PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 24 SEP 2020 6:18PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

একেৰাহে ৬ষ্ঠ দিনৰ বাবে ভাৰতৰ নতুন ঘটনাতকৈ নতুন আৰোগ্য লাভৰ উৰ্ধমুখী গতি; নতুনকৈ আৰোগ্য লাভৰ ৭৪% হৈছে ১০ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ

মনোযোগী কৌশল আৰু জন-কেন্দ্ৰিক ফলপ্ৰসূ ব্যৱস্থাৰ ফলত, ভাৰতত আৰোগ্য লাভৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। যোৱা ছটা দিনত ভাৰতত নতুনকৈ আৰোগ্য লাভৰ সংখ্যাই নতুন ঘটনাক অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। যোৱা ২৪ ঘন্টাত দেশখনত আৰোগ্য লাভ কৰিছে ৮৭,৩৭৪ জন ৰোগীয়ে। ইয়াৰ বিপৰীতে নতুনকৈ নিশ্চিত ঘটনাৰ সংখ্যা হৈছে ৮৬,৫০৮ টা।

অধিক বিৱৰণৰ বাবে

 

নতুন নিশ্চিত ঘটনাৰ ৭৫% হৈছে ১০ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ

একেৰাহে ষষ্ঠটো দিনৰ বাবে ভাৰতৰ নতুনকৈ আৰোগ্য লাভৰ সংখ্যা নতুনকৈ নিশ্চিত ঘটনাৰ অধিক হৈছে। যোৱা ২৪ ঘন্টাত দেশখনত মুঠ নতুন ঘটনাৰ সংখ্যা হৈছে ৮৬,৫০৮ টা। নতুন নিশ্চিত ঘটনাৰ ৭৫% হৈছে ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। এই তালিকাখনৰ শীৰ্ষত মহাৰাষ্ট্ৰই আছে। ইয়াৰ পাছতে আছে অন্ধ্ৰ প্ৰদেশ আৰু কৰ্ণাটক।

অধিক বিৱৰণৰ বাবে

 

ভিড-১৯ৰ স্থিতি আৰু সঁহাৰিৰ পৰ্যালোচনাৰ অৰ্থে সাত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়

ভিড প্ৰস্তুতি আৰু সঁহাৰিৰ পৰ্যালোচনা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে কালি ৭ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আন উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়। এই বৈঠকত উপস্থিত থাকে গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, স্বাস্থ্য মন্ত্ৰী, অন্ধ্ৰ প্ৰদেশ, তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, দিল্লী, পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে উক্ত ৰাজ্যসমূহৰ গৃহমন্ত্ৰীসকল, স্বাস্থ্য মন্ত্ৰীসকল, মুখ্য সচিবসকল, স্বাস্থ্য সচিবসকল, গৃহ সচিবসকল আৰু আৰক্ষী সঞ্চালক প্ৰধানসকল। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ বিষয়াসকল, কেবিনেট সচিবসকল, নীতি আয়োগৰ সদস্যসকল আৰু স্বাস্থ্য, গৃহ, আইচিএমআৰৰ সচিবসকলৰ লগতে অন্যান্য বিষয়াবৰ্গ। ভাৰতৰ কভিড স্থিতি সন্দৰ্ভত এক বিতং বিৱৰণ দাঙি ধৰে গৃহ বিভাগৰ সচিবে। এয়া উল্লেখ কৰা হয় যে দেশত কভিড-১৯ত দৈনিক আক্ৰান্তৰ ৬২শতাংশ আৰু মৃত্যু হোৱা সংখ্যাৰ প্ৰায় ৭৭শতাংশই এই ৭ ৰাজ্যৰ। এই ৰাজ্যসমূহৰ সংশ্লিষ্ট জিলাসমূহত আক্ৰান্তৰ সংখ্যা, নমুনা পৰীক্ষা, মৃত্যুৰ সংখ্যা আৰু ছেম্পল পজিটিভিটিৰ হাৰ এই উপস্থাপনত দাঙি ধৰা হয়। মুখ্যমন্ত্ৰীসকলেও প্ৰধানমন্ত্ৰীৰ আগত তেওঁলোকৰ ৰাজ্যসমূহৰ স্থিতি আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা বিভিন্ন উদ্যোগৰ বিষয়ে চমু বিৱৰণ দাঙি ধৰে। সন্মানীয় প্ৰধানমন্ত্ৰীয়ে সংশ্লিষ্ট সকলোকে এই ৰাজ্যসমূহত ভাইৰাছবিধৰ সংক্ৰমণৰ শৃংখলা ৰোধ কৰাটো যাতে নিশ্চিত কৰিব পৰা যায়, ঘটনাৰ আগতীয়া চিনাক্তকৰণত সহায়ৰ বাবে পৰ্যাপ্ত নমুনা পৰীক্ষাৰ লগতে মৃতকৰ সংখ্যা হ্ৰাস কৰাত গুৰুত্ব দিয়া আৰু দেশত যাতে অধিক সংক্ৰমণ ৰোধ কৰিব পাৰি তাৰ বাবে কভিড সুৰক্ষা আচৰণত গুৰুত্ব আৰোপ কৰাৰ বাবে কঠোৰভাৱে নীতি অৱলম্বনৰ আহ্বান জনায়।

অধিক বিৱৰণৰ বাবে

 

অধিক ক’ভিড প্ৰভাৱিত সাত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীসকলেৰে ভাৰ্চুৱেল বৈঠকত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণ পাঠ

অধিক বিৱৰণৰ বাবে

 

এজ এপ্ৰপ্ৰিয়েট ফিটনেছ প্ৰটকলৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে; ফিট ইণ্ডিয়া মভেমেন্টৰ প্ৰথম বাৰ্ষিকী উপলক্ষে ফিটনেছ আগ্ৰহীসকলেৰে মত-বিনিময়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰ্চুৱেল কনফাৰেন্সিঙৰ জৰিয়তে ফিট ইণ্ডিয়া ম’ভমেন্টৰ প্ৰথম বাৰ্ষিকী উপলক্ষে এজ এপ্ৰ’প্ৰিয়েট ফিটনেছ প্ৰট’কলৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা ফিট ইণ্ডিয়া ডায়লকত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভিন্ন ক্ৰীড়াবিদ, ফিটনেছ বিশেষজ্ঞ আৰু অন্যান্যসকলেৰে মত-বিনিময় কৰে। তেওঁলোকে প্ৰধানমন্ত্ৰীগৰাকীক জীৱনৰ অভিজ্ঞতা আৰু ফিটনেছ মন্ত্ৰৰ সৱিশেষ কয়। ইয়াত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অলপ নিয়মানুৱৰ্তিতা আৰু অলপ কঠোৰ শ্ৰমৰে সদায়েই স্বাস্থ্যৱান হৈ থাকিব পাৰি।

অধিক বিৱৰণৰ বাবে

 

ফিট ইণ্ডিয়া ম’ভমেন্টৰ প্ৰথম বাৰ্ষিকী উপলক্ষে ফিট ইণ্ডিয়া ডায়লকত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণ পাঠ

অধিক বিৱৰণৰ বাবে

 

ৰাষ্ট্ৰ সংঘ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্যসকলক ডাঃ হৰ্ষ বৰ্ধনৰ সম্বোধন

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডঃ হৰ্ষ বৰ্ধনে আজি ভাৰ্চুৱেল ইন্টাৰেকশ্যনৰ জৰিয়তে বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহৰ মন্ত্ৰী, ৰাষ্ট্ৰ সংঘৰ সংস্থা ও সহযোগী সংস্থাসমূহৰ মুৰব্বী আৰু প্ৰতিনিধিসকলক সম্বোধন কৰে। তেখেতে টিবি নিৰ্মূলৰ অৰ্থে ভাৰতে অব্যাহত ৰখা প্ৰচেষ্টাৰ কথা ইয়াত সদৰী কৰে। বিশেষতঃ ক’ভিড-১৯ মহামাৰীৰ মাজতো টিবি নিৰ্মূলৰ অৰ্থে দেশখনে গ্ৰহণ কৰি অহা প্ৰচেষ্টাত যতি নপৰাৰ কথা মন্ত্ৰীজনে কয়। ইয়াৰ বাবে যথোপযুক্ত সজাগতা অভিযান অব্যাহত ৰখাৰ কথা তেওঁ সদৰী কৰে।

অধিক বিৱৰণৰ বাবে

 

শুভাৰম্ভণিৰ ছমাহৰ ভিতৰতে স্বাস্থ্য মন্ত্ৰালয়ৰ ইসঞ্জীৱনী অপিডিৰ ৩ লাখ টেলি-কনচালটেশ্যন সম্পূৰ্ণ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ইসঞ্জীৱনী অপিডি প্লেটফৰ্মে ৩ লাখ টেলি-কনচালটেশ্যন সম্পূৰ্ণ কৰিছে। ইয়াৰ শুভাৰম্ভ কৰাৰ ছমাহৰ ভিতৰতে এই লক্ষ্যনীয় সফলতা লাভ কৰা গৈছে। কভিড-১৯ মহামাৰীৰ সময়ছোৱাত ইসঞ্জীৱনী অপিডি সেৱাই পেচেন্ট-টু-ডাক্তৰ চেলিমেডিচিনৰ ব্যৱস্থা হাতত লয়। ই তদুপৰি কভিড-১৯ ৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰটো ভূমিকা পালন কৰে।

অধিক বিৱৰণৰ বাবে

 

সংসদৰ বৰ্ষাকালীন অধিৱেশন, ২০২০ৰ সামৰণি, লোকসভাৰ প্ৰডাক্টিভিটি প্ৰায় ১৬৭% আৰু ৰাজ্য সভাৰ প্ৰায় ১০০.৪৭%: প্ৰহ্লাদ যোশী

সংসদীয় পৰিক্ৰমাৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীয়ে বৰ্ষাকালীন অধিৱেশন, ২০২০ সন্দৰ্ভত আজি এক বিবৃতিযোগে সদৰী কৰে যে লোক সভাৰ প্ৰডাক্টিভিটি আছিল প্ৰায় ১৬৭% আৰু ৰাজ্য সভাৰ প্ৰায় ১০০.৪৭%। শ্ৰী যোশীয়ে অৱগত কৰে যে সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হয় ১৪ ছেপ্টেম্বৰৰপৰা। ১ অক্টোবৰত ইয়াৰ সামৰণি নিৰ্ধাৰণ কৰা হৈছিল যদিও কভিড-১৯ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ২৩ ছেপ্টেম্বৰতেই ইয়াৰ সামৰণি মৰা যায়। তেওঁ জনাই যে অধিৱেশন কালত উভয় সদনত মুঠ ২২ খন বিধেয়ক উত্থাপন কৰা যায়।

অধিক বিৱৰণৰ বাবে

 

আইএফএফআইৰ ৫১ সংখ্যক সংস্কৰণ সন্দৰ্ভত তথ্য ও সম্প্ৰচাৰ মন্ত্ৰীৰ প্ৰেছ বিজ্ঞপ্তি

২০ নৱেম্বৰৰপৰা ২৮ নৱেম্বৰলৈ গোৱাত অনুষ্ঠিত হবলগীয়া ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২১ৰ ১৬ ৰপৰা ২৪ জানুৱাৰীলৈ পিছুৱাই দিয়া হৈছে। গোৱাৰ মুখ্যমন্ত্ৰী ডঃ প্ৰমোদ শ্বাৱন্তৰে তথ্য ও সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী প্ৰকাশ জাভড়েকাৰৰ আলোচনাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা যায়। এটা হাইব্ৰিড ফৰ্মেট যথা ভাৰ্চুৱেল ও ফিজিকেল ফৰ্মেটত এই মহোৎসৱ অনুষ্ঠিত হব। ইয়াত কভিড-১৯ ৰ সম্পূৰ্ণ নীতি-নিয়ম মানি চলা যাব।

অধিক বিৱৰণৰ বাবে

 

প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ অধীনত ১৫ লাখৰো অধিক লোন আবেদন লাভ

প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেণ্ডৰ্ছ আত্ম নিৰ্ভৰ নিধি (PM SVANidhi) আঁচনিৰ অধীনত অদ্যপি ১৫ লাখৰো অধিক লোন আবেদন লাভ কৰা হৈছে। ইয়াৰ ভিতৰত, ৫.৫ লাখ লোনত অনুমোদন জনোৱা হৈছে আৰু প্ৰায় ২ লাখ লোন বিতৰণ কৰা যায়। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে ৰূপায়ণ কৰা এই আঁচনিখনৰ জৰিয়তে ৫০ লাখ পদপথৰ ব্যৱসায়ীক কলেটাৰেল ফ্ৰী ৱৰ্কিং কেপিটেল লোন আগবঢ়োৱা হব। কভিড-১৯ৰ বাবে বলবৎ কৰা লকডাউনৰ পাছত তেওঁলোকৰ ব্যৱস্য়ায় পুনৰ আৰম্ভ কৰিবলৈকে এই লোন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে আঁচনিখনৰ জৰিয়তে।

অধিক বিৱৰণৰ বাবে

 

৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ; অধিক বিজ্ঞান-নিৰ্ভৰ পৰিবেশ ব্যৱস্থাপনাৰ অৰ্থে কাৰিকৰী নেতৃত্ব প্ৰদানৰ সংকল্প গ্ৰহণ

কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী বাবুল সুপ্ৰিয়ই কালি কয়, বায়ু বিশুদ্ধ কৰি ৰাখিবলৈ জনসাধাৰণ আৰু চৰকাৰসমূহে দায়বদ্ধতাৰে একেলগে কাম কৰা প্ৰয়োজন। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি উদযাপন কৰা ৱেবিনাৰতে মন্ত্ৰীজনে এই কথা কয়। তেওঁ কয় যে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে লক্ষ্যণীয় কাম কৰি আহিছে। মন্ত্ৰীজনে প্ৰদূষণে শস্যৰ উৎপাদনত প্ৰভাৱ যাতে পেলাব নোৱাৰে, সেই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে।

অধিক বিৱৰণৰ বাবে

 

আয়ুষ্মান ভাৰত যোজনাৰ অধীনত কভিড-১৯ৰ চিকিৎসা

আয়ুষ্মান ভাৰত- প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (AB-PMJAY) ৰ অধীনত ২১-০৯-২০২০ সাপেক্ষে ইয়াৰ আৰম্ভণিৰেপৰা ১.২৬ কোটি হাস্পতাল এডমিশ্যন সম্পন্ন হৈছে। এই যোজনা ৰূপায়ণৰ বাবে ২০২০-২১ বিত্তীয় বৰ্ষটোত ৬৪০০ কোটি টকা বাজেটত নিৰ্ধাৰণ কৰা হয়। ইয়াৰ ৰূপায়ণৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ মুঠ ৫৪৭৪ কোটি টকা যোগান ধৰা গৈছে। ২০২০-২১ বৰ্ষটোত এই পৰিমাণ বৰ্তমানলৈকে হৈছে ৬৩১.০ কোটি টকা।

অধিক বিৱৰণৰ বাবে

 

ৰাষ্ট্ৰীয় আৰোগ্য নিধি আৰু আয়ুষ্মান ভাৰত যোজনাৰ অধীনত অপিডি সেৱা

জটিল ৰোগত আক্ৰান্ত দুখীয়া লোকসকলত চৰকাৰী চিকিৎসালয়সমূহত চিকিৎসা গ্ৰহণত আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিবলৈ চৰকাৰে ৰাষ্ট্ৰীয় আৰোগ্য নিধি আঁচনিৰ ৰূপায়ণ কৰিছে। ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে ইয়াৰ কাৰণে নিৰ্ধাৰণ কৰা পুঁজিৰ পৰিমাণ হৈছে ১৭৭.৩২ কোটি টকা। কালি লোকসভাত এটা লিখিত উত্তৰ প্ৰদান কৰি ৰাজ্যিক মন্ত্ৰী (স্বাস্থ্য আৰু পৰিয়াল কল্যাণ) শ্ৰী অশ্বিনী কুমাৰ চৌবেয়ে এই তথ্য সদৰী কৰে।

অধিক বিৱৰণৰ বাবে

 

ৰিফৰ্ম টাৰ্গেট পৰিপূৰ্ণৰ অৰ্থে পাঁচ ৰাজ্যলৈ ৯,৯১৩ কোটি টকাৰ অতিৰিক্ত ধাৰৰ অনুমতি

বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগে অপেন মাৰ্টেট বৰৱিঙৰ জৰিয়তে ৫ খন ৰাজ্যলৈ ৯.৯১৩ কোটি টকাৰ অতিৰিক্তি আৰ্থিক সম্পদ ধাৰৰ অনুমতি প্ৰদান কৰিছে। এই ৰাজ্যকেইখন হৈছে অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, গোৱা, কৰ্ণাটক আৰু ত্ৰিপুৰা। এই ৰাজ্যকেইখনে সফলতাৰে এখন ৰাষ্ট্ৰ এখন ৰেচন কাৰ্ড প্ৰণালী ৰূপায়ণ কৰাতেই এই অনুমতি আগবঢ়োৱা যায়।

অধিক বিৱৰণৰ বাবে

 

ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুট

 

  • কেৰেলাঃ অধিক ক’ভিড-১৯ৰ সংক্ৰমণ ঘটা পাঁচখন জিলা চিনাক্ত কৰি উলিয়াইছে কেৰেলাৰ ৰাজ্যিক স্বাস্থ্য বিভাগে। এই জিলা কেইখন হৈছেঃ তিৰুৱন্তপুৰম, আলাপ্পুজা, কোজিক’ড, পাঠানামঠিট্টা আৰু কেশৰাগড।
  • তামিল নাডুঃ যোৱা ২৪ ঘন্টাত পুডুচেৰীত এদিনতে সৰ্বাধিক ৬৬৮ জন লোকৰ দেহত ক’ভিড-১৯ চিনাক্ত কৰা হৈছে। একে সময়তে মৃত্যু হৈছে ছজন ৰোগীৰ।
  • কৰ্ণাটকঃ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰে মত-বিনিময় কৰি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী য়েডিয়ুৰাপ্পাই অৱগত কৰে যে ৰাজ্যখনৰ ক’ভিড আক্ৰান্তৰ মৃত্যুৰ হাৰ হ্ৰাস পাইছে। তেওঁ প্ৰধানমন্ত্ৰীগৰাকীক জনাই যে ৰাজ্যখনত দৈনিক ৭০,০০০ নমুনা টেষ্ট কৰি থকা গৈছে।
  • অন্ধ্ৰ প্ৰদেশঃ ৰাজ্যখনৰ নগৰীয়া অঞ্চলসমূহত ক’ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পাইছে। অৱশ্যে, পৰিস্থিতি নিয়ন্ত্ৰণাধীন বুলি ব্যক্ত কৰিছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে।
  • তেলেংগানাঃ যোৱা ২৪ ঘন্টাত নতুনকৈ আক্ৰান্ত হৈছে ২১৭৬ জন লোক। আৰোগ্য লাভ কৰে ২০০৪ ৰোগীয়ে আৰু মৃত্যু হয় ৮ জনৰ।
  • অৰুণাচল প্ৰদেশঃ অৰুণাচল প্ৰদেশত নতুন পজিটিভ ঘটনাৰ সংখ্যা হৈছে ২৮৯। ইয়াৰে ভিতৰত ইটানগৰ ৰাজধানী অঞ্চলত এই সংখ্যা ১৭৩।
  • অসমঃ অসমত যোৱা ২৪ ঘন্টাত আৰোগ্য লাভ কৰা ১৭৬২ জন ৰোগীক ডিচাৰ্জ দিয়া হৈছে। ৰাজ্যখনত মুঠ সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৩০,১৮২। ইফালে, অদ্যপি, ডিচাৰ্জ দিয়া ৰোগীৰ সংখ্যা হৈছে ১৩২৭০৯ জন।
  • মণিপুৰঃ শেহতীয়াকৈ ৰাজ্যখনত ৯৬ জন আক্ৰান্ত হোৱাত মুঠ পজিটিভ ঘটনাৰ সংখ্যা হয় ৯৩৭৬। ইয়াত আৰোগ্য লাভৰ হাৰ ৭৫ শতাংশ।
  • ছিকিমঃ ছিকিমত আজিলৈকে আৰোগ্য লাভ কৰা ১৯৭৪ জন ৰোগীক ডিচাৰ্জ দিয়া যায়। ৰাজ্যখনত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৬০৭।
  • মহাৰাষ্ট্ৰঃ ৰাজ্যখনত আজিৰ তাৰিখত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ২.৭৩ লাখ। কালি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাক্কেৰেয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মত-বিনিময় কৰে।
  • গুজৰাটঃ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে স্বাস্থ্য বিভাগক প্ৰাইভেট লেবৰীটৰী সন্দৰ্ভত অনুসন্ধান চলোৱাৰ নিৰ্দেশনা প্ৰদান কৰিছে। টেষ্ট অবিহনেই ক’ভিড-১৯ৰ ফলাফল নিগেটিভ বুলি প্ৰমাণ পত্ৰ প্ৰদানৰ উত্থাপিত অভিযোগৰ ভিত্তিতে মুখ্যমন্ত্ৰীজনে এই নিৰ্দেশনা প্ৰদান কৰে। 
  • ৰাজস্থানঃ ৰাজস্থানত ক’ৰোনাত আক্ৰান্ত লোকৰ আৰোগ্য লাভৰ হাৰ ৮৩.১২ শতাংশলৈ বৃদ্ধি পাইছে। বাৰ্মেৰত এই হাৰ সৰ্বাধিক ৯৫ শতাংশ।
  • মধ্য প্ৰদেশঃ ২৩ ছেপ্টেম্বৰত, ৰাজ্যখনৰ ২১ জিলাত ক’ভিড ঘটনাৰ সংখ্যা দুগুণতকৈয়ো অধিক হৈ পৰে। তিনিখন জিলাত এই পৰিমাণ হয় তিনিগুণৰো অধিক।

ফেক্ট চেক

*******

 



(Release ID: 1658861) Visitor Counter : 229