উপ-ৰাষ্ট্ৰপতি সচিবালয়

কিংবদন্তী সংগীতজ্ঞ শ্ৰী এছ. পি. বালাসুব্ৰনিয়ামৰ বিয়োগ উপ-ৰাষ্ট্ৰপতিৰ শোক

এয়া মোৰ বাবে এক অতি আৱেগিত মুহূৰ্তঃ উপ-ৰাষ্ট্ৰপতি

Posted On: 25 SEP 2020 2:16PM by PIB Guwahati

কিংবদন্তী সংগীতজ্ঞ শ্ৰী এছ. পি. বালাসুব্ৰনিয়ামৰ বিয়োগত উপ-ৰাষ্ট্ৰপতিয়ে গভীৰ শোক প্ৰকাশ কৰিছে৷

তলত তেওঁ মন্তব্য হুবহু উদ্ধৃত কৰা হৈছে-

এছ.পি. বালাসুব্ৰমনিয়ামৰ বিয়োগৰ খবৰ পাই মই হতবাক হৈ পৰিলো, যিগৰাকী ব্যক্তিক মই কেইবা দশক ধৰি জানো৷ এয়া সচাকৈয়ে বিশ্ব সংগীতৰ বাবে এক অপুৰণীয় ক্ষতি আৰু ব্যক্তিগতভাৱেও মোৰ বাবে এক অতি আৱেগিক মুহূৰ্ত৷ এছপিবি বা বালু নামে শুভাকাংক্ষীৰ মাজত পৰিচিত আৰু মোৰ জন্মস্থানৰ সমীপৰ নেলোৰত তেওঁৰ জন্ম হৈছিল৷ তেওঁৰ গীতৰ অনাবিল আনন্দ, মাতৃভাষাৰ প্ৰতি তেওঁৰ ভালপোৱা তথা এক প্ৰতিভাৱ, যুৱ সংগীতকাৰ গঢ় দিয়াত তেওঁৰ ভূমিকাৰ বাবে তেওঁৰ প্ৰতি সকলোৰে প্ৰশংসাৰ পাত্ৰ৷

তেওঁৰ বিয়োগে মোৰ লগতে বিশ্বৰ লাখ লাখ সংগীত প্ৰেমীৰ অন্তৰ শূন্য কৰিলে৷ তেওঁৰ মধুৰ কণ্ঠ দুৰ্ভাগ্যক্ৰমে সৰ্বনাশী ভাইৰাছে ৰুদ্ধ কৰিলে৷ অৱশ্যে তেওঁৰ সদাহাস্য মুখ আৰু চিৰাচৰিত হাস্যৰসিকতা আমাৰ মাজত সদায় স্মৰণীয় হৈ ব৷ তেওঁৰ গীতসমূহৰ অসাধাৰণ সুৰ আমাৰ কাণত বাজি থকাৰ লগতে ভৱিষ্যতৰ দিনটো আমাৰ চেতনাত  গুঞ্জৰিত হৈ থাকিব৷

এইগৰাকী কিংবদন্তী সংগীতজ্ঞৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছো, যিগৰাকীক অতি ঘনিষ্ঠভাৱে পোৱাৰ সৌভাগ্য হৈছিল৷ এই অনাকাংক্ষিত বিয়োগত তেওঁৰ পৰিয়ালক ভগৱানে শক্তি প্ৰদান কৰক, তাকে কামনা কৰিলো৷

**********



(Release ID: 1659213) Visitor Counter : 171