স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত আৰোগ্য লাভৰ হাৰ ৮৩ শতাংশলৈ বৃদ্ধি

নিশ্চিতভাৱে ক’ৰোনাত আক্ৰান্তৰ তুলনাত আৰোগ্য লাভৰ সংখ্যা ৪১ লাখ ৫০ হাজাৰতকৈ অধিক

Posted On: 29 SEP 2020 12:19PM by PIB Guwahati

ভাৰতত ক’ৰোনাত আক্ৰান্ত লোকৰ সুস্থতাৰ হাৰৰ অগ্ৰগতি অব্যাহত আছে। বিগত ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত লোকৰ তুলনাত আৰোগ্য লাভৰ সংখ্যা যথেষ্ট বেছি। ইয়াৰ ফলত, ভাৰতত ক’ৰোনাত আক্ৰান্ত লোকৰ সুস্থতাৰ হাৰ বৃদ্ধি হৈ আজিপৰ্যন্ত ৮৩ শতাংশত উপনীত হৈছে।

দেশত বিগত ২৪ ঘণ্টাত ৮৪,৮৭৭ জন লোকে আৰোগ্য লাভ কৰিছে। আনফালে, নতুনকৈ আক্ৰান্ত হৈছে ৭০,৫৮৯ জন লোক। দেশত মুঠ আৰোগ্য লাভৰ সংখ্যা হৈছে ৫১ লাখ ১ হাজাৰ ৩৯৭ জন।

নতুনকৈ ক’ৰোনাত আক্ৰান্তৰ ৭৩ শতাংশই ১০ খন ৰাজ্যৰ লোক। এইকেইখন হৈছে - মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তামিলনাড়ু, উত্তৰপ্ৰদেশ, দিল্লী, ওড়িশা, কেৰেলা, পশ্চিমবঙ্গ আৰু মধ্যপ্ৰদেশ।
মহাৰাষ্ট্ৰত একদিনাই প্ৰায় ২০ হাজাৰ ক’ৰোনা আক্ৰান্তই আৰোগ্য লাভ কৰিছে। আনহাতে কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশত একেদিনোই আৰোগ্য লাভৰ সংখ্যা ৭ হাজাৰৰো অধিক।

উচ্চহাৰত আৰোগ্য লাভৰ সংখ্যা অব্যাহত থকাটো নিশ্চিত ৰাখি ক’ৰোনাত আক্ৰান্ত আৰু সুস্থতাৰ সংখ্যাৰ মাজৰ পাৰ্থক্য ক্ৰমাৎ বৃদ্ধি পাইছে। নিশ্চিত ক’ৰোনাত আক্ৰান্তৰ সংখ্যাৰ তুলনাত আৰোগ্য লাভৰ সংখ্যা ৪১ লাখ ৫০ হাজাৰৰো অধিক। একেদৰে, নিশ্চিত আক্ৰান্তৰ সংখ্যাৰ তুলনাত সুস্থতাৰ সংখ্যা ৫.৩৮ গুণ অধিক, যি ক্ৰমাৎ বৃদ্ধি পাইছে।

দেশত বৰ্তমান মুঠ আক্ৰান্তৰ ভিতৰত নিশ্চিতভাৱে ক’ৰোনাত আক্ৰান্তৰ হাৰ ১৫.৪২ শতাংশ আৰু এই হাৰ ক্ৰমাৎ নিম্নমুখী।

দেশত বিগত ২৪ ঘণ্টাত ৭০,৫৮৯ জন লোক নতুনকৈ আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত ৭৩ শতাংশই আক্ৰান্ত হৈছে ১০ খন ৰাজ্য / কেন্দ্ৰশাসিত অঞ্চলৰ পৰা।

মহাৰাষ্ট্ৰৰ পৰা সৰ্বাধিক ১১ হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে। কৰ্ণাটকৰ পৰা আক্ৰান্তৰ সংখ্যা ৬ হাজাৰৰো অধিক। দেশত বিগত ২৪ ঘণ্টাত ৭৭৬ জন লোকৰ ক’ৰোনাত মৃত্যু হৈছে। ইয়াৰ ভিতৰত ৭৮ শতাংশৰেই মৃত্যু হৈছে ১০ খন ৰাজ্য / কেন্দ্ৰশাসিত অঞ্চলত। বিগত ২৪ ঘণ্টাত মুঠ মৃত্যুৰ সংখ্যাৰ ভিতৰত মহাৰাষ্ট্ৰতে মৃত্যু হৈছে ২৩ শতাংশ বা ১৮০ জন লোক আৰু তামিলনাড়ুত মৃত্যু হৈছে ৭০ জন লোকৰ।

****

MV/SJ/RD

HFW/COVID States data/29September2020/1


(Release ID: 1660238)