণ্ড হৈছে ভাৰতৰ সৰ্বাধিক কৰ্মসংস্থাপনৰ সৃষ্টি কৰোতা। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত, টেক্সটাইলে আমাক বিশ্বখনৰ সৈতে বাণিজ্যিক আৰু সাংস্কৃতিক সম্পৰ্ক স্থাপন কৰাত সহায় আগবঢ়াইছে। মুঠৰ ওপৰত, ভাৰতীয় টেক্সটাইলক বিশ্বত অধিক মান্যতা প্ৰদান কৰি অহা হৈছে। তদুপৰি আন সংস্কৃতিৰে ইয়াৰ ৰীতি, নৈপুণ্যতা, সৃষ্টি আৰু কৌশলৰ সংমিশ্ৰণ ঘটিছে।

বন্ধুসকল, গান্ধীজীৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী উদযাপনৰ সৈতে সংগতি ৰাখিয়েই এই কাৰ্যক্ৰম অনুষ্ঠিত কৰা হৈছে। মহাত্মা গান্ধীয়ে টেক্সটাইল খণ্ড আৰু সামাজিক সৱলীকৰণৰ মাজত এটা নিকট সম্পৰ্ক প্ৰত্যক্ষ কৰিছিল। তেখেতে সাধাৰণ যঁতৰটোকে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মূল প্ৰতীকলৈ ৰূপান্তৰিত কৰিছিল। এই যঁতৰেই আমাক এখন ৰাষ্ট্ৰৰ ভাৱনাকে জাগ্ৰত কৰি তোলে।

বন্ধুসকল, আজি আমি টেক্সটাইলক এটা প্ৰধান খণ্ড হিচাপে চাইছো। কিয়নো, এখন আত্ম-নিৰ্ভৰ ভাৰত গঢ়ি তোলাত ই আমাক বহুগুণে সহায় কৰিব। আমাৰ চৰকাৰে বিশেষকৈ দক্ষতাৰ উন্নয়ন সাধন, আৰ্থিক সাহাৰ্য্য, শেহতীয়া প্ৰযুক্তিৰ সৈতে খণ্ডটোক সংহতকৰণত মনোনিৱেশ কৰিছে। আমি শিপিনীসকলক তেওঁলোকে যাতে বিশ্বমানৰ পণ্য নিৰৱচ্ছিন্নভাৱে প্ৰস্তুত কৰি গৈ থাকিব পাৰে, তাৰ অৰ্থে তেওঁলোকক পাৰ্যমানে সহায় আগবঢ়াইছো। ইয়াৰ বাবেঃ আমি বিশ্বজনীন সৰ্বোত্তম অনুশীলন নো কি, সেয়া জানিব খুজিছো। আমি তদুপৰি আমাৰ সৰ্বোত্তম অনুশীলন বিশ্বখনে শিকাটো বিচাৰিছো। যাৰ বাবে, আজিৰ বাৰ্তালাপত এঘাৰখন ৰাষ্ট্ৰই অংশগ্ৰহণ কৰাটো তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। ধাৰণাৰ বিনিময় আৰু সৰ্বোত্তম অনুশীলনৰ আদান আৰু প্ৰদানে সহযোগিতাৰ নতুন বাট মুকলি কৰি তুলিব।

বন্ধুসকল, বিশ্বজুৰি, টেক্সটাইল খণ্ডই বহু মহিলাক কৰ্মসংস্থাপন প্ৰদান কৰি আহিছে। সেয়েহে, এটা স্পন্দনশীল টেক্সটাইল খণ্ডই নাৰী সৱলীকৰণৰ প্ৰচেষ্টাত আশু শক্তিৰ যোগান ধৰিব। বন্ধুসকল, প্ৰত্যাহ্বানপূৰ্ণ সময়ত আমি আমাৰ ভৱিষ্যৎ দিনবিলাকৰ কাৰণে সাজু হোৱাটো আৱশ্যকীয়। আমাৰ টেক্সটাইল ঐতিহ্যই শক্তিশালী ধাৰণা আৰু নীতিকে থূপাই প্ৰদৰ্শন কৰি আহিছে। ইয়াত অন্তৰ্ভুক্ত হৈছেঃ বৈচিত্ৰ্য আৰু অভিযোজনযোগ্যতা, আত্ম-নিৰ্ভৰতা, দক্ষতা আৰু উদ্ভাৱন। এই নীতিসমূহ সাম্প্ৰতিক সময়ত অধিক প্ৰাসংগিক হৈ উঠিছে। মই আশা কৰিম আজিৰ ৱেবিনাৰখনিৰ দৰে কাৰ্যসূচীসমূহে, এই ধাৰণাসমূহক ভৱিষ্যতে অধিক পৰিপক্ক কৰি তুলিবলৈ সক্ষম হ’ব। তদুপৰি ই অধিক স্পন্দনশীল টেক্সটাইল খণ্ডলৈ অৰিহণা যোগাব বুলি মই আশা কৰিছো। এই প্ৰচেষ্টাক সমৃদ্ধ কৰি তোলাৰ বাবে মই আইচিচিআৰ, ইউপিআইডি আৰু সকলো অংশগ্ৰহণকাৰীকে ধন্যবাদ জ্ঞাপন কৰিছো।

বহু-বহু ধন্যবাদ!

***

AM/SH/SB


(रिलीज़ आईडी: 1661460) आगंतुक पटल : 284
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam